মনৰ কথাঃ এনকাউণ্টাৰৰ মই কিয় বিৰোধিতা কৰো? :: পাৰভিন চুলতানা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ এনকাউণ্টাৰৰ মই কিয় বিৰোধিতা কৰো? :: পাৰভিন চুলতানা

মনৰ কথাঃ এনকাউণ্টাৰৰ মই কিয় বিৰোধিতা কৰো? :: পাৰভিন চুলতানা

Share This
এনকাউণ্টাৰৰ মই কিয় বিৰোধিতা কৰো?
পাৰভিন চুলতানা
এনকাউণ্টাৰৰ মই কিয় বিৰোধিতা কৰো? পাৰভিন চুলতানা, ANAND MISRA, NAGAO POLICE, ENCOUNTER
অসমত নতুন চৰকাৰৰ দিন আৰম্ভ হোৱাৰে পৰাই অপৰাধী পুলিচৰ হাতৰ পৰা পলোৱা আৰু তাৰ পাছতে আত্ম-ৰক্ষাৰ বাবে আৰক্ষীৰ গুলী এক নতুন ফেশ্বনত পৰিণত হৈছে। এক ট্ৰেণ্ডলৈ পৰিণত হৈছে। কোনোবা ড্ৰাগচ ব্যৱসায়ী বুলি কোৱা হৈছে, কোনোবা বহু গোচৰত অভিযুক্ত বুলি ৰাজহুৱা মাধ্যমত প্ৰকাশ পায়। ফলত বহু মানুহে এই গুলীওৱাৰ ঘটনাত যথাৰ্থতা বিচাৰি পোৱা বা ৰাইজ আনন্দিত হোৱা, সুখী হোৱা বুলি নেতাই টিভিৰ পৰ্দাত দেখিবলৈ পোৱা গৈছে। বহুতেই এনে ধাৰাক এক্সট্ৰাজুডিচিয়েল কিলিঙৰ ধাৰাহে বুলি গৰিহণা দিয়াও দেখিবলৈ পোৱা গৈছে। এনে প্ৰেক্ষাপটতে আমাৰ 'মনৰ কথা'খিনিও ব্যক্ত কৰাৰ তাড়ণা অনুভৱ কৰিলো।
এনকাউণ্টাৰৰ মই কিয় বিৰোধিতা কৰো? পাৰভিন চুলতানা, ANAND MISRA, NAGAO POLICE, ENCOUNTER
সাধাৰণ অৰ্থত এনকাউণ্টাৰ বুলিলে পুলিচৰ হাতত অপৰাধীয়ে 'সংঘৰ্ষ'ত মৃত্যুবৰণ কৰা! ইয়াৰ বৈধতা প্ৰমাণ কৰিবলৈ আৰক্ষীয়ে স্পষ্টীকৰণ দিয়ে যে আত্মৰক্ষাৰ বাবেহে অপৰাধীৰ ওপৰত গুলী চলাবলৈ বাধ্য হৈছিল। উপৰুৱাকৈ চালে ইয়াতে কোনো বিৰোধিতাৰ প্রশ্ন নাই। আত্মৰক্ষাৰ অধিকাৰ প্রত্যেকৰে আছে। কিন্তু আৰক্ষীয়ে আগবঢ়োবা আত্মৰক্ষাৰ যুক্তিক প্রেক্ষাপটৰ বাহিৰত মূল্যায়ন কৰা অনুচিত। অপৰাধীক তেওঁৰ অপৰাধৰ শাস্তি প্রদানৰ দায়িত্ব হ'ল ন্যায়ালয়ৰ, আৰক্ষীৰ নহয়। আৰক্ষীৰ কর্তব্য হ'ল অভিযুক্তক ন্যায়ালয়ৰ কাঠগৰাত থিয় কৰোৱা। তাৰ পিছত ন্যায়িক প্রক্রিয়াৰ অন্তত সেইজনক আদালতে কঠোৰ শান্তি বিহিব। এই কথা সঁচা যে ভাৰতবৰ্ষত বহু সময়ত ন্যায় প্রদানত দেৰি হয়। পিছে ইয়াৰ সমাধান হ'ল দ্রুতগতিত ন্যায় প্রদানৰ বাবে ফাষ্টট্রেক কৰ্ট স্থাপন কৰা, ন্যায়িক প্রক্রিয়াৰ বহির্গত শাস্তি প্রদান কৰা নহয়।

এতিয়া অহা যাওক সাম্প্রতিক সময়ৰ অসমত সংঘটিত এনকাউন্টাৰবোৰৰ বিষয়লৈ। যোৱা কেইমাহমানত বাৰে বাৰে এনে ঘটনা সংঘটিত হৈছে যে বহুকেইজন অস্ত্ৰধাৰী আৰক্ষী জোৱানৰ জিম্মাৰ পৰা কোনো এজন নিৰস্ত্র অভিযুক্ত পলাই যোৱাৰ চেষ্টা কৰে নাইবা আৰক্ষীক আক্রমণ কৰে আৰু আৰক্ষীয়ে উপায়বিহীন হৈ গুলীচালনা কৰিব লগা হয়। অন্ততঃ ৰাজহুৱা মাধ্যম তথা সংবাদ মাধ্যমত তেনেকৈয়ে প্ৰচাৰ কৰা হয়। অস্ত্রধাৰী আৰক্ষীৰ নিৰ-অপৰাধীক কৰায়ত্ত কৰিবলৈ অসফল হোৱাৰ, তথা হেণ্ডকাপ সোলোকাই পলায়নৰ ঘটনাই আৰক্ষীৰ দক্ষতাৰ ওপৰত প্রশ্ন উত্থাপন নকৰেনে?

লগতে ভাৰতবৰ্ষত বহুবাৰ ভুৱা এনকাউন্টাৰৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন মানৱ অধিকাৰ সংগঠনে। এনে পৰিস্থিতিত কুখ্যাত অপৰাধীৰ এনকাউন্টাৰ একাংশই সমর্থন কৰাও পৰিলক্ষিত হৈছে। দীঘলীয়া ন্যায়িক প্রক্রিয়াৰ পৰা অতিষ্ঠ হোৱা বহুতে এনে এনকাউন্টাৰক ন্যায় বুলি ক'বলৈ চেষ্টা কৰে। আৰু নিহত ব্যক্তি অপৰাধবোৰক উনুকিয়াই দি এনে ঘটনাক বৈধতা প্রদান কৰাৰ চেষ্টা কৰে। পিছে ক্ষমতাৰ অপব্যৱহাৰক কোনো পৰিস্থিতিতে সমর্থন কৰিব নােৱাৰি। দুর্ধর্ষ অপৰাধীক আক্রমণ কৰা আৰক্ষীয়ে ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদৰ সময়ত এগৰাকী প্রতিবাদী ব্যক্তিক গুলীয়াইছিল। এনে ঘটনাক দেশ-বিদেশৰ মানৱ অধিকাৰ সংগঠনে কঠোৰ সমালোচনা কৰিছে। কিন্তু দূর্ভাগ্যজনকভাবে এনে কামক ৰাজনৈতিক নেতা একাংশই মুকলিকৈ সমর্থন কৰিছে। 

এনে ঘটনাই ন্যায়িক ব্যৱস্থাৰ ভূমিকা আৰু প্ৰাসংগিকতাৰ ওপৰতো প্রশ্ন উত্থাপন কৰে। এনে মানসিকতাৰ এক ভয়ংকৰ পৰিণতি হ'ল মব লঞ্চিং যত অভিযুক্তক উদণ্ড ভীৰে প্ৰহাৰ কৰি হত্যা কৰে। আৰু এনে অন্যায়ৰ কৈফিয়ৎ দিয়াৰ বাবে কোনো অপৰাধৰ কথা উল্লেখ কৰা হয়। কোনো ক্ষমতাবানে যাতে নিজ ক্ষমতাৰ অপব্যবহাৰ নকৰে সেই বাবে নায়িক প্রক্রিয়া গুৰুত্বপূর্ণ। আৰক্ষীকো নিজৰ ক্ষমতাৰ অপব্যৱহাৰৰ বাবে জবাবদিহি কৰিব লাগিব। 

শেহতীয়াকৈ নগাঁৱত ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাক গুলীবদ্ধ কৰাৰ ঘটনাত আৰক্ষীয়ে যে দোষী সেইটো একপ্ৰকাৰে মানি লৈছে আৰক্ষী বিষয়ববীয়াই। আৰু দোষী আৰক্ষীসকলক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। কিন্তু নগাঁৱৰ ঘটনা সংঘটিত হােৱাৰ এটা কাৰণ হ’ল ইয়াৰ আগতে আৰক্ষীয়ে জধেমধে কৰা এনকাউন্টাৰক প্রশংসা কৰা। আমি প্রত্যেকে অপৰাধীৰ শাস্তি হোৱাটো বিচাৰোঁ। ঠিক একেধৰণে কোনো নিৰপৰাধী ব্যক্তি যাতে শাস্তি নাপায় সেই আশা কৰোঁ। আৰু এইটো কৰাৰ বাবে প্রত্যেক অভিযুক্তক ন্যায়ালয়লৈ যোৱাৰ সুবিধা দিব লাগিব। এইটো নকৰিলে বহু অপৰাধীৰ মাজত দুই-এজন নিৰপৰাধীও আৰক্ষীৰ গুলীৰ সন্মুখীন হ'ব লাগিব। আৰু এয়া সমাজৰ বাবে যে, ন্যায় ব্যৱস্থা বৰ্তাই ৰক্ষাৰ বাবে যে আত্মঘাতী স্বৰূপ হব, সেই কথাও কিন্তু নিশ্চিত।

লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে। লেখিকাৰ ফোন - ৮০১১৯০৩৬২৩, লেখিকাৰ নিজা ব্লগৰ ঠিকনাঃ https://parvinsultana.blogspot.com/ 

লেখিকাৰ সুখ-দুখৰ পাতত পূৰ্বে প্ৰকাশিত প্ৰৱন্ধবোৰ পঢ়িবলৈ একত্ৰ লিংকঃ 

https://www.xukhdukh.com/search/label/PARVIN-SULTANA

No comments:

Post a Comment