হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা তোলনীয়া পুত্ৰ ৰূপে কনপোনা গগৈক গ্ৰহণ কৰিলে সদৌ অসম ৰাজভাষা-মাতৃভাষা প্ৰয়োগ সমিতিয়ে। "ৰাহুল ডাঙৰীয়ানী" বুলি প্ৰেছ মেলত সম্বোধন কৰাৰ পাছতে সমিতিয়ে ততাতৈয়াকৈ কনপোনাক তুলি লবলৈ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। প্ৰথমবাৰৰ বাবে চংচদত চং দিবলৈ যোৱা যুৱকজনক মাতৃভাষা প্ৰয়োগৰ পূৰা শিক্ষা দিয়াৰ পাছতহে আন কামত ধৰিব বুলিও সমিতিয়ে জৰুৰীভাৱে ঘোষণা কৰিছে।
 
২. আজি ব্ৰেকিং নিউজ পাঠত আটাইতকৈ নিম্ন স্বৰ ব্যৱহাৰ কৰি ফটাঢোল লাইভ চেনেলটোৱে সৃষ্টি কৰিলে নতুন অভিলেখ। সন্ধিয়া সাতত সমিল-মিলেৰে থাকি বিসম্বাদ মৰিষণ কৰিবলৈ হাইকামাণ্ড মাতৃয়ে দিয়া সিদ্ধান্তটোৰ বাতৰিটো বিৰাট ব্ৰেকিং বুলি পাঠ কৰোতেই এই অভিলেখ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। আচলতে বাতৰিটো দি উঠি মালিক-মালকনীৰ বাবে এংকৰগৰাকীয়ে এসোঁতাকৈ অফিচিয়েল  কান্দোন দিয়া বুলিও গোপনে গম পোৱা গৈছে।

৩. চলিত মাহত ডেংগি আৰু এনকেফেলাইটিছৰ স্ক'ৰ কাৰ্ডৰ দ্বায়িত্ব নহৰু ডাক্তৰে লব নে আকাৰ নাইকীয়া ডক্টৰ হিমুকনে লব তাকে লৈ এতিয়া প্ৰৱল ঠেলা-ঠেলি চলিছে। জানিব পৰা মতে, এৰি থৈ অহা থালীৰ কোনো বস্তুৰে দ্বায়িত্ব লবলৈ হিমু ডক্টৰ ৰাজী নোহোৱাটো এতিয়া সেইবোৰ নহৰু ডাক্তৰৰ ভালুকৰ সাঙী হৈ পৰাত নহৰু ফেন ক্লাৱে দুখ প্ৰকাশ কৰিছে।

৪. "শিক্ষা বিভাগত নৈশ চকীদাৰ" নামৰ নাটকখনিৰ কথা আজি ৰাজহুৱা কৰিলে আন্ধাৰ-ৰাজ বৰদলৈয়ে। খিচিৰী খোৱা কাঁহী-বাতি যাতে চুৰি নহয়, তাৰ বাবেহে তেওঁক সাময়িক এই চোৱা-চিতাৰ দ্বায়িত্ব দিয়া বুলি তেখেতে প্ৰকাশ কৰিছে। মূলনাটৰ অভিনেতা অহাৰ লগে লগেই তেওঁবোৰ আলোক বিলোৱা কাম এৰি পুনৰ অন্ধকাৰত লুকাই পৰিব বুলিও তেখেতে প্ৰকাশ কৰিছে।

৫. বিশাল কৃষি ভূমিত এতিয়া বণিয়াৰ সুৰা উদ্যোগ গঢ়ি তোলাত সদৌ অসম সুৰাপায়ী কৃষক সংঘই সন্তোষ প্ৰকাশ কৰিছে। খেতি কৰা সৈনিক সকলৰ বাবেও আৰ্মীক দিয়াৰ দৰেই এই উদ্যোগৰ পৰা সস্তাত সুৰা প্ৰদান কৰিলৈকো সংঘই সুৰা-উদ্যোগ মন্ত্ৰীক দাবী তুলিছে। দাবী পূৰণ নহ'লে বণিয়াৰ পৰা মাটি দখল কৰাৰো ভাবুকি দিয়া হৈছে বুলি গোপন খবৰ প্ৰকাশ পাইছে।

৬. "কনপোনালৈ ভয়" নামৰ আন এখন বাটৰ নাট কালি জালুকবৰীয়া নাট্যকাৰ জ্যোতিষ শৰ্মাই দিল্লীত প্ৰযোজনা কৰা বুলি জানিব পৰা গৈছে। সুন্দৰ ভৱিষ্যত আগত লৈ কনপোনা  অসম পুখুৰীত চৰিবলৈ অহাৰ বাবেহে তেওঁলোকৰ দৰে গভীৰ পানীৰ মাছৰ টোপনি নাইকীয়া হৈছিল বুলিও এক স্বীকাৰোক্তি কালিৰ নাটকখনত তেওঁ পাঠ কৰা বুলি গুজৱ ওলাইছে।

৭. পশুপালনৰ  ৬০০কোটি টকাৰ সম্পদ পঁচিবলৈ দি নতুন অভিলেখৰ অধিকাৰী হ'ল সদৌ অসম গৰু-ম'হ বিভাগ। ছটাকৈ শুক্ৰ উৎপাদন কেন্দ্ৰত মামৰে ধৰাৰ ফলত এতিয়া অসমত নতুন গৰু-গাই জন্ম নহব বুলি প্ৰকাশ কৰি অনাগত দশকৰ সকলো অসমীয়া শিশু পাউদাৰ গাখীৰ প্ৰজন্মৰেই হব বুলিও বিভাগটোৱে প্ৰকাশ কৰিছে। উৎপাদন কেন্দ্ৰত মামৰ গুচোৱাৰ বাবে বিদেশী বিনিয়োগৰ প্ৰয়োজন আছে বুলি স্থানীয় পদুম পাৰ্টিয়ে কেন্দ্ৰীয় চৰকাৰলৈ চিঠি পঠাইছে বুলিও গুজৱ ওলাইছে।

৮. ৰাজ্যৰ মাত্ৰ ৬০ শতাংশ অবৈধ মাৰণাস্ত্ৰ বিটিএডিত আছে বুলি কালি তথ্য প্ৰকাশ কৰি সেইবাবেই হত্যা, ধন-দাবী আদিত ঠাই টুকুৰে সদায় ফাৰ্ষ্ট ক্লাছ পাই আছে বুলি এজন নেতাই প্ৰকাশ কৰিছে। এই বিষয়ে আৰু অলপ প্ৰেৰণা দিলে অঞ্চলটোৱে আৰু ভাল পাৰ্ফৰমেঞ্চ দিব পাৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰিছে।

৯. ৰোজা ৰখাৰ দিনৰ ৰাতিবোৰতো বিজুলী নোহোৱা কথাটোত প্ৰথমবাৰৰ বাবে দুখ প্ৰকাশ কৰিলে কনপোনা গগৈয়ে। অৱশেষত অৱশ্যে আজি ৰাইজৰ এন্ধাৰ নাশিবলৈ জোন ওলোৱাত তেওঁ আন্ধাৰ-ৰাজ বৰদলৈক এই দোষৰ পৰা ৰেহাই দিছে বুলিও শেহতীয়াকৈ জানিব পৰা গৈছে ।

১০. সৰ্বত্ৰ শিক্ষাত বেছি অনিয়ম নে খেতি বিভাগত তাকে লৈ এতিয়া ৰাজ্যত তোলপাৰ লাগিছে। যিটো বিভাগ বেছি ভাল তাতে চাকৰিৰ বেছি দাম কৰিব বুলি কৰ্মসংস্থান বিপনন সংস্থাই মুকলিকৈ প্ৰকাশ কৰিছে।

No comments:

Post a Comment