সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
ৰূপালী জয়ন্তী বৰ্ষত ধেমাজি জিলাঃ
ইঞ্জিনীয়াৰিং কলেজ আৰম্ভ হব কেতিয়া?
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
উত্তৰ অসমৰ ধেমাজি জিলাই ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে । ১৯৮৯চনৰ ২অক্টোবৰত ধেমাজি মহকুমাক জিলালৈ উন্নীত কৰা হয়। এই বছৰৰ ২অক্টোবৰত ২৫ বছৰ সম্পূৰ্ণ কৰিবলৈ আগ বঢ়া ধেমাজি জিলাত এতিয়ালৈকে ৰাজ্যিক পৰ্যায় কোনো শিক্ষানুস্থান তথা বৃহৎ উদ্যোগ , কল-কাৰখানা আদি গঢ়ি উঠা নাই।

আনকি এখন জিলাত থাকিব লগা বহুকেইটা জিলা পৰ্যায়ৰ চৰকাৰী কাৰ্যালয় আজিও ধেমাজি জিলাত স্থাপন হ’বলৈ বাকী আছে। এই কাৰ্যালয়বোৰ স্থাপনৰ ব্যৱস্থা চৰকাৰে সোনকালে ল’লে ভাল হয়।

ধেমাজি জিলাবাসীৰ দাবী আৰু অসম তথা দেশ-বিদেশৰ বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্রতিষ্ঠান,সংবাদ মাধ্যমৰ লগতে প্রৱাসী অসমীয়াসকলৰ সমৰ্থনৰ প্রতি সহাঁৰি জনাই ধেমাজি জিলাত এখন অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন হ’ব বুলি ২০১০চনৰ গণৰাজ্য দিৱসৰ ভাষণত অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ে ঘোষণা কৰিছিল আৰু ধেমাজি জিলাৰ বিষ্ণুপুৰ টেকজুৰীত অসমৰ মাননীয় মুখ্যমন্ত্রী শ্রীযুত তৰুণ গগৈদেৱে ২০১১চনৰ ২০ফেব্রুৱাৰী তাৰিখে ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল।

কিন্তু আধাৰশিলা স্থাপনৰ ইমান দিন হৈ যোৱা পিছতো ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ নিমাৰ্ণ কাৰ্য আৰম্ভ হোৱা নাই । অহা ৪ আগষ্টৰ অনুষ্ঠিত হ’ব লগা বিধানসভাৰ বাজেট অধিৱেশনত ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ নিমাৰ্ণ কাৰ্য সম্পূৰ্ণ হোৱাৰ বাবে তথা মহাবিদ্যালয়খনৰ বিভিন্ন পদত নিযুক্তিৰ বাবে দৰকাৰ হোৱা পুঁজি ধাৰ্য কৰি সোনকালে আবণ্টন কৰে যেন যাতে ৰূপালী জয়ন্তী বৰ্ষ সম্পূৰ্ণ কৰিবলৈ আগ বঢ়া ধেমাজি জিলাত অহা বছৰৰ পৰা ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ পাঠ-দান কাৰ্য শুভাম্ভ হয়।

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব – আমি যোৱা বছৰ বাতৰি কাকত তথা আলোচনীত ‘মুকলি চিঠি’ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্রী তৰুণ গগৈ ডাঙৰীয়াক প্রতিশ্রুতি ৰক্ষা কৰি ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ নিমাৰ্ণ কাৰ্য শীঘ্রে আৰম্ভ কৰি সোনকালে পাঠ-দানৰ ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ কৰিছিলো । লগতে আৰু এটা কথা কৰিছিলো যে অসমৰ আন চৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয়বোৰত নথকা বিভাগ যেনে – Energy Engineering, Petroleum Engineering, Food Engineering, Agriculture Engineering, Biotechnology , Fire Engineering, Plastic Engineering, Paper Engineering, Environmental Engineering, Textile Engineering, Earthquake Engineering, Biomedical Engineering, Architectural Engineering, Transport Engineering, Manufacturing Engineering আদিৰ স্নাতক পাঠ্যক্রম ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ত আৰম্ভ কৰিলে ভাল হয় । এই নতুন বিভাগবোৰ ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ত আৰম্ভ কৰিলে ছাত্র-ছাত্রীসকলে নিজৰ ৰাজ্যতে পঢ়া সুবিধা পাব। আশা কৰিছোঁ , এই কথাখিনিত অসমৰ জনসাধাৰণে সমৰ্থন কৰিব লগতে নিজৰ মতামত দাঙি ধৰিব।

লেখকৰ ঠিকনাঃ সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসম । ফোন: ৯৪৩৫১-৮৮৬৩০ ই-মেইল: buljit@gmail.com

No comments:

Post a Comment