পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট গৱেষক দ্ৰোণকান্ত ভাগৱতীক কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় দ্বি-বাৰ্ষিক ৰসেশ্বৰ শইকীয়া বৰবায়ন বঁটা। বঁটাটি প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে।

২. কালি সংসদত উত্থাপিত ৰে'ল বাজেটত উত্তৰ-পূৱৰ প্ৰকল্পৰ বাবে আবণ্টিত ধনৰ পৰিমান বিগত বৰ্ষতকৈ ৫৪ শতাংশ বৃদ্ধি কৰি ৫১১৬কোটি অনুমোদন দিয়াৰ সুখবৰ। লগতে উত্তৰ-পূৱত ইক' টুৰিজিম তথা শিক্ষামূলক ভ্ৰমণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ লগতে সাত খনকৈ নতুন ৰেল প্ৰৱৰ্তন কৰাৰো প্ৰস্তাৱ দাখিল কৰাৰ বাতৰি পোৱা গৈছে।

৩. অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কালি সাক্ষাত কৰিলে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ মন্ত্ৰী স্মৃতি ইৰাণীক। তেখেতে অসমত উচ্চ সদন স্থাপন কৰা আই.আই.এম স্থাপনৰ দাবী বিশেষ ভাৱে তুলি ধৰা বুলিও জানিব পৰা গৈছে। লগতে অসমৰ উচ্চ শিক্ষা খণ্ডৰ বাবে ১৪৫০ কোটি টকা প্ৰদান কৰিবলৈকো মুখ্যমন্ত্ৰী গৰাকীয়ে অনুৰোধ জনাইছে।

৪. অচিৰেই ভাৰতৰ প্ৰকৃত নাগৰিকে লাভ কৰিব ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ।  ইয়াৰ বাবে নেশ্বনেল ৰেজিষ্ট্ৰেচন অথৰিটী গঠন কৰি কাম আগুৱাই নিয়া হব বুলি কালি ঘোষণা কৰিলে দেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। বিদেশী অনুপ্ৰবেশকাৰীক চিনাক্তকৰণ প্ৰক্ৰিয়াক তৰাণ্বিত কৰিব বুলি কালি সংসদত এক প্ৰশ্নৰ উত্তৰত গৃহমন্ত্ৰীজনে সদৰী কৰিছে।

৫. কালি নৱম দিনাৰ বাবেও গুৱাহাটী মহানগৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। ১২০টা ঘৰ উচ্ছেদ, ১৩ বিঘা মাটি বেদখলমুক্ত কৰাৰ লগতে ধনীক শ্ৰেণীৰ গাড়ীৰ শ্ব'ৰুম আদিতো উচ্ছেদ আৰম্ভ কৰাৰ সুখৰ খবৰ। বহুকেইটা নাগৰিক সংগঠন, সংবাদ মাধ্যম আদিৰ হেঁচাত অৱশেষত হিম্মতসিংকাৰ অট্টালিকাতো প্ৰশাসনৰ হাতুৰীৰ কোব পৰিছে বুলিও সংবাদ প্ৰকাশ পাইছে।

৬. ইফালে যোৰহাটতো কৃত্ৰিম বান মৰিষণৰ বাবে আৰম্ভ কৰা উচ্ছেদ অভিযানত টোকোলাইৰ পাৰৰ ৬০০মিটাৰ এলেকা বেদখলমুক্ত কৰাৰ লগতে এতিয়া মহুৱাজানৰ পাৰতো এই অভিযান চলিব বুলি জিলা প্ৰশাসনে ঘোষণা কৰিছে।

৭. অসমৰ বিশিষ্ট পৰিচালক পুলক গগৈৰ পৰিচালনাৰে আজি শুভ মহুৰত সম্পন্ন হব "সূৰ্য দ্য পাৱাৰ" নামৰ অনুসন্ধানমূক একশ্যন থ্ৰীলাৰ কথাছবিৰ। পুলক গগৈ ফিল্মছৰ বেনাৰত নিৰ্মাণ হব লগা ছবিখনৰ নাম ভূমিকাত অভিনয় কৰিব উতপল দাসে। ছটা গীত সংযোজন কৰিব নবাগত সংগীত পৰিচালক নীলোতপলে। "মমতাজ" আৰু "চিঞৰ" ছবিৰ বাবে খ্যাতি লভা প্ৰদীপ দৈমাৰীয়ে চিত্ৰগ্ৰহণ কৰিব লগা ছবিখনৰ শুভ মহুৰত আজি গুৱাহাটীৰ হোটেল বিশ্বৰত্নত সম্পন্ন কৰি ২৫জুলাইৰ পৰা পূৰ্ণগতিৰে দৃশ্যগ্ৰহণ কৰা হব বুলি জানিব পৰা গৈছে।

৮. ইৰাকৰ উগ্ৰপন্থীৰ দখলত থকা অ়ঞ্চলত আবদ্ধ হৈ থকাৰ পৰা মুকলি হৈ স্ব-দেশলৈ উভতি অহা কেৰেলাৰ ৪৬গৰাকী নাৰ্ছলৈ ২৫হাজাৰ টকাকৈ নগদ ধনৰ সাহাৰ্য আৰু চাকৰিৰ প্ৰস্তাৱ আগবঢ়াইছে ডুবাইৰ এষ্টাৰ ডি এম হেলথকেয়াৰৰ অধ্যজ্ঞ ডাঃ আজাদ মুপেনে। আনফালে ইউ.এ.ইৰ এন এম চি গ্ৰুপৰ অধ্যক্ষ ডাঃ বি আৰ ছেট্টীয়েও একেধৰণৰ প্ৰশংসনীয় প্ৰস্তাৱ দি নাৰ্ছ সকলক সকাহ দিবলৈ আগবাঢ়ি আহিছে।

৯. যোৱা ৫জুলাইত জামুগুৰিহাটৰ কৃতী শিক্ষক, সংস্কৃতি তথা সাহিত্যসেৱী প্ৰয়াত ৰুদ্ৰ ফুকনৰ সোঁৱৰণী গ্ৰন্থ "কৃৰ্তী আৰু কৃতিত্ব" উন্মোচন কৰা হয়। মহেশ্বৰ বৰা আৰু জ্যেতি ভট্টাচাৰ্যৰ সম্পাদনাত এই ২৬০ পৃষ্ঠাৰ গ্ৰন্থখনি প্ৰকাশ কৰি উলিওৱা হৈছে।

১০. তিৱা স্বায়ত্তশাসিত পৰিছে সম্প্ৰদায়টোৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ২৪৪গৰাকী ছাত্ৰ-ছাত্ৰীলৈ দহ হাজাৰ টকাকৈ নগদ ধন সহ ইন্দ্ৰসিং দেউৰী উদগনি বঁটা কালি প্ৰদান কৰিলে। এই উপলক্ষে মৰিগাঁৱত এখনি বঁটা প্ৰদান সভাৰো আয়োজন কৰা হৈছিল।

১১. অসমৰ ঔদ্যোগিক সুৰক্ষা বাহিনীত নিয়োজিত আৰু অৱসৰপ্ৰাপ্ত লোকসকলক চৰকাৰী নীতি নিয়মেৰে উপযুক্ত দা-দৰমহা, ছুটীকে ধৰি অন্যান্য সা-সুবিধা প্ৰদান কৰিবলৈ এক উল্লেখনীয় ৰায়দান যোগে নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০০৮চনৰ পৰা এই সকল লোকক ফিক্সড' পেৰ জৰিয়তে আন সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগৰ ভিত্তিতে ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে।

১২. প্ৰাথমিক শিক্ষা খণ্ডত বিটিচি অঞ্চলৰ সমস্যা সমাধানৰ বাবে বিটিচি প্ৰশাসনে এখন উচ্চ পৰ্যায়ৰ সভা অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীৰ বাবে ইউনিফৰ্ম যোগান আৰু গৃহ নিৰ্মাণৰ ধন ব্যয়ৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰ্তৃত্ব বিদ্যালয় পৰিচালনা সমিতিক প্ৰদান কৰাৰ সিদ্ধান্তৰ কথাও সদৰী কৰিছে।

১৩. বিলাসীপাৰা মহকুমাৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি বিগত ৬জুনৰ পৰা বিলাসীপাৰা মহাবিদ্যালয় গ্ৰন্থাগাৰত চলি থকা এমহীয়া কৰ্মশালাৰ ৬জুলাইত সফল সামৰণি পৰিছে। মহাবিদ্যালয়খনৰ লগতে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলেও এই কৰ্মশালাত অংশগ্ৰহণ কৰিছিল।

১৪. জনস্বাস্থ্য কাৰিকৰী বিভাগ, বৰপেটা সংমণ্ডলৰ উদ্যোগত আৰু বৰপেটা প্ৰেছ ক্লাৱৰ সহযোগত চহৰৰ খনৰ বিভিন্ন অঞ্চলৰ পানীৰ গুণাগুণ পৰীক্ষা কৰাৰ বাবে ১০টা স্থান ভ্ৰাম্যমান পৰীক্ষাগাৰৰ ব্যৱস্থা কৰা হৈছে। এই উদ্দেশ্যে আজি আৰু ১১ জুলাইত ভ্ৰাম্যমাণ পৰীক্ষাগাৰ সমূহৰ যোগে ৰাইজে নিজৰ খোৱাপানীৰ গুণাগুণ পৰীক্ষা কৰি পৰামৰ্শ গ্ৰহণ কৰিবৰ বাবে সুব্যৱস্থা কৰাৰ খবৰো প্ৰকাশিত হৈছে।

১৫. কালি ব্ৰাজিলক ৭-১ গ'লৰ ব্যৱধানত পৰাজিত কৰি জাৰ্মানীৰ দলে বিশ্বকাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিছে।

No comments:

Post a Comment