সাম্প্ৰতিক চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক চিন্তা

সাম্প্ৰতিক চিন্তা

Share This
ছ'চিয়েল মেডিয়াত থলুৱা পৰ্যটনৰ প্ৰচাৰৰ সম্ভাৱনাঃ
আমাৰ কৰণীয় কি?

ড° বুলজিৎ বুঢ়াগোহাঁই


আমাৰ ৰাজ্যখনৰ ছাত্র-ছাত্রীকে আদি কৰি বিভিন্ন বয়সৰ লোক ভাৰতৰ বিভিন্ন ঠাইলৈ ফুৰিবলৈ যায় আৰু সেই ঠাইবোৰত দর্শনীয় ঠাই, ঐতিহাসিক, ধর্মীয় আৰু নৈসর্গিক গুৰুত্বপূর্ণ স্হানবোৰ দর্শন কৰে। অসমৰ বাহিৰৰ ঠাইবোৰ ফুৰিবলৈ যোৱাৰ আগতে যদি সম্ভৱ অসমৰ চুকে-কোণে সিঁচৰিত হৈ থকা দর্শনীয় স্থানবোৰো পৰিভ্রমণ কৰা উচিত। আমি নিজও নিজৰ অঞ্চলত দর্শন কৰিবলগীয়া ঠাইবোৰৰ সবিশেষ (কি কাৰণে দর্শন কৰিবলগীয়া , কেনেকৈ যাব পাৰি, ক’ত থাকিব পাৰি আদি ) তথ্য বাতৰি কাকত আৰু আলোচনী আদি লগতে ইণ্টাৰনেট মাধ্যমৰ ছ’চিয়েল নেটৱর্কিং ছাইট-ফেচবুক,অৰকুটৰ জৰিয়তে ৰাইজৰ আগত দাঙি ধৰিব পাৰোঁ ।   সেইদৰে গুৰুত্বপূর্ণ স্হানবোৰৰ বিষয়ে অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাৰ লগতে যদি সম্ভৱ হয় বিদেশী ভাষাতো বর্ণনা দি ভিডিঅ’ ৰেকর্ডিং কৰি ৱেবচাইটবোৰত (উদাহৰণ-YouTube) আপলোড কৰিব পৰা যায়, যাতে পৃথিৱীৰ সকলো অঞ্চলৰ ৰাইজে চাব পাৰে। এই দর্শন কৰিবলগীয়া ঠাইবোৰৰ প্রচাৰৰ বাবে উপযুক্ত মাধ্যম হ’ব পাৰে ব্ল’গ । ব্ল’গত ঠাইবোৰৰ সবিশেষ বর্ণনা কৰি ফটো সৈতে সংযোজন কৰিব পাৰি আৰু ইংৰাজী, হিন্দী উপৰি অসমীয়া লগতে পৃথিৱী বিভিন্ন ভাষাত লিখিবও পাৰি। এই ব্ল’গবোৰত অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত দর্শন কৰিবলগীয়া ঠাইবোৰৰ সস্পকীয় প্রৱন্ধ ফটো আৰু ভিডিঅ’ৰ সৈতে প্রকাশ কৰিব লাগে আৰু সম্ভৱ হ’লে পৃথিৱীৰ বিভিন্ন ভাষাতো দুশাৰিমান হ’লেও লিখিব লাগে।তাৰ ফলত আমাৰ ৰাজ্যখনৰ লগতে পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকসকলে সেই দর্শন কৰিবলগীয়া ঠাইবোৰৰ বিষয়ে আভাষ পাবলৈ সক্ষম হ’ব ।
তেতিয়া সেই ঠাইবোৰৰ বিষয়ে বেছিকৈ জানিবলৈ আগ্রহ প্রকাশ কৰিব আৰু হয়তো বহুতে সেই ঠাইবোৰৰ সামাজিক, সাংস্কৃতিক তথা ভৌগলিক অৱস্থিতি বিষয়ে গৱেষণা কৰিবলৈও আগবাঢ়ি আহিব । সেইদৰে ঠাইবোৰৰ প্রতি আর্কষিত হৈ দেশী-বিদেশী পর্যটক আমাৰ ৰাজ্যখনলৈ আগমন হ’ব আৰু তাৰ ফলত ৰাজ্যখন কিছু পৰিমাণে হ’লেও অর্থনৈতিক ভাবে লাভবান হ’ব ।

আমাৰ ৰাজ্যখনলে দেশী-বিদেশী বহুসংখ্যক পর্যটক বছৰৰ বিভিন্ন সময়ত আহে।এতিয়া কথা হ’ল বিদেশী পর্যটকৰ বহুতে হিন্দী বা ইংৰাজী ভাষা নাজানে বা বুজি নাপায় । গতিকে, এই সমস্যাটি সমাধান কৰিবলৈ গাইডসকলৰ বাহিৰেও যদি সম্ভৱ হয় আমাৰ ৰাজ্যখনৰ ট্রেভেল এজেণ্টৰ পৰা হোটেলৰ কর্মচাৰীলৈকে মুঠতে পর্যটকসকলে যিসকলৰ লগত কথা পাতিব লগা হয়, তেওঁলোকক যিমান পাৰি দেশী-বিদেশী ভাষাসমূহৰ কমেও দৈনন্দিন কথা-বতৰাত লগাখিনি উপৰি অসম আৰু অসমৰ পর্যটন স্থানবোৰ বিষয়ে ক’ব পৰাকৈ শিকিব লাগে । দেশী-বিদেশী পর্যটকসকলে নিজৰ ভাষাত কথা পাতিবলৈ পালে ভাল পাব আৰু ইয়াৰ ফলত আমাৰ ৰাজ্যখনলে অহা দেশী-বিদেশী পর্যটকৰ সংখ্যা বাঢ়িব । তাৰ ফলত আমাৰ ৰাজ্যখন কিছু পৰিমাণে হ’লেও অৰ্থনৈতিকভাৱে লাভৱান হ’ব। দেশী- বিদেশী ভাষাসমূহৰ শিকোৱা ক্ষেত্রত চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান তথা স্বেচ্ছাসেৱী অনুষ্ঠান অনুষ্ঠানসমূহে ভাগ ল’ব পাৰে ।

তদুপৰি এই বিষয়ত সজাগতা আনিব কাৰণে ছ’চিয়েল নেটৱৰ্কিং ছাইট- ফেচবুক , অৰকুটত অসমৰ হকে কাম কৰি থকা গোটবোৰ আগবাঢ়ি আহিলে ভাল হয় । এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে দেশ-বিদেশৰ বিভিন্ন ঠাইত বাস কৰি থকা প্রবাসী অসমীয়াসকলে দেশী-বিদেশী ভাষাসমূহ শিকোৱাত বিশেষভাৱে
সহায় কৰিব পাৰে ।

                                                              --------------------------
লেখকৰ ঠিকনাঃ সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসম । ফোন: ৯৪৩৫১-৮৮৬৩০ ই-মেইল: buljit@gmail.com

No comments:

Post a Comment