হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. হাতোৰা পাৰ্টি আৰু পদুম পাৰ্টিৰ মাজত বঞ্চনা কৰা ক্ষেত্ৰত প্ৰতিযোগিতা লগা বুলি জানিব পৰা গৈছে৷ এই প্ৰতিযোগিতাত দুই ম'হৰ যুঁজত এতিয়া বিৰিণাৰ মৰণ হব বুলিও শংকা প্ৰকাশ পাইছে৷ এনে কম্পিটিছন হেলথি কম্পিটিছন নহয় বুলি ডাক্তৰ সমাজে মত প্ৰকাশ কৰিছে৷

২. বিসম্বাদৰ উকমুকনিৰ সৈতে গঁড় হত্যাৰ বাবে চোৰাং চিকাৰীৰ দপদপনিৰ মাজত এটা বিশেষ অংকৰ সূত্ৰ আৱিস্কাৰ কৰি এজন অসমীয়াই অংকৰ নোৱেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে৷ এই প্ৰসংগত ইয়াতে মাৰিলো টিপা, কাজিৰঙাত পালেগৈ মিতা ফৰ্মূলা ব্যৱহাৰ হোৱা বুলিও সচেতন প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছে৷

৩. বেমাৰ আজাৰ ভগৱানৰ দান! জাপানীজ এনকেফেলাইটিছ ৰোধিবলৈ বাংলাদেশী ৰোধিব নোৱাৰা চৰকাৰৰ শকতি নাই আদি অংসলগ্ন কথা বতৰা কোৱালৈ চাই হিমু শৰ্মা অচিৰেই গগৈ ছাৰৰ আসন গ্ৰহণ কৰিবলৈ যোগ্য ব্যক্তি হৈ উঠা বুলি ৰাজনৈতিক গৱেষক সকলে প্ৰকাশ কৰিছে৷ গগৈ ছাৰৰ দৰেই পাতল কথা কোৱাৰ হাৱা লগাটো মুৰ্খমন্ত্ৰী হোৱাৰ লক্ষণ বুলিও দৃঢ়তা প্ৰকাশ পাইছে৷

৪. "আহি আছে মহাসংকট" নামৰ এখন নতুন নাটক লিখি উলিয়াইছে কৃষক গগৈয়ে৷ তেখেতে নিজস্ব কাল্পনাৰে অসম দেশলৈ ভয়ঙ্কৰ বিপদ অহাৰ কাল্পনিক কাহিনীটো অচিৰেই ৰাইজৰ মঞ্চত মঞ্চস্থ কৰিব বুলি জানিব পৰা গৈছে৷ পিছে এই দৃশ্যত মদ্যপান কৰাই কাৰোবাক জুই লগাই দিয়াৰ দৃশ্যটো থাকিবনে নাই সেয়া খাটাং হোৱা নাই বুলিও ভিতৰুৱা খবৰ প্ৰকাশিত হৈছে৷

৫. "লোহিয়াকাই-কো-প্ৰত্যাহ্বান" নামৰ এখন মাৰোৱাৰী-বৰপেটীয়া মিশ্ৰিত ভাষাৰ নাটকখন লিখি প্ৰযোজনা কৰি উলিয়াইছে টিখালাল অগলাৱালাই৷অচলী অচমপ্ৰেমী বেপাৰী কোন আছে তাৰ আচল হিচাপ ভি, নাটকখন চায়েই ৰাইজে পটা কৰিব পাৰিব বুলি সাহিত্য-সংস্কৃতিৰ একান্ত সাধকজনে প্ৰকাশ কৰিছে৷

৬. "পাখি কটাৰ আগেয়েই চুব লাগিব আকাশ" বুলি এটি প্ৰেৰণামূলক বক্তৃতা কালি প্ৰদান কৰিলে সদৌ অসম গাদীলোভী সন্থাৰ আহ্বায়ক শৰ্মাদাই৷ দিল্লীৰ পৰা নতুন পাখিকটা কেঁচি আহিব বুলি গম পাই, তেওঁ সহয়োগী সকলক তাৰ বিকল্প চিন্তা কৰিবলৈকো কালি প্ৰেৰণা যোগোৱা বুলি গুজৱ ওলাইছে৷

৭. পল্টন বজাৰৰ কাপোৰৰ দোকানত কালি জুই লগা বুলি খবৰ প্ৰকাশ পোৱাত এই জুই প্ৰকৃততে পাচলি বজাৰৰ পৰা মূল্যবৃদ্ধিৰ জুইৰ পৰাই সম্প্ৰসাৰিত হোৱা জুইহে বুলিও স্থানীয় লোক সকলে সন্দেহ প্ৰকাশ কৰিছে৷ এই ক্ষেত্ৰত স্থানীয় দুৰ্বৃত্ত নহৰুলক সোধপোচ কৰিবলৈকো আৰক্ষীক ৰাইজে আহ্বান জনাইছে বুলি খবৰ পোৱা গৈছে৷

৮. কন-কঠিয়া চাফা কৰাটো এতিয়া দেশৰ একাংশ হস্পিতেলৰ বাবে ৰমৰমীয়া ব্যৱসায় হৈ পৰাৰ খবৰে ৰাইজক শংকিত কৰি তুলিছে৷ মানুহ জন্ম হ'লে দেখুন তেওঁলোকৰ বাবেই সোণৰ কণী পৰা হাঁহ হৈ পৰিব, তথাপি কিয়নো ভ্ৰূণহত্যাৰে হাঁহজনীকে বধ কৰিছে বুলি সৰল নাগৰিক সংঘই প্ৰশ্ন তুলিছে৷

৯. সোণাৰীত ডাইনী সন্দেহত তিনিজনক আক্ৰমণ কৰাৰ ঘটনাত লালটুপি সংঘই ক্ষোভ প্ৰকাশ কৰিছে৷ ডাইনীৰ ঘটনাত প্ৰাণে নামাৰিলে শুনি ভালেই নালাগে বুলি ডাইনী-চাফা কৰাৰ ঠিকা লোৱা সমাজসেৱক সকলক সংঘই অৱগত কৰিছে৷

১০. "গণ্ডগোল.কম" নামৰ বেৱচাইট এটা অসমৰ গৃহিনী বিভাগে উন্মোচন কৰিছে৷ তাতে অসমৰ কোন ঠাইত গণ্ডগোল লাগিছে, লগাৰ সম্ভাৱনা আছে সেইবোৰ তথ্য ৰখা হব৷ লগতে মুখৰোখক গণ্ডগোলীয়া কাহিনীও ৰাইজৰ সুখপাঠ্য হোৱাকৈ তাত লিখি ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা হৈছে৷ আপোনাৰ গণ্ডগোলৰ কাহিনীটোৱেই আজি তাত হিট হোৱা নাইতো, চেক কৰিবলৈ নাপাহৰিব, ক্লিক কৰক, গণ্ডগোল.কম৷

No comments:

Post a Comment