১. তিতাবৰত চুইমিং পুল উদ্বোধন কৰি কালি ৰসাল গগৈদেৱে মহানগৰীৰ বানত সাতুৰিবলৈ হ'লে গাঁৱৰ চুইমিং পুলত অনুশীলন কৰিবই লাগিব বুলি মত প্ৰকাশ কৰিছে। জুহালত গঢ়িলেহে কমাৰশালত গঢ়িব পাৰি বুলি উল্লেখ কৰি ব্লক আৰু পঞ্চায়ত পৰ্যায়ত এনে চুইমিং পুল স্থাপনেৰে গুৱাহাটীত উচ্চ শিক্ষাৰ বাবে অহা গঞা সকলক বানপানীত সুৰক্ষিত কৰাৰ প্ৰয়োজন আছে বুলিও উল্লেখ কৰিছে। এনে চুইমিঙৰ চাৰ্টিফিকেট নথকা বেলেগ ঠাইৰ শিক্ষাৰ্থীক গুৱাহাটীৰ কলেজত চিট দি ৰিক্স নলবলৈকো অধ্যক্ষসকলক তেখেতে আহ্বান জনাইছে বুলিও গোপন খবৰ পোৱা গৈছে।
২. সৰ্বকালৰ অভিলেখ গঢ়ি শ্বেয়াৰ মাৰ্কেটত ছেনচেক্সেও উৰ্ধাগামী হোৱাৰ সুখৰ খবৰ পোৱা গৈছে। এইবাৰ আলু-পিঁয়াজৰ দাম নকমালৈকে ছেনছেক্সেও তললৈ নানামে বুলি ওফোন্দ পতাৰো গোপন খবৰ। আজি মাৰ্কেট ডাউন হোৱাৰ সম্ভাৱনা দেখি সেয়ে ষ্টক এক্সেঞ্জৰ চাৰ্ভাৰেই বিকল হৈ যোৱাৰ খবৰে তাকেই প্ৰতীয়মান কৰিছে বুলি জয় লক্ষ্মীমাতা দালাল সন্থাৰ বিজ্ঞপ্তিত প্ৰকাশ পাইছে।
৩. অহা ছমাহৰ ভিতৰতে সকলো বৈধ-অবৈধ শিক্ষকৰ পদ নিয়মীয়া কৰিব বুলি শিক্ষা বিভাগৰ সূত্ৰত বাতৰি প্ৰকাশ পাইছে। পিছে অবৈধ উপায়েৰে শিক্ষকৰ নিযুক্তি পোৱা সকলে অবৈধ শিক্ষা প্ৰদান নকৰিব যে তাৰো এক নিশ্চিতিলৈহে এই কাম সমাপন কৰিবলৈ সদৌ অসম অভিভাৱক সন্থাই ভাবি- গুণি দাবী তুলিছে।
৪. গৃহ চহৰত কালি ৰসাল গগৈ দেৱক ক'লা পতাকা প্ৰদৰ্শন কৰাৰ বাতৰি প্ৰকাশিত হোৱাত এতিয়া গগৈচাৰৰ প্ৰেছ সচিবে তাৰ স্পষ্টীকৰণ দাঙি ধৰিছে। আচলতে বোলে কোনোবা জ্যোতিষিয়ে নিজৰ গৃহ চহৰত ক'লা পতাকা উৰুওৱা দেখা পালে চাৰৰ বেয়া দিন চলি থকাৰ পৰত সাতটা ক'লা ছাগলী দান দিয়াৰ দৰে পুণ্য হব বুলি প্ৰকাশ কৰাৰ পাছতহে চাৰৰ গুণগ্ৰাহী সকলে এইদৰে মংগল কামনাৰে কালি এই ক'লা পতাকা কাৰ্যসূচী গ্ৰহণ কৰিছিল।তাক প্ৰতিবাদৰ নাম দি ছাৰৰ বদনাম ৰটিবলৈ চেষ্টা কৰা বিৰোধীৰ অপচেষ্টাক সচিবজনে কঠোৰ ভাষাৰে নিন্দা কৰিছে।
৫. গুৱাহাটীত শক্তিশালী মহাপুৰুষ তথা কোম্পানীৰ বিলাসী অট্টালিকা তথা হোটেল সমূহত অবৈধ ভাৱে জলাশয়তে নিৰ্মাণ হোৱা সত্বেও তাত প্ৰশাসনৰ হাতোৰা পৰা নাই বুলি অভিযোগ উঠিছে। এতিয়া হাতোৰো ধৰা হাতখন আগৰ দৰে শক্তিশালী হৈ নথকাৰ বাবেই এনে হৈছে বুলি গোপন সূত্ৰৰ পৰা জানিব পৰা গৈছে। এতিয়া নাক বচালৈহে সৰু সৰু মানুহৰ ঘৰ ভাঙি টিভিৰ পৰ্দা শুৱনি কৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও প্ৰশাসনৰ ভিতৰুৱা খবৰ প্ৰকাশ পাইছে।
৬. নামনি সোৱণশিৰিকে ধৰি অৰুণাচলত জলবোমা সদৃশ ডাঙৰ নদী বান্ধৰ বাবে কালি সেউজ সংকেত প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে। তাৰ ফলতে আজি উজনিৰ বিভিন্ন অঞ্চলত নতুন কেন্দ্ৰীয় মন্ত্ৰী সকলৰ জুমুঠি তথা প্ৰতিমূৰ্তিৰ প্ৰৱল চাহিদা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। লোকেল সাংসদজনৰ প্ৰতিমূৰ্তিৰ চাহিদাই আটাইতকৈ বেছি হোৱা বুলি থলুৱা সংগঠনবোৰৰ পৰা জানিব পৰা গৈছে। এনে আন্দোলনমুখী পৰিবেশ সৃষ্টি কৰাৰ বাবে সদৌ উজনি নেতাৰ জুমুঠি বিক্ৰেতা সন্থাই চৰকাৰখনলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।
৭. সাহিত্য সভাৰ বিভিন্ন বঁটাৰ বাবে বিজ্ঞাপন প্ৰকাশ হোৱাত সদৌ অসম বঁটা আশাবাদী লেখক সন্থাই সন্তোষ প্ৰকাশ কৰিছে। লগতে আবেদনপত্ৰৰ সৈতে "তেল-টোল মাৰি বঁটা পোৱাৰ হাতপুথি" বিষয়ক একোখন নিৰ্দেশনা পুথি দিয়াৰ ব্যৱস্থা কৰিলে নতুন লেখক সকলৰ সহায় হব বুলিও প্ৰকাশ কৰিছে। লগতে কোন কেইটা বঁটাৰ বাবে আগতীয়াকৈ মানুহ ঠিক কৰি মাত্ৰ নিয়মটো কৰিবৰ বাবে এই বিজ্ঞাপন দিয়াৰ ব্যৱস্থা কৰিছে সেই কথাও প্ৰকাশ কৰিলেও ভাল হব বুলিও সন্থাই মত প্ৰকাশ কৰিছে।
৮. "গাদীৰ মায়া" নামৰ নতুন অসমীয়া কথাছবিখনৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলিছে বুলি জানিব পৰা গৈছে। জালুকবাৰী ৰংগ মঞ্চৰ প্ৰথম নিবেদন এই হাস্য মধুৰ ছবিখনত বিসম্বাদী ৰাজনীতি কৰা সকলৰ খাবলৈ লওতেও যে শান্তি নাই, শুবলৈ লওতেও যে শান্তি নাই তাকে লঘু ছবিৰ ৰূপত তুলি ধৰিবলৈ বিচৰা বুলিও গম পোৱা গৈছে। আনৰ দাঁত ভাঙিবলৈ খুঁটি পুতোতে নিজেই উজুতি খোৱাৰো কাহিনী থকা এই ছবিখনত বয়সীয়াল ৰজা আৰু যুৱ মন্ত্ৰীৰ আমোদলগা ঘটনাৰাজিৰ সোৱাদ ৰাইজে ভালকৈ পাবই বুলি প্ৰযোজক ৰিনি বাইদেৱে প্ৰকাশ কৰিছে।
৯. জনগোষ্ঠীয় নেতা সকলক অৰ্থনৈতিক ভাৱে সৱল কৰাৰ উদ্দেশ্যৰেই জনগোষ্ঠীয় লক্ষ্মী পৰিষদ বিলাক গঠন কৰা হৈছিল বুলি প্ৰকাশ কৰিলে ৰসাল গগৈদেৱে। তেখেতে ভালকৈ লক্ষ্মী আহৰণ কৰি নিজৰ বিকাশ কৰিবলৈ সক্ষম হোৱা সকলে নিজৰ আন আন জাতিভাইকো সুবিধা দিবৰ বাবে ঠাই খালী কৰি দিবলৈকো আহ্বান জনায়। সকলোৱে ভগাই বিতাই খালেহে জাতি একোটাৰ উন্নতি হব বুলিও তেখেতে দৃঢ়তা প্ৰকাশ কৰিছে।
১০. বিদ্যালয়ৰ সমীপতে সুৰাৰ বাৰ স্থাপন কৰাত সন্তোষ প্ৰকাশ কৰিলে সদৌ অসম সুৰাপায়ী চাকৰিয়াল সন্থাই। শিক্ষক অভিভাৱকৰ অন্তৰংগ বৈঠকৰ বাবে স্কুলৰ কাষৰ বাৰেই উপযু্ক্ত স্থান হব বুলি প্ৰকাশ কৰি এনে শলাগনীয় পদক্ষেপ ৰাজ্যুজুৰি লবলৈকো আহ্বান জনাইছে সন্থাটোৱে। ৰঙীন পানী পান কৰি কৰি পৰিকল্পনা কৰি নিশ্চয়কৈ উত্তৰ পুৰুষৰ ভৱিষ্যত ৰঙীন কৰিব পৰা যাব বুলি সন্থাই দৃঢ়তাও প্ৰকাশ কৰিছে।
No comments:
Post a Comment