মিছা ক'লে কি ডাল হব(হাস্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিছা ক'লে কি ডাল হব(হাস্য

মিছা ক'লে কি ডাল হব(হাস্য

Share This
এচেৰেঙা মহাবিস্ফোৰণ, লাইভ!
এয়া ভৰ-দুপৰীয়া গেলা গৰমত আপোনাক আমি স্বাগতম জনাইছো "মহা-বিস্ফোৰণ লাইভ"লৈ। আপোনালোকে জানে আমি মহানগৰীত বাস কৰা লোকসকলক সাধাৰণ নাগৰিকক আমি মহানাগৰিকলৈ ৰূপান্তৰ কৰিছো, উন্নীত কৰিছো। মহানাগৰিক হোৱাৰ কেনে অনুভৱ ৰাইজক সুধি পুচি লাইভ এণ্ড এক্সক্লুচিভ আমাৰ চেনেলেই প্ৰথমবাৰৰ বাবে আপোনালোকক দেখুওৱাইছো। মহানাগৰিক শব্দটো অসম আৰু অসমীয়ালৈ উপহাৰ দিয়াৰ ক্ষেত্ৰত উপজা মাটিৰ সুগন্ধিৰে উজ্জীৱিত আমাৰ চেনেলৰেই একক অৱদান!

বিসম্বাদে খচি খচি বোকা কৰা দিছপুৰলৈ এইবাৰ যি আশা বৰষুণ আহিছিল। সেইজাক বৰষুণৰ পৰিমানটো অলপ বেছিয়েই হৈ গ'ল। আমাৰ কেমেৰাপাৰ্চন নগেনে  ঠিকমতেই আপোনালোকক অতি কেইমিনিটমানৰ ভিতৰতে মহানগৰৰ পৰা মহাসাগৰলৈ ৰূপান্তৰিত হোৱা দৃশ্যবোৰ দেখুৱাবলৈ মই অনুৰোধ কৰিম। চাওক, এইফালে পূৱে নবীন সাগৰ, উত্তৰে ৰাজগড় সাগৰৰ পৰা সংযোগী লিংক ৰোড সাগৰ আৰু দক্ষিণে তৰুণ সাগৰ, কিবা এক মহাসাগৰিক দৃশ্য দেখিবলৈ পোৱা নাইনে আপোনালোকে। পিছে বেছিদেৰি আমি আপোনালোকক আজি এই গেলাপানী দেখুৱাই থাকিব নোৱাৰিম।

হয়, নিচুকনি বৰুৱা, আপোনাক ধন্যবাদ জনাইছো। মহানাগৰিক সকলৰ দুখ-দুৰ্দশাৰ কথা ইমান ধুনীয়াকৈ নিচুকনি সংগীত সহ আপোনাৰ চাঞ্চল্যসনা বিৱৰণিৰে আপুনি বৰ্ণনা কৰাৰ বাবে। আমি জানিব পৰা মতে আপোনাৰ নিচুকনি বাণী শুনি ৰাধাগোবিন্দ বৰুৱা সাগৰৰ ফালে  মানুহৰ চকুৰ পানী ববলৈ ধৰিছে, ফলত ভটিয়নী ভঙাগড় সাগৰত পানী বাঢ়িব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে। কেমেৰামেন আৰু আপোনাক পেণ্টটো আৰু অলপ কোঁচাই ৰাখিবলৈ অনুৰোধ জনাই আমি এতিয়া আপোনাক  এৰিব খুজিছো। আমি আকৌ আহিম, পানী বাঢ়ি অহাৰ লগে লগেই আমিও সেই লাইভ এণ্ড এক্সক্লুছিভ ৰাইজক দেখুৱাম, কেনেকৈ আঠু, কৰঙন.... উস তাৰ অৰ্ধলৈ... চেহ বৰ লাজ লগাকৈ পানী মহাসাগৰত বাঢ়িবলৈ ধৰিছে... আমি আহিম আহিম আপোনাৰ ওচৰলৈ।

হয়,  এতিয়া আমি যাব লাগিব, দিছপুৰত হব লগা মহাবিস্ফোৰণলৈ। আপোনালোকে চাগৈ ভাবিছে, দিছপুৰত ইমান কাঢ়া সুৰক্ষা। নিগনি এটা সৰকিব নোৱাৰা অৱস্থা। তাত আকৌ কিহৰ মহাবিস্ফোৰণ! চিন্তা নকৰিব, চাচপেঞ্চটো থাকক, এটা বিৰতিৰ পাছত আমি আপোনালোকক সেই মহাবিস্ফোৰণ...

.... আহক, যেতিয়াই তেতিয়াই... চিৰিত, চোফাত..... কফি, ষ্ট্ৰবেৰীৰ আনন্দ ....সুৰক্ষিত ৰূপত লওক সেই স্বৰ্গীয় আনন্দ! (বিজ্ঞাপন সমাপ্ত!)

হয়, আমাৰ জ্যেষ্ঠ সাংবাদিক কুটিল বৰা তাত উপস্থিত আছে দিছপুৰত। তেওঁ দেখুৱাব কেনেকৈ ছাৰৰ গাদী গিৰাও আন্দোলনৰ গুৰি ধৰিছে এইসকল নেতাই। তেওঁলোক একালত সৰু সৰু ল'ৰা আছিল। ৰজা আংকলৰ আঙুলিত ধৰি ৰাজনীতিৰ এ.বি.চি.ডি শিকাহে!। পিছে এতিয়া ৰজা আংকল বুঢ়া হৈছে তেওঁলোকে ঘোষণা কৰিছে। সেইবুলি তেওঁক গাদী এৰিবলৈ আহ্বান জনাইছে। হেড অফিচতো আপত্তি জনাইছে। এতিয়া চোৱা যাওক, আজি সাংবাদিক মেলত তেওঁলোকে কি ঘটাব মহা-বিস্ফোৰণ!

হয়, এতিয়া সংবাদমেলত তেওঁলোকে প্ৰকাশ কৰিছে, তেওঁলোকে অপেক্ষা কৰিব। মেডামে কি কয় শনিবাৰলৈ অপেক্ষা কৰিব। অপেক্ষাৰ ফল মিঠা হব বুলি এষাৰ কথা আছে। তেওঁলোকে সেই কথা আঙুলিয়াই মেদামলৈ সিদ্ধান্তলৈ ৰব বুলিও কৈছে। পিছে শনিবাৰে সিদ্ধান্ত নিদিলে সোমবাৰে হেনো মেদাম, চেদাম চিনি  নাপাব বুলিও প্ৰকাশ কৰিছে। এইবাৰ হেনো ঘণ্টি বাজিছে টাং টাং, শনিবাৰে লাগে কিবা এটা খাটাং! গতিকে আমিও এই পৰবৰ্তী মহাবিস্ফোৰণ আপোনালোকক দেখুৱাম লাইভ এণ্ড এক্সক্লুচিভ!

এইবাৰ আমি যাব লাগিব, এটা ব্ৰেকিং নিউজলৈ। শিৱাসাগৰৰ আমগুৰিৰ পৰা খবৰ আহিছে। তাত হেনো এতিয়া বাঘে ছাগে একেটা ঘাটত পানী খাইছে। এতিয়া বাঘ কোন, ছাগ কোন জানিবৰ বাবে আমি লৈ যাব বিচাৰিছো  শিৱসাগৰলৈ। হয়, বৰা, আপুনি আমাকক কবনে শেহতীয়া কি পৰিস্থিতি সৃষ্টি হৈছে আমগুৰিত!

হয়, বিলাপী, মই কব বিচাৰিম যে অসমৰ এজন প্ৰৱল প্ৰতাপী বিসম্বাদী ৰাজনৈতিক আহি বাদী পক্ষৰ আন এজন জ্যেষ্ঠ নেতাৰ ঘৰত সোমাইছেহি। তাকো পুৱাই পুৱাই। এতিয়া তাত ব্ৰেক ফাৰ্ষ্ট কৰিছে বুলি জানিব পৰা গৈছে। ভিতৰুৱা খবৰ মতে, গুৱাহাটীয়াজনে উজনিৰ দাদাজনৰ নতুন বাথৰুমত গা-ধুইছে।

হয়, বৰা, ৰাইজ, এইয়া এক নিশ্চয়কৈ ব্ৰেকিং, ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতত। সুদূৰ গুৱাহাটীৰ পৰা গৈ পোনে পোনে বিসম্বাদী নেতাই গৈ টয়লেটত সোমাইছে। ইয়াতকৈ ব্ৰেকিং কি হব পাৰে। আমি ধন্যবাদ জনাইছো আমাৰ জ্যোষ্ঠ সাংবাদিক বৰাদাক। বৰাদা, আপুনি কিবা টয়লেটৰ ভিজুৱেল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল নেকি? টয়লেটটো ভাৰতীয় নে ইটালীয়ান কিবা জানিব পৰিছে নেকি? টয়লেট পেপাৰ আছেনে, নে পানী টিঙত, নে টেপ আছে..কিবা সবিশেষ!

হয়, বিলাপী, ভিতৰুৱা সূ্ত্ৰই খবৰ দিয়া মতে আমগুৰিৰ ছাৰৰ ঘৰত ইটালীয়ান আৰু ভাৰতীয় দুয়ো বিধৰেই ব্যৱস্থা আছে। শেষবাৰৰ বাবে, মন কৰিব, শেষ বাৰৰ বাবে হেনো বিসম্বাদী নেতাজনে ইটালীয়ান টয়লেট ৱ্যৱহাৰ কৰিছে। শেষ বাৰ তেওঁ ইটালিয়ান টয়লেট ব্যৱহাৰ কৰিছে। সোমবাৰৰ পৰা তেওঁ আঞ্চলিকতাবাদী বাঁহৰ, নগাঢাৰীৰ ব্যৱস্থাটো লাগিলে বহিবলৈ ৰাজী বুলিও তেওঁ আমগুৰিৰ দাদাক বেকত কৰিছে। তেওঁ এইবাৰ সকলো খোলাখুলিকৈ কৈছে। কাৰ কি লাভ হব, কাৰ কি লোকচান। সকলো অংক, সকলো হিচাব! ডেকাৰ লগ লাগিহে এতিয়া আদহীয়াই এসাজ খোৱাৰ দিন বুলিও তেওঁ দাদাক বুজাইছে। মুঠতে বুজনিৰ পাছতে তেওঁ অলপ গা-টো ধুই লবলৈ সোমাইছে।

হয়, বৰাদা, আপুনি যে  ক'লে আমগুৰিৰ দাদাৰ ঘৰত সকলো খুলি কৈছে, ছাৰ এতিয়া বাথৰুমত সোমাইছে, গা ধুবলৈ, বিশেষ কিবা, বিশেষ কিবা গুৰুত্বপূৰ্ণ কথা লুকাই আছে নেকি বাৰু গা-ধোৱা কথাটোত! তেওঁ সকলো খুলি সোমাইছেনে, কিবা সবিশেষ... ফুটেজ...লাইভ এণ্ড এক্সক্লুচিভ!

লগে লগে বিদ্যুত বিভাগৰ দয়াত বিজুলীবাতি হৰণ হয়। টিভিৰ পৰ্দাত এতিয়া অন্ধকাৰ। ভাগ্য! এতিয়া বাথৰুমত চাগৈ কি লাইভ এণ্ড এক্সক্লুছিভ হৈছে, এতিয়া ওপৰৱালাইহে জানে..... হাইকামাণ্ড নহয়হে...সিজনহে! একদম খাটাং...

No comments:

Post a Comment