লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. ডঃ বিশ্ব বিজয় শৰ্মাই খুলিলে নিজৰ ব্যক্তিগত ৱেবচাইট। মুখ্যমন্ত্ৰী হবই বুলি লিখা নিজৰ জন্ম-কুণ্ডলী কৰিলে ৰাইজ আৰু সমালোচক সকলৰ জ্ঞাতাৰ্থে আপলোড!

২. ৰসাল গগৈৰ ওপৰত কিতাপ লিখি তোষামোদ কৰাৰ পাছত এতিয়া সমালোচকক আলোচনাৰ কৰাৰ ব্যতিক্ৰমী পথ গ্ৰহণ কৰিছে সাহিত্যিক তথা ৰাজনীতিৰ খেলুৱৈজ এজনে। "ছাত্ৰ সন্থা আউটডেটেড" নামৰ নৱতম গ্ৰন্থ লিখি উলিয়াইছে ডঃ কৃষিমণি ডেকাই। তেখেতে ছাত্ৰ সন্থাক সদায় বাটত লগ পাবই, আছুৱে প্ৰতিবাদ নকৰে ক'ত,  আদি বিভিন্ন অধ্যায় ডেকাই গ্ৰন্থখনিত সন্নিবিষ্ট কৰিছে বুলি জানিব পৰা গৈছে। 

৩. বাৰটা জনজাতীয় সংগঠনে মাৰ বান্ধি বিশ্বজিত দৈমাৰীৰ বিৰোধিতা নকৰিবলৈ জনালে আহ্বান। পিছে খিলঞ্জীয়াৰ স্বাৰ্থত সঞ্জয় সিঙক বৰ্জন কৰাৰ জনাব নোৱাৰিলে প্ৰত্যাহ্বান। "বলে নোৱাৰা শিলক পৰি নমস্কাৰ" ফৰ্মূলা মতেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি গোপনে জনালে সংগঠনটোৰ ধনভৰালীয়ে। ধনভৰালীয়ে কয় যে এই আহ্বানে যথেষ্ট আভ্যন্তৰীণ বিত্তীয় সহযোগিতা বৃদ্ধি কৰাটোও আচলতে এটা গুৰুত্বপূৰ্ণ গোপন সাফল্যই!


৪. গৰমে গৰমে বিলাইছে মোদী চাহ! সময় থাকোতেই পদুমী টি ষ্টলত এইবিধ চাহ খাই ভোট দিয়াৰ মুদ বনাবলৈ আহ্বান জনালে বিজয়াৰাণী বাইদেৱে। "চাহৰ চেঁচা, মাছৰ কেঁচা" খাব নোৱাৰি বুলি সোঁৱৰাই দি বাইদেৱে গাওঁ অঞ্চললৈ  চেঁচা চাহ পঠোৱাতকৈ,  বৰফ দিয়া মাছ বিলাবলৈ  পঠালেহে বেছি ভাল হব বুলি কেন্দ্ৰীয় কমিটিলৈ চিঠি লিখিছে বুলিও জানিব পৰা গৈছে।

৫. শোণিতপুৰত ২৮টাকৈ সশস্ত্ৰ ইউনিট থকাৰ পাছতো ৰোধ কৰিব পৰা নাই সীমান্ত হত্যালীলা। এনেবোৰ কাণ্ড কাৰখানা দেখিয়ে "আছে গৰু নাবায় হাল, বাঘেই ছেলেকে নেকি হৰিণাৰ গাল" বুলিও সচেতক শৰ্মাই প্ৰশ্ন তুলিছে। লগতে এয়া মাওবাদীৰ কাৰ্যকলাপ বুলি কাগজে পত্ৰেই প্ৰমাণ কৰি আৰক্ষীয়ে কেন্দ্ৰৰ পৰা বছৰি দাবী কৰি অহা ১০০কোটি টকীয়া এক্সট্ৰা পেকেজটোত এই চান্সতে অনুমোদন লাভতহে মনোনিবেশ কৰা বুলি গোপন খবৰ পোৱা গৈছে।৬. উত্তৰ-পূৱত খাই শেষ কৰিব নাই মনৰেগাৰ ধন। বাৰে বাৰে অক্লান্ত বিডিঅ সকলৰ কৰ্মকাণ্ডই বাতৰিৰ শিৰোনামা পোৱাত ক্ষুন্ন হৈ ফাঁকিবাজ হুছেইন নামৰ চৰ্দাৰ এজনে আঁচনিবোৰ আৰু শিথিল কৰি দিলেহে ধন খাবলৈ বিষয়াসকল সৱলীকৰণ তথা হাতোৰা কংগ্ৰছৰ যুৱক সকলক অধিক পেশীবহুলকৰণ কৰিব পৰা যাব বুলি কেন্দ্ৰৰ ধন-ভঁৰালীক জনাইছে।

৭. সিদিনা ৰসাল গগৈ, মনেমনে সিঙ, ভুৱন কলিতা আদি সকলোৰে দাহ সংস্কাৰ যাত্ৰা সম্পন্ন কৰিলে সদৌ অসম প্ৰতিবাদী ছাত্ৰ সন্থাই। এবাৰ দাহ সংস্কাৰ কৰাৰ পাছতো আকৌ কিয় সেই কেইজনক লৈ প্ৰতিবাদী কাৰ্যসূচী লৈছে বুলি টিভিত দেখি প্ৰশ্ন তুলিলে জালুকাবাৰীৰ অনুসন্ধিতসু শৰ্মা নামৰ শিশুৱে। এই প্ৰশ্নটো তেওঁ টুইটাৰ যোগে বৰদেউতা দেবানন্দ ভট্টাচাৰ্যইলৈ প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে।

৮. হিমাচলত মুখ্যমন্ত্ৰীয়ে মাৰিলে প্ৰতিবাদীৰ গালত প্ৰচণ্ড চৰ। হাৰিয়ানাত প্ৰতিবাদীয়ে সোধালে মুখ্যমন্ত্ৰীক প্ৰচণ্ড চৰ। "হৰ হাত মে শক্তি" নামৰ ৰাহুলদাৰ বিজ্ঞাপনটো দেখাৰ পাছতে সকলোৱে নিজৰ নিজৰ হাতত শক্তি অনুভৱ কৰাৰ ফলতে এনে দুৰ্ঘটনা হবলৈ পাইছে বুলি মনোৰোগ বিশেষজ্ঞই প্ৰকাশ কৰিছে। পিছে মুখ্যমন্ত্ৰীক চৰ সোধোৱাজনৰ বিৰুদ্ধেহে গোচৰ তৰা হ'ল, মুখ্যমন্ত্ৰীয়ে সোধোৱাৰ ঘটনাত নহয়। পিছে হাৰিয়ানাৰ সেই নেতাজনে গান্ধাবাদী দেখুওৱাৰ সুবৰ্ণ সুযোগটো গ্ৰহণ কৰি, গোচৰ প্ৰত্যাহাৰ কৰিলে, যুৱকজনক ক্ষমা কৰি দি বাহ বাহ লাভ কৰিছে। এতিয়া সিখন গাল পাতি দিবলৈ যুৱকজন অহালৈ অধীৰ হৈ বাট চাই থকাৰো গোপন খবৰ।


৯. সাহিত্য সভাই ফটা পলিথিন আৰিলে ৰসৰাজৰ আবক্ষ মূৰ্তিত! শুভ্ৰ কাপোৰ কিনিবলৈ দিয়া পইচা এজনে হজম কৰি পৰমানন্দ লাভ কৰাৰ বাবেই এনে হবলৈ পালে বুলি জানিব পৰা গৈছে। লগতে ৰসৰাজৰ মূৰ্তিৰ উন্মোচনী অনুষ্ঠানত ৰস সৃষ্টিৰে ৰসাল কৰাৰ বাবেহে এই ঘটনা উদ্দেশ্যপ্ৰণোদিত ভাৱে সংঘটিত কৰা হৈছিল বুলি দাবী কৰিলে চাহিত্য চাফা কৰা কৰ্মী সংঘৰ পদাধিকাৰে।

১০. অসমত এই কেইদিন ঘোঁৰাৰ বজাৰ তজবজীয়া হোৱাৰ গোপন খবৰ। নিশকতীয়া, বুঢ়া ঘোঁৰাৰো দাম পাঁচ কোটিলৈকে হোৱা বুলি প্ৰকাশ পাল বাতৰি। সমান্তৰাল ভাৱে বিধায়কৰ পিছত পৰিছে লক্ষ্মীদেৱী। লক্ষ্মীদেৱীৰ বৰপুত্ৰ সকলে ঘৰতে টোপোলা দিয়াৰ শংকাত পলাই ফুৰিছে কেইবাজনো বিধায়ক।

No comments:

Post a Comment