মুকলি চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মুকলি চিঠি

মুকলি চিঠি

Share This
ৰাহুলজী, ৰাইজলৈ ক্ষমতা নে 
আপোনাক লাগে ক্ষমতা?
ৰঞ্জিত কুমাৰ বৰা
আমি ক্ষমতা জনসাধাৰণক দিব লাগিব। ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ’ব লাগিব। মহিলাৰ সবলীকৰণ হ’ব লাগিব। ৰাহুলজী, হয় আপুনি ঠিকেই কৈছে। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ অবিহনে ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰ এখনৰ উন্নতি সম্ভৱ নহয়। 
কিন্তু ইউ পি এৰ দুটাকৈ কাৰ্যকাল আপুনি কাষৰ পৰা দেখিছে। অন্তিমটো অৰ্থাৎ চলিত কাৰ্যকালত আপুনি এজন অতিকৈ প্ৰভাৱশালী নেতাৰূপে আছে। আপুনি ক’লেই ৰেহাইমূলক চিলিণ্ডাৰৰ সংখ্যা ছটাৰ পৰা নটালৈ বৃদ্ধি পায়। আপুনি কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক ফালি পেলাব লাগে বুলি কৈ অকলে প্ৰত্যহ্বান জনাই চৰকাৰৰ নীতি-সিদ্ধান্ত সলনি কৰিব পাৰে।

ইমান দিনে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে কি কৰিলে? কথাটো এনেকুৱা নেকি মুখত ৰাইজলৈ ক্ষমতা, পেটে পেটে মোক দিয়া ক্ষমতা? বছৰ বছৰ ধৰি মহিলা সংৰক্ষণ বিধেয়ক অনাদৃত হৈ পৰি আছে। সেইখন বিধেয়ক আইনত পৰিণত কৰাত আপোনাৰ স্থিতি কি, দেশবাসীয়ে দেখি আছে। আপোনাৰ মুখত নাৰী সবলীকৰণৰ কথা শোভা নাপায়। দুৰ্নীতিৰ প্ৰসংগত কথাৰে নহয়, কামেৰে দেখুৱাওক। ইউ পি এ ( এক আৰু দুই) চৰকাৰ ভাৰতৰেই নহয়, বিশ্বৰ ইতিহাসতেই অন্যতম দুৰ্নীতিপৰায়ণ চৰকাৰ।

No comments:

Post a Comment