লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. আজি হাতোৰা পাৰ্টিয়ে দেশজুৰি উদযাপন কৰিছে "ঠগ দে"! দেশৰ জনতাক যি উপায়েৰে উল্লু বনাই আছে, সেই প্ৰক্ৰিয়াটোক ৰাষ্ট্ৰীয়ভাৱে উদযাপন কৰাৰ লক্ষ্যৰেই এই দিৱস উদযাপন কৰা হৈছে বুলি ৰাহুল বাবাই নিজৰ পাঠশালাত ব্যক্ত কৰিছে।
সতেজ স্বাস্থ্যবান
শিক্ষিত ঘোঁৰাৰ
বিক্ৰয়-বিপনন সেৱা

২. "ঘোঁৰা কিনা-বেচাৰ হাতপুথি" নামৰ গ্ৰন্থখনি ৰাইজৰ বাবে অতি কষ্টৰে লিখি উলিয়াইছে বিশিষ্ট থলুৱা ঘোঁৰা বিক্ৰয়-বিপনন বিশেষজ্ঞ ডঃ বিশ্ব শৰ্মাই। ইংৰাজীলৈও অনুবাদ কৰি এই গ্ৰন্থখনিত থকা বিশ্বমানৰ অমূল্য  অভিজ্ঞতাক বিশ্ব সভালৈ নিয়াৰ প্ৰয়োজন বুলি গ্ৰন্থ উন্মোচনী সভাত হিয়াৰ আমঠু সমষ্টিৰ বিশিষ্ট বাসিন্দা সঞ্জয় সিঙ মন্তব্য কৰিছে।

৩. অবিজিত ভট্টাচাৰ্যৰ নতুন নাটক "মই পদ্মকাইয়ে কৈছো-মাফ কৰিব!" অহা বৰ্ষত ভ্ৰাম্যমানৰ মঞ্চত নিৰ্বাচনী বতৰত তুলিব প্ৰচণ্ড জোকাৰণি। প্ৰতিদ্বন্দী থিয়েটাৰ পাৰ্টিৰ বাবেও তেওঁ "ধনী কেনেকৈ হ'ল প্ৰশান্ত" নামৰ ৰহস্যধৰ্মী নাটকখন ৰচনা কৰি থকা বুলি জানিব পৰা গৈছে। এই নাটকৰ বাবে ৰসাল গগৈয়েও সমল যোগান ধৰিছে বুলি ভট্টাচাৰ্যই জনাইছে।

৪. মদ কম্বল বিলাই ভোট কিনাৰ সামৰ্থ থকা ব্যক্তিকহে অনাগত লোকসভাত হাতোৰা পাৰ্টিয়ে টিকট দিব বুলি কৰিলে ঘোষণা। আচল এম-পাৱাৰড, মানে মানি পাৱাৰ, মাচল পাৱাৰ থকা সকলক বাদ দি, নিশকতীয়া কোনো লোকেই যাতে এনে টিকট নাপাই তাৰ বাবে সঠিক খবৰ পাবৰ বাবে ৰাহুল বাবাই দলীয় খবৰি সকলৰ পৰা গোপন ভোট লোৱাৰ ব্যৱস্থা কৰা বুলি জনসম্পৰ্কৰক্ষী বিষয়া জাপানী খুড়াই গোপনে জনাইছে।

৫. পোন্ধৰ-ষোল্ল বছৰ বয়সৰ বিশ শতাংশই বিদ্যালয়লৈ নায়ায় বুলি প্ৰথম নামৰ সংস্থাই প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছত এতিয়া, সেই সকল কিশোৰ-কিশোৰীৰ তথ্য তথা ঠিকনা বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত আবেদন কৰিছে আধুনিকা গৃহিনী সংঘই। তেওঁলোকক পুৰঠ বনকৰা ল'ৰা-ছোৱালীৰ ৰূপত অতি শীঘ্ৰেই সংস্থাপন দিব বুলি সম্পাদিকা ৰচকী বৰুৱাই আমাক জনাইছে।

৬. ৰাজ্য সভা উপলক্ষে আবতৰীয়াকৈ অসমত উদযাপিত হ'ল পৰম্পৰাগত বোকা খেচা তথা বোকা চতিওৱা খেলত। শেহতীয়াকৈ এই খেলত আন্তৰ্জাতিক অভিজ্ঞতা লৈ অহা মাজৰজন ভূ্ঞাই ভাল প্ৰদশৰ্ন দেখুৱাই আৰু ঘৰুৱা দল হোজাই কেপ্টেইন আজকল চাহাবৰ চকুৰ পানী বোৱাই দিয়াৰ বাতৰিয়ে পাইছে সংবাদ শিৰোনামা।

৭. শাহুৱে-ননদে মিলি বোৱাৰী পুৰি মৰা ঘটনা নিলৰ্জভাৱে আমাৰ সমাজত সুলভ।  এনেবোৰ খবৰে ছাল ডাঠ কৰা অসমীয়াইও এতিয়া এটি নতুন খবৰত চমকি উঠিব লগা হৈছে। ডিফুত জোঁৱায়েকে হত্যা কৰিলে বৃদ্ধা শাহুক। এনে গছত গৰু উঠা বাতৰিৰে অসমত পৰম্পৰাগত হত্যাৰ ধাৰাক নস্যাত কৰাৰ ষড়যন্ত্ৰ চলিছে বুলি মতামত দিছে সদৌ অসম যুঁজাৰু শাহু সন্থাই।
উতপল তালুকদাৰৰ এটি পুৰণি কাৰ্টুন। সৌজন্যঃ গুগুল ইমেজ

৮. দিচাং-ৰজাবাৰী ৰাষ্ট্ৰীয় পথৰ কাষতে দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত স্বস্তি পেলাইছে স্থানীয় আৰক্ষী সেৱা সন্থাই। দুৰ্গম গাড়ী নোযোৱা ঠাইত মৃতদেহ পেলাই হাৰাশাস্তি নকৰা বাবে সদৌ অসম হত্যাকাৰী সন্থালৈ তেওঁলোকে জ্ঞাপন কৰিলে আন্তৰিক কৃতজ্ঞতাও।

৯. গুৱাহাটীত অহা ২৫তাৰিখে এক লাইভ পাঠশালাত বক্তৃতা প্ৰদান কৰিব ৰাহুল মাইনাই। এই কাৰ্যসূচী সকলো শিশু তথা শিশুৰ কাৰ্যসূচী চাই ভালপোৱা লোকে পোগো চেনেলত উপভোগ কৰিব পাৰিব বুলিও জানিব পৰা গৈছে। মাইনাৰ বাবে ললিপপৰ ফ্লেভাৰ নিৰ্ণয় কৰাকলৈ দিছপুৰত যথেষ্ট উত্তেজনাৰ সৃষ্টি হোৱাৰ খবৰ পোৱা গৈছে। ফেভৰিট ফ্লেভাৰ নাপালে মাইনাই মাকক পেচ ধৰিব পাৰে বুলিও কইনাধৰাৰ পাকঘৰৰ পৰা খবৰ আহিছে।

১০. জিলাই জিলাই কমিচন গোটোৱাৰ বাবে যদি থাকে ডেপুটী-কমিচনাৰ, তাৰ ওপৰত  কমিচন খোৱাৰ উদ্দেশ্যে থকা মন্ত্ৰীবোৰ আচলতে কমিচনাৰ আৰু সবাৰে ওপৰত মুখ্যমন্ত্ৰী হেনো চীফ কমিচনাৰ। এই মন্তব্য কৰি সকলোকে বিধান সভাত মনোৰঞ্জন যোগালে পদুম পাৰ্টিৰ মনোৰঞ্জন দাসে। দাসৰ এই সংজ্ঞা কিমান সংসদীয় সেই বিষয়ে অনুসন্ধান চলি থকা বুলি গোপন খবৰ।

No comments:

Post a Comment