পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস৷ মাতৃভাষা সমূহ বিলুপ্তিৰ পথলৈ যোৱাৰ সম্ভাৱনা দূৰীকৰণৰ বাবে সজাগতা সৃষ্টিৰ বাবেই পালিত হৈছে এই দিৱস৷ প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি একোটা বিশেষ বিষয়বস্তু নিৰ্বাচন কৰা হয়৷ এই বছৰৰ (২০১৪ বৰ্ষৰ) বিষয়বস্তু হ'ল "বিশ্ব নাগৰিকত্বৰ বাবে স্থানীয় ভাষাসমূহ : বিজ্ঞানৰ আলোকপাত"
মাতৃভাষা ৰক্ষাৰ বাবে প্ৰাণ দিয়া শ্বহীদৰ স্মৃতিত
অশ্ৰু-অঞ্জলি দিবলৈ অহা এগৰাকী শিশু....
বাংলাদেশৰ শ্বহীদ মিনাৰৰ ছবি।

২. উৰ্দুৰ ভাষা শিক্ষা লব খোজা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সুখবৰ আনিছে কেন্দ্ৰীয় চৰকাৰৰ নতুন নীতিয়ে৷ এতিয়াৰ পৰা কোনো বিদ্যালয়ৰ এটা শ্ৰেণীত কমেও ১৫জন উৰ্দু শিকিব বিচৰা ছাত্ৰ-ছাত্ৰী ওলালে সেই বিদ্যালয়ত উৰ্দু শিক্ষক নিয়োগ কৰিব লাগিব ৰাজ্য চৰকাৰে৷ পূৰ্বতে ২৫শতাংশ উৰ্দু ভাষী লোকৰ বসতি থকা অঞ্চলতহে শিক্ষক নিযুক্তিৰ ব্যৱস্থা আছিল৷

৩. আমেৰিকাৰ ৱাশ্বিংটনত বিজ্ঞানীসকলে এক নতুন ধৰণৰ হল'গ্ৰাফিক মেম'ৰী ডিভাইচ আৱিস্কাৰ কৰা বাতৰিয়ে লাভ কৰিছে সংবাদ শিৰোনামা৷ এই সঁজুলি ব্যৱহাৰৰ জৰিয়তে ইলেক্ট্ৰনিক সঁজুলিসমূহত তথ্য সংৰক্ষণ তথা বিশ্লেষণ ক্ষমতা কেইবাগুণো বৃদ্ধি কৰিব পৰা যাব বুলিও গৱেষক সকলে দাবী কৰিছে৷

৪. কালি পালিত হ'ল ডঃ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ ৮২তম জন্মদিন৷ এই উপলক্ষত তথা আৰোহণৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱৰ লগত সংগতি ৰাখি আৰোহণত আয়োজিত হ'ল "আৰোহণৰ আলহী" শীৰ্ষক এক অনুষ্ঠানৰ৷ শিশুৰ গীত-মাতেৰে মুখৰিত হোৱা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰিলে শিক্ষাবিদ ডঃ অনিমা চৌধুৰীয়ে৷

৫. অহা ২৪মাৰ্চত মুক্তি লভিব অসমীয়া একশ্যনধৰ্মী ছবি "ছাঁয়া"ই৷ তিনি বছৰীয়া পৰিকল্পনাৰে ছবিখন নিৰ্মাণ কৰা চিনেমাখনৰ পৰিচালক ৰোহণ পাটৰ৷ মু্ম্বাইৰ চাকিলৰ নিৰ্দেশনাত একশ্যন আৰু ষ্টাণ্টৰ দৃশ্যসমূহ সংযোজিত হৈছে৷ কেইটামান দশকৰ জাতীয় সংগ্ৰামকো এই ছবিৰে তুলি ধৰাৰ প্ৰয়াস কৰা বুলিও জানিব পৰা গৈছে৷

৬.
কেৰেলাৰ সকলো পঞ্চায়ততে থাকিব আয়ুৰ্বেদিক চিকিৎসাৰ সুবিধা৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমেন চেণ্ডিয়ে পৰম্পৰাগত তথা আয়ুৰ্বেদিক পদ্ধতিৰ চিকিৎসাৰ প্ৰসাৰৰ বাবে এই পদক্ষেপ ৰাজ্যজুৰি গ্ৰহণ কৰিব বুলি কোচিত ঘোষণা কৰিলে গ্লোবেল আয়ুৰ্বেদ ফেষ্টিভেলৰ উদ্বোধনী ভাষণত৷ এই উৎসৱত মৰিচাচৰ ৰাষ্ট্ৰপতিয়েও অংশগ্ৰহণ কৰিছে৷

 
৭. তৰুণ কবি অলক আকাশৰ তৃতীয়খন কাব্যগ্ৰন্থ "এতিয়া তুমি মোৰ বুকুতে আছা" পাঠশালাত আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে বিশিষ্ট কবি বিপুল কুমাৰ দত্ত আৰু পুৰন্দৰ পাটগিৰিয়ে৷ কবিতাপুথি খনিত ৫৮টা কবিতা সন্নিবিষ্ট হৈছে৷

৮. বজাৰলৈ ওলাল গুৱাহাটীৰ ফ'ক বিটছ নিবেদিত বিহুনামৰ অংগৰাগ মহন্তৰ কণ্ঠসমৃদ্ধ শ্ৰব্য চিডি  "কিৰিলি"৷ গীত, সংগ্ৰহ. সংযোজন আৰু পৰিচালনা লোক-সংগীতৰ গুৰু প্ৰবীণ শইকীয়াৰ আৰু প্ৰযোজনা কৰিছে অংগৰাগ মহন্ত আৰু মাধুৰ্য বৰাই

৯. ৰাজ্য চৰকাৰে দুবছৰ কাৰ্যকাল ঘোষণাৰে অসমত নতুনকৈ ৬৪খন বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিছে৷ উল্লেখযোগ্য যে ৰাজ্যত পূৰ্বতে ৩৬খন বিদেশী ন্যায়াধীকৰণ আছিল আৰু এই সংখ্যা এতিয়া ১০০খন হবগৈ৷

১০. মায়ঙত "মেজিক ইউনিভাৰ্ছিটি" স্থাপন কৰাৰ পৰিকল্পনা ব্যক্ত কৰিলে যাদুকৰ জুনিয়ৰ পি চি সৰকাৰে৷ যাদুবিদ্যাক বিশ্ব স্তৰত স্থাপন কৰা  পি চি সৰকাৰৰ পূৰ্বপুৰুষে মায়ঙতে যাদু শিকিছিল বুলিও যাদুকৰজনে প্ৰকাশ কৰে৷ ১৪-২৩ ফেব্ৰুৱাৰীলৈ তেখেতে গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত যাদু প্ৰদৰ্শন কৰি আছে, লগতে ৰাইজৰ দাবীত ২৪-২৫ ফেব্ৰুৱাৰীত মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পটো দুটা দৰ্শনী প্ৰদৰ্শন কৰিব বুলি প্ৰকাশ কৰিছে৷

১১. অহা ১-৩মাৰ্চলৈ দিল্লীত হব লগা আন্তৰ্জাতিক কবিতা উৎসৱলৈ অসমৰ পৰা একমাত্ৰ কবি ৰূপে আমন্ত্ৰিত হৈছে নীলিম কুমাৰ৷ ইণ্ডিয়ান অ'চেন ৰীম এছ'চিয়েশ্যনৰ ২০খন দেশৰ কিবয়ে অংশগ্ৰহণ কৰিব লগা এই উৎসৱত তেখেতে স্বৰচিত কবিতাৰ ইংৰাজী অনুবাদ পাঠ কৰিব৷ অংশগ্ৰহণকাৰী দেশসমূহৰ কবিতাক লৈ এখন কাব্য সংকলনো প্ৰকাশ পাব বুলি জানিব পৰা গৈছে৷

১২.
অচিৰেই ছবিগৃহলৈ আহিব আন এখন একশ্যনধৰ্মী অসমীয়া ছিনেমা "ঢৌ"৷ মুনিন বৰুৱাই সম্পাদনা কৰা চিত্ৰনাট্য, দিগন্ত ভাৰতীৰ সংগীতেৰে সজোৱা ছবিখন পৰিচালনা কৰিছে লক্ষ্মীনন্দন পেগু আৰু প্ৰবীণ বসুমতাৰীয়ে৷ নায়ক-নায়িকাৰ ৰূপত অভিনয় কৰিছে নাবগতা আদি আৰু নিবেদিতাই৷

১৩. উচ্চতম ন্যায়ালয়ে কালি প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত অভিযুক্ত তিনি অপৰাধীক মুক্ত কৰি দিবলৈ তামিলনাডু ৰাজ্য চৰকাৰৰ প্ৰস্তাৱত স্থগিতাদেশ জাৰি কৰিছে৷ মৃত্যুদণ্ডক আজীৱন কাৰাদণ্ডলৈ সলনি কৰাটোৱো স্বতঃস্ফূৰ্তভাৱে শাস্তি লাঘৱ কৰাটো নুবুজায় বুলিও ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে৷

১৪. দলগাঁৱত স্থাপিত হ'ল আই টি আই আৰু মডেল ডিগ্ৰী কলেজৰ আধাৰশিলা৷ এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু যোগানমন্ত্ৰী নজৰুল ইছলামে অংশগ্ৰহণ কৰে৷

১৫. দেশত স্থাপিত হব কুৰিখন নতুন আই.আই.আই.টি ৷ তাৰে এখন ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰৰ্মেচন টেকনলজি স্থাপিত হব অসমত, আৰু এখনৰ বাবে অনুমোদন লাভ কৰিছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাইয়ো৷
 
১৬. আজিৰে পৰা যোৰহাটৰ জিমখানা ক্লাৱৰ খেলপথাৰত আৰম্ভ হব ঐতিহাসিক ঘোঁৰা দৌৰ প্ৰতিযোগিতা৷ ১৩৪ বছৰীয়া প্ৰতিযোগিতাখনৰ পদক তালিকাত নতুনকৈ সংযোজিত হৈছে হেমেন চন্দ্ৰ বৰুৱা কাপ৷

১৭. দেশৰ ২৯তম অংগৰাজ্য ৰূপে গঠন হ'ল তেলেংগানা৷ ৰাজ্যসভাত কালি গৃহীত হোৱা ৰাজ্য গঠনৰ বিধেয়কখন ইতিপূৰ্বে লোকসভাতো গৃহীত হৈছিল৷ সীমান্ধ্ৰ আৰু ৰয়েল সীমা অঞ্চল বিশেষ পেকেজৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি গৃহমন্ত্ৰীয়ে কৰিলে ঘোষণা৷
 
১৮. কংগ্ৰেছক ৰোধ কৰাৰ স্বাৰ্থত অহা ২৮ ফেব্ৰুৱাৰীত ঘোষণা হব পাৰে অগপ-বিজেপিৰ নিৰ্বাচনী মিত্ৰতা৷ ৮সমষ্টি নিজলৈ ৰাখি ৬সমষ্টি অগপলৈ এৰিব পাৰে বিজেপিয়ে৷ অহা ৫মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা৷

No comments:

Post a Comment