পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. এইবৰ্ষৰ পৰা প্ৰতিবছৰে নিয়মিত ভাৱে যৌথ প্ৰতিযোগিতামূলক পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰিব অসম লোকসেৱা আয়োগে। এই কথা ঘোষণা কৰাৰ লগতে পুনৰ ১৮০টা পদৰ বাবে বিজ্ঞাপন অতি সোনকালেই জাৰি কৰা হব বুলিও প্ৰকাশ কৰিছে আয়োগে। সদ্য ঘোষিত ২৪১টা পদৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলত সফলতা পোৱা সকলৰ বাবে মে-জুন মাহতে চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হব।

২. অসম-নাগালেণ্ডৰ সম্প্ৰীতিক মূল বিষয় ৰূপে লৈ গোলাঘাটৰ দৈয়াঙত আয়োজন কৰিছে অসমীয়া সাহিত্য সন্মিলীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে উদযাপনৰ। অহা ১০ ফেব্ৰুৱাৰীত ২৫টা সংগঠনৰ সহযোগত দৈয়াঙ-মেৰাপানীৰ গদাপাণি-ডালিমী মৈত্ৰী ক্ষেত্ৰত এই বিশেষ অনুষ্ঠানৰ আয়োজন চলিছে।

৩. আজিৰে পৰা ধেমাজিৰ মাছখোৱাত আৰম্ভ হৈছে অসম কবি সমাজৰ ৰূপালী জয়ন্তী বৰ্ষৰ অধিবেশন। স্বভাৱ-কবি সৰ্বেশ্বৰ জালভাৰী ফুকন ক্ষেত্ৰত এই অধিবেশনত অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলৰ লগতে বিজ্ঞ সুধীজনে আলোচনাসমূহত অংশ লব। ইয়াৰ মঞ্চতে ১৭খনকৈ কবিতা সংকলন উন্মোচন হব বুলিও জানিব পৰা গৈছে।

৪. বিজয় নগৰত কিৰণ টকীজৰ পুনৰ নিৰ্মাণ কৰি ডিজিটেল চিমেনা গৃহ ৰূপে কৰিলে মুকলি। স্থানীয় উদ্যোগী দিগম্বৰ জৈনে অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ দিলে এই সুখবৰ।

৫. বকোত ২০০ হিতাধিকাৰীক বিনামূলীয়াকৈ গাহৰি-মূৰ্গীৰ পোৱালি বিতৰণ কৰিলে এভাৰেষ্ট এন.জি.অ' নামৰ স্বেচ্ছাসেৱী সংগঠনে।

৬. মাকুমত ৫লাখ ভক্তৰ উপস্থিতিত প্ৰাণ পাই উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৩তম বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিন। অসমীয়া ভাষা সাহিত্যৰ অস্তিত্বৰ সংকট মোচনৰ বাবে উমৈহতীয়া কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে অসম সাহিত্য সভাই।

৭. কলিয়াবৰৰ শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতিৰ উদ্যোগত আৰম্ভ হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ। এই সমাৰোহ উদ্বোধন কৰিলে মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীয়ে। প্ৰকাশ পালে স্মৰণিকাও, "পংকজ বিলাস" নামেৰে।

৮. ৰাষ্ট্ৰীয় সম্পদ অসম গৌৰৱ এশিঙীয়া গঁড় হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ তথা গড়ৰ সুৰক্ষা নিশ্চিতিত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি স্মাৰক-পত্ৰ প্ৰদান কৰিবলৈ যোৱা ১৭জানুৱাৰীত বৰপেটা সত্ৰৰ সমুখৰ পৰা চাইকেল লৈ মণ্টু দাস নামৰ সচেতন যুৱকজন সুকলমে দিল্লীত উপস্থিত হৈছেগৈ।

৯. আজি নাজিৰাত মহিলা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে ২০১৩-১৪ বিত্তীয় বৰ্ষত দহখনকৈ নতুন উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰিব বুলি বাজেট ভাষণত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে।

১০. আজি খানাপাৰাত নৰেন্দ্ৰ মোদীৰ মহাজাগৰণ ৰেলী। কংগ্ৰেছৰ বিকল্প ৰূপে অসমত এই ৰেলীয়ে কিমান ঢৌৰ সৃষ্টি কৰিব পাৰিব তাকে লৈ সচেতন ৰাইজে ৰাখিছে সুক্ষ্ম পৰ্যবেক্ষণ।
খানাপাৰাত নৰেন্দ্ৰ মোডীৰ মহাজাগৰণ সভাৰ
শেহতীয়া ছবি। সৌজন্য- বিক্ৰমজিত কাকতি
১১. ফৰ্চুন আলোচনীৰ বিশ্বৰ শীৰ্ষ ৫০গৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত স্থান লাভ কৰিলে ভাৰতীয় মূলৰ ইন্দ্ৰা নুয়ী আৰু ছন্দা কোচ্চাৰে।

১২. গহপুৰৰ  ৰাজহুৱা ভৱনত স্বেচ্ছাসেৱী সংস্থা পিপ'ল ফৰ এনভাৰনমেণ্ট এণ্ড কমিউনিটী এমপাৱাৰমেণ্ট(পিচ)য়ে আয়োজন কৰিছে ১৪-২১ ফেব্ৰুৱাৰীলৈকে আয়োজন কৰিছে এখন হস্তশিল্প প্ৰদৰ্শনী মেলাৰ।

No comments:

Post a Comment