লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
ৰাইজৰ ৰহঘৰাঃ ৰাহুল বিশেষ
১. ৰাহুলৰ দেহত হেনো লাচিত-চিলাৰায়ৰ তেজ বৈছে | ৰসাল গগৈয়ে কোৱা কথাষাৰত ৰাইজ আচৰিত হৈছে, আচলতে হেনো আচৰিত হব লগা নাই,!চুলতানপুৰৰ সঞ্জয় চিং কোঁচ মানুহ হব পাৰিলে, তাৰ কাষৰ সমষ্টিৰ হিয়াৰ আমঠু ৰাহুলদা লাচিতৰ তেজেৰ গঢ়া হবইতো হব। অলপ অংক নামৰ বস্তুটোৰ ফৰ্মূলাত পেলালেই হয়চোন বুলিও চাৰে ইচাৰা কৰিছে!

২.  "মোদীৰ চৰম সাম্প্ৰদায়িক ভাষণ আৰু ৰাহুল গান্ধীৰ কব লাগে বাবে কৈছো ধৰণৰ ভাষণ শুনি একো সিদ্ধান্ত নতুবা ধাৰণা লব নোৱাৰা হৈছো ! কি কৰো বাৰু", বুলি টুইটাৰত প্ৰশ্ন তুলিলে সচেতন শৰ্মাই। কেজৰীৱালৰ পাৰ্টিৰ মানুহে বাটতে পাই হাতত ঝাড়ুৰ ফটো এখন লগাই দুয়োটাকে চাফা কৰিবলৈ বুলি তেওঁক আহ্বান জনোৱাতহে কনফিউজন দূৰ হ'ল হেনো শৰ্মাদাৰ।


৩. আজি আমীৰ খানৰ পাছত ৰাহুলদাইয়ো গঁড়ৰ সংখ্যা বাঢ়িছেহে বুলি নোকোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে কাজিৰঙা বন্যপ্ৰেমী ফেনক্লাৱে। আজি বনফুল হুছেইনে ৰাহুলদাক কানত ফুকিবলৈ সুযোগ নাপালেই নেকি বুলিও উঠিছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন।

৪. অসমৰ বীৰ নাৰী পুৰুষ সকলক নেতা বোৰে তেওঁলোকৰ উষ্ম ভাষণত ব্যৱহাৰ কৰাটো ভাল কথা হোৱা নাই ৰাইজ, তেওঁলোকৰ বলিদান বোৰ কি ভাষণতে সীমিত নেকি বুলি প্ৰশ্ন তুলিছে এগৰাকী সচেতন যুৱকে। কথা শুনি ৰসাল গগৈয়ে এয়াতো আমাৰ জকাই চুকৰ নেতাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰহে এক সুপৰিকল্পিত টেকনিক বুলি মন্তব্য কৰিছে। ৰাহুলৰ ভাষণহে ৰাষ্ট্ৰীয় টিভিত বাজিব বুলিও তেওঁ ইংগিত দিছে। ৰাহুলদাই ঘৰত তৰোৱাল লৈ চিলাৰায় চিলাৰায় খেলি খুব ভাল পায় আৰু সৰুতে সৰুকন গগৈয়েও লাচিতৰ ভাৱত ৰাহুল সতে এনে ধেমালি ধেমালি খেলিছিল বুলিও স্পষ্ট কৰি দিছে।

৫. ভাৰতৰ স্বাধীনতা সংগ্ৰামত ‘কৰিম নহ’লে মৰিম’ বাণীটোৰ কথা আমি জানো আৰু এই বাণীৰ অনুপ্ৰেৰণাত শ শ জনে জীৱন ত্যাগ কৰিছিল দেশৰ বাবে, কি ইয়াৰ বাবে গান্ধীজী দায়ী নেকি? সুভাষ বসুৰ ‘মোক তেজ দিয়া, মই স্বাধীনতা দিম’ এই উক্তিৰ প্ৰেৰণাৰে বহুজনে প্ৰাণ ত্যাগ কৰিছিল। কালি ঔকিল গগৈৰ কথা মানি এজনে নিজক জুই লগাই দিয়াটোৱে প্ৰমাণ কৰে যে, গগৈ আচলতে গান্ধী, বসুৰ স্তৰৰ নেতাহে...এয়াই সেই আত্মজাহৰ ইতিবাচক দিশ বুলিও গগৈৰ সহযোগীয়ে স্পষ্ট কৰি দিছে।
কুৰীলৰ জনপ্ৰিয় কাৰ্টুন... চ'চিয়েল মেডিয়াত

৬. কিবা এটা অনুষ্ঠানৰ বাবে লাই খুটা পোতাৰ অৰ্থ কি বুলি প্ৰশ্ন কৰিছে এজনে। জ্যেষ্ঠজন বৰদেউতা ভট্টাচাৰ্যই তেওঁৰ চান্দা সংগ্ৰহৰ দীৰ্ঘ আৰু বৰ্ণিল অভিজ্ঞতাৰ পৰা তাৰ বাখ্যা আগবঢ়াই কৈছে যে, লাই খুটা পুতাৰ অনুষ্ঠান হোৱা মানেই চান্দা তোলা জোৰদাৰ কৰাত হেঁচা প্ৰয়োগ কৰা। খুতি পুতিলেই টকা নায়েই বুলি বিত্তীয় উপসমিতিক হেঁচা দিবলৈকে এই ওখ খুটাটো থিয় কৰোৱা হয় বুলি ভট্টদাই জনাইছে।

৭. এনেকুৱা বিত্তবান তথাকথিত অসমীয়াকো লগ পাইছো যিয়ে এটা সুৰাৰ বটলৰ বিনিময়ত বৰ্তমানৰ গুৱাহাটীৰ মাজ-মজিয়াত থকা বিঘা বিঘা মাটি সহজ সৰল জনজাতিলোকৰ পৰা সৰকাই নিজে তাৰ গৰাকী হৈছে, পাছত তাৰেই বাণিজ্য কৰিছে। এতিয়া এনে ব্যক্তি সাহিত্য সভাতো সেৱা আগবঢ়াবলৈ যোৱা বুলি শুনিহে জনজাতীয় সাহিত্য সভা সমূহ ফৰিং চিটিকা দিয়া বুলি আচল খবৰৰ গুজৱ ওলাইছে।

৮. আজিৰ মাটিৰ পট্টা নোহোৱা লোক সকলৰ পট্টাৰ বাবে কৰা বহুবছৰীয়া সংগ্ৰাম, যাৰ ফলশ্ৰুতিত এজনে প্ৰাণাহুতি দিলে। দ্বিতীয়টো হ’ল পাহাৰ, অৰণ্য, নদী আৰু পৰিবেশৰ সংৰক্ষণ। অনস্বীকাৰ্য যে বৰ্তমান চৰকাৰ দুয়োটা দিশতে উদাসীন। বৰঞ্চ পাহাৰ, অৰণ্য, নদী আৰু পৰিবেশৰ প্ৰণালীবদ্ধ ধংসকাৰ্য্য হৈয়েই আছে।  আৰু এয়া গুজৱ বুলি কইনাধৰা পাহাৰৰ পৰা ৰজা গগৈয়ে বিজ্ঞপ্তি জাৰি কৰিছে।

৯. "প্ৰণৱ বড়োৰ মৃত্যুত ৰাহুল গান্ধীতকৈ দুখী কাইলৈ গোটেই ভাৰতত হয়তো কোনো নোলাব" বুলি আজি পুৱা অসমীয়া জ্যোতিষী হিৰো ইয়ঙে ঘোষণা কৰিছিল। পিছে তেওঁ দুখ প্ৰকাশ কৰাৰ দূৰৰ কথা, সকলোকে প্যাৰ-মোহাব্বত কৰিবলৈহে  উতসাহ দিবলৈ ধৰিলে।এতিয়া, কালিৰ ঘটনাতো ৰাহুলদাৰ চকুত পৰে বুলি গোটেই দিনটো টিভি চাবলৈ নিদি, ল'ৰাকণক ভিডিঅ' গেমতে পাৰ্টিৰ মানুহে আৱদ্ধ ৰখা বুলিও হিৰো ইয়ঙে অভিযোগ তুলিছে।

১০. "ৰাহুলৰ ভাষণ শুনিলো (টিভিৰ পৰ্দাত) | ইমান টুলুঙা, সাৰমৰ্মহীন ভাষণ মই জীৱনত দ্বিতীয়বাৰ শুনা নাই | বান, নদীবান্ধ, ভূমি, জনগোষ্ঠী .. এইবোৰৰ ওপৰত এটা ‘টু’ শব্দও তেওঁৰ মুখত শুনিবলৈ পোৱা নগ’ল।" আচৰিত হৈ এজন সচেতন যুৱকে শৰ্মাদালৈ কৰিলে টুইট।  তাৰ উত্তৰত শৰ্মাদাই দিলে| উত্তৰ, "সৰু সুৰা টেনচনবোৰ আমি তেওঁক লবলৈ নিদিও নহয়, সেইচব ফাল্টু কাম আমি ফাল্টু নেতাইহে কৰো, তেওঁক কৈছো, আপুনি ভোট গোটাওক, শাসন আমি কৰিম, ঠিকাদাৰ, কমিচন আমি চাম আপুনি চিন্তা কৰিব নালাগে! আৰু ৰাহুলদাই কৰ্মীৰ কথাইতো শুনে, আচৰিত হব লগা কি আছে!"
(আজি লোকেল গুজৱৰ সমল ৰাইজৰ ৱালৰ পৰা লোৱা হৈছে, অলপ ৰহন সানি প্ৰস্তুত কৰা হৈছে।)

No comments:

Post a Comment