হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. বঙাইগাঁৱত এচিড আক্ৰমণৰ ঘটনাই পালে সংবাদ শিৰোনামা। এনে ঘটনা উত্তৰ প্ৰদেশ, হাৰিয়ানা, আমেৰিকা, হংকং, চিংগাপুৰ আদিতো হয়, গতিকে চিন্তা কৰিব লগা একো নাই বুলি ভাষ্য প্ৰদান কৰিলে গৃহ দপ্তৰত বহি থকা ৰসাল গগৈয়ে।২. বিহুক বিকৃতিৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনালে অসমৰ সচেতন দত্তই। সাংস্কৃতিক বিভাগে সেয়ে কথাটোৰ গুৰুত্ব বুজি নৱ-প্ৰজন্মই গ্ৰহণ কৰিব পৰাকৈ বিহুৰ প্ৰকৃতিকে বলিউদী শিল্পীৰ সহায়ত সলাই পেলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাখী চাৱন্তে অহা বহাগত বলিউদী বিহু নৃত্যৰে পাতিব লগা বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বাবে অচিৰেই সদৌ অসম ভিত্তিত কৰ্মশালা পাতিব বুলিও জানিব পৰা গৈছে।
৩. "শগুনৰ শাও" শীৰ্ষক নাটক এখন লিখি উলিয়াইছে বৰাকৰাজ চন্দনে। তেওঁ নাটকৰ শেষাংশত বিয়োগাত্মক দৃশ্যৰে এজন উজনিৰ ৰজাৰ পতন আৰু গাদীত এজন শকত-আৱত, তপা-পেটুৱা নামনিৰ যুৱক বহাৰ বাৰ্তা তুলি ধৰিছে। এই নাটকখনে খানাপাৰা ৰংগমঞ্চত ব্যাপক খলকনি তুলিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।
৪. সৰুকন গগৈৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী থিয় কৰাব বুলি অগৰুদ্দিন চাহাবে কালি দিল্লীত কৰিলে ঘোষণা। এয়া শপত, প্ৰতিশ্ৰুতি, ভাবুকি, নে দৰদামৰ নিমন্ত্ৰণী পত্ৰ তাকে লৈ কইনাধৰা পাহাৰৰ টিঙত চলিছে ব্যাপক চিন্তা চৰ্চা। আকৌ "হু ইজ অগৰুদ্দিন" বুলি কৈ জোকাই নলবলৈ মেডামে চাৰক শপত খুওৱা বুলিও ওলাইছে গোপন বাতৰি।
৫. মায়ঙত মেজিক ইউনিভাৰ্চিটী পাতিম বুলি জুনিয়ৰ যাদুকৰ সৰকাৰে কৰা ঘোষণাত ক্ষোভ প্ৰকাশ কৰিলে ৰসাল গগৈয়ে। তেখেত পাঙি থোৱা আঁচনিখনৰ কথা এই যাদুকৰে কেনেকৈ ঘোষণা কৰিলে বুলিও তুলিলে প্ৰশ্ন। মায়ঙৰ বেজৰ বেজালিক আন্তঃৰাষ্ট্ৰীয় স্তৰলৈ তেৱেঁই নিছে আৰু ইটালীৰ মেডামৰ ওচৰ পৰ্যন্ত পোৱাইছেগৈ বুলিও তেখেতে সফলতা দাবী কৰিছে। তেখেত ডাঃ বীৰাধৰ বৰ্মনক উপাৰ্চায পাতি সোনকালেই "ইলেকচন মেজিক ইউনিভাৰ্চিটী"ৰ আধাৰশিলা স্থাপন কৰিবই বুলিও ঘোষণা ৰাজহুৱা কৰিছে।
৬. ৰাহুল বাবা.কমৰ ৫০০কোটি টকীয়া বিজ্ঞাপনৰ সৈতে ফেৰ মাৰিব নৰেন্দ্ৰভাই.কমৰ ৪০০কোটি টকীয়া বিজ্ঞাপনে। এই টকা ৱেবচাইট কেইটাই কৰ পৰা পাইছে তাকে লৈ প্ৰশ্ন তুলিলে কেজৰী কোম্পানীয়ে। পিছে ট্ৰেড চিক্ৰেট কিয় ৰাজহুৱা কৰিব বুলিও ৱেব-চাইট কেইটাই ওলোটাই তুলিলে প্ৰশ্ন।
৭. এইকেইদিন বাতৰি-কাকত হকাৰ সন্থাৰ কৰ্ম-বিৰতিৰ ফলত ঘৰে ঘৰে পোৱা নাই বাতৰি। ৰাহুল বাবাৰ সুদীৰ্ঘ ত্ৰিশ ঘণ্টীয়া অসম ভ্ৰমণৰ প্ৰচাৰৰ বাবে দিয়া বিজ্ঞাপন সমূহৰ প্ৰচলন ৰোধি গগৈ-কলিতা যুটীক শলঠেকত পেলাবৰ বাবে এয়া বিসম্বাদীৰ কৌশল বুলিও ওলাইছে গোপন খবৰ। হকাৰ সন্থাই নহলে টিভি চেনেলত ইমান সঘনে কেনেকৈ ওলাইছে বুলিও সচেতন মহলে তুলিছে প্ৰশ্ন।
৮. মোদীৰ চাহৰ পাছত এতিয়া কাগজৰ কাপত দেশৰ চুকে কোণে ৰাহুল গাখীৰ উপলব্ধ হব বুলি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় কাকতত। গাখীৰ বিতৰণ কৰিবলৈ লোৱা কথাটোত ৰাহুল "শিশু", সেয়াহে প্ৰমাণ হৈছে বুলি বিৰোধীয়ে নকবনে বুলি প্ৰশ্ন তুলিছে ৰসেশ্বৰ দাসে। তাতকৈ "গগৈদেউৰ গিলাচ" বুলি বিলাতী খুওৱা অভিযান চলালেই ভোট লাভত বেছি সহায়ক হব বুলিও তেখেতে আইডিয়া ৰাজহুৱা কৰিছে।
৯. ছোনিয়া-মনমোহন-গগৈৰ প্ৰতীকী শৱদেহ লৈ শ্মশান যাত্ৰা কৰিলে কমতাপুৰী দাবী সমিতিয়ে। পিছে এনে সমদল আমেৰিকা, চিংগাপুৰত নোহোৱাৰ বাবেই গগৈ চাৰে কথাটোলৈ গুৰুত্ব নিদিয়া বুলিও উঠিছে অভিযোগ।
১০. অহা বহাগ বিহুত "হাতৰ চিনত ভোট দিয়ক, হাতে হাতে ধন নিয়ক" শ্ল'গানেৰে বিহু খোৱা আঁচনিৰ উদ্বোধন কৰিব ৰসাল গগৈয়ে। "হাতে প্ৰতি দুশ টকা, সেয়া আমাৰ গগৈ ককা!" নামৰ বিহুগীতে জানমণি সকলৰো মন ৰঙাই তোলা বুলি জানিব পৰা গৈছে।
১০. অহা বহাগ বিহুত "হাতৰ চিনত ভোট দিয়ক, হাতে হাতে ধন নিয়ক" শ্ল'গানেৰে বিহু খোৱা আঁচনিৰ উদ্বোধন কৰিব ৰসাল গগৈয়ে। "হাতে প্ৰতি দুশ টকা, সেয়া আমাৰ গগৈ ককা!" নামৰ বিহুগীতে জানমণি সকলৰো মন ৰঙাই তোলা বুলি জানিব পৰা গৈছে।
No comments:
Post a Comment