পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম বিধান সভাত মুখ্যমন্ত্ৰীয়ে দাখিল কৰিলে লেখানুদান। ১লাখতকৈ অধিক নিযুক্তি, পাৰ্বত্য জিলাত অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন, বহাগ বিহুত উপহাৰ ৰূপে নগদ ধন দানৰ আঁচনি, ১লাখ শিপিনীলৈ বিনামূলীয়া সূতা বিতৰণ, হায়দৰাবাদত অসম ভৱন স্থাপন, সাংবাদিকৰ বাবে বঁটা, গ্ৰাম্য হাট-বজাৰ, গাৰো উন্নয়ন পৰিষদৰ গঠন, ৰাজ্যিক মহিলা পৰিষদ, যুৱ পৰিষদ আৰু শিশু উন্নয়ন পৰিষদ গঠনৰ প্ৰস্তাৱেৰে ছমাহৰ বাবে এই লেখানুদানত বিধান সভাৰ মঞ্জুৰী বিচাৰিলে।

২. নাৰীকেন্দ্ৰিক ছবি "অনুৰাধা"ৰ আজি সংগীতৰ শ্ৰব্য সঁফুৰা মুকলি কৰা হৈছে। এই ছবিৰ পৰিচালনা ৰাকেশ শৰ্মাৰ। মেঘৰঞ্জনী মেধি আৰু দিগন্ত হাজৰিকাই মুখ্য ভূমিকাত অভিনয় কৰা ছবিখনৰ প্ৰযোজনা লুইত কুমাৰ বৰ্মনৰ।

৩. তিনিচুকীয়া জিলাত মুঠ ১০০০ কি.মি. গ্ৰাম্য পথ পকীকৰণৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ সেউজ সংকেত লাভ কৰিছে৷ পূৰ্বে থাকি যোৱা ৩৪৩খন গাঁও এইবাৰ এই নেটৱৰ্কত অন্তৰ্ভুক্ত হৈছে৷

৪. লোকসভা নিৰ্বাচনত প্ৰতিজন প্ৰাৰ্থীয়ে কৰিব পৰা খৰছৰ উচ্চসীমা ৪০লাখ টকালৈ বৃদ্ধি কৰিছে নিৰ্বাচন আয়োগে৷

৫. উত্তৰ পশ্চিম যোৰহাটৰ ঢেকৰগঢ়া অঞ্চলৰ ৰাজগুৰুখাটত অৱস্থিত মগলুখাট মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আৰম্ভণী অনুষ্ঠান অহা ২এপ্ৰিলত অনুষ্ঠিত হ'ব৷

৬. অসমৰ প্ৰথমখন উদ্যান শস্য মহাবিদ্যালয়ৰ আধাৰশিলা নলবাৰীৰ লখোপুৰত স্থাপিত হব অহা ১৬ জানুৱাৰীত৷ অসমৰ কৃষি বিভাগ, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত স্থাপিত হব লগা আধাৰশিলা স্থাপন কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে৷

৭. বিগত ২০০৯চনত ৰঙাপাৰাৰ অকাবস্তিত অসম ৰাইফলছৰ সৈতে সংঘৰ্ষত নিহত পাঁচজন লোকৰ পৰিয়াললৈ ৫লাখকৈ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে৷ মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ লৈ অনুসন্ধান চলায় আৰু অসম ৰাইফলচে দাখিল কৰা তথ্যক খাৰিজ কৰি এয়া সঁচা সংঘৰ্ষ নহয় বুলি এই ক্ষতিপূৰণৰ নিৰ্দেশ জাৰি কৰে৷

৮. যতীন বৰা আৰু আঙুৰলতাই ৰোমাণ্টিক নায়ক-নায়িকাৰ ৰূপত অভিনয় কৰা ৰাজীৱ বৰাৰ পৰিচালনাত দ্বিতীয়খন ছবি ৰূপে "হিয়া দিবা কাক" অসমৰ বিভিন্ন চিত্ৰগৃহত মু্ক্তি পাব অহা ২১ফেব্ৰুৱাৰীত৷ পলাশ গগৈ আৰু কলিকতাৰ শিল্পী সঞ্চয়িতাই কৰিছে ছবিখনৰ সংগীত পৰিচালনা৷

৯. অসম ক্ৰীড়া সাংস্কৃতিক মহোৎসৱত শ্ৰেষ্ঠ চিডিৰ বঁটা লাভ কৰিলে অংগৰাগ মহন্ত আৰু মধুস্মিতা ভট্টাচাৰ্যই কণ্ঠদান কৰা "আকাশৰ নীলাখিনি"শীৰ্ষক শ্ৰব্য সঁফুৰাই৷ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ কৰিলে মধুস্মিতা ভট্টাচাৰ্যই৷

১০. বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজৰ পবিত্ৰ "মাইক’চুমফাই" উৎসৱৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটাৰ ঐতিহাসিক দিবং বৌদ্ধ বিহাৰৰ প্ৰাংগণত ৰাজীৱ নিংখিৰ "অসমৰ নৃগোষ্ঠীয় সমাজ" উন্মোচন কৰিলে পূৰ্বাঞ্চল ভিক্ষু সংঘৰ সভাপতি ৱাৰ্নামাৰ মহাথেৰই৷

No comments:

Post a Comment