মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মুকলি চিন্তা

মুকলি চিন্তা

Share This
নিজৰ দেশতে বৰ্ণ-বৈষম্যঃ
উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিকৰ বাবে কৰণীয় কি?
উৎপল শৰ্মা
সাম্প্ৰতিক ভাৱে দিল্লীত অৰুণাচলৰ ছাত্ৰ নিডো টানিয়ামৰ মৃত্যু আৰু মণিপুৰী কিশোৰী ধৰ্ষণৰ ঘটনাই গোটেই দেশকে জোকাৰি গৈছে। উত্তৰ পূৱৰ নাগৰিকসকলক যাতে দেশৰ সকলো ঠাইতে সম-অধিকাৰেৰে কোনো বৈষম্যতাৰ বলি নোহোৱাকৈ জীৱন যাপন কৰিব পাৰে, তাৰ বাবে কিছু লব লগা পদক্ষেপ পাঠক সমাজলৈ তুলি ধৰিব খুজিছো।

* উত্তৰ-পূৱত উগ্রপন্থী দমনৰ নামত অমানৱীয় আইন জাপি দিয়াত পাকৈত দিল্লীয়ে বর্ণবৈষম্য প্রতিৰোধী আইন প্রৱর্তন কৰাত হেলা কৰা অনুচিত । কঠোৰ শাস্তি প্রদানৰ ব্যৱস্থা থকা আইন এখন বলৱৎ কৰি তাৰ সফল প্রয়োগ কৰিলে হে এনে ঘটনাবোৰ নিয়ন্ত্রণলৈ আহিব ।

*বৰ আশ্চর্যকৰ কথা যে সাত ভনীৰ মুখ্যমন্ত্রীসকলে ইটোৰ পিছত সিটো ঘটনা ঘটি থকাৰ পিছতো এবাৰো কথা পাতিবলৈ মিলিত হোৱা নাই । চৰকাৰ কেইখনৰ তৰফৰ পৰা এক সন্মিলিত বার্তা প্রেৰণ কৰাটো দৰকাৰ।

*সজাগতাই হে সুৰক্ষা আনিব পাৰিব । দিল্লীবাসী উত্তৰ-পূর্বাঞ্চলীয় লোকসকলে যদি সম্ভৱ বর্ণ বৈষম্যৰ বিপক্ষে এক গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰিলে ভাল হয় । ই সজাগতা বৃদ্ধিত সহায় কৰিব । সদৌ অসমীয়া ছাত্র সন্থা (AASA), কনেপ (Confederation Of North Eastern People) আদি সংস্থাই আগ-ভাগ ল'লে কামটো অসম্ভৱ নহ'ব নিশ্চয় ।

*গণস্বাক্ষৰ অভিযান সমাপ্ত হোৱাৰ পিছত সেই স্বাক্ষৰসমূহ সামৰি ৰাষ্ট্রপতি তথা প্রধানমন্ত্রীলৈ দাবী চনদ প্রেৰণ কৰিব পাৰিলে বেছি ভাল হয় । তাতেই উত্তৰ-পূৱৰ ভূগোল-বুৰঞ্জী ৰাষ্ট্রীয় পাঠ্যক্রমত অন্তর্ভুক্ত কৰা, উত্তৰ-পূৱবাসীৰ বাবে আসন সংৰক্ষণ আদি দাবীসমূহ উত্থাপিত হ'ব লাগে ।

*সর্বভাৰতীয় পর্যায়ত নহ'লেও দিল্লীত বর্ণবৈষম্য প্রতিৰোধী কোষ গঠন কৰিবলৈ চৰকাৰক দাবী জনাব লাগে । আৰু গোচৰসমূহৰ তৎকালীন সমাধানৰ বাবে সুকীয়া বিচাৰপীঠ- ফাষ্ট ট্রেক ক'র্টৰ ব্যৱস্থা হ'ব লাগে ।

এটা কথা আমি মানিব নিবিচাৰিব পাৰো, কিন্তু এইটো ঐতিহাসিক সত্য যে আন্দোলন নকৰিলে একো নাপাওঁ। এইবাৰো সমগ্র উত্তৰ-পূৱৰ ৰাইজৰ সন্মিলিত সংগ্রামৰ প্রয়োজন আহি পৰিছে । স্বাধীনতাৰ ৬৭ বছৰৰ পিছত "আমিও ভাৰতীয়" বুলি দাবী কৰিব লগীয়া হোৱাটো আমাৰ বাবে দুর্ভাগ্যজনক হোৱাৰ লগতে মূল ভাৰতীয় ভূ-খণ্ডৰ লোকসকলৰ বাবেও লজ্জাজনক হোৱা উচিত ।

হয় আমাক সুকীয়া সাংবিধানিক মর্যাদাৰে সৈতে স্বয়ংসম্পূর্ণ হৈ জীয়াই থাকিবলৈ দিয়ক নহ'লে আমাৰ সুৰক্ষা নিশ্চিত কৰক । ভাৰতৰ স্বাধীনতা সংগ্রামৰ পৰা আন্না হাজাৰেৰ আন্দোলনলৈকে সকলোতে আমি সক্রিয় অৱদান আগবঢ়াই আহিছো, ভাৰতৰ অর্থনীতি-ৰাজনীতি-সংস্কৃতি-ভূগোল-বুৰঞ্জী সকলোতে আমাৰ অৱদান আছে । আমাক পুতৌ নালাগে ন্যায় লাগে । বাৰে বাৰে আমাৰ স্বাভিমানক লৈ হেতালি খেলা শীঘ্রে বন্ধ কৰা উচিত ।

No comments:

Post a Comment