অনুভৱৰ পৃথিৱী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অনুভৱৰ পৃথিৱী

অনুভৱৰ পৃথিৱী

Share This
ডিজিটেল ডায়েৰীত ফাগুনৰ প্ৰথমটো দিন
- অয়ন উত্তম
‘প্ৰেমৰ দিন’— ৰঙা দিন, ৰঙীন দিন … বতৰটোও ৰোমাণ্টিক … ‘ৰিমঝিম বৰষুণ’ৰ টোপালবোৰ গালে-মুখে পৰিছে … ফাগুনৰ প্ৰথম দিন অৰ্থাৎ ১ ফাগুন, ১৯৩৫ শক (ইংৰাজী ১৪ ফেব্ৰুৱাৰী, ২০১৪ চন), শুকুৰবাৰ … নতুন মাহৰ প্ৰথম দিনটোত আৰু এটা বিশেষত্ব, বীৰ চিলাৰায় দিৱস … যি কি নহওক … ফাগুনক ঠেলি-হেচুকি ওলাই গ’লোঁ বাইকখন লৈ।


গুৱাহাটী প্ৰেছ ক্লাব … পৰাগ দেৱ চৌধুৰী ৰ আমন্ত্ৰণ মৰ্মে উপস্থিত হ’লোঁ নষ্টালজিক ক্লাবটোত … ইতিমধ্যে সভাৰ কাৰ্যসূচী আৰম্ভ হৈছে … দিনৰ ১.৩০ বজাত উন্মোচন হ’ল ‘তোমাক ভালপাওঁ বুলিবলে মোৰ লাজ নালাগে’ নামৰ কবিতাৰ অডিঅ’ চিডিটো …. নামটোৱেই কয় ভেলেণ্টাইন ডে’ত উন্মোচন কৰাৰ কাৰণ আৰু প্ৰাংসগিকতা … সংগীত পৰিচালক দেৱজিৎ চৌধুৰী, সংগীত ব্যৱস্থাপনা মৌচম বৰা, আবৃত্তিকাৰ কপিল বৰা, জেৰিফা ৱাহিদ, অৰ্পণা দেৱচৌধুৰী, বিশ্বজিৎ ওজা, বিভূতি ভূষণ হাজৰিকা, ডাঃ বিজুজ জাহান চালেহা বেগম, হেমেন ৰাজবংশী আৰু দেৱজিৎ চৌধুৰী … মুঠ পাঁচজন উদীয়মান কবিৰ কবিতাৰে সমৃদ্ধ অডিঅ’ চিডিটোৰ কবিসকল ক্ৰমে— পৰাগ দেৱ চৌধুৰী, নিৱেদন দাস পাটোৱাৰী, হেমেন ৰাজবংশী আৰু ডাঃ বিজুজ জাহান চালেহা বেগম … মুঠ একুৰি কবিতা সন্নিৱিষ্ট সংকলনতি উন্মোচন কৰে বিশিষ্ট কবি আনিছ্ উজ জামান, নীলিম কুমাৰ আৰু বহুতো গণ্য-মান্য ব্যক্তিয়ে … তিনিটামান কবিতাৰ আবৃত্তি শুনাৰ সৌভাগ্য ঘটিল … মন চুই গ’ল ‘মাতাল নক্ষত্ৰ’ শীৰ্ষক কবিতাৰ আবৃত্তিয়ে … পাঠকে নিশ্চিতভাৱেই আকোঁৱালি ল’ব … পঞ্চম প্ৰডাকশ্যনৰ কবিতা সংকলনটিৰ লক্ষ্যণীয় দিশ— শব্দ-চয়ন, শব্দৰ প্ৰয়োগ আৰু কাণত ভাঁহি থকা ‘থলুৱা শব্দৰে ভৰপূৰ’ গীতৰ দৰে কথাখিনি …

দিনৰ ২.৩০ বজা … স্থান কাছাৰীঘাট …. ‘জীৱন চিলা মহোৎসৱ’…. ‘কাইট ফেষ্টিভেল’ … উন্মোচনৰ সময় ১২.৩০ যদিও পলম হৈছিল … বিগত বৰ্ষসমূহৰ দৰে এইবাৰ আকাশত চিলা উৰি থকা দেখিবলৈ পোৱা নগ’ল … বতৰৰ পৰিৱৰ্তন … আনহাতে, বিগত বৰ্ষসমূহৰ দৰে এইবাৰ যেন কিবা এটা ‘নাই নাই’ ভাব … কি নাই সেয়া তাত উপস্থিত থকাসকলেও অনুভৱ কৰিছে … নিশ্চিতভাৱে বিঘ্নিত বতৰ, তদুপৰি ‘ষ্টল’সমূহত দৰ্শকৰ সেৰেঙা উপস্থিতি … আশাকৰোঁ ১৬ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া ‘চিলা মহোৎসৱ’ৰ অন্যান্য কাৰ্যসূচীয়ে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিব … ইয়াৰ মাজতে ‘একাডেমী অৱ এৰ’ মডেলিঙ’ৰ ষ্টলখনে বিশেষ পদক্ষেপ লৈছে শিশুসকলৰ উদ্দেশ্যে … ইয়াত প্ৰশিক্ষণ দিয়া হয়— মডেল এভিয়েশ্যন, ৰ’ব’টিকছ্, মডেল ৰকেটৰী, কেৰীয়াৰ গাইডেন্স … এয়াৰক্ৰাফট ডিজাইন এণ্ড ফ্লায়িং, ৰবট ডিজাইন এণ্ড প্ৰগেমিং, এভিয়েশ্যন এণ্ড ষ্টীম কেৰিয়াৰছ্, পাব্লিক স্পিকিং, ডিবেট এণ্ড কুইজ, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনৰ ওপৰত বিশেষভাৱে দৃষ্টি দিয়া হৈছে বুলি ‘হক’ উপাধিৰ ষ্টলখনৰ স্বত্ত্বাধিকাৰে জানিবলৈ দিয়ে …. লগতে দুজনমান বিশিষ্ট নৱ-প্ৰজন্মৰ চিত্ৰকৰৰ চিত্ৰই মন মুহি নিয়ে ….

সময় ৪.৩০ বজা … স্থান নেহৰু পাৰ্ক …. ‘অনুৰাধা’ৰ মিউজিক ৰিলিজ … এখন অসমীয়া চলচ্চিত্ৰ … অনুৰাধা— এগৰাকী নাৰী, এখন নৈ, প্ৰেম আৰু সংঘাত …. কাহিনীৰ বিষয়ে বিশেষ নাজানিলেও ইমানখিনি জানিলোঁ, নৱ-প্ৰজন্ম ছবি জগতৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে … ‘অসমীয়া চিনেমা নচলে’ — ইয়াৰ প্ৰতিবাদত এইবাৰ ওলাই আহিছে নতুন চাম … আৰু দেখুৱাই দিছে তেওঁলোকৰ প্ৰতিভা … সম্পূৰ্ণ স্বাধীনতা দিছে প্ৰযোজক লুইত বৰ্মনে…. আচৰিত লাগিল— পৰিচালকৰ পৰা অভিনেতা-অভিনেত্ৰী, সংগীত পৰিচালক, গায়ক, কলা, নৃত্য, সম্পাদনা, কেমেৰা, লাইটবয়— প্ৰতিজনেই নৱ-প্ৰজন্মৰ, প্ৰতিজনৰেই ‘প্ৰথম’ আৰু প্ৰতিজনেই ‘টক্কৰ’ দিব পৰা …. স্বনামধন্য গায়ক জুবিন গাৰ্গ, পাপনে দুটি গীতত কণ্ঠদান কৰাৰ উপৰি আন বহুতো উদীয়মান গায়ক-গায়িকাই কণ্ঠ নিগৰাইছে ‘অনুৰাধা’ত … ‘চেলেঞ্জ’ কৰিবলগীয়া বিষয়— এতিয়ালৈকে চোৱা অসমীয়া ছবিৰ ভিতৰত এই ছবিৰ দৃশ্যগ্ৰহণ, কেমেৰাৰ কাম আনৰ সৈতে তুলনা কৰিব নোৱাৰি …. প্ৰম’ই মুগ্ধ কৰিলে উপস্থিত থকা প্ৰতিজন দৰ্শকক …. লগতে গীতৰ ঝংকাৰ, সুৰে … সাৱলীল আৰু সুগভীৰ অৰ্থৱহ গীতবোৰ শ্ৰোতাই আকোঁৱালি লোৱাৰ লগতে ছবিখনো দৰ্শকে নিশ্চিতভাৱেই আকোঁৱালি ল’ব …. মিউজিক ৰিলিজ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিশিষ্ট গায়ক জে পি দাস, বিশিষ্ট অভিনেতা তথা নাট্যজগতৰ স্বনামধন্য পৰিচালক উপকূল বৰদলৈ আৰু বহুতো গণ্য-মান্য ব্যক্তিয়ে …. সকলোৱে একেমুখে স্বীকাৰ কৰে— নৱ-প্ৰজন্মৰ নতুন প্ৰতিভাই এইবাৰ কিবা এটা কৰি দেখুৱাব আৰু দৰ্শকে তাকেই বিচাৰে… লাগে নতুনত্ব …

সময় ৫.৪৫ বজা…. স্থান নেহৰু পাৰ্ক …. আৰু মুক্তিলৈ অপেক্ষাত থকা ‘চুমা পৰশতে’ৰ মিউজিক ৰিলিজ …. ছবিখনৰ কথা ইতিমধ্যে লিখা হৈছে …. এইবাৰ লিখিবলগীয়া কথাখিনি হৈছে প্ৰম’ … যদি এই প্ৰম’ প্ৰতিজন দৰ্শকৰ হৃদয়ত সোমাই যায়, তেন্তে ছবিখন ‘হিট’ … বিশেষকৈ চাহ জনগোষ্ঠীয় ডমকচ গীতৰ আধাৰত সন্নিৱিষ্ট হোৱা ‘আইটেম গীত’টোৱে দৰ্শকক হললৈ টানি নিবই …. লগতে আছে দৰ্শকে বিচৰা ‘মছলা’ …. ৰাজনৈতিক থ্ৰীলাৰ ছবিখনৰ পৰিচালক জোনমণি দেৱী খাউণ্ডে  ছবিখনক লৈ বহুত আশা কৰিছে …. এয়া তেখেতৰ দ্বিতীয় ছবি …. লক্ষ্যণীয় দিশ— একেই, প্ৰতিটো ক্ষেত্ৰতে নৱ-প্ৰজন্মৰ উপস্থিতি … অভিনয়ত প্ৰতিজনেই নতুন, কিন্তু অপূৰ্ব অভিনয় … প্ৰম’টো উপভোগ কৰি উপস্থিত সকলোৱে হাতচাপৰিয়ে আদৰণি জনায় ‘চুমা পৰশতে’ক …. এয়া নৱ-প্ৰজন্মৰ বাবে শুভ-লক্ষণ …. অহা মে’ মাহত ছবিখন ছবিঘৰলৈ আহিব বুলি জানিবলৈ দিয়ে পৰিচালকে …
প্ৰেমৰ দিনটোত চাৰিটাকৈ ভাল কাম হৈছে— ইয়াতকৈ আৰু কি লাগে? কিয় নালাগে আমাক প্ৰেমৰ দিন? লাগে— যদিহে ইয়াত থাকে প্ৰাণ, যদিহে ইয়াত থাকে ‘চেলেঞ্জ’, যদিহে ইয়াত থাকে ‘কল্যাণ’ … 

ৰঙীন দিনটোত ৰঙীন মন এটা লৈ ঘৰলৈ ঘূৰি আহোঁতে ভাবিছিলোঁ, প্ৰেমৰ দিন উদ্‌যাপন কৰাসকলে বাৰু এই মুহূৰ্তবোৰ উপভোগ কৰিলেনে?

No comments:

Post a Comment