সম্পাদকীয় - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়

সম্পাদকীয়

Share This
অনৈতিক ভাৱে বিধায়ক কিনা-বেচাৰ অভিযোগঃ
ৰাজ্যসভাৰ নিৰ্বাচন নিকা কৰাৰ
নাই নেকি উপায়?
অহা ৭ ফেব্ৰুৱাৰীত অসমৰ বিধান সভাই ৰাজ্যসভালৈ তিনিজনকৈ সদস্য অহা ছয় বছৰৰ বাবে নিৰ্বাচিত কৰি পঠিয়াব লাগিব। এয়া বিধায়ক সকলৰ দ্বায়িত্ব। তেওঁলোকে প্ৰতিনিধিত্ব কৰাৰ সমষ্টিৰ আশা আকাংক্ষাবোৰক উচ্চ সদনৰ মজিয়ালৈ পঠিয়াবলৈ এয়া এক সংসদীয় ব্যৱস্থা। তাৰেই ফলশ্ৰুতিত এই দুই সদনৰ ব্যৱস্থাৰে ভাৰতীয় গণতন্ত্ৰক সৱল কৰিবলৈ চেষ্টা কৰা হৈছে।

কিন্তু এইখিনিতে প্ৰশ্ন হয়, সঁচাই ৰাজ্য সভাৰ নিৰ্বাচনত বিধায়কে কাক ভোট দান কৰিব সেই কথাত সমষ্টিৰ মানুহৰ কিবা ৰায় থাকেনে বা ৰায় লোৱাৰ অনুভৱ কৰেনে? নে দলীয় হুইপ মানি ভোটদান কৰাৰ বাহিৰে তেওঁলোকৰ কোনো উপায় নাথাকে। দলীয় হুইপ মানি ভোটদান কৰা মানেই দলীয় নেতৃত্বই যাকেই প্ৰাৰ্থীৰূপে জাপি দিয়ে, তেওঁকেই নিৰ্বিবাদে ভোট দি জয়যুক্ত কৰাকে বুজায়নে? নে বিধায়কৰ মতামতেৰেহে গণতান্ত্ৰিক ভাৱে প্ৰাৰ্থী স্থিৰ কৰা হয় বা সেয়া কৰা উচিত।

আৰু এটি প্ৰশ্নৰ উদয় হয়, যি সকল বিধায়কৰ ভোট লাভ কৰি একোজন ৰাজ্যসভাৰ সাংসদ বিজয়ী হৈ যায়। তাৰ পাছত তেওঁলোক  কাৰ্যকালৰ সময়চোৱাত ভোটদান কৰা বিধায়ক সকলৰ প্ৰতি কিমান দ্বায়বদ্ধ হৈ থাকে। নে অসমৰ সাংসদ সকলৰ ওপৰত অভিযোগ উঠাৰ দৰেই, ৰাইজৰ পৰা বহুযোজন দূৰৈত নিৰৱে ৰাইজৰ ধনেৰে একোটা ছয়-বছৰীয়া অৱসৰ বিনোদন কৰাই এই সকল সদস্যৰ কাম হৈ পৰে?

দলীয় কেন্দ্ৰীয় নেতৃত্বৰ পচন্দেই যত শেষ পচন্দ হয়, ৰাজ্যৰ বিধায়ক-নেতাই যত বিৰোধিতা বা মতামত আগবঢ়োৱাটোও নিজৰ কেৰিয়াৰৰ বাবে ভয়ানক হব যেন অনুভৱ কৰে। এই বিষয়ে সংবাদ মাধ্যমত মন্তব্য কৰিবলৈকো পিছ হুহোকে। তেনেক্ষেত্ৰত দলৰ মনোমত প্ৰাৰ্থীকে ভোটদান কৰি চকুমুদি জিকাই পঠোৱাৰ এক পৰম্পৰা আৰম্ভ হৈছে। আৰু যি দেখা গৈছে, ই দলৰ বিধায়কসকলক একোজন তৃণমূলত গণভিত্তি নোহোৱা নেতা-পালিনেতা-বা-পুঁজিপতি বা ব্যৱসায়ীক সংসদৰ সদস্যৰ লাভ, প্ৰিভিলেজ তথা অধিকাৰ গতাই দিয়াৰ আনুষ্ঠানিকতা কৰিবলৈ ব্যৱহাৰ বাহিৰে যেন একো নহয়, তেনেই অনুভৱ হয়।

ৰাজ্যসভাত যাৰ পৰা ভোট লাভ কৰি নিৰ্বাচিত হৈ গৈছে, সেই সকল বিধায়কৰ সমষ্টিত "স্থানীয় সমষ্টি উন্নয়ন পুঁজি"ৰ ধন খৰছ কৰাৰো কোনো বাধ্য বাধকতা থকা বুলি জনা নাযায়। গতিকে ৰাজ্য সভাৰ সাংসদ সকলে তোষামোদকাৰী সকলে দিয়া প্ৰস্তাৱৰ প্ৰকল্পতে নিজৰ পুঁজি মোকোলাই দি আধাৰশিলাত নিজৰ নাম জিলিকাই থোৱালৈকেহে মন দিয়া বুলিও অভিযোগ উঠে। এনে পুঁজিৰ পৰা কমিচন কাটি ৰখাৰ অভিযোগবোৰ বাৰু বাদেই দিলো।

কিন্তু সঁচাই সমাজৰ অতি প্ৰয়োজনীয় কামবোৰত এই পুঁজিবোৰ ব্যৱহাৰ হৈছেনে? নে গুৱাহাটীত নজৰলৈ অহা সৰু সৰু পাৰ্ক, যত মানুহো নোসোমায়, জন্তুও প্ৰৱেশ কৰিব নোৱাৰে, তেনে উদাহৰণৰ প্ৰকল্পতে এনে ধনবোৰ খৰছ হৈছে! সেয়াও চিন্তনীয়।
সাংসদজনৰ বাবে কোনো নিৰ্দিষ্ট ক্ষেত্ৰ নথকা বাবে কোনো বিশেষ ঠাইৰ সংগঠনে নিজে তেওঁক প্ৰশ্ন কৰাৰ দ্বায়িত্ব কান্ধ পাতি লবলৈকো অসুবিধা অনুভৱ কৰে বা সাংসদজনেও দায়বদ্ধতা নেদেখুৱায়।

এনেবোৰ কাৰণতে এই পৰোক্ষ ভোটৰ দ্বাৰা এচাম সাংসদ সৃষ্টিৰ ধাৰণাটোত বহুতেই প্ৰশ্নচিহ্ন লগোৱাৰো পোষকতা কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতে এনে ৰাজ্য সভাৰ সাংসদৰ টিকট বিক্ৰী কৰি পুঁজিপতিৰ পৰা দলীয় ফাণ্ড আহৰণ কৰাৰ অভিযোগ প্ৰকাশ পাইছে। সম্প্ৰতি একোটা এনে টিকটৰ দৰ দহ কোটিৰ পৰা এশ কোটি পৰ্যন্ত হোৱাৰ বাতৰিয়েও সংবাদ মাধ্যমত শিৰোনামা দখল কৰিছে। তাতে আকৌ তথ্য বিশ্লেষণ কৰি ৰাজ্যসভাত কোটিপতি লোকসভাতকৈ সংখ্যাধিক হোৱাৰ কথাও পোহৰলৈ আনিছে। 

এনেবোৰ অনেক প্ৰশ্নৰ পাছত, এতিয়া অসমত সম্প্ৰতি দেখা দিয়া ৰাজনৈতিক হিচাব নিকাচ আৰু নেতা-মন্ত্ৰীৰ ভাষ্যই সকলোকে সন্দিহান কৰি তুলিছে। মুখ্যমন্ত্ৰীয়ে তিনিওজন আমাৰ প্ৰাৰ্থী বুলি কৈ বিপিএফ দলৰ বিশ্বজিত দৈমাৰীকো জিকাই নিয়াৰ দ্বায়িত্ব লোৱাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাই তেওঁৰ দলৰ প্ৰাৰ্থী দুজনেই বুলি কৈ, মিত্ৰ দলৰ প্ৰাৰ্থীৰ কথাটোত গা-এৰা দিয়া অনুভৱ হৈছে। তাৰ বিপৰীতে দলৰ পৰা তিনিওকে জিকোৱাৰ দ্বায়িত্ব তেওঁ পাইছে বুলি এগৰাকী মন্ত্ৰীয়ে দাবী কৰিছে। তাৰ বিপৰীতে এগৰকী মন্ত্ৰীয়ে আমি "শেষ নিশাৰ খেল" খেলিম বুলিও কোৱাৰ কথা সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

তাৰ অৰ্থ, এ আই ডি ইউ এফ দলৰ এজন হজলৈ যোৱা বিধায়ক ৬ফেব্ৰুৱাৰীত ঘূৰি আহিলে, আৰু সকলো বিৰোধীয়ে ভোট দিলে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন জয়ী হবই লাগে। কিন্তু সেই শেষ নিশাৰ খেল কি সেই গৰাকী মন্ত্ৰীয়েহে জানে।

সেয়ে অসমীয়া ভাষাত এনে অনৈতিক ভোট বেচা-কিনাৰ বাবে উপযুক্ত শব্দ নোহোৱা বাবে "হৰ্ছ-ট্ৰেডিং" নামৰ বিদেশী শব্দৰে এই প্ৰক্ৰিয়াটোক বাখ্যা কৰিব লগা হৈছে। ইতিমধ্যে এনে অনৈতিক পন্থাৰে ধনৰ বিনিময়ত ৰাজ্য সভাৰ নিৰ্বাচনত নিজৰ ভোট বিক্ৰী কৰা বুলি ব্যক্তি-বিশেষ বিধায়কৰ বিৰুদ্ধে অভিযোগ ৰাজহুৱা হৈছে আৰু সমষ্টিৰ স্থানীয় ৰাইজে তাৰ প্ৰতিবাদ কৰি বিধায়কজনৰ বিৰুদ্ধে হেঁচা প্ৰয়োগৰ চেষ্টা কৰা বুলি দৃষ্টিগোচৰ হৈছে। আগতেও অসমৰ ইতিহাসত এনে অনৈতিক কিনা-বেচাৰ নিম্নতম লজ্জাশূণ্য প্ৰক্ৰিয়াক সাৰোগত কৰি উচ্চ সদনলৈ প্ৰতিনিধি হৈ নেতা সকল গৈছে আৰু সেই বাটে চেষ্টা চলিয়েই থকাটো স্বাভাবিক বুলি বোধগম্য হৈছে।

পিছে সঁচাই ৰোধ কৰিব নোৱাৰিনে, এনে বিধায়ক কিনা-বেচাৰ খেল। সঁচাই সমষ্টিৰ মানুহৰ ওচৰত দ্বায়বদ্ধ কৰিব নোৱাৰিনে এই সকল বিধায়কক, ৰাজ্য সভাৰ ভোটৰ ক্ষেত্ৰত। ক্ৰছ ভোটিঙ ৰোধৰ বাবে লব নোৱাৰিনে কোনো পন্থা!

যোৱা মাহত দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰে বহুমত প্ৰমাণ কৰিব লগীয়া হোৱা অৱস্থাতো একেই ক্ৰছ ভোটিঙ হব নেকি, ৰাতি কংগ্ৰেছী বিধায়কৰ ঘৰলৈ কোনো বিশেষ মানুহ যোৱাৰ চিচি টিভিৰ ফুটেজ আদিয়ে সকলোৰে দৃষ্টি কাঢ়িছিল। শেষ মুহুৰ্তলৈ সকলো চাঞ্চল্যই টিভি চেনেলৰ পৰ্দাত ভিৰ কৰি আছিল। পিছে শেষত বিধান সভাৰ অস্থায়ী অধ্যক্ষই থিয় হৈ ভোটদান কৰিবলৈ কোৱাৰ ফলত, এই মতদান প্ৰক্ৰিয়া নিকা ৰূপতেই সম্পন্ন হ'ল। কোনোবা বিধায়কে যদিও ক্ৰছ ভোটিঙ কৰিম বুলি মনে মনে সিদ্ধান্ত লৈছিল, তথাপি দূৰদৰ্শনৰ পৰ্দাত সমষ্টিৰ মানুহক "নিজে প্ৰতাৰক" বুলি ধৰা দিবলৈ কুণ্ঠাবোধ কৰিলে। আৰু এক নিকা প্ৰক্ৰিয়াৰে সেয়া সম্পন্ন  হ'ল আৰু তাৰ ফলতে আম আদমী পাৰ্টিয়ে সদনত বহুমত সিদ্ধ কৰিবলৈ সক্ষম হ'ল।

একেই পদ্ধতিৰে ৰাজ্য সভাৰ নিৰ্বাচনকো নিশ্চয় নিকা কৰিব পৰা যায়। কংগ্ৰেছে প্ৰথমে দুজন প্ৰাৰ্থীক জয়ী কৰিবলৈ ৩২টাকৈ ৬৪টা ভোট খৰছ কৰাৰ পাছত, বাকী থকা বিৰোধী সকলে নিজৰ  প্ৰাৰ্থীৰ বাবে থিয় দিলে হাইদৰ হুছেইন দেৱক সমৰ্থন নকৰা সদস্য বাকী থাকিব মাত্ৰ ৩০জনহে। আৰু মুকলি পদ্ধতিৰে সমষ্টিৰ ৰাইজৰ ওচৰত দ্বায়বদ্ধ কৰি বিধায়কজনক গোপন ভোটৰ অনৈতিক অংকত লিপ্ত হোৱাৰ পৰা বিৰত ৰাখিব পৰা যায়।

 বিজ্ঞজনে জনোৱা মতে, দলীয় হুইপ জাৰি কৰিও, দলীয় সহমত যোগে কোনে কাক ভোট দিছে সেয়া দলীয় এজেণ্টক দেখুওৱাৰ ব্যৱস্থা কৰাৰো ইতিহাস আছে। এনেকৈয়ে এবাৰ মন্ত্ৰী অকন বৰাৰ ভোটটো খেলিমেলি হোৱাৰ তথ্য বাতৰি কাকতত প্ৰকাশ পাইছিল।

যি কি নহওক, আমি এক দ্বায়বব্ধ নিকা আৰু স্বচ্ছ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পোষকতা কৰিছো। আৰু সংখ্যাত সৰু এই বিধান সভাত ই সহজেই কৰিব পৰা কাম। ইয়াৰ দ্বাৰাই "য'তেই গোপন ততেই পাপ" ধাৰণাটোৰ পৰা সন্দেহ নিৰসন কৰাৰ বাটো মুকলি হব। এক নিকা নিৰ্বাচনেহে ৰাজনৈতিক ক্ষেত্ৰখনক নিকা কৰাৰ প্ৰথম পদক্ষেপ হব পাৰে, আৰু সেইবাবেই আজিৰ পৰিস্থিতিত ই পৰিগণিত হৈছে এক আৱশ্যকীয় পদক্ষেপ ৰূপে।

No comments:

Post a Comment