ৰাজনীতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনীতি

ৰাজনীতি

Share This
আম আদমীৰ প্ৰথম প্ৰাৰ্থী তালিকাত
সেই বিশজনঃ কোন, ক'ত, কিয় বিখ্যাত
 আম আদমী পাৰ্টিয়ে দিল্লীৰ চৰকাৰৰ শাসন ত্যাগ কৰি দেশৰ অনাগত লোকসভা নিৰ্বাচনত জঁপিয়াই পৰা লক্ষ্য ইতিমধ্যে সদৰী কৰিছে। তেওঁলোকে দেশৰ দুৰ্নীতিগ্ৰস্ত, সাম্প্ৰদায়িক তথা বংশবাদৰ প্ৰতীক স্বৰূপ কেতবোৰ শীৰ্ষ নেতাক এই নিৰ্বাচনত সংসদলৈ নিৰ্বাচিত হোৱাৰ পৰা ৰোধিব বুলিও প্ৰকাশ কৰিছে। সেই উদ্দেশ্যে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকালৈ সেয়ে দেশবাসীয়ে অতি আগ্ৰহেৰে বাট চাই আছিল, আৰু এই প্ৰাৰ্থী সকলে সঁচায়েই মানুহৰ সমুখত বিকল্প হিচাবে এই নেতা সকললৈ প্ৰত্যাহ্বান ৰূপে থিয় দিব পাৰিবনে বুলিও প্ৰশ্নৰ উদয় হৈছিল। সেয়ে ইয়াত আম আদমী পাৰ্টিয়ে ঘোষণা কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাত স্থান পোৱা লোকসকল কোন, ক'ত, কিয় বিখ্যাত জানিবলৈ এক চেষ্টা কৰাৰ লগতে পাঠকৰ সমুখলৈ তুলি ধৰাৰ চেষ্টা কৰিছো। ইয়াৰ বাবে সমল ইণ্ডিয়ান এক্সপ্ৰেছ আৰু আন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা সংগ্ৰহ কৰা হৈছে।

১. আশুতোষঃ তেখেতক চান্দনী চ'ক, দিল্লী সমষ্টিত কপিল চিৱালৰ বিপৰীতে প্ৰাৰ্থী ৰূপে ঘোষণা কৰা হৈছে। আশুতোষক আম আদমী পাৰ্টিয়ে ঘোষণা কৰা দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতাৰ তালিকাৰ শীৰ্ষতে থকা কপিল চিৱালৰ বিপক্ষে প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা প্ৰাৰ্থী বুলি গণ্য কৰিছে। আই.বি.এন ৭ টিভি চেনেলৰ মেনেজিঙ এডিটৰৰ পদ এৰি তেখেতে কিছুদিন আগতে আম আদমী পাৰ্টিত যোগদান কৰিছিল। পোনপটীয়া স্বভাৱৰ বাবে বিখ্যাত এই সাংবাদিকজনে কাশীৰাম আৰু বিজেপিৰ দলৰ জোঁট-বন্ধনৰ গোপন মাজৰাতিৰ বুজাপৰা ফাদিল কৰি সাংবাদিক জীৱনৰ আৰম্ভণিতে চাঞ্চল্যকৰ সৃষ্টি কৰিছিল। এই বাতৰিত অসন্তুষ্ট হৈ বহুজন সমাজ পাৰ্টিৰ নেতা কাশীৰামে তেওঁক গালত প্ৰহাৰ কৰাৰ দৰে ঘটনাৰো এসময়ত সন্মুখীন হব লগা হৈছিল। আশুতোষে দিল্লীত পঢ় থকা কালতে জাতি-বৰ্ণবাদৰ প্ৰতিবাদকল্পে নিজৰ উপাধি ত্যাগ কৰে। ইংৰাজী সংবাদ মাধ্যমে আন্না আন্দোলনক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰা সময়ত প্ৰতিবাদী কণ্ঠৰে আশুতোষ নিজৰ চেনেলতে উজলি উঠিছিল আৰু তেওঁৰ মনৰ ক্ষোভবোৰ "Anna: 13 days that awakened India" শীৰ্ষক গ্ৰন্থৰে প্ৰকাশ কৰি উলিয়াইছিল। তেখেতৰ কৰ্ম আৰু জীৱনৰ বিষয়ে সবিশেষ জানিবলৈ নিউজ-লন্ড্ৰী.কমৰ সাক্ষাতকাৰটোৰ বাবে এই সূত্ৰতে ( http://www.youtube.com/watch?v=ENqj7QU-mCg ) ক্লিক কৰিব পাৰে।

বৰ্তমান তেখেত আম আদমী পাৰ্টিৰ এগৰাকী মুখ্য মুখপাত্ৰৰূপে ৰাজনৈতিক ক্ষেত্ৰত নামি পৰিছে।

২. মুকুল ত্ৰিপাঠীঃ বৰ্তমানৰ বৈদিশক মন্ত্ৰী চলমান খুৰশ্বীদৰ সমুখত থিয় দিব লগা এইগৰাকী কৰ্মীও পূৰ্বতে সংবাদ সেৱাৰ লগত জড়িত আছিল। তেখেতে খুৰশ্বীদক ইতিমধ্যেই জাকিৰ হুছেইন মেম'ৰিয়েল ট্ৰাষ্টে বিকলাংগক সামগ্ৰী বিতৰণত কৰা দুৰ্নীতিৰ অভিযোগেৰে দেশৰ ৰাজনীতিক জোকাৰি যোৱা এক প্ৰত্যাহ্বান দি থৈছে। সেই সময়তে কেজৰীৱালে খুৰশ্বীদক এগৰাকী বিকলাংগয়েই হৰুৱাই দেখুৱাব বুলি ঘোষণা কৰিছিল আৰু ত্ৰিপাঠীও এগৰাকী শাৰিৰীক ভাৱে এগৰাকী প্ৰতিবন্ধী ব্যক্তিয়েই। তেখেতে এনে প্ৰতিবন্ধী সকলৰ বিভিন্ন সমস্যাক তুলি ধৰাৰ অভিযানৰ বাবেই ২০০৯চনত শ্ৰেষ্ঠ বিকলাংগ কৰ্মী বঁটাৰে সন্মানিত হৈছিল।

৩. মেধা পাটকাৰঃ মুম্বাইৰ উত্তৰ-পূৱ সমষ্টিৰ পৰা ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ এচ দিনা পাটিলৰ বিপক্ষে থিয় হব এইগৰাকী আজীৱন কৰ্মী তথা সামাজিক আন্দোলনৰ সৰ্বভাৰতীয় খ্যাতি সম্পন্না নেত্ৰীয়ে। নৰ্মদা বচাও আন্দোলনৰ প্ৰতিষ্ঠাতা, বহু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত পাটকাৰে নগৰীয়া আৰু গাঁৱৰ (আদিবাসী তথা জনজাতি অধ্যুষিত অঞ্চলৰ) ভোটৰো ভেটি পাৰ্টিলৈ কঢ়িয়াই আনিব পৰা আশা কৰা গৈছে। তেখেতে বহু বছৰ ধৰি মুম্বাইৰ শ্লাম অঞ্চলতো সামাজিক অভিযানক নেতৃত্ব দি আহিছে। তেখেতসকলৰ যৌথ সংগঠন নেচনেল এলায়েঞ্চ ফৰ পিপলছ মুভমেণ্টৰ যথেষ্ট গণভিত্তি থকাৰ কথাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তুলি ধৰিছে।

৪. আলোক আগৰৱালঃ মধ্যপ্ৰদেশৰ আদিবাসী প্ৰধান ঠাই খাণ্ডুৱাৰ পৰা তেওঁ কংগ্ৰেছৰ অৰুণ যাদৱক প্ৰত্যাহ্বান জনাব। তেখেতে মধ্য প্ৰদেশত নৰ্মদা বচাও আন্দোলনক গুৰি ধৰা এজন প্ৰবীণ সমাজকৰ্মী। ৪৬ বছৰীয়া আগৰৱালা আই.আই.টি কানপুৰৰ পৰা স্নাতক আৰু এক বিশাল গণভিত্তি থকা তথা স্বেচ্ছাসেৱী সংগঠনৰ মাজত জনপ্ৰিয় ব্যক্তিৰূপেই প্ৰাৰ্থীত্ব লভিছে বুলি জানিব পৰা গৈছে।

৫. সুভাষ ৱাড়েঃ তেখেতে পুনেৰ পৰা কমনৱেলথ গেমচৰ কেলেংকাৰীৰ মুখ্য অভিযুক্ত হোৱা ৰাজনীতিবিদ সুৰেশ কালমাদীৰ বিপক্ষে থিয় দিব। ৱাড়ে পুনেৰ এগৰাকী দুৰ্নীতিবিৰোধী আন্দোলনৰ জননেতা ৰূপে পৰিচিত। তেখেত পূৰ্বতে ছাত্ৰ ভাৰতী আন্দোলনৰ মহাৰাষ্ট্ৰৰ ৰাজ্যিক সভাপতিও আছিল। তেখেতৰ নিকা ভাৱমূৰ্তিয়ে কালমাদীৰ কলিয়া ডাঁৱৰৰ পৰা পুনেক মুক্তি দিব বুলিও পাৰ্টিটোৱে আশা প্ৰকাশ কৰিছে।

৬. সৌমেন্দ্ৰ ঢাকাঃ তেওঁ বাঘপটত মন্ত্ৰী অজিত সিঙৰ বিৰুদ্ধে থিয় দিব। বাঘপট বাৰ এচোচিয়েচনৰ পূৰ্বৰ সভাপতি আছিল । তেখেতে কৃষকৰ বহু সমস্যাক লৈ আইনী যুঁজত নমাৰ লগতে সৰ্বসাধাৰণক সহায়-দিশ দিয়াৰ বাবে সুখ্যাত আৰু এচাম ভোটাৰৰ মাজত খুবেই জনপ্ৰিয় ঢাকা একালত অজিত সিঙৰে অনুগামী আছিল যদিও এতিয়া এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী থকা সত্বেও স্থানীয় ৰাইজে উন্নয়নৰ মুখ নেদেখাৰ ইচ্যুকে লৈ তেওঁ প্ৰত্যাহ্বান থিয় কৰোৱাৰ প্ৰৱল সম্ভাৱনা থকা বুলি স্থানীয় লোকে ব্যক্ত কৰিছে।

৭. লিংগৰাজঃ তেখেতে বাৰগড় লোকসভা সমষ্টিত কংগ্ৰেছৰ সঞ্জয় ভৈৰ বিৰু্দ্ধে থিয় দিব। অঞ্চলটোৰ কৃষক আৰু জনজাতীয় ৰাইজৰ মাজত শক্তিশালী নেতাজনে পূৰ্বতেও ২০০৪ আৰু ০৯ চনত বিধানসভাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় দিছিল আৰু এখন চাইকেল চলাই ঘূৰি ঘূৰি নিজৰ প্ৰচাৰ চলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সমাজবাদী জন পৰিষদৰ প্ৰতিষ্ঠাতা কিষেন পাটনায়কৰ আদৰ্শৰ দ্বাৰা তেখেত খুৱেই প্ৰভাৱিত হৈছিল। জে.এন.ইউত এম ফিল কৰি থাকোতেই তেখেতৰ সংস্পৰ্শলৈ অহাৰ পাছত লিংগৰাজে আনকি ১৯৮০চনত নিজৰ সকলো শিক্ষাগত প্ৰমাণপত্ৰ ফালি পেলাইছিল। উল্লেখ কৰিব পাৰি যে, যোগেন্দ্ৰ যাদৱে এই জন পৰিষদৰ লগত জড়িত আছিল।

৮. খালিদ পাৰভেজঃ মোৰাদাবাদাৰ পৰা আজহাৰউদ্দিনক প্ৰত্যাহ্বান জনাবলৈ থিয় হব। এখেত অপৰাধৰ বাবে কুখ্যাতি পোৱা মোৰাদাবাদত শিক্ষা বিস্তাৰৰ বাবে বহু বছৰ ধৰি তৃণমূলত কাম কৰি আহিছে। গণভিত্তিৰে শক্তিশালী এইগৰাকী তৃণমূলীয়া সমাজকৰ্মীয়ে এক সৱল স্থিতি প্ৰদৰ্শন কৰিব বুলিও স্থানীয় ৰাইজে মতামত প্ৰকাশ কৰিছে।

৯. য়োগেশ দাহিয়াঃ বহুজন সমাজ পাৰ্টিৰ বৰ্তমানৰ সাংসদ জগদীশ ৰাণাৰ বিপৰীতে এখেতে থিয় দিব। কুঁহিয়াৰ খেতিয়ক সকলৰ সমস্যাক লৈ বহু বছৰ অবিৰত ভাৱে সংগ্ৰাম কৰি অহা দাহিয়াৰ বাবে এই সমষ্টিৰ বেছিভাগ লোক এই খেতিৰ লগত জড়িত হোৱাৰ কাৰণেই সৱল গণভিত্তি থকা বুলি পৰিগণিত হৈছে। তেওঁ এইসকল খেতিয়কৰ বাবে দীৰ্ঘদিনীয়া আইনী যুঁজতো লিপ্ত হৈ আছে। তেওঁ দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আৰু এজন নেতা সঞ্জয় সিঙৰ সতে অন্তৰংগভাৱে কাম কৰি অহাৰ অভিজ্ঞতা থকা বুলি জানিব পৰা গৈছে।

১০. জাৰ্নাইল সিঙঃ পশ্চিম দিল্লীৰ পৰা শক্তিশালী মহাবল মিশ্ৰৰ বিৰুদ্ধে থিয় দিব এখেতে। ২০০৯চনত তদানীন্তত গৃহমন্ত্ৰী পি চিদাম্বৰমলৈ জোতা নিক্ষেপ কৰি একালৰ সাংবাদিকজন সংবাদ শিৰোনামালৈ আহিছিল। পশ্চিম দিল্লীত শিখ লোকৰ সংখ্যা অধিক হোৱাৰ লগতে ১৯৮৪চনত ৰায়ত আক্ৰান্ত পৰিয়ালৰ শৰনাৰ্থীৰ সংখ্যা এই অঞ্চলত বহুত বেছি। ১৯৮৪চনৰ এই সাম্প্ৰদায়িক আক্ৰমণৰ বলি হোৱা লোক সকলৰ অধিকাৰ তথা ক্ষতিপূৰণৰ দাবীৰে এই পূৰ্বৰ সাংবাদিকজনে নিৰন্তৰে নিজৰ সংগ্ৰাম চলাই আহিছিল। সমাজসেৱাৰ এনে নিদৰ্শনৰ বাবেও তেখেত সমষ্টিৰ ৰাইজৰ মাজত জনপ্ৰিয়।


১১. এইচ.এচ. ফুলকাঃ বৰ্তমানৰ কংগ্ৰেছৰ মন্ত্ৰী মনীশ তিৱাৰীক লুধিয়ানাত প্ৰত্যাহ্বান দিবলৈ থিয় দিব এইগৰাকী শিখ অধিবক্তাই। তেখেতে ১৯৮৪চনৰ ৰায়ত আক্ৰান্ত লোকৰ হৈ ন্যায়ালয়ত এজন অধিবক্তা ৰূপে আইনী যুঁজ চলাই আহিছে। তেখেত বাহাদুৰ ৰাজপৰিয়ালৰ এজন সদস্য, যি বাৰ্নালাত জন্মগ্ৰহণ কৰি লুধিয়ানাৰ পৰাই স্নাতক শিক্ষা লাভ কৰে। লগতে তেওঁ লুধিয়ানাত বিনামূলীয়াকৈ ইঞ্জিনীয়াৰিঙ আৰু মেডিকেলৰ বাচনি পৰীক্ষাৰ বাবে স্থানীয় বিদ্যাৰ্থীসকলক ক'চিঙ দিয়াৰো ব্যৱস্থা কৰা কেইবাটাও প্ৰতিষ্ঠান চলাই সমাজসেৱা কৰি আহিছে।

১২. বাবা হৰদেৱ সিঙঃ এখেতে মেইনপুৰীৰ পৰা জ্যেষ্ঠ নেতা মূলায়াম সিঙক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে থিয় দিব। দুৰ্নীতিক প্ৰশয় নিদিয়া এজন  নিকা বিষয়া ৰূপে নিজৰ পৰিচয় গঢ়ি অৱসৰ লাভ কৰা তেখেত এগৰাকী আই.এ.এচ বিষয়া। তেওঁ অৱসৰৰ পাছতে উত্তৰ প্ৰদেশৰ ৰাষ্ট্ৰীয় লোকদলৰ দ্বায়িত্ব লৈছিল যদিও নিকা বা ইতিবাচক পৰিবৰ্তনৰ হকে কাম কৰাৰ সুযোগ নোপোৱাৰ বাবেই সেই দল ত্যাগ কৰি আম আদমী পাৰ্টিত যোগ দিয়ে।

১৩. ডঃ জিয়ালালঃ লালগঞ্জত সমাজবাদী পাৰ্টিৰ বালি ৰাম বিৰুদ্ধে থিয় হব। তেখেত নেচনেল ইনষ্টিটিউট অৱ অচেন'গ্ৰাফীৰ জ্যেষ্ঠ মুখ্য বিজ্ঞানী ৰূপে লালগঞ্জত অতিশয় পৰিচিত লোক। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিটোত, পাৰ্টিয়ে বিজ্ঞানীজনে শিক্ষাৰ বিস্তাৰেৰে সমাজক উন্নতিৰ দিশ দিয়াৰ সপোনত ভোটদাতা জনগণক আলোড়িত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰেও তেখেতৰ পেশাগত কৃৰ্তিত্বৰ বাবে পুৰস্কৃত কৰিছিল, আৰু তেখেতে বহুচৰ্চিত দক্ষিণ মেৰু অভিযানটো নিজৰ ভূমিকাৰ বাবে প্ৰশংসিত হৈছিল বুলিও প্ৰকাশ কৰিছে।


১৪. মীৰা সান্যালঃ কংগ্ৰেছৰ মন্ত্ৰী মিলিণ্ড দেওৰাৰ বিপক্ষে থিয় দিব লগা প্ৰাৰ্থী গৰাকী কৰ্পৰেট পৃথিৱীৰ পৰা আম আদমী পাৰ্টিত যোগদান কৰা জিলিকি থকা লোকসকলৰ ভিতৰত অন্যতম। তেখেতে ৰয়েল বেংক অৱ স্কটলেণ্ডৰ অধ্যক্ষা তথা মুখ্য কাৰ্যবাহী বিষয়া পদ ত্যাগ কৰি এই দলত যোগদান কৰিছে। তেখেতে পূৰ্বতেও এই সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে এবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। এক নিকা, আদৰ্শবাদী ভাৱমূৰ্তিৰ বাবে খ্যাতি থকা সান্যালে মুম্বাইত শিশু আৰু পিছপৰা সমাজৰ উন্নীতকৰণৰ বাবে সামাজিক কামত আত্ম-নিয়োগ কৰাৰ বিভিন্ন কৰ্মৰাজিও পোহৰলৈ আহিছে।

১৫. হাবুঙ পায়েঙঃ উত্তৰ পূৱৰ ৰাজ্যত ঘোষিত হোৱা একমাত্ৰ প্ৰাৰ্থী ৰূপে তেখেতে কংগ্ৰেছৰ টাকাম সঞ্জয়ক অৰুণাচল পশ্চিম সমষ্টিত প্ৰত্যাহ্বান দিব। ৫৬বছৰীয়া পায়েঙৰ নিকা ভাৱমূৰ্তিৰ বাবে গোটেই প্ৰদেশখনতে সুনাম থকা বুলি জনা যায়। ছাত্ৰ কালৰে পৰা সক্ৰিয়তা দেখুওৱাই তেখেতে পেশাত ৰাজ্যৰ এজন শীৰ্ষ আমোলাৰ স্থানতো উপনীত হয়গৈ।  জে.এন. ইউত উচ্চ শিক্ষা লোৱা পায়েঙে দিল্লীত সপ্তাহন্তত ৰেডিঅ'ত ঘোষক ৰূপেও কাম কৰাৰ লগতে কলেজত অধ্যাপনা, জনজাতীয় লোকৰ বিভিন্ন সমস্যাক লৈ গৱেষণা কৰা, ৰাজ্যত গ্ৰাহক সজাগতাৰ আন্দোলন গঢ়া আদি কৰ্মৰ উপৰিও অৰুণাচল কংগ্ৰেছৰ একালৰ মুখপত্ৰৰূপেও  নিজৰ প্ৰতিভাৰ চানেকি দাঙি ধৰিছিল। তেখেতে ৰাজ্যখনৰ চাৰিজন তথ্য আয়ুক্তৰ এজন ৰূপে কৰ্মৰত হৈ থকাৰ পৰা পদত্যাগ কৰি আম আদমী পাৰ্টিত যোগ দিয়ে আৰু উত্তৰ পূৱৰ এজন নেতাৰ ৰূপত সাংগঠনিক কামত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিছে।

১৬. বিজয় পান্ধেৰেঃ এনচিপি দলৰ সমীৰ ভুজবলৰ বিপক্ষে থিয় দিব মহাৰাষ্ট্ৰৰ নাচিকত। এগৰাকী অভিযন্তা তথা পূৰ্বৰ আমোলা  আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ জলসিঞ্চনৰ কাৰিকৰী উপদেষ্টা পৰিষদৰ সদস্য ৰূপে তেৱেঁই বহু হাজাৰ কোটিৰ জলসিঞ্চন কেলেংকাৰীত ৰাজহুৱা ধনৰ অপ-প্ৰয়োগক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। তাৰ ফলতে জলসিঞ্চন মন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰী পদৰ পৰা অজিত পাৱাৰে পদত্যাগ কৰিবলৈকো বাধ্য হৈছিল। হুইচেল ব্লৱাৰ বা প্ৰতিবাদী কণ্ঠৰূপে খ্যাতি লভা এই গৰাকী প্ৰাৰ্থী নিশ্চয়েই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ লোৱা দলটোৰ বাবে এজন উপযুক্ত প্ৰাৰ্থী বুলি বিবেচিত হৈছিল।

১৭. ময়ংক গান্ধীঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা গুৰুদাস কামাতৰ বিপক্ষে থিয় দিব । ময়ংকে ইণ্ডিয়া এগেইনষ্ট কৰাপচন আৰু তাৰ পাছত আম আদমী পাৰ্টিত মুম্বাইত প্ৰতিষ্ঠা লগ্নৰে পৰা নেতৃত্ব দি আহিছে। তেওঁ বৰ্তমান মহাৰাষ্ট্ৰত এক শক্তিশালী দুৰ্নীতিবিৰোধী কণ্ঠৰূপে স্বীকৃতি লাভ কৰিছে। তেওঁ পাৰ্টিৰ নগৰ-ৰাজ বিল খচৰা প্ৰস্তুত কমিটিৰো সদস্য আছিল আৰু লগতে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰো এগৰাকী সদস্য।

১৮. অঞ্জলি দামানিয়াঃ বিজেপিৰ জ্যেষ্ঠ শীৰ্ষনেতা নীতিন গাদকাৰিৰ সৈতে সমুখ সমৰত নামিব। তেৱেঁই নীতিন গাদকাৰিৰ দুৰ্নীতিক পোহৰলৈ অনাৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিছিল আৰু ৭০হাজাৰ কোটিৰ জলসিঞ্চন কেলেংকাৰীত এনচিপিৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ তুলিছিল। লগতে গাদকাৰীৰ পুৰ্তি গ্ৰুপৰ মাটি, চেনী ফেক্টৰীলৈ পানী যোগান আদি বিষয়তো প্ৰশ্ন তুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম যোগে জন-সচেতনতাৰ সৃষ্টি কৰিছিল, ফলত গাদকাৰিয়ে দলৰ সভাপতিৰ পদো হেৰুৱাব লগা হৈছিল। মহাৰাষ্ট্ৰত আম আদমী পাৰ্টিৰ সমন্বয়কৰ দ্বায়িত্ব লোৱা অঞ্জলি বৰ্তমান ৰাজ্যখনৰ বিভিন্ন প্ৰান্ততো এক পৰিচিত, জনপ্ৰিয় নেত্ৰীৰ ৰূপত পৰিচয় পাবলৈ সক্ষম হৈছে।

১৯. ডঃ কুমাৰ বিশ্বাসঃ আন্নাৰ আন্দোলন, অনশনত মাইক হাতত লৈ শ্বেৰো-শ্বায়েৰীৰে মানুহক জগাই ৰখা এইগৰাকী প্ৰাৰ্থীয়ে ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাবলৈ তথা তৃণমূলত সাংগঠনিক ভেটি মজবুত কৰিবলৈ বিগত দুমাহে আমেথিতে বাহৰ পাতি লৈছে। হিন্দীত স্নাতকোত্তৰ তথা সাহিত্যৰ ডক্টৰেট কুমাৰ বিশ্বাস হিন্দী কবি জগতৰ আটাইতকৈ দামী কবি বুলি জনাজাত। লগতে তেওঁ হাস্য-ৰস, দেশ-ভক্তি ৰসৰ কবিতাৰ বাবে  দেশে বিদেশে খ্যাতি লাভ কৰিছে। এইগৰাকী কবিৰ হাস্য-ৰসেৰে সনা-পোটোকা কৰা ৰাজনৈতিক আক্ৰমণে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম যোগেও ৰাইজক মনোৰঞ্জন যোগোৱাৰ লগতে জনপ্ৰিয়তা বৃদ্ধি কৰিছে। শিক্ষকৰ পুত্ৰ, একালৰ কলেজ শিক্ষকজনে "যেতিয়াই ফকীৰৰ সৈতে কোনো ৰজাই মুখামুখি হৈছে, তাত সদায়েই ফকীৰৰেই জয় হোৱাৰ নজিৰ আছে" বুলি কৈ ৰাহুল গান্ধীক মুকলি প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছে।

২০. য়োগেন্দ্ৰ য়াদৱঃ গুৰগাঁৱৰ পৰা সাংসদ তথা সদ্যপি কংগ্ৰেছৰ পৰা বিজেপিলৈ দল-বাগৰা ৰাও ইন্দ্ৰজিত সিঙৰ সমুখত থিয় দিব। পাৰ্টিৰ মুখ্য মুখপাত্ৰ ৰূপে দেশত এক নিজস্ব পৰিচয় লাভ কৰা য়াদৱ চেণ্টাৰ ফৰ দা ষ্টাডি অৱ ডেভেলেপিঙ চচা'ইটিৰ চিনিয়ৰ ফেল' আৰু একালত কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰো সদস্য আছিল।  অধ্যাপক য়াদৱৰ ধৈৰ্য, জ্ঞান আৰু যুক্তিক তুলি ধৰাৰ নিজস্ব শৈলীয়েও তেখেতৰ যোগ্যতাক তুলি ধৰিছে। হাৰিয়ানাৰ ৰেৱাৰীত মূলঘৰ থকা য়াদৱে বৰ্তমান ৰাজ্যখনত সাংগঠনিক কাম-কাজৰ দ্বায়িত্ব গ্ৰহণ কৰিছে। গুৰগাঁৱৰ নগৰীয় ভোটাৰৰ মাজত তেখেতৰ জনপ্ৰিয়তাৰ বাবেই তেওঁ বিজয়ী হৈ লোকসভাত এক ভূমিকা পালন কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।

এইসকল লোকক সমুখ সমৰলৈ তুলি ধৰি আম আদমী পাৰ্টিয়ে লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাইছে। পিছে তৃণমূল সংগঠন বা কেদাৰ অবিহনে তেওঁলোকে কিমান সফল হব সেয়া সময়েই কব। মুঠ তিনিশৰো অধিক চীটত প্ৰাৰ্থী দিব বুলি কৰা ঘোষণা কৰা দলটোৰ প্ৰাৰ্থী সকলৰ উদাহৰণ বা নমুনা হিচাবে দাঙি ধৰাৰ এই আলোচনাই নিশ্চয় পাঠকক সকলক কিছু আলোকিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছো। 

1 comment: