পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বিত্তমন্ত্ৰী চিদাম্বৰমে কালি দাখিল কৰিলে দেশৰ অন্তৰ্ৱতীকালীন বাজেট। উত্তৰ-পূৰ্বাঞ্চল, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডলৈ নিৰ্ধাৰিত পুঁজিৰ উপৰিও আগবঢ়ালে ১২০০কোটি টকাৰ বিশেষ পেকেজ। দাম কমিব গাড়ী, মটৰ চাইকেলৰ, ফ্ৰীজ আদিৰ। চাউল আৰু ব্লাড বেংকৰ সেৱাকৰ প্ৰত্যাহাৰ। ড'নাৰ মন্ত্ৰালয়লৈ ২০২ কোটিৰ পুঁজি বৃদ্ধি।
 ২. অৰুণাচলৰ ছিয়াং নৈত সাজিবলৈ লোৱা মুঠ ৪৪টা বান্ধৰ ১৫টা নদীবান্ধ বাতিল কৰিবলৈ পৰামৰ্শ দিলে কেন্দ্ৰীয় জল আয়োগে। পৰিবেশতন্ত্ৰ, জৈৱ-বৈচিত্ৰতাত আঘাত হনাৰ উপৰিও অসমৰ বিস্তৃৰ্ণ অঞ্চলত পৰিব পৰা বিৰুপ প্ৰভাৱৰ কথা পৰ্যালোচনা কৰাৰ লগতে ১৮হাজাৰ হেক্টৰৰ অধিক অৰুণ্যভূমিতো প্ৰভাৱ পৰাৰ শংকা প্ৰকাশ কৰি তাৰ ঠাইত  ক্ষুদ্ৰ নদীবান্ধ বনোৱাৰ বাবে দিলে পৰামৰ্শ। এই পৰামৰ্শৰ অসমৰ জনতাৰ দাবীক সঠিক প্ৰমাণিত কৰিলে বুলি মতামত দিলে আছুৰ উপদেষ্টা সমুজ্বল ভট্টাচাৰ্যই।

৩. নলবাৰীৰ পাগ্লাপেইৰা গুষ্ঠীৰ মাঘৰ মালিতা অনুষ্ঠানে এই বছৰৰ ১৮সংখ্যক দিন উদযাপন কৰিলে হেলচাৰ দীপক চৌধুৰী সোঁৱৰণী মাজপথাৰৰ জিৰণি চ'ৰাত।  কবিসকলৰ কবিতাপাঠৰ সৈতে সুৰ তুলি অনু্ষ্ঠানক মনোৰোম ৰূপ দিলে শিল্পী দীপক শৰ্মাই। অতিৰিক্ত আমন্ত্ৰণৰ বাবে ফাগুনৰো স্পৰ্শ লাভ কৰে মাঘৰ মালিতা অহা ২৩ ফেব্ৰুৱাৰীত প্ৰবীণ সাহিত্যিক শশী শৰ্মাৰ চোতালত সামৰণি পৰিব।
সততাৰে ব্যৱসায় কৰি দেশক আগুৱাই নিবলৈ দেশৰ
 পুঁজিপতিক আহ্বান জনালে অৰবিন্দ কেজৰীৱালে,
কালি অনুষ্ঠিত চি.আই.আইৰ এই সভাত

৪. জোৱানৰ বৰ্ধিত আত্মহত্যাৰ ঘটনা  ৰোধিবলৈ পৰিয়ালৰ নিকটবৰ্তী স্থানত নিযুক্তিৰ নীতি গ্ৰহণ কৰিব চি আৰ পি এফে। ঘৰৰ পৰা নিকট দূৰত্বত কৰ্মক্ষেত্ৰ বাচনিৰ সুযোগো প্ৰদানৰ বাবে চাৰিটা মণ্ডলত নিযুক্তি সমূহ ভগাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। যোৱা তিনি বছৰত ১৩০জন জোৱানৰ আত্মহত্যাৰ ঘটনাৰ পাছতে এই ইতিবাচক পদক্ষেপ লবলৈ উৰ্ধতন মহল বাধ্য হোৱা বুলি জানিব পৰা গৈছে।

৫. চাৰিটা দশকৰ দাবী অৱশেষত পূৰণ কৰিলে প্ৰাক্-নিৰ্বাচনী বাজেটত। অৱশেষত এক ৰেংক, এক পেঞ্চন নীতিৰে সমহাৰত পেঞ্চন লাভৰ পৰা উপকৃত হব সামৰিক সেৱাৰে দেশলৈ বৰঙণি যোগোৱা কেইবালাখো লোকৰ পৰিয়াল।

৬. পৰাগ কুমাৰ দাস তথ্য আৰু গৱেষণা কেন্দ্ৰই অহা ২৪ ফেব্ৰুৱাৰীত আয়োজন কৰিছে স্মাৰক বক্তৃতাৰ। দিনৰ ১১ বজাত "সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে গণ সংগ্ৰাম" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব মণিপুৰৰ "হিউমেন ৰাইটছ এলাৰ্ট" নামৰ সংগঠনৰ সঞ্চালক বাবলু লুইটুং গামে। অনুষ্ঠানটি সঞ্চালনা কৰিব শিক্ষাবিদ উদয়ন মিশ্ৰই,  উদ্বোধন কৰিব ডঃ অপূৰ্ব কুমাৰ বৰুৱাই।

৭. শীঘ্ৰে প্ৰকাশ পাব লগীয়া মাহেকীয়া অসমীয়া আলোচনী "দিশ"ৰ উদ্যোগত আয়োজিত হৈছে অসম ভিত্তিক এক প্ৰৱন্ধ প্ৰতিযোগিতাৰ। "অসমীয়া ভাষাৰ সংকট আৰু সংকট দূৰীকৰণৰ পথ" বিষয়ক প্ৰৱন্ধ অহা ১৫মাৰ্চৰ ভিতৰত জমা দিব পাৰিব। যোগাযোগৰ নম্বৰ ৯৮৬৪১-৪৯০৬৯ অথবা ৯৮৬৪০-৫১৫৪০ ।

৮. অহা ২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ত আয়োজিত হৈছে এখনি বিজ্ঞান মেলা।  বিজ্ঞানী চি ভি ৰমনে নোৱেল বঁটা লাভ কৰা দিনটোক "বিজ্ঞানৰ দিন" ৰূপে ২৮ ফেব্ৰুৱাৰীত দেশৰ লগতে এই বিজ্ঞান মেলাতো পালন কৰা হব। গৱেষক সকলৰ বিজ্ঞান বিষয়ক চলচ্চিত্ৰ প্ৰদৰ্শন, বিজ্ঞান কুইজ আৰু বক্তৃতা প্ৰতিযোগিতাও এই উপলক্ষত আয়োজন কৰা হৈছে। সবিশেষ জানিবৰ বাবে www.ccsu.ac.in বা www.iasst.gov.in চাব পাৰিব।

৯. সদৌ অসম সূত্ৰধাৰ সন্মিলনীৰ ৮৩সংখ্যক ৰাজ্যিক পৰ্যায়ৰ বাৰ্ষিক অধিবেশন অহা ১৪-১৬ মাৰ্ছত বঙাইগাঁৱৰ ঢালিগাঁৱত অনুষ্ঠিত হব। এই উদ্দেশ্যে গঠিত হৈছে অভ্যৰ্থনা সমিতিৰ।

১০. কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দানত আৰম্ভ হৈছে জন তথ্য প্ৰচাৰ অভিযানৰ কাৰ্যসূচী। ৪০টা বিপনীৰে বিভিন্ন চৰকাৰী বিভাগ, আঁচনি, কামৰ খিতিয়ান আদি দাঙি ধৰাৰ ব্যৱস্থা কৰা হৈছে।  কল্যানকামী আঁচনি সমূহৰ বিষয়ে সজাগতাৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰাৰ সুখবৰ।

১১. গুাৱাহাটী টাউন ক্লাৱ দবা ফাউণ্ডেচনৰ উদ্যোগত জিটিচি গ্ৰাঁ প্ৰিৰ ১১সংখ্যক সংস্কৰণত ৩৮গৰাকী দবা খেলুৱৈয়ে অংশ লয়। নীতীশ দাস শ্ৰেষ্ঠ খেলুৱৈ ৰূপে  পৰিগণিত হয়।

১২. গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ কাৰ্যসূচীৰ অংশৰূপে প্ৰথমবাৰৰ বাবে বজালী কলেজত আয়োজিত হৈছে অহা ২০-২২ মাৰ্চলৈ আন্তঃ মহাবিদ্যালয় কাবাদী প্ৰতিযোগিতা। যোগদানৰ বাবে সবিশেষ www.bajalicollege.org বা দূৰভাষ ৯৭০৭০২৯৫৭২ ৰ পৰা পাব পাৰিব।

১৩. গুৱাহাটীৰ ছাত্ৰ আফ্ৰিদ ইছলামে নিজে সাজি উলিয়ালে কম্পিউটাৰৰ অপাৰেটিঙ চিষ্টেম। লগতে ফ্লাছ মেম'ৰী ব্যৱহাৰ কৰি কম্পিউটাৰ চলোৱাৰ কৌশলে পালে সংবাদ শিৰোনামা।

১৪. উত্তৰ-পূৱ ভাৰতৰ ইলেৰাখ্যাত গোৱালপাৰা ঐতিহাসিক শ্ৰীসূৰ্য পাহাৰ মহাপীঠত ১৩ ফেব্ৰুৱাৰী পৰা সাতদিনীয়াকৈ চলিছে মাঘী পূৰ্ণীমা উপলক্ষত বিষ্ণুযজ্ঞ মেলা মহোসৱ।  মুঠ ৯৯হাজাৰ ৯শ ৯৯টা শিলত কটা ভাস্কৰ্য থকা এই পীঠস্থানত এই উপলক্ষে অগণন ভক্তৰ আগমন ঘটিছে। কাইলৈ এই মেলা মহোসৱৰ সামৰণি পৰিব।

১৫. গুৱাহাটীৰ ছানভেলী ডায়েবেটিক কেয়াৰ এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ সৌজন্যত ছানভেলী মেডিকেল ট্ৰাষ্টৰ অধীনত ১০জন মধুমেহ ৰোগীক সম্পূৰ্ণ বিনামূলীয়া চিকিসা সাহাৰ্য আঁচনি এখন উদ্বোধন কৰিলে সাহিত্যিক হোমেন বৰগাহাঞিয়ে।

৭. টেহেলকাৰ সাংবাদিকৰৰ যৌন নিৰ্যাতনৰ গোচৰত তৰুণ তেজপালৰ বিপক্ষে ২৮৪৬ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিলে গোৱা আৰক্ষীয়ে।

No comments:

Post a Comment