পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম পেট্ৰ'-কেমিকেল লিমিটেডে ১০২৮কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াব উত্তৰ-পূৱৰ ভিতৰতে সৰ্ববৃহ মিথানল আৰু এচিটিক এচিডৰ প্ৰকল্প। বৰ্তমানৰ কাৰখানাৰ সংলগ্ন ভূমিত দৈনিক ৫০০টন মিথানল আৰু ২০০টন এচিটিক এডিড উপাদন কৰিবৰ বাবে পৰিচালন সঞ্চালক ৰাতুল বৰদলৈৰ নেতৃত্বত চলোৱা প্ৰচেষ্টাই লাভ কৰিলে অসম চৰকাৰৰ কেবিনেটৰ অনুমোদন। ইয়াৰ বাবে অসম চৰকাৰে ১৪০কোটি, অইলে ২২৮কোটি আৰু অসম গেছ কোম্পানী লিমিটেডে ২৫কোটি টকাৰ বিনিয়োগ কৰিব। বাকী মূলধনৰ ৬৩৫কোটি টকা ষ্টেটবেংকৰ বেনাৰত দেশৰ দহটা ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰা লাভ কৰিব বুলি তথ্য প্ৰকাশ কৰিছে।
 ২. "ডাউন টাউন এৱাৰ্ড অৱ এক্সিলেঞ্চী  ইন মেডিচিন বঁটা" কালি গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেণ্টাৰত প্ৰদান কৰা হয়। এই বঁটা দিল্লীৰ মৌলানা আজাদ মেডিকেল কলেজৰ গেষ্ট্ৰ'ল এণ্ট'ল'জী বিভাগৰ সঞ্চালক ডাঃ প্ৰেমাশিস কৰ ডাউন টাউন হস্পাতালে প্ৰদান কৰিলে। লগতে উত্তৰ-পূৱৰ আন ২৫গৰাকী বিশিষ্ট চিকিসককো সম্বৰ্ধনা জনায়। মুম্বাইৰ প্ৰখ্যাত মনোৰোগ বিশেষজ্ঞ ডাঃ হৰিশ চেট্টীয়ে "'বয়স-সন্ধিৰ সময়চোৱাৰ কিশোৰমন আৰু পিতৃ-মাতৃৰ সমস্যাক লৈ যাদুকৰী ২০টা টিপচ" শীৰ্ষক এক বিশ্লেষণাত্মক বক্তব্যও প্ৰদান কৰে।


৩. কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ "নেওথনি" শীৰ্ষক একক কাৰ্টুন প্ৰদৰ্শনী ১৭-২২ ফেব্ৰুৱাৰীলৈকে  গুৱাহাটীৰ ৰাজ্যিক কলা-বীথিকাত অনুষ্ঠিত হব। ৫০খন নিৰ্বাচিত কাৰ্টুন প্ৰদৰ্শিত হব লগা এই প্ৰদৰ্শনী উদ্বোধন কৰিব কলা-বিথীকাৰ তিনিজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে।
৪. "ৰমেশ চন্দ্ৰ চহৰীয়া-এক সশ্ৰদ্ধ ৰোমন্থন" শীৰ্ষক তথ্যচিত্ৰ উন্মোচন কৰিলে সাংসদ ভুৱনেশ্বৰ কলিতাই। প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ চহৰীয়াদেৱৰ জীৱন আৰু কৰ্মক তুলি ধৰা এই তথ্যচিত্ৰখনিৰ প্ৰযোজনা কৰিছে ৰমেশ চন্দ্ৰ চহৰীয়া স্মৃতি সমিতি আৰু শৈক্ষিক ন্যাসে।

৫. ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে সদৌ তিৱা ছাত্ৰ সন্থাই। অহা ৮-১০ মাৰ্চত মৰিগাঁও নগৰৰ অধিকাৰ ক্ষেত্ৰত ৰূপালী জয়ন্তীবৰ্ষৰ অনুষ্ঠানৰ লগতে অনুষ্ঠিত কৰিব অষ্টম সাধাৰণ অধিবেশনো।

৬. বিহালীত বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই আয়োজন কৰিলে বিভিন্ন প্ৰতিযোগিতাৰ। যোৱা ৭ফেব্ৰুৱাৰীত এই উদ্দেশ্যে অনুষ্ঠিত কৰিলে বিজ্ঞান মডেল, পষ্টাৰ অংকন তথা বিজ্ঞানভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ।

৭. শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হ'ল "দৈনন্দিন জীৱনত ব্যৱহাৰ জ্ঞান সম্পৰ্কে পৰামৰ্শ" শীৰ্ষক আলোচনাচক্ৰ। ফঁকৰা-যোজনাৰ বিলুপ্তিয়ে সমাজ বিশৃংখল কৰি তুলিছে বুলি মত প্ৰকাশ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক মনস্তত্ব বিভাগৰ অধ্যাপক ডঃ কৃষ্ণ মহন্তই। এই অনুষ্ঠানতে মহাবিদ্যালয়খনৰ বাৰ্ষিক আলোচনী "জ্ঞানম"ৰ লগতে "ই-কমাৰ্চ, গোলকীকৃত ব্যৱসায়ৰ এক উদিত বিষয়"ৰ এখন ইংৰাজী গ্ৰন্থও উন্মোচিত হয়।

৮. জামুগুৰিহাটৰ কুসুমটোলাত ত্যাগবীৰ হেম বৰুৱা  কলেজৰ প্ৰেক্ষাগৃহত দহদিনীয়াকৈ জিলা ভিত্তিক বিহু কৰ্মশালা সফলতাৰে অনুষ্ঠিত হয়। এই আয়োজন কৰিছিল স্থানীয় সামাজিক-সাংস্কৃতিক অনুষ্ঠান "অস্তিত্ব"ই।

৯. কালি গুৱাহাটীত উন্মোচিত হ'ল বিজেপিৰ নেতা তথা লেখক প্ৰদ্যুত বৰাৰ নতুন গ্ৰন্থ "নতুন অসম গঢ়িম"। 
এই উন্মোচনী অনুষ্ঠানত অভিনেত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা স্মৃতি ইৰাণীয়েও অংশগ্ৰহণ কৰে।

১০. নগাঁৱৰ সুৰৰ পানচৈ শিল্পী সমাজৰ উদ্যোগত নগাঁও প্ৰেছ ক্লাৱত এক গ্ৰন্থ উন্মোচনী সভাত অংশ ললে শিল্পী তথা ছবি পৰিচালক পুলক গগৈয়ে। তেখেতে ডঃ অমল ৰাজখোৱাৰ নিৰ্বাচিত প্ৰৱন্ধ সংকলন "জালুকবাৰীৰ সুৱাস" উন্মোচন কৰে।

No comments:

Post a Comment