পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সম্প্ৰীতিৰ বাণীৰে গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ দশম জনকৃষ্টি সমাৰোহখনি আয়োজন কৰিলে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত অসম-মেঘালয় সীমান্তৰ এখনি ৰাভা গাঁৱত। যোৱা ১৫ ফেব্ৰুৱাৰীত হোৱা এই অনুষ্ঠান  চিলুক-বাখৰাপাৰা গাঁৱৰ পৰা পোনপটীয়াকৈ দূৰদৰ্শনযোগে প্ৰচাৰিত হ'ল।  পাঁচটা ভাষাত "অ' মোৰ আপোনাৰ দেশ" পৰিবেশনৰ লগতে, বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সম্পদক এই সমাৰোহৰ যোগেদি জন-জীৱনৰ মাজৰ পৰাই তুলি ধৰাৰ বাবে দূৰদৰ্শন কেন্দ্ৰই গ্ৰহণ কৰিলে এই প্ৰচেষ্টা।
জীৱন চিলা উসৱৰ সফল সামৰণি


২. ডিব্ৰুগড়ত অসমৰ উদ্যোগ মন্ত্ৰীয়ে কৰিলে ঘোষণা, কাৰিকৰী বিজুতিৰ লগতে আন আন বাধা আঁতৰাই এইবছৰৰ এপ্ৰিল-মে মাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব লেপেটকটাত নিৰ্মিয়মান গেছ ক্ৰেকাৰ প্ৰকল্পটো। উল্লেখযোগ্য যে এই প্ৰকল্প গেচ অথৰিটী অৱ ইণ্ডিয়াৰ নেতৃত্বত অসম চৰকাৰৰো অংশীদাৰিত্ব গ্ৰহণেৰে ইয়াৰ কাম পূৰ্ণগতিত চলি আছে।

৩. গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত কালি জননেতা শৰ চন্দ্ৰ সিংহৰ জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সৰকাৰে। সিংহদেৱেই অসমত পঞ্চায়ত আৰু সমবায় ব্যৱস্থা প্ৰৱৰ্তন কৰা কথা শ্ৰদ্ধাৰে সুঁৱৰি, মহান নেতা গৰাকীলৈ জ্ঞাপন কৰিলে আন্তৰিক শ্ৰদ্ধাঞ্জলি ।

৪. ভবানীপুৰ চ'কত নিৰ্মাণ হ'ব শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তি। এই উদেশ্যে এক ৰাজহুৱা সভাই চলিত বৰ্ষৰ পৰাই ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰাৰ খবৰ পোৱা গৈছে।

৫. অহা ১৫মাৰ্চত বৰপেটাত ৰাইজিং ক্লাৱে আয়োজন কৰিছে পুৰুষ-মহিলাৰ বাটে বাটে হোলীগীত প্ৰতিযোগিতা। চতুৰ্দশ বাৰ্ষিক হোলীগীত প্ৰতিযোগিতাৰ বাবে ১০হাজাৰ টকাৰ প্ৰাইজমানীও ঘোষণা কৰিছে। লগতে "দোলনী" নামেৰে এখনি স্মৰণিকা প্ৰকাশ কৰাৰ বাবেও প্ৰস্তুতি চলোৱাৰ সুখবৰ।

৬. নগাঁও কলেজত অনুষ্ঠিত হ'ল "নাক, মূল্যায়নৰ নতুন পদ্ধতি" শীৰ্ষক এদিনীয়া কৰ্মশালা। ইয়াত অংশগ্ৰহণ কৰিলে নগাঁও আৰু মৰিগাঁও জিলাৰ ৩৩খনকৈ কলেজৰ ৬৬গৰাকী শিক্ষকে।

৭. আৰ জি বৰুৱা ১৭বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত গুৱাহাটীক পৰাস্ত কৰি চেম্পিয়ন হ'ল বৰপেটা দল। অসম ক্ৰিকেট সংস্থাপ উদ্যোগত বৰপেটা জিলা ক্ৰীড়া সংস্থাই আয়োজন কৰিছিল এই প্ৰতিযোগিতাৰ।

৮. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল উত্তৰ-পূৱ সাহিত্য সাংস্কৃতিক সন্মিলনৰ মুখপত্ৰ "প্ৰতিধ্বনি"।
আলোচনীখন উন্মোচন কৰিলে সন্মিলনৰ সভাপতি ৰাম কুমাৰ বৰুৱাই।

৯. ৰাভা সন্মিলনৰ সোণালী জয়ন্তী-বৰ্ষ উদযাপনৰ চলিছে প্ৰস্তুতি। চাৰিদিনীয়াকৈ ১-৪ মাৰ্চত দুধনৈৰ ওচৰৰ শালমাৰা-কালপানী চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰিছে। সাংস্কৃতিক সমাৰোহৰ উপলক্ষতে প্ৰকাশিত হব মুখপত্ৰ "বহুৰঙী"ৰ বিশেষ সংখ্যা আৰু এখনি স্বৰণিকাও।

১০. অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সাংস্কৃতিক শোভাযাত্ৰা উপ-সমিতিৰ উদ্যোগত যোৱা ১৪ ফেব্ৰুৱাৰীত লক্ষ্মীৰাম বৰুৱা সদনত কবিতা আৰু গীত-মাতেৰে সজাই তুলিলে "ফাগুন" শীৰ্ষক অনুষ্ঠান। ৫৯গৰাকী কবিয়ে কবিতাপাঠ কৰা এই অনুষ্ঠানত কবি আৰু শিল্পী সকললৈ একোটাকৈ কলম উপহাৰ হিচাবে প্ৰদান কৰে।


১১. অসম অৱলীগ জামাতৰ উদ্যোগত ১৪-১৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত কৰা উত্তৰ পূৱ ভাৰত এস্তেমাৰ দেওবাৰে আখেৰী দোৱাৰে পৰে সফল সামৰণি।  আজমগড়ৰ মৌলানা চেমিম চাহাবৰ নেতৃত্বত প্ৰায় ২০লক্ষাধিক লোকে এই দোৱাত অংশ লয়।

১২. নগাঁৱৰ কলঙৰ বাকৰিৰ নেহেৰুৱালিত অহা ৮-১০ মাৰ্চত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হব নগাঁও ভাওনা সমাৰোহ-২০১৪।
কালি এই সমাৰোহৰ লাইখুঁটা স্থাপন কৰে বিধায়ক ডাঃ দুৰ্লভ চমুৱাই। 

১৩. অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত লখিমপুৰ জিলা সমিতিৰ কাৰ্যালয়ত "অসমত অসমীয়া ভাষা বাধ্যতামূলক কৰণ" সন্দৰ্ভত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা। বহু কৰ্মচাৰীয়েই চৰকাৰী ভাষা আইন নামানে বুলি ক্ষোভ প্ৰকাশ কৰিলে ৰাজহুৱা সভাই।

১৪. সদন গৃহীত হ'ল অসম মেডিকেল কাউন্সিল সংশোধনী বিধেয়ক বিল-২০১৪।
এই সংশোধনী অনুসৰি প্ৰতি ৫বছৰৰ মূৰে মূৰে চিকিতসক সকলে পঞ্জীয়ন কৰিব লাগিব নৱীকৰণ।

১৫. দুধনৈত "যুৱ নেতৃত্ব আৰু সামুহিক উন্নয়ন বিষয়"ত আয়োজিত হ'ল দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালা। নেহৰু যুৱ কেন্দ্ৰ গোৱালপাৰা আৰু এচ টি ফেমিলী ৱেলফেয়াৰ সংগঠনৰ সৌজন্যত আয়োজিত এই প্ৰশিক্ষণ উদ্বোধন কৰিলে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাই।

No comments:

Post a Comment