হাস্য ব্যংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগ

হাস্য ব্যংগ

Share This
অৰুণ টেটলীৰ দুঃস্বপ্ন
অৰুণ টেটলী নামৰ ডাঙৰ, ৰঙা বগা চাহাব টাইপৰ মানুহ এজনে বোলে কাবাব চোবাই চোবাই দেশৰ কথা ভাৱি থাকে দিল্লীত। তেখেতৰ কথাকে আজি উনুকিয়াবলৈ লৈছোহঁক।
সৰু সৰু মানুহ, নিৰক্ষৰ মানুহবোৰৰ ৰজা যেন হৈ থাকিবলৈ তেওঁ বৰ ভাল পায়। ভাল পাবৰ কথাও, চেহেৰাহে যি, একদম ৰাজকুমাৰ মাফিক!ভাগ্য ভাল ৰাজতন্ত্ৰ শেষ হ'ল বুলিহে, নহ'লে ৰজাঘৰৰ পিতেক নহয়ো ৰাজপাট খাবলৈ পায়নে?

মানুহটো এনেয়ে ভাল। ভাল মানে ইমেজটো। গেংগচ অৱ ৱাশ্বেপুৰত অভিনয় কৰা এজন অভিনেতাই এনেয়ে জানো সংলাপ দিছে- "ইমেজ ইজ অল, অল ইজ ইমেজ"।

হয়তোন মুখ দেখি ইমান মৰম লগা, নিস্পাপ যেন লগা মুখনিৰ আঁৰত কোনো কুটিল চিন্তা থাকিব বুলি অনুমান কৰাটোও যেন পাপহে। এওঁ কিবা পাপ চিন্তা কৰিব, হে হৰি কি কয়, সেই কথা নাভাবিবই সপোনতো!

টেটলী চাৰে মাজে মাজে ব্লগ লিখে, বহুত মিঠা মিঠা কথা। (বিৰোধীৰ মতে মিথ্যা মিথ্যাহে!) সেয়ে ৰাতি বিয়লি ভাবিও থাকে। কালি নিজৰ ব্লগত লিখিলে- "দিল্লীত এটা দুঃস্বপ্নৰ শেষ হ'ল। কি ভাগ্য!"

তেওঁ বোলে আচলতে দিল্লীত কেজৰী বোলাজনে গাদী এৰি দিয়া কথাৰ বাবেহে বোলে তেনেকৈ লিখিছে। দিল্লীৰ পৰা তনু, মনু আৰু ধনু নামৰ তিনিজন সাধাৰণ মানুহে টেটলী চাৰৰ কথাষাৰ হজম কৰিব নোৱাৰি ব্লগত কমেণ্টো মাৰিছে।

বোলে টেটলী চাৰ, আমিতো কেজৰীৰ দিনত বহুত ভাল ভাল সপোন দেখিছিলো। বোলে দিল্লীৰ পুলিচ চিধা হব, অটৱালা ভদ্ৰ হব, হস্পাতালত দৰৱ পাব, মানুহে পানী ফ্ৰীকৈ পাব, বিজুলীৰ দৰ কমিব। সেইটো কৰিবলৈ পায়ছাৰি কৰি থকা মানুহটো আপোনাৰ বাবে বেয়া সপোন হ'ল কেনেকৈ?

আৰু লিখিছে....আচলতে আপোনালোকে বিগত দশকবোৰত সমস্যাবোৰক লাৰু বনাই ফুটবল খেলি থাকি যিকন আনন্দ পাইছিল, সেয়া শেষ হব বুলি ভয় খালে নেকি? নে খাম খাম বুলি ভাবি থকা দিল্লীৰ গাদীৰ গাজৰটো হঠাত কেজুভায়ে থপিয়াই নিয়াত আপোনাৰ চকুত পোৰণি উঠিল। আমি সৰু মানুহ চাহেব, আপোনাসৱ ৰাজা মানুহসৱৰ মনৰ ভাৱ ধৰিব নোৱাৰো...সেয়েইতো ইমান দিন বুদ্ধু বনি আছো!

নে, কেজৰী চাৰে আপোনালোকৰ হেলিকপ্টাৰ, জেট বিমানৰ ভাৰা, কেচটো কেচ "কেচ" দিয়া কিবা "মু-কেচ ভাই" নামৰ মুম্বাই ফাল ভাইজনৰ ওপৰত কেচ দিয়াৰ কাৰণেহে বুকুখন হায় হায় কৰি উঠিছে। বুকুত পোৰণি উঠিছে, টোপনি কোনোবা লামডিঙ-ফৰকাটিঙলৈ দৌৰ মাৰিছে। সেয়ে কথাই প্ৰতি চুপ্ৰীম কৰ্টৰ নাম জপ কৰা আপোনালোকে ৩৭৭ ধাৰা নে কি তাৰ আধাৰত সেইটো ক্ৰাইম বুলি জানিও "লাভলী-হৰ্ষবদ্ধন" যুটিক ৰাজহুৱাকৈ প্ৰেম প্ৰদৰ্শন কৰিবলৈ অনুমতি দিলে! এয়া অপৰাধ নহয় জানো চাহেব, কৰ্টৰ চকুতো!

বীৰ-আপ্পা চাহাবক বেয়া প্ৰতিবেশী বুলি চংচদত চং ধৰিলেও আবেলি গধূলি একেলগে ফুল, তৰা, গাণৰ সোৱাদ লবলৈ একেখন পাৰ্কতে খোজ নাকাঢ়ে জানো। কিবা কেজেঙ লাগিলেই ভাত খাবলৈ মাতি ডাইনিঙ টেবুলতে মীমাংসা কৰি নলয় জানো। আমাৰ গাঁৱৰ মানুহবোৰে পিছে এইবোৰ টেকনিক নাজানে, বেয়া মানুহ বুলি এবাৰ গালি দিলে, মুখলৈকো নাচায়। আপোনালোকে গালি পাৰি গৈও কেণ্টিনত হাঁহি মাৰে। সেইচৱ গুণ সাধাৰণ মানুহে লব নোৱাৰাৰ বাবেইতো আপোনালোকে এসাজ...নহয় সাজে সাজে দকচি খাই আছে। 

আপোনালোকে চোন দিনত টিভিৰ পৰ্দাত, ৰাস্তাৰ শ্লোগানত কিবা কংগেচ হটাও হটাও কৰি থাকে। পিছে লাভলীৰ হাতখন ধৰি দিয়াৰ পিছত দেখোন ৰাইজে কেচটো নগেন নগেন বুলি ভাবিবলৈ লৈছে! কথাবোৰ সঁচানি বাৰু অৰুণদা।

অৰুণদা আপুনিও! (আমাৰ গাঁৱৰ ভেবেলী পিছে আপোনাক টিভিত দেখিয়ে প্ৰেমত পৰি গৈছিল, তাইৰ হিয়াখনৰ কি হব হয়নে। ভাবি চাব। তাই সন্ধিয়া বাতৰি চাবলৈ আপোনাৰ বাবেই বহে, তাই আপোনাৰ ইংলিচ শুনিবলৈ ইংলিচ চেনেলো চাই... ভাষা বুজি নাপাব পাৰে, ভাৱনাখিনিতো বুজে! পিছে আপুনিও সিটো পাৰ্টিৰ সমৰ্থকহে যেন লাগিছে পৰহিৰে পৰা, উস ভেবেলী কি হব তোৰ?)

আৰু এটা কথা সোধো, ব্লগৰ কমেণ্টতে উত্তৰ পাম বুলি আশা কৰিলো। আপুনি সেই আই.পি.এল (ইণ্ডিয়ানক পগলা কৰা লীগ)ৰ মেচ ফিক্সিংৰ কেলেংকাৰী বোৰ হওতে, ব্লগত একো নিলিখিলে কিয়। ৰাজীৱ শুক্ল দাই যে চকী এৰি দিলে, শ্ৰীনিবাসন চাৰৰো যে খুটি লৰিল সভাপতিৰ পৰা, আপুনি যে সেইসময়ত একেখন বিচিচিআই(বৰ্ড ফৰ কৰাপটেড ক্ৰিকেট ইন ইণ্ডিয়া)ৰ উপসভাপতি আছিল,  সেইকথা টিভিত ভেবেলীহঁতক নকলে কিয়। নে সেইটো সময়ত সেইকথাবোৰ চকুমুদি আপুনি সপোন দেখি আছিল। ধন আহিব, ভোট আহিব, লণ্ডন-পেৰিচ, কৰিম ডিস্কো...গানৰ তালত ঘৰত বহি হেলনীয়া বেতৰ চকীত বহি কল্পনা কৰি আছিল?

এতিয়া কেজৰীদাই সেই "ইণ্ডিয়ানক পগলা কৰা লীগ"তো টীম থকা ভাইজনৰ বিৰুদ্ধে কেচ দিছে, আপোনাৰ ৰঙীন সপোন দুঃস্বপ্ন হৈ নপৰিব কিয়? সেয়া স্বাভাবিক দাদা। আমি বুজোটো!

টেটলীদা, মনত ৰাখিব, টেটেলীত চেনী দি মিঠা কৰি মানুহক ঠগিব পাৰি, কিন্তু টেটলী গছৰ শিপাত চেনী ঢালি সেই প্ৰজাতিটো মিঠা কৰি তুলিব নোৱাৰি। আমাৰ গাঁৱত কোৱা কথাষাৰকে ক'লো, দুখ পালে মাৰ্জনা কৰিব। এৰিছো... 

ৰেডিঅ''টোত সশব্দে বাজি আছে..."য়ে পাব্লিক হেই, পাব্লিক সৱ জানতি হেই..য়ে পাব্লিক হেই", মনুয়ে চিঞৰিছে, চেহঃ গানটো কম কৰ ঐ ভেবেলী!

No comments:

Post a Comment