সৃষ্টিশীল সংবাদ বনাম সংবাদ সৃষ্টি
অজয় লাল দত্ত
আজিৰ "আজিৰ দৈনিক বাতৰি" কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পালে এটি বাতৰি। উত্তৰ পূৱৰ প্ৰথমটো কাৰ্টুন ৱেব চাইট উন্মোচন। সেয়া উন্মোচিত হৈছে নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুনেৰে। নিতুপৰ্ণৰ কাৰ্টুনৰ প্ৰদৰ্শনী এখন ৰাজ্যিক কলা বিথীকাত অনুষ্ঠিত হৈছিল আৰু সেই খবৰ আমিও অসমীয়াৰ সুখ দুখতো প্ৰকাশ কৰিছিলো। আৰু তেওঁ সৃষ্টি কৰ্মই সংবাদ শিৰোনামা পোৱাত তথা দৰ্শকৰ সমাদৰ পোৱাত এজন পাঠক হিচাবে সঁচাকৈয়ে আনন্দিত হৈছিলো। কিন্তু ওপৰত উল্লেখিত বাতৰিটোৱে আন এটা প্ৰশ্নৰহে অৱতৰণা কৰিছে।
সেয়া হৈছে www.cartoonistnitupartna.com টো উত্তৰ পূৱৰ প্ৰথমটো কাৰ্টুন ৱেব-চাইট বোলা কথাষাৰ শুদ্ধ নহয়। উত্তৰ পূৱৰ প্ৰথমটো হওক বা দ্বিতীয়টো হওক, সেই দাবীয়ে শিল্পীৰ সৃষ্টিৰ মূল্যত কোনো হেৰ-ফেৰ কৰিব নোৱাৰে। সেই কথা আমি সকলোৱে জানি থোৱা উচিত।
ব্যক্তিগত ভাৱে আমি http://ketepaa.blogspot.in ঠিকনাৰে এটি অসমীয়া কাৰ্টুন ব্লগ ১২/০৯/২০১২ ৰে পৰাই চলাই আছো (দুই এটা ইংৰাজীত লিখা সংলাপৰ কাৰ্টুনো ইয়াত ৰাখিছো)।
উল্লেখযোগ্য যে এই ব্লগটো অধুনালুপ্ত হাতেলিখা কাৰ্টুন আলোচনী "কেটেপা"ৰে ডিজিটেল তথা নতুন ৰূপৰ আত্মপ্ৰকাশহে। এই "কেটেপা" আঠ পৃষ্ঠাৰ এখনি হাতে-লিখা কাৰ্টুন আলোচনী আমি ধেমাজিৰ পৰা প্ৰকাশ কৰিছিলো আৰু ইয়াৰ ফটোকপি কৰি প্ৰায় ১৫০-২০০ কপিৰ চাৰ্কুলেচনেৰে ১৯৯২চনতে ধেমাজিত জনপ্ৰিয়তা পাবলৈ সক্ষম হৈছিল। প্ৰথম সংখ্যাটো উন্মোচন কৰিছিল "বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী অনুষ্ঠান"ত স্বভাৱকবি সৰ্বেশ্বৰ জালভাৰী ফুকনে। আমাৰ কাৰ্টুন প্ৰথমবাৰৰ বাবে "জ্ঞান-বিজ্ঞান বাৰ্তা" প্ৰকাশিত হৈছিল আৰু এতিয়াৰ পৰা বিশ বছৰমান পূৰ্বে ৭০টকাকৈ তাৰ বাবে মাননিও পাইছিলো। এয়া ব্যক্তিগত কথা যদিও এই বাতৰিটোৰ সংক্ৰান্ততে বন্ধু-শুভাকাংখী সকলৰ জ্ঞাতাৰ্থে ৰাজহুৱা কৰিছো।
ব্লগটো জানো ৱেব চাইট নহয়। ব্লগাৰ নামৰ গুগোলৰ কোম্পানীটোত হষ্টিঙ কৰিলে এনে বেৱচাইটক "গডৰেজ" আলমাৰী বুলি কোৱাৰ দৰেই ব্লগ বুলি কোৱা হয়। ৱৰ্ডপ্ৰেছতো এনে ব্লগ বা ৱেবচাইট হষ্ট কৰিব পাৰি বা বিনামূলীয়া বেৱ ঠিকনা হষ্টিং কোম্পানী কেইটিৰ নামৰ সৈতে সংলগ্ন কৰা হিচাবত ব্যৱহাৰ কৰিব পাৰি। ব্যৱহাৰকাৰীয়ে নিজৰ ব্যৱসায়, সংস্থা, দেশ আদিৰ পৰিচয়ক ৱেবচাইটৰ ঠিকনাৰ সৈতে উপস্থাপন কৰিব খুজিলে .com, .org, .in আদি ব্যৱহাৰ কৰিব পাৰে আৰু ৱেব এড্ৰেছ ব্যৱহাৰৰ বাবে ডমেইন বিক্ৰী কৰা কোম্পানীৰ পৰা এনে ঠিকনা বছেৰেকীয়া বা দীৰ্ঘদিনৰ বাবে বিনিময় মূল্য দি ব্যৱহাৰ কৰিব পাৰে। ব্লগাৰ বা ৱৰ্ডপ্ৰেছে কিছু হষ্টিং স্পেচ বা তথ্য সংৰক্ষণৰ ঠাই বিনামূলীয়াকৈ তেঁওঁলোকৰ ব্যৱহাৰকাৰীক দিয়ে।
এনে হোষ্টিং স্পেচ ব্যৱহাৰ নকৰি, নিজৰ প্ৰগ্ৰামিং আদি কৰি নিৰ্মাণ কৰা ৱেব-চাইটৰ বাবে নিজেও প্ৰয়োজন অনুসাৰে ধনৰ বিনিময়ত সেৱা আগবঢ়োৱা কোম্পানীৰ পৰা এনে অনলাইন সংৰক্ষণৰ মেম'ৰী ব্যৱহাৰ কৰিব পাৰি।এইখিনি কথা ৱেবচাইটৰ জগতৰ সতে নতুন বা জানিবলৈ বিচৰা সকলৰ বাবে মৌলিক কথা ৰূপে ইয়াত উল্লেখ কৰিছো।
এতিয়া কথা হ'ল, সত্য আৰু তথ্য। সংবাদ মাধ্যমে বাতৰি একোটা লিখাৰ সময়ত সত্যাসত্য নিৰূপণ কৰিবলৈ প্ৰায় বাদদিয়াৰ দৰেই একোটা অনুভৱ আজিকালি সৃষ্টি হৈছে। প্ৰেছ বিজ্ঞপ্তিত লিখি দিয়া কথাকেই সত্যতাৰ প্ৰতীয়মান নোহোৱাকৈয়ে তুলি দিবলৈ ধৰাৰ তাড়ণাটোৱে সাংবাদিক সকলৰ দ্বায়বদ্ধতাক লৈহে ন ন প্ৰশ্নৰ সৃষ্টি কৰিছে।
চ'চিয়েল মেডিয়াতে নতুন নতুন আৱিস্কাৰৰ বাতৰি, এৱেই প্ৰথম, ৰেকৰ্ড গঢ়িছ. বিশ্ব, এছিয়ান, ইণ্ডিয়ান আদি ঢৌ তোলা বাতৰিক পাছত বহুতে তথ্যৰ সন্ধান কৰি ভুল বুলি বা অৰ্ধ-সত্য ৰূপে তুলি ধৰাৰ ঘটনাক পোহৰলৈ আনিছে। শেহতীয়াকৈ গুৱাহাটীৰ এজন ছাত্ৰৰ ফ্লাশ্ব মেম'ৰীযুক্ত লেপটপ তথা অপাৰেটিঙ চিষ্টেমৰ আৱিস্কাৰৰ বাতৰিটোকো লৈ যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে। বহু আগ্ৰহী লোকে তেওঁৰ সতে কথাপাতি, তেওঁৰ কৰ্মক বিশ্লেষণ কৰি সংবাদ শিৰোনামাই সৃষ্টি কৰা হৈ-ছৈৰ সতে প্ৰকৃত সৃষ্টিক দূৰৈতহে আৱিস্কাৰ কৰিছে। আনকি দ্যা হিন্দু কাকততো এই বাতৰি প্ৰকাশ পোৱাত বাতৰি কাকতখনৰ এপৰত অন্ততঃ তথ্য আৰু বিজ্ঞানৰ বাতৰিত থকা পাঠকৰ বিশ্বাসযোগ্যতাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে।
এনে বাতৰিয়ে বা বাতৰিয়ে সৃষ্টি কৰা ক্ষণিকৰ জোৱাৰে আচলতে কোনো দীৰ্ঘম্যাদি ফলাফল দিব নোৱাৰে। আজিকালি তথ্যক তথ্যৰে যুক্তিক যুক্তিৰে কাটিব পৰা এজাক সচেতন লোকৰ প্ৰজন্মৰ সমুখত আচলতে এনে ৰেকৰ্ড, আৱিস্কাৰ, বঁটা প্ৰাপ্তি, প্ৰথমবাৰৰ বাবে ধৰণৰ দাবী কৰাৰ আগতে বহুবাৰ চিন্তা কৰি লোৱাৰ প্ৰয়োজন আছে। আচলতে এনে সত্যৰ সৈতে সংগতিবহীন প্ৰকৃত কথা পাছত পোহৰলৈ আহিলে বা আনিলে সেই "প্ৰকৃত সৃষ্টি"ৰ শিল্পী বা কাৰিকৰজনৰহে ভাৱমূৰ্তি ম্লান হোৱাৰ সম্ভাৱনা বাঢ়ে।
প্ৰথম দ্বিতীয় হোৱাটো ডাঙৰ কথা নহয়, একমাত্ৰ, সৰ্বাধিক জনপ্ৰিয় আদিৰ ধাৰণাও গতিশীল আৰু সময়ৰ সতে ৰিলেটিভহে। সেয়ে সৃষ্টিশীল সংবাদ একোটাত ৰহণ হনাৰ ক্ষেত্ৰত সাংবাদিক সকলো সচেতন হোৱা উচিত। সৃষ্টিশীল কৰ্ম কৰা সকলেও বিজ্ঞপ্তি প্ৰদানৰ সময়ত অহৈতুক দাবী তোলাৰ ক্ষেত্ৰত সজাগ হোৱা উচিত। এনে ঢৌ সৃষ্টিৰে চিনাকি বৃদ্ধি কৰাতকৈ দীৰ্ঘদিনৰ সাধনাৰে মানুহৰ হৃদয়ত স্থানা লাভ কৰিবলৈ অবিৰত সাধনা কৰাহে আচলতে সৃষ্টিশীলতাৰ প্ৰধান লক্ষ্য হোৱা উচিত। মাত্ৰ সংবাদৰ ঢৌ সৃষ্টিৰ নিশ্চয় নহয়।
No comments:
Post a Comment