ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক পদক্ষেপ

ইতিবাচক পদক্ষেপ

Share This
ভাৰততকৈ ভাল নেকি পাকিস্তান?
৮কোটি টকীয়া প্ৰকল্পৰে ভগ সিঙৰ ঘৰ, 
বিদ্যালয় আৰু গাঁৱৰ কৰিব সংৰক্ষণ

তথ্য জনাৰ অধিকাৰ আইনৰ জড়িয়তে কৰা আবেদনে, ভাৰত চৰকাৰে শ্বহীদ ভগ সিঙক দেশৰ শ্বহীদ বুলি চৰকাৰী স্বীকৃতি নিদিয়াৰ খবৰটো যেতিয়া পোহৰলৈ আনিছিল, সেই  বাতৰিয়ে দেশপ্ৰেমীজনৰ অনুৰাগী সকলৰ দুচকু সেমেকাই তুলিছিল। পিছে পাকিস্তানৰ পৰা কালি পিটিআইয়ে পৰিবেশন কৰা বাতৰিয়ে এক সুখবৰ কঢ়িয়াই আনিছে।  এই বাতৰি অনুসৰি ভগৎ সিঙৰ পুৰণি ঘৰ, সম্পদ তথা বিদ্যালয়খনক সংৰক্ষণৰ বাবে পাকিস্তান চৰকাৰে ৮০মিলিয়ন টকাৰ এক প্ৰকল্পলৈ অনুমোদন জনাইছে। 

পাকিস্তানৰ পাঞ্জাৱ প্ৰভিন্সত থকা ফৈজলাবাদৰ পৰা ত্ৰিশ মাইল দক্ষিণ পূৱত এই গাঁৱতে এই শ্বহীদজনে জন্মগ্ৰহণ কৰিছিল। দেশৰ সেই প্ৰান্ততো স্বাধীনতাৰ ভাৱনাই জোকাৰি যোৱা তথা নিজৰ প্ৰাণকো আহুতি দিয়া শ্বহীদ জনলৈ সাম্প্ৰদায়িক মনোভাৱেৰে লিখা হোৱা বুৰঞ্জীয়ে তেওঁ "শিখ" হোৱা বাবেই ন্যায় নকৰিলে বুলি দ্যা নিউজ অন চানদে ( http://tns.thenews.com.pk/bangay-famous-son/#.UwMZpvmSz4U ) নামৰ সংবাদ পত্ৰত উল্লেখ কৰিছে।
ভগত সিঙৰ পুৰণি ঘৰৰ বৰ্তমানৰ অৱস্থা

আটাইতকৈ ডাঙৰ কথাটো হ'ল যে, সেই যুগতে ভগ সিঙে নিজকে ধৰ্ম বিশ্বাস নকৰা নাস্তিক ৰূপে ঘোষণা কৰিছিল। অথচ শিখ হোৱা বাবেই বুৰঞ্জীবিদৰ চকুত ধৰ্মীয় সংখ্যালঘু হোৱাৰ ফলতে ধৰ্ম বিশ্বাস নকৰা শ্বহীদ জনে প্ৰকৃত সন্মান লাভ নকৰিলে বুলি সংবাদপত্ৰখনৰ প্ৰৱন্ধই দাবী কৰিছে। ১৯৩১ চনত মাত্ৰ চৌবিশ বছৰ বয়সত ফাঁচিক মূৰপাতি লোৱা শ্বহীদ জনৰ বিষয়ে নৱ-প্ৰজন্মক আমিৰ খান অভিনীত "ৰং দে বাসন্তী" ছবিয়েহে দেশত জনপ্ৰিয় কৰিলে, বা পৰিচয় তুলি ধৰিলে বুলি প্ৰকাশ কৰিছে।

বঙ্গে (Bongay) বা চক ১০৫ জি.বি পুনৰ সংবাদ শিৰোনামালৈ আহিল যেতিয়া ফৈজলাবাদ জিলা সমন্বয়ক বিষয়া নৰুল আমিন মেংগলে শ্বহীদজনৰ স্মৃতি চিহ্নবোৰ সংৰক্ষণ কৰাৰ উদ্দেশ্যে  সেই ঠাইলৈ আহি সকলো পৰিদৰ্শন কৰিছিলহি। তেওঁ লগতে শ্বহীদজনৰ গাঁৱখনৰ আন্তঃগাঁথনি মূলক বিকাশ কৰাৰো উদ্দেশ্য বেকত কৰিছিলহি। সেই উদ্দেশ্যে তেওঁ লাইলাপুৰ হেৰিটেজ ফাউণ্ডেছন নামৰ সংস্থা এটি গঢ় দি ঐতিহ্য বিজড়িত স্মৃতিচিহ্ন সমূহৰ চিনাক্তকৰণ তথা সংৰক্ষণৰ বাবে গৱেষণামূলক কাম আৰম্ভ কৰিবলৈ নিৰ্দেশো দিলে।

ভগ
 সিঙৰ সম্পদ হিচাবে চিনাক্ত কৰা বস্তু সমূহৰ ভিতৰত তেওঁৰ মাতৃৰ সূতা কটা যঁতৰ, কপাৰৰ এখন ডাঙৰ ট্ৰে, দুটাকৈ কাঠৰ বাকচ আৰু এটি ষ্টীল আলমাৰীক চিনাক্ত কৰা হয়। জলন্ধৰৰ পৰা আহি কৃষি কৰ্মৰে ভগ সিঙৰ পৰিয়ালে লাইলাপুৰৰ সমীপৰ এই গাঁৱত বসতি কৰিছিলহি। তেওঁলোকৰ ঘৰটোত ১৬টাকৈ কোঠা আৰু শ্বহীদজনে ককায়েকৰ সতে ৰোৱা এজোপা বাইৰী(BAIRI) গছ এতিয়াও ঘৰটোৰ চৌহদত থকা বুলি জনা যায়। 
ভগত সিঙৰ সামগ্ৰী কেইপদ
ঘৰটোৰ বৰ্তমানৰ মালিক মহম্মদ ইকবাল ভিৰ্কে সঁচাকৈ এটা সংগ্ৰাহলয় স্থাপন কৰাৰো প্ৰয়োজন বুলি মত প্ৰকাশ কৰে। তেখেতে ব্যক্তিগত ভাৱে প্ৰত্যেক বছৰেই ভগত সিঙ বিনামূলীয়া চকু চিকিসা কেম্প গুৰু নানক জয়ন্তীত হোৱা শিখ সমাৰোহতে আয়োজন কৰি আহিছে। এটি সৰু শিখ মন্দিৰ আৰু তিনিটা পুৰণি কুঁৱা সেই গাঁৱত আছিল বুলিও তথ্য প্ৰকাশ কৰিছে। লগতে এতিয়াও চাৰিসীমাৰ চৌহদৰ বেৰা নোহোৱা ভগ সিঙে পঢ়া স্কুলখনৰো সংৰক্ষণ তথা উন্নীতকৰণৰ তেওঁ পোষকতা কৰিছে। সেই গাঁৱত বছৰি ভগ সিঙ মেলাৰ আয়োজিত হয় বুলিও তেখেত সংবাদ পত্ৰখনিক জনাইছে।
ভগত সিঙে অধ্যয়ন কৰা স্কুলখনৰ বৰ্তমান ৰূপ

ভগ সিঙক ফাঁচি দিয়াৰ স্থানক শ্বহীদজনৰ নামেৰে নামাকৰণ কৰিবলৈ বিষয়াজনে নিৰ্দেশ জাৰি কৰিছিল যদিও ভাৰতবিৰোধী সংগঠন আৰু জামাত-উদ-দোৱাইয়ো তাৰ বিৰোধিতা কৰাৰ ফলত সেয়া এতিয়া ন্যায়ালয়ৰ বিচাৰধীন হৈ আছে। স্থানীয় লোক সকলে কিন্তু ধৰ্মৰ ভিত্তিত এই স্বাধীনতা যুঁজাৰুজনলৈ কৰা এনে বৈষম্যমূলক কথাৰ প্ৰতিবাদ জনায়। আৰু তেওঁৰ ত্যাগ অঞ্চলটোৰ বাবেই ঐতিহাসিক আৰু গৌৰৱৰ বিষয় বুলি দাবী কৰিব বিচাৰে। ৱাকাৰ গিলানীৰ এই প্ৰতিবেদনত স্থানীয় ৰাইজে "ধৰ্মীয় নেতাই ৰাজনৈতিক ত্যাগ কৰা সকলৰো ইতিহাস সলাই পেলোৱা, তথা এনে মহান ত্যাগকো ধুলিস্যা কৰিব বিচৰা অপচেষ্টাক দিয়া গৰিহণাও প্ৰতিফলিত হৈছে।"

পাৰভেজ মুছাৰফৰ দিনটো পাঞ্জাৱৰ গভৰ্ণৰ খালিদ মকবুলে এই বিষয়ত প্ৰচেষ্টা গ্ৰহণৰ নিৰ্দেশ দিছিল যদিও একো হৈ নুঠিল। অৱশেষত বহু অপেক্ষাৰ অন্তত এই প্ৰকল্প ৰূপায়নৰ বাবে ৮কোটি টকাৰ অনুমোদন হোৱাৰ বাতৰিটোৱে কালিহে অঞ্লটোৰ নিবাসী তথা ভগত সিঙৰ গুণমুগ্ধ সকললৈ সন্তোষ কঢ়িয়াই আনিছে। এতিয়া এই ধনেৰে এই স্মৃতি বিজড়িত সম্পদক সংৰক্ষণৰ লগতে গাঁৱৰ বাবে খোৱাপানী, নলা-নৰ্দমা, স্কুল ইত্যাদিকে ধৰি উন্নয়নমূলক কামো সামৰি লব বুলি পিটিআইৰ সূত্ৰই প্ৰকাশ কৰিছে।

এতিয়া শ্বহীদ ৰাজগুৰুৰ পৰিয়ালেও এনে অনুৰূপ প্ৰকল্পৰে ৰাজগুৰুৰ ত্যাগকো সন্মান প্ৰদৰ্শন কৰি তেওঁৰ স্মৃতি বিজড়িত স্থান তথা সম্পদৰ সংৰক্ষণৰ দাবী তুলিছে বুলি জানিব পৰা গৈছে। দেৰিকৈ হ'লেও দেশভক্তিৰ নায়ক কেইজনৰ স্মৃতি বিজড়িত সম্পদৰ সংৰক্ষণৰ এনে দাবী তথা প্ৰকল্পৰ ইতিবাচক পদক্ষেপত আমিও সন্তোষ প্ৰকাশ কৰিছো। 

No comments:

Post a Comment