লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান

১. ৰাহুল বাবাই ৰসাল খুড়াক নোসোধাকৈ এক পইচাও পেমেণ্ট নকৰে বুলি দাবী কৰিলে ৰসাল গগৈয়ে। "বৰঘৰৰ মেকুৰী, সৰুঘৰলৈ যায়, বিধায়ক শিয়ালেহে কোটি টকা খায়" এই ফঁকৰা-যোজনাৰ উদাহৰণ দিলে যদিও গগৈ চাৰে কিন্তু তেওঁৰ পৰামৰ্শমতে ৰাহুল বাবাই আগতে ধন দিয়া সকলৰ নাম ফাদিল কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে। এয়া দলীয় গোপনীয়তা আৰু সংবিধানৰ শপত লোৱাৰ বাবেই কবলৈ অসুবিধা বুলিও তেখেতে মত প্ৰকাশ কৰে।

২. "জৰা ফুকা পানীৰ পৰা সংবাদমেলত চকু পানীলৈ", শীৰ্ষক আত্মজীৱনীৰ এক খণ্ড উন্মোচন কৰিলে অগৰুদ্দিন আজকল ডাঙৰীয়াই। অগৰুৰ সুগন্ধি বেছি হাজাৰ কোটি বগা টকা আৰ্জন কৰা মানুহে কেইটিমান সৰু সংখ্যাৰ কোটি টকা চুই চিকা মাৰি হাত গোন্ধোৱা ভকত তেওঁ নহয় বুলিও উন্মোচনী সংবাদ মেলত তেওঁ দাবী কৰে।

৩. নলবাৰী সংখ্যালঘু উন্নয়নৰ ৩০কোটি ধন ৰাজকোষলৈ ঘূৰি যাব বুলি ওলোৱা বাতৰিত ক্ষুন্ন হৈ পৰিছে উন্নয়ন পৰিষদটোৰ বিষয়া তথা সদস্য সকলৰ শ্ৰীমতী সংঘই। ঘূৰি যোৱাতকৈ কিবা কৰি ভগাই বতাই কিয় নল'লে বুলিও তেওঁলোকে উন্নয়ন পৰিষদত কৰ্মৰত স্বামী সকলক গৰিহণা দিছে আৰু ঘৰে ঘৰে এসপ্তাহৰ পেচ-পতা আন্দোলন গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

৪. অসমৰ চুকে কোণে ভক্তিৰসৰ প্ৰৱাহৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পোৱাত শান্তিপ্ৰিয় ৰাইজে অস্বস্তি প্ৰকাশ কৰিছে। আৰু অখণ্ড পাল নামৰ আয়োজন কৰা সকলক প্ৰসাদৰ লগতে স্থানীয় ৰাইজৰ ঘৰে ঘৰে মূৰৰ বিষৰ টেবলেট বিতৰণ কৰিবলৈকো শান্তিপ্ৰিয় নাগৰিক সন্থাই আহ্বান জনাইছে।

৫. ৰাজপথত বিধায়িকাৰ পুত্ৰই দেহৰক্ষীসহ অতপালি কৰা কাৰ্যত আনন্দ প্ৰকাশ কৰিছে শাসকীয়া হাতোৰা দলৰ বিধায়ক সংঘই। অতপালি কৰাটো শাসনত থকা মানুহৰ সতি-সন্ততিৰ জন্মগত অধিকাৰ আৰু এই অধিকাৰ নিবিৰ্ঘ্নে উপভোগ কৰাইটো আচল ডেমক্ৰেচী বুলিও সন্থাই প্ৰেছ বিজ্ঞপ্তিযোগে মত প্ৰকাশ কৰিছে।

৬. পদুম পাৰ্টিয়েও কোনে কোনে হাত পাতি ধন লৈ ঘোঁৰা ঘোঁৰা খেলিছিল তাকে লৈ তদন্ত ঘোষণা কৰিছে। এই আন্তঃদলীয় তদন্তৰ ভেকোঁভাওনাখন দিল্লীৰ আম খোৱা পাৰ্টীৰ পৰাই আইডিয়া মাৰি ঘোষণা কৰা বুলি গোপন সূত্ৰই প্ৰকাশ কৰিছে। তদন্ত কমিটিও মেনেজ হৈ যাব বুলি ভয়তে তদন্তৰ ভাৰ দিয়া সকলৰ নামো ঘোষণা কৰিবলৈ সৰ্বা-এনজয়ে অপাৰগতা প্ৰকাশ কৰিছে।

৭. ক্লীন চিট ব্যুৰো অৱ ইণ্ডিয়াৰ(চি বি আই)ৰ পৰা  ৰাজনৈতিক প্ৰতিদ্বন্দীক স্বৰ্গলৈ প্ৰেৰণ কৰা বিষয়ত "ক্লীন চিট  অৰ্জন" কৰিলে ৰিপু বৰাই। সদৌ অসম ক্লীন-চিট একাডেমীৰ সহযোগত সূদূৰ দিল্লীত গৈ ব্যৱস্থাপনা কলা কৌশল প্ৰদৰ্শন কৰি জেলৰো অভিজ্ঞতা লাভ কৰাৰ পাছত ব্যুৰোৰ বছ মনে মনে সিঙৰ হস্তক্ষেপত বৰাই এই সন্মান আজুৰি আনিবলৈ সক্ষম হয়।  তেওঁ এই সফলতাৰ বাধা-বিঘিনি অতিক্ৰম কৰাৰ কাহিনী "ক্লীন-চিট মেনেজমেণ্ট হাতপুথি"ত অচিৰেই লিখি গ্ৰন্থমেলাত ৰাইজৰ বাবে মুকলি কৰিব বুলিও সংবাদমেলত প্ৰকাশ কৰিছে।

৮. লাচিত বৰফুকনে মোগলক পৰাস্ত কৰাৰ দৰেই নৰেন ভাইক পৰাস্ত কৰিব বুলি ফুটনি মাৰিলে ৰসাল গগৈয়ে। পিছে আপোনাৰ শাসন কালৰ বদন কোন বুলি সাংবাদিকে প্ৰশ্ন কৰাতহে খঙে চুলিৰ আগ পোৱা বুলি জানিব পৰা গৈছে। আৰু খঙ দমাবৰ বাবে ৰাজহুৱা স্থানতে চাৰে "অল ইজ ৱেল, অল ইজ ৱেল" মন্ত্ৰফাঁকি আওৰাবলৈ ধৰা বুলি গোপন খবৰ ওলাইছে।

৯. এসপ্তাহৰ ভিতৰতে সংৰক্ষিত সোৱণশিৰি বনাঞ্চলৰ গছ কাটি খেতি কৰিলে অৰুণাচলীয়ে। এই কথাত ক্ষুন্ন হৈ হাবি-বন মন্ত্ৰীয়ে ক্ষোভ প্ৰকাশ কৰিছে, আৰু এয়া মাত্ৰ বাংলাদেশীয়ে কাটি বহিবলৈহে সংৰক্ষণ কৰি ৰখা হৈছে বুলি স্থিতি স্পষ্ট কৰি দিছে।

১০. ভাৰতীয় বজাৰত ভূটানৰ "দা ড্ৰেগন চিমেণ্ট" মুকলি।  ক'লা ধন থকা সকলো ৰিয়েল ইষ্টেট ব্যৱসায়ীয়ে  পেমেণ্ট হাৱালা বা চুইছ বেংক যোগে কৰিও এই চিমেণ্ট ভাৰতত ব্যৱহাৰ কৰিব পাৰিব বুলি কোম্পানীটোৱে জানিবলৈ দিছে।

No comments:

Post a Comment