পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. লাখ লাখ ভক্তৰ উপস্থিতিত হৰিনামেৰে মুখৰিত হ'ল মাকুমৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সমন্বয় ক্ষেত্ৰ। ৮৩তম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাকুম অধিবেশনতে এই সংঘৰ উদ্যোগত স্থাপন কৰিবলৈ লোৱা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে পদাধিকাৰ ৰজনীকান্ত দত্তক ৰাজ্যপালে নিযুক্তি দিয়াৰ কথাও কৰিলে ঘোষণা। ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়খনৰ বাবে দিছে ১০কোটি টকাৰ মঞ্জুৰি।

২. গোলাঘাটৰ চাওফা চুহুংমুং সমন্বয় ক্ষেত্ৰত যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে ৬০সংখ্যক সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় অধিবেশনখনি। অনুষ্ঠিত হয় "সদৌ অসম আহোম সভাৰ শতিকাজোৰা সংগ্ৰাম আৰু আহোম সংগঠনসমূহৰ প্ৰাসংগিকতা" শীৰ্ষক এক আলোচনাচক্ৰও। 

৩. অসম আৰু অৰুণাচল সীমান্তৰ ঐক্য সংহতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিলে অসম সাহিত্য সভাই। সম্প্ৰীতিৰ বাৰ্তাৰে বিবদমান এলেকালৈ প্ৰেৰণ কৰিলে সদ্ভাৱনা দল। বিহালী ভ্ৰমণ কৰাৰ লগতে দলটোৱে ইটানগৰত অৰুণাচল প্ৰদেশ লিটাৰেৰী চছাইটিৰ সভাপতি যেছে দৰজে ঠংচি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীকো লগ ধৰি ফলপ্ৰসূ ব্যৱস্থা লবলৈ আহ্বান জনাব।

৪. শংকৰী কলাকৃষ্টিৰ একান্ত সাধক তথা ধেমাজি সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে সেৱা আগবঢ়োৱা বিশিষ্ট শিল্পী বীৰেশ্বৰ বৰুৱালৈ আগবঢ়োৱা হৈছে ২০১৪বৰ্ষৰ হৰিৰাম খাণ্ডেলীয়া বঁটা।  ধেমাজি সাহিত্য সভাই প্ৰদান কৰিব লগা মানপত্ৰৰ লগতে এই বঁটাৰ সতে এটি ৰাজস্থানী পাগুৰী আৰু নগদ ১০,০০১টকা বঁটাৰ ৰূপত প্ৰদান কৰা হব।

৫. উৰিষ্যাৰ কটক চহৰত অনুষ্ঠিত থিয়েটাৰ মুভমেণ্ট কটকৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় বহুভাষিক নাট আৰু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শিৱসাগৰৰ ডিমৌৰ একটিঙ একাডেমীয়ে মঞ্চস্থ কৰা নাট "মহাৰথী কৰ্ণ"ৰ বাবে পৌৰাণিক শাখাত শ্ৰেষ্ঠ নাট, প্ৰশান্তজিত চেতিয়াই শ্ৰেষ্ঠ পৰিচালক আৰু কৰ্ণৰ ভূমিকা লোৱা প্ৰতীম গগৈয়ে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰাৰ সুখবৰ পোৱা গৈছে।

৬. সংসদৰ এখন স্থায়ী সমিতিয়ে চাকৰিয়ালৰ অৱৰৰ বয়স ৬০ৰ পৰা ৬৫বছৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে।  হেমন্ত বিছৱাল নেতৃত্বাধীন এই কমিটিয়ে আয়কৰ ৰেহাইৰ সীমা বৃদ্ধ, কেৱল বয়স্ক লোকৰ বাবে সকলো ৰাজ্যতে ছুপাৰ স্পেচিয়েলিটি হস্পাতাল স্থাপন আদিৰো পৰামৰ্শ আগবঢ়াইছে।  উল্লেখযোগ্য যে,  দেশত গড় আয়ুস বৃদ্ধিৰ ফলত ২০০১ চনৰ ৭.৫%ৰ বিপৰীতে ২০১৬ চনত বয়োজ্যেষ্ঠ লোকৰ সংখ্যা ১২.৪ শতাংশলৈ বৃদ্ধি হব।

৭. গুৱাহাটী প্ৰেছ ক্লাৱত কালি "মানৱ অধ্যয়ন কেন্দ্ৰ"ৰ গৱেষণা পত্ৰিকা "মানৱায়তন"ৰ দুটাকৈ সংখ্যা উন্মোচন কৰিলে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ধ্ৰুৱজ্যোতি শইকীয়াই।


৮. ধুবুৰীত পৰ্যটনৰ বিকাশৰ বাবে চহৰৰ গাতে লাগি থকা ঝগৰা বিলখনক পৰ্যটনস্থলী ৰূপে গঢ়ি তুলি একুৱা পাৰ্কৰ ৰূপত কৰিলে উদ্বোধন। অচিৰেই প্ৰতিমা পাণ্ডে বৰুৱাৰ আৱক্ষ মূৰ্তি স্থাপন কৰাৰো প্ৰতিশ্ৰুতি ৰাজহুৱা কৰিলে জিলা উপায়ুক্তই।

৯. লক্ষ্য ১৭ বছৰ অনুৰ্ধ ফুটবল বিশ্বকাপৰ বাবে স্থান নিৰ্ণয়, অহা ২৭ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰিব ফিফাৰ দলে।

১০. ২০১৪ বৰ্ষৰ শিশুৰ নবেল বঁটাৰ বাবে মনোনীত হ'ল পাকিস্তানী কিশোৰী মালালা ইউচুফজাইৰ নাম। ১৫জনকৈ শিশু অধিকাৰ কৰ্মীক এই তালিকাত মনোনয়ন দিয়া হয় আৰু তাৰে ৩ গৰাকীক এই পুৰস্কাৰেৰে সন্মানিত কৰা হব।

১১. গোসাঁইগাঁৱত চলি আছে অষ্টাদশ অসম ফুটবল ক্লাৱ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। চিৰাঙ বাথৌ ক্লাৱে প্ৰৱেশ কৰিলে ফাইনেলত।

১২. ভাৰতীয় ক্ৰিকেট প্ৰশাসক শ্ৰীনিবাসন নিৰ্বাচিত হ'ল আই চি চিৰ অধ্যক্ষ ৰূপে। অহা জুলাই মাহত গ্ৰহণ কৰিব নতুন দ্বায়িত্ব।

১৩. অৰুণাচল প্ৰদেশৰ নিৰজুলিত অনুষ্ঠিত হোৱা সপ্তম উত্তৰ পূৱ ফিডে ৰেটিঙ দবা প্ৰতিযোগিতাত অসমৰ ১৫গৰাকীকৈ খেলুৱৈৱে সফলতা লাভ কৰাৰ সুখৰ খবৰ।

১৪. ৰাষ্ট্ৰপতি প্ৰণৱ মুৰ্খাজীয়ে দেশত মীমাংসা নোহোৱা ৩.১ কোটি গোচৰক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। 

১৫. জয় আই অসম ধ্বনিৰে গুৱাহাটীত অসমীয়াৰ মন জিনিবলৈ চেষ্টা কৰিলে নৰেন্দ্ৰ মোদীয়ে।  ৩খন ৰেল, ৪হাজাৰ বাছ আৰু ৬হাজাৰ সৰু গাড়ীৰে প্ৰায় ১লাখ লোকে ভিৰ কৰিলে মোদীৰ জনজাগৰণ সভাত। শাসনৰ দ্বায়িত্ব পালে অসম তথা পূৰ্বোত্তৰক উন্নতিৰ জখলাৰে আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিলে নৰেন্দ্ৰ মোদীয়ে। ছাগলী বিক্ৰী কৰা ধন গোটাই কাৰ্বি-আংলঙৰ পৰা মোদীৰ সভালৈ পৰিবৰ্তন বিচাৰি আহি চুতিয়াই তিছ' নামৰ নাগৰিকে লাভ কৰিলে সংবাদ শিৰোনামত স্থান।

১৬. আজি তিতাবৰত অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰৰ উন্মোচন কৰিব মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে।

No comments:

Post a Comment