ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক পদক্ষেপ

ইতিবাচক পদক্ষেপ

Share This
‘আন্তৰিক গ্রন্থ বিনিময় কাৰ্যক্রম’ 
ডঃ বুলজিৎ বুঢ়াগোহাঁই

কেইজনমান প্রাক্তন কটনিয়ানৰ প্রচেষ্টাত গঢ়ি উঠা ‘আন্তৰিক’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত যোৱা ২৩ফেব্রুৱাৰী তাৰিখে শুভাৰম্ভ কৰা ‘আন্তৰিক গ্রন্থ বিনিময় কাৰ্যক্রম’ নামৰ এক ব্যতিক্রমী অনুষ্ঠানত উপস্থিত আছিলোঁ । ‘আন্তৰিক’ৰ সদস্যসকলে জানিব দিয়া মতে কৰা ‘আন্তৰিক গ্রন্থ বিনিময় কাৰ্যক্রম’ত আগ্রহী যিকোনো ব্যক্তিয়েই নিজৰ হাতত থকা গ্রন্থ বিনিময় কৰিব পাৰিব। 

উদ্যোক্তাসকলে জানিব দিয়া মতে প্রত্যেক দেওবাৰে দিনৰ ১১বজাৰ পৰা ২বজালৈ গ্রন্থপ্রেমীসকলে গুৱাহাটীৰ ভৰলুমুখস্থিত ‘আন্তৰিক’ৰ কাৰ্যালয়ৰ পৰা গ্রন্থ বিনিময় কৰিব পাৰিব। অনুষ্ঠানটোৰ বিষয়ে সবিশেষ জানিবৰ বাবে আগ্রহী ব্যক্তিসকলে antorikbookexchange@gmail.com অথবা 
০৯৮৬৪৯-৫৫৯৫৫, ০৯৭০৬৯-৮৪৬০৪ নম্বৰত যোগাযোগ কৰিব পাৰে।


এই উদ্যমৰ ফেচবুকৰ পেজলৈ যাবলৈ ইয়াতে ক্লিক কৰিব পাৰিব

No comments:

Post a Comment