ৰাজনীতি(বাওঁপন্থী বতৰা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনীতি(বাওঁপন্থী বতৰা)

ৰাজনীতি(বাওঁপন্থী বতৰা)

Share This
নিৰ্বাচনৰ পদ্ধতি তথা মিত্ৰতাৰ প্ৰশ্নত
চিপিআই(এম)দলৰ স্থিতি
চিপিআই(এম) বা ভাৰতীয় কমিউনিষ্ট পাৰ্টি(মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় মুখপত্ৰ পিপুলচ-ডেম'ক্ৰেচীত সমাগত লোকসভাৰ নিৰ্বাচন প্ৰসংগত ৰাজনৈতিক শক্তিৰ মিত্ৰতাৰ সন্দৰ্ভত সম্পাদকীয় মতামত প্ৰকাশ কৰিছে।  প্ৰকাশিত মতামতত মিত্ৰ দল-শক্তিৰ যুক্ত চৰকাৰ গঠনৰ ক্ষেত্ৰত ভাৰতত প্ৰতিষ্ঠিত গণতান্ত্ৰিক ব্যৱস্থাই এক পৰিপক্ক ৰূপ গ্ৰহণ কৰা বুলিও মতামত ব্যক্ত কৰিছে।

"ধৰ্মনিৰপেক্ষ-গণতান্ত্ৰিক বিকল্প" শীৰ্ষক প্ৰৱন্ধত লিখিছে "ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে প্ৰজাতন্ত্ৰ দিৱসৰ পূৰ্ৱ সন্ধ্যা ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া ভাষণত" দেশত সুস্থিৰ চৰকাৰ গঠনত গুৰুত্ব দিছে। ৰাষ্ট্ৰপতিয়ে কৈছে - "খণ্ডিত মতামতৰ ওপৰত নিৰ্ভৰশীল চৰকাৰে ততকালীন কাম-কাজত জোৰ দিব লগা হয়। দীৰ্ঘকালীন ফলাফলত গুৰুত্ব দিবলৈ অপাৰগ হয়। ফলত জনমনত সুখানুভূতি সৃষ্টি কৰাৰ পৰিবৰ্তে অশান্তিজনক মনোভাৱ সৃষ্টি কৰে।" সেয়ে ২০১৪ চনৰ নিৰ্বাচনী ৰায়ত দীৰ্ঘকালীন গুৰুত্ব বহন কৰা, সফলতাৰ অনুকূলে জনগণৰ মতামত ঘোষণাৰ আহ্বান জনাইচে ৰাষ্ট্ৰপতিয়ে।

ৰাষ্ট্ৰপতিৰ এনে দৃষ্টিভংগীৰ প্ৰসংগত কাকতৰ সম্পাদকীয় প্ৰৱন্ধত কৈছে- ৰাষ্ট্ৰপতিৰ বক্তব্যই পৰিস্থিতি সাপেক্ষ নিৰ্বাচনী মিত্ৰতাৰ বাবে হেঁচা প্ৰকাশ কৰিছে। ইয়াৰ অৰ্থ হৈছে এটা দলক  সংখ্যাগৰিষ্ঠতা প্ৰদান কৰাতো। ইয়াৰ অবিহনে ৰাষ্ট্ৰত অস্থিৰতা আহি পৰাহে। এনে দৃষ্টিভংগী আমাৰ দেশত প্ৰতিষ্ঠিত সন্মিলিত সংসদীয় গণতন্ত্ৰৰ কামকাজৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহয়। 

আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বৈশিষ্ট্য সমূহক সৱল কৰাৰ বাবে ৰাজনৈতিক শক্তিৰ সমূহৰ যুক্ত প্ৰচেষ্টাহে কাৰ্যকৰী ৰূপত দেখা গৈছে। এনে প্ৰচলিত বহুদলীয় ব্যৱস্থাৰ অবিহনে দেশৰ সামগ্ৰিক ঐক্য ৰক্ষা কৰাত ব্যতিক্ৰমে দেখা দিব। এই অভিজ্ঞতাৰ কথাও আমি গুৰুত্ব দিব লাগিব।

আমাৰ দেশৰ ব্যাপক বৈচিত্ৰ্যতা আৰু আঞ্চলিক দল সমূহে প্ৰতিনিধিত্ব কৰা ভিন্ন স্তৰৰ স্বাৰ্থ-আশা স্পৃহাক আওকান কৰিলে ৰাষ্ট্ৰৰ গাঁথনিত বিপদে দেখা দিব। সামাজিক বৈচিত্ৰ্যতাৰ মাজত ঐক্য ৰক্ষাহে আজি আমাৰ প্ৰধান কৰণীয় ৰূপে বিবেচিত হৈছে। এই প্ৰক্ৰিয়াক শক্তিশালী কৰাত আমাৰ সমবেত অৰিহণা অপৰিহাৰ্য। এনে প্ৰক্ৰিয়াৰে ভাৰতৰ গণতান্ত্ৰিক জীৱন ধাৰাক সমৃদ্ধ কৰিব লাগিব বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস বুলি সম্পাদকীয় মন্তব্য প্ৰকাশ কৰিছে।

আমাৰ দেশত প্ৰতিষ্ঠিত সংসদীয় গণতন্ত্ৰই জনগণৰ শতকৰা ৫০শতাংশতকৈ অধিক জনগণক প্ৰতিনিধিত্ব কৰিব লাগিব। কেৱল মাত্ৰ ১৯৭১চনতহে ইন্দিৰা গান্ধীৰ চৰকাৰে প্ৰদত্ত ভোটৰ পঞ্চাশ শতাংশতকৈ বেছি ভোটেৰে গৰিষ্ঠ সংখ্যক লোকৰ ৰায়ক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু বৰ্তমানৰ চৰকাৰে দেশৰ এক তৃতীয়াংশতকৈ কম ভোটহে লাভ কৰি শাসন লাভ কৰিছে। তাৰ অৰ্থ দেশৰ জনগণৰ বেছিভাগ মানুহেই আচলতে এই দলৰ শাসনৰ বিৰোধীহে!

এই দিশটোক গুৰুত্ব দিবলৈ হ'লে আমাৰ দেশৰ নিৰ্বাচনী ব্যৱস্থাত আনুপাতিক প্ৰতিনিধিত্বৰ ব্যৱস্থা প্ৰবৰ্তন কৰাটো অপৰিহাৰ্য হব। দল সমূহে লাভ কৰা মুঠ ভোটৰ ওপৰত ভিত্তি কৰি সংসদত সেইদলৰ প্ৰতিনিধিৰ সংখ্যা নিৰুপণ কৰাৰ ব্যৱস্থা হব লাগিব। তেহে সংখ্যাধিক সমৰ্থন লাভ কৰা সকলৰ লগতে মাত্ৰ কেইশমান ভোটৰ ব্যৱধানত পৰাজিত হোৱা দলৰো প্ৰাৰ্থীয়ে সংসদত প্ৰকৃত বিৰোধীৰ ৰূপত অৱতীৰ্ণ হবলৈ সুযোগ পাব। গণতান্ত্ৰিক শাসন প্ৰক্ৰিয়াত শক্তিশালী কৰাৰ বাবে এনে বিকল্প চিন্তাৰে আগুৱাবলৈ ভাৰতে অনাগত দিনত এনে  বিকল্প গ্ৰহণ কৰাৰ কথাও চিন্তা কৰিব লাগিব।

No comments:

Post a Comment