সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, অসমীয়া বিজ্ঞানী বনাম টিভি চেনেল
দেৱব্ৰত গগৈ
অসমত কবি , গল্পকাৰ , গায়ক , অভিনেতা আদি কিমান আছে বাৰু ? হিচাব হয়তো দিবলৈ অসম্ভৱ। পিছে অসমত বাৰু বিজ্ঞানী কিমান আছে ? বহুতৰে ধাৰণা যে অসমত বিজ্ঞানী নাথাকে, সকলো উচ্চ শিক্ষা সাং কৰিয়েই বাহিৰলৈ যায়গৈ। ইউনিৰ্ভাচিটিবোৰৰ বাহিৰে অসমত বিজ্ঞানত উচ্চশিক্ষা থকা বা বিজ্ঞানত গৱেষণা কৰা লোক নাই। ইয়াৰ বিপৰীতে এইখন অসমতে কিন্ত বহু অসমীয়া বিজ্ঞানীয়ে সীমিত সা-সুবিধাৰে নিজৰ গৱেষণাত ব্যস্ত , নীৰৱে।

অসমৰ বিভিন্ন স্থানত কেন্দ্ৰীয় চৰকাৰৰ অধীনত ভিন ভিন বিষয়ৰ বহুকেইখন বিজ্ঞানৰ গৱেষণা কেন্দ্ৰ আছে। যেনে ডিব্ৰুগড়ৰ ICMR Indian council for Medical Research ৰ অধীনত থকা আঞ্চলিক গৱেষণা কেন্দ্ৰত বহু কেইজন অসমীয়া বিজ্ঞানীয়ে অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ মেলেৰিয়া , ছুৱাইন-ফ্লুৰ দৰে ৰোগৰ গৱেষণা কৰি ৰাইজৰ উপকাৰ সাধিছে । ইফালে যোৰহাটত অৱস্থিত RRL ত যোৱা কেইৱা দশক জুৰি অসমীয়া বিজ্ঞানীয়ে জনসাধাৰণৰ কামত অহা নানানটা গৱেষণা কৰি আছে। ঠিক তেনেদৰে তেজপুৰত থকা Defence Research Laboratory ত ভাৰতীয় সেনাৰ প্ৰয়োজনত অহা বিভিন্ন বৈজ্ঞানিক বিষয়ত গোস্বামী, বৰা, বৰঠাকুৰ উপাধিৰ অসমীয়া বিজ্ঞানীয়েই গৱেষণা কৰি আছে।

ৰাজ্যত গৰু-মহৰ চবকা ৰোগ নিয়ন্ত্ৰণ কৰাত গুৱাহাটীৰ FMD কেন্দ্ৰৰ বিজ্ঞানীসকলে খেতিয়কসকলক সকলো সময়তে সহযোগ কৰি ৰাজ্যখনৰ পশুধন ৰক্ষা কৰাত অৰিহণা যোগাই আহিছে।

গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চল ৰাণীত দেশৰ একমাত্ৰ গাহৰি গৱেষণা আৰু উত্পাদন কেন্দ্ৰ National Research center on Pig টো স্থাপন হৈছে আৰু ইয়াত বহুকেইজন অসমীয়া পশুবিজ্ঞানীয়ে গাহৰি আৰু ইয়াৰ মাংসৰ ওপৰত গৱেষণা কৰি ৰাজ্যখনৰ গাহৰি পালন কৰা খেতিয়কসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

ইফালে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ সহযোগত স্থাপন কৰা NERDDLৰ বিজ্ঞানীসকলে ৰাজ্যত বাৰ্ড-ফ্লুৰ দৰে মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰি অসমৰ হাঁহ আৰু মুৰ্গী পালকসকলক সহায় কৰি আছে।

1979 চনতে অসম বিজ্ঞান সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত স্থাপন হোৱা Institute for Advance Study for Science & Technology নামৰ প্ৰতিষ্ঠানটো প্ৰাথমিক অৱস্থাত যথেষ্ঠ আৰ্থিক অসুবিধাৰ মাজেৰে পাৰ কৰিছিল আৰু 2009 চনত কেন্দ্ৰীয় চৰকাৰৰ Department of Science & Technologyৰ অধীনলৈ আহে আৰু এইয়া সম্ভৱ হৈছে একমাত্ৰ তাত গৱেষণাৰত বিজ্ঞানীসকলৰ নিৰলস প্ৰচেষ্টাত। অসমৰ একমাত্ৰ স্বায়ত্তভাবে পৰিচালিত এই গৱেষণা প্ৰতিষ্ঠানটো অসমৰ গৌৰৱ আৰু অন্যতম জাতীয় সম্পদ।

1953 চনতে জন্ম হোৱা অসম বিজ্ঞান সমিতিয়ে 1961 চনৰ পৰা একেৰহে অসমৰ একমাত্ৰ বিজ্ঞান ভিত্তিক আলোচনী বিজ্ঞান জেউতিৰ প্ৰকাশ কৰি আহিছে আৰু এই গুৰুত্বপুৰ্ণ কামটোত জড়িত হৈ আছে অসমৰেই এচাম অসমীয়া বিজ্ঞানী আৰু অসমত বিজ্ঞানক জনপ্ৰিয় কৰা কামত জড়িত হৈ থকা বহু কেইজন ব্যক্তি।

অসমত এনেদৰে নীৰৱে বিজ্ঞানক অসমৰ জন-জীৱনত প্ৰভাৱ পেলোৱাকৈ কৰ্মৰত বিজ্ঞানীসকলৰ কথা আমাৰ দৰে সাধাৰণ লোকে বেছিকৈ নাজানো। জানিমেই বা কেনেকৈ ? যিখন ৰাজ্যৰ বাতৰি কাকতবোৰে প্ৰথম পৃষ্ঠাত কেৱল পূজা-পাতল বা ইফটাৰৰ ৰাজনীতিৰ বাতৰি ছপায় , যিখন ৰাজ্যৰ মুৰব্বী তথা অভিভাৱকজনে হাতে-ডিঙিয়ে আঙুঠি-মাদলি পিন্ধি মঠ-মন্দৰি আৰু ধৰ্মগুৰুক পৰি পৰি সেৱা কৰি থাকে, যিখন ৰাজ্যৰ সচিবালয়বোৰৰ আচবাব আৰু খিৰিকি-দুৱাৰবোৰ বাস্ত-শাস্ত্ৰৰ মতে ভঙা-পতা কৰি থাকে , সেইখন ৰাজ্যৰ সংবাদ-মাধ্যমবোৰৰ আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনাও সেইসকল বিজ্ঞানীৰ খৱৰ লবলৈ আৰু আমাক তেওঁলোকৰ খৱৰ দিবলৈ আহৰি নাই , গুৰুত্ব নাই।

কালি ২৮ ফেব্ৰুৱাৰী , ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা সেইসকল অসমীয়া বিজ্ঞানীলৈ আমি শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছো, যিসকলে বিদেশ আৰু দেশৰ আন ৰাজ্যৰ তুলনাত সীমিত সা-সুবিধা, সহযোগ তথা প্ৰতিকুল সামাজিক পৰিৱেশ আৰু পৰিস্থিতিৰ মাজতো তেওঁলোকৰ গুৰুত্বপুৰ্ণ গৱেষণাৰ কাম-কাজবোৰ আগুৱাই ৰাজ্য আৰু জাতিটোলৈ নীৰৱে গুৰুত্বপুৰ্ণ অৱদান আগবঢ়াই আছে।

তাৰ বিপৰীতে, অসমীয়া টিভি চেনেলে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দৰে গুৰুত্বপূৰ্ণ দিনত পালন কৰা ভূমিকাক লৈয়ো মনত প্ৰশ্নৰ উদয় হৈছে। সাধাৰণ ফকটীয়া গানৰ দুটামান শব্দক লৈ অনুপম চক্ৰৰ্ৱতীৰ দৰে জ্যেষ্ঠ সাংবাদিকে টিভিত এঘণ্টা সময় খৰচ কৰিব পাৰে , নন্দন প্ৰতিম শৰ্মা বৰদলৈ দৰে সাংবাদিকে কোনোবা গুণ্ডাই আধাৰশিলা ভঙাক লৈ এঘণ্টা খৰচ কৰিব পাৰে , সেইসকল জ্যেষ্ঠ সাংবাদিকে কিন্তু আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনাও অসমৰ কোনো এজন বিজ্ঞানী বা ওপৰত উল্লেখ কৰা বিজ্ঞান প্ৰতিষ্ঠানক লৈ এঘণ্টাৰ প্ৰগ্ৰেম এটা কৰিব নোৱাৰিলে। )

তাৰ বিপৰীতে দেখা গ'ল আঠ বজাৰ প্ৰাইম টাইম প্ৰগেমত নিউজ লাইভত পংকজ পাঠকৰ লাইভ বিধান দি আছে, কিমধিকমিতি ....!!

1 comment:

  1. কি কৰিব, এয়াই আমাৰ অসম ৷

    ReplyDelete