সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অতি দেশপ্ৰেমী বনাম দেশদ্ৰোহী সজোৱাৰ নতুন ধাৰা
ইঞ্জিনিয়াৰ জাকিৰ হুছেইন
বিগত কেইবছৰমান বিভিন্ন অকাৰণত বা অযুক্তিকৰ দেশখন বেছ অশান্ত হৈ আছে। দেশৰ বিভিন্ন প্ৰান্তত এনে কিছু অবাঞ্চিত তথা অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ল যিবোৰকলৈ অসহিঞ্চুতাৰ প্ৰশ্নত সেইবোৰ একো একোটা ৰাজনৈতিক-সামাজিক ইছ্যু হৈ পৰিল। স্মৰ্তব্য যে বিভিন্ন ধৰ্ম, ভাষা-ভাষী, কৃষ্টি-সাংস্কৃতিক বৈচিত্ৰৰ মাজত ঐক্যৰ চানেকি দাঙি ধৰা বাবেই বিশ্বৰ ইতিহাসত ভাৰতবৰ্ষই এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূলতে আছে বহুত্ববাদৰ ধাৰণা। কেৱল ধাৰণাই নহয় এইখন দেশে যুগ যুগ ধৰি বহুত্ববাদৰ সাধনা কৰি আহিছে। বহু সময়ত ধাৰ্মীক, সামাজিক, সাংস্কৃতিক অন্তৰ্বিৰোধে গা কৰি উঠিলেও আমাৰ সামাজিক ঐক্যতানে বহুত্ববাদী সংস্কৃতি আৰু সংহতিৰ গতিধাৰাক আগুৱাই লৈ গৈছে। যোৱা তিনিটা বছৰত আমাৰ সামাজিক ঐক্যৰ, বৈচিত্ৰৰ এই ধাৰাৰ ওপৰত কৰা মোক্ষম আঘাটৰ ফলশ্ৰুতিত চৰম অসহিঞ্চুতাই গা কৰি উঠা বুলি ধাৰণা কৰা হৈছে।

মূলতঃ দেশৰ সংখ্যাগুৰু/ স্বয়ম্ভু ৰাষ্ট্ৰবাদী সকল যেন অসহিঞ্চু হৈ পৰিছে আন আন ভাষা-ভাষী, জাতি-ধৰ্মৰ সংখ্যালঘু লোকৰ বিৰুদ্ধে। সংখ্যাগৰিষ্ঠৰ একাধিপত্ব প্ৰতিষ্ঠাৰ বাবে অতি সন্তৰ্পণে, প্ৰৰোচনামূলকভাৱে এক নিৰ্বিৰোধ অসহিঞ্চু আন্দোলন গঢ় লৈ উঠিছে। ফলত দেশৰ গণতান্ত্ৰিক পৰিকাঠামো, প্ৰজাতন্ত্ৰী সংবিধান, ধৰ্মনিৰপেক্ষ নীতি, ঐক্য-সংহতি তথা ভাতৃত্ববোধৰ মুল ভাৱধাৰা ভাৰাক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। দেশৰ সাংস্কৃতিক, ৰাজনৈতিক সমন্বয় তথা সংহতিৰ ভাৱধাৰাৰ ওপৰত বিভিন্ন দিশৰ পৰা আক্ৰমন চলিছে। এই সকলোবোৰ দেখিও দেশৰ শাসকগোষ্ঠীয়ে চকু মুদা কুলিৰ ভাও ধৰিছে। বৰং যিসকলে এই অবাঞ্চিত গতিধাৰাৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকৰ চৰিত্ৰহননত নামিছে সমৰ্থকসকল। তেওঁলোকক সৰ্বতোপ্ৰকাৰে অপমানিত কৰি, তীৰ্যক আক্ৰমন চলাই তেওঁলোকৰ মুক্তকণ্ঠ, মুক্তচিন্তা ৰুদ্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। গো-মাংস ভক্ষন, হিন্দু-মুছলিম বিবাহকে ধৰি নানানটা সংহতি বিনষ্টকাৰী মনোভাৱ চাৰিওদিশে শিপাই পেলোৱা হৈছে। সমৰ্থকসকলে উগ্ৰভাৱে অসহিঞ্চুতা বিৰোধী লেখক, কবি, সাহিত্যিক, শিল্পী, কবি, বিজ্ঞানী, অৰ্থশাস্ত্ৰবিদ, ইতিহাসবিদ, বোলছবি অভিনেতা সহ বহুলোককে বাৰে বাৰে অপমান কৰাত উঠিপৰি লাগিছে। গুলাম আলীক গাবলৈ দিয়া নহ’ব, গো-মাংস নিষিদ্ধ কৰিব লাগিব, সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতাৰ মুল ধাৰণাকে সলনি কৰাৰ প্ৰয়াস, অসহিঞ্চুতাৰ বিৰুদ্ধে মুখ খুলিলেই পাকিস্তানৰ সমৰ্থক, দেশদ্ৰোহী সজোৱাৰ প্ৰপাগাণ্ডা চলোৱা ইত্যাদি ঘটনাৰাজিয়ে যেন শ্বাসৰুদ্ধকাৰী পৰিস্থিতিৰ উদ্ভৱ কৰিছে।

ভাৰতীয় ৰাজনীতিত আমূল পৰিবৰ্তন পৰিলক্ষিত হৈছে। ৰাজধানী দিল্লী হৈ পৰিছে ছাত্ৰ ৰাজনীতিৰ বিভৎসতাৰ কেন্দ্ৰবিন্দু। এখন স্বাধীন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ জনগণৰ মতামত প্ৰকাশৰ স্বাধীনতাৰ অপৰিসীম গুৰুত্ব আছে। ভাৰতীয় সংবিধানৰ ১৯নং দফাৰ যোগেদি ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিককে নিজৰ মতামত প্ৰকাশ কৰাৰ স্বাধীনতা প্ৰদান কৰা হৈছে। এই অধিকাৰ পিছে সীমাহীন নহয়। সংবিধানৰ ১৯ নং দফাৰ ২ নং অনুচ্ছেদত সংবিধানে এই অধিকাৰৰ ওপৰত কেইটামান বিষয়ৰ ওপৰত মতামত প্ৰকাশৰ স্বাধীনতা খণ্ডন কৰিছে। সেই বিষয়কেইটাৰ এটা হৈছে ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি। কোনো নাগৰিকৰ মতামত প্ৰকাশৰ স্বাধীনতা ৰাষ্ট্ৰৰ সুৰক্ষা আৰু নিৰাপত্তাৰ উৰ্ধত হ’ব নোৱাৰে।

দেশৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ দেশবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাকলৈ যোৱা বছৰ দেশজুৰি তুমুল বিতৰ্কৰ সুত্ৰপাত হয়। বিশ্ববিদ্যালয়ৰ চৌহদত কেইজনমান ছাত্ৰই ৰাষ্ট্ৰবিৰোধী ভাষণ আৰু শ্লোগান দিয়াত ঘটনাটোৱে সমগ্ৰ দেশত উত্তেজনাৰ সৃষ্টি কৰিছিল। এচাম ছাত্ৰ-ছাত্ৰীয়ে ‘ভাৰতক টুকুৰা টুকুৰ নকৰালৈ যুদ্ধ কৰি যাম’ আৰু ‘পাকিস্তান জিন্দাবাদ’ বুলি ধ্বনি দিয়াৰ অভিযোগ উঠিছিল। দৃশ্যাংশ কেমেৰাতো বন্দী হৈছিল যদিও ভিডিঅ’ ক্লিপ ডক্টৰড বুলিও চৰ্চা হৈছিল। ঘটনাটোৱে দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ পিছত উক্ত অনুস্থানটোৰ আয়োজনত জড়িত থকাৰ অভিযোগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি কানহাইয়া কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু কানহাইয়া কুমাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰ প্ৰতিবাদমুখৰ হৈ পৰে আৰু চৰকাৰে তাক দমন কৰাৰ পুৰাদমে চেষ্টা চলাই। বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষকেও এই ছাত্ৰ সকলক সমৰ্থন আগবঢ়াই। আৰক্ষীয়ে তালাচী চলাই ছাত্ৰাবাসৰ পৰা ছাত্ৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক চৰকাৰী সন্ত্ৰাস বুলি অভিহিত কৰা হয়। ছাত্ৰসকলে নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ খৰ্ব কৰাত ব্যাপক প্ৰতিবাদ হয়। কানহাইয়া কুমাৰক আদালতত হাজিৰ কৰিবলৈ নিয়াৰ সময়ত প্ৰতিবাদকাৰী ছাত্ৰ, শিক্ষক আৰু একাংশ অধিবক্তাৰ মাজত হতাহতিৰ পৰিৱেশৰ সৃষ্টি হৈছে। দিল্লী বিধানসভাৰ বিজেপি বিধায়ক এজনো মাৰ পিটত জড়িত হৈ পৰে। প্ৰতিবাদমুখৰ ছাত্ৰ সকলক দেশদ্ৰোহী অভিহিত কৰি নিজকে দেশপ্ৰেমিক বুলি ঘোষণা কৰা একাংশ লোকে আদালত চৌহদতে ছাত্ৰ সকলৰ লগত দুৰ্বাদল কাজিয়া আৰু মাৰ পিটত লিপ্ত হৈছে। তেতিয়াৰ পৰাই ছাত্ৰ ৰাজনীতিত দেশদ্ৰোহী বনাম দেশপ্ৰেমিকৰ বিতৰ্ক তথা শাৰিৰীক দুৰ্বাদল কাজিয়া অব্যাহত আছে। পিছে এতিয়া কানাহাইয়া কুমাৰৰ বিৰুদ্ধে সকলো অভিযোগ আদালতে খাৰিজ কৰিছে, কিন্তু সেই কথাৰ প্ৰচাৰ ৰাষ্ট্ৰবাদী সকলে সেই সমানজোৰেৰে কৰিব পৰা নাই!

শেহতীয়াকৈ শাসক দলৰ ছাত্ৰ সংগঠন এবিভিপিৰ সৈতে বাম সমৰ্থিত ছাত্ৰ সংগঠন তথা শিক্ষাবিদৰ একাংশৰ সংঘাতে কদৰ্যৰূপ ধাৰণ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ ৰামযশ কলেজৰ এক আলোচনা সভাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ৰাষ্ট্ৰবাদী একাংশই এসময়ত দেশদ্ৰোহৰ অভিযোগ তোলা অভিযুক্ত জে এন ইউৰ ছাত্ৰ ওমৰ খালিদক। এই কাৰ্যত বিতুষ্ট হৈ কলেজ কৰ্তৃপক্ষৰ ওপৰত প্ৰচণ্ড চাপ প্ৰদান কৰে এবিভিপিয়ে। ফলত অনুস্থান বাতিল কৰিবলগা পৰিস্থিতিৰ উদ্ভৱ হয়। তাৰ পিছদিনা এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ এচ এফ আই তথা আইছাই প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি থাকোতেই এবিভিপিয়ে বাধা দিয়াৰ চেষ্টা কৰে আৰু দুয়োপক্ষৰ মাজত শাৰীৰিক সংঘৰ্ষৰ সুত্ৰপাত ঘটে। ঘটনাত ছাত্ৰ-ছাত্ৰীৰ সৈতে শিক্ষককো প্ৰহাৰ কৰি গুণ্ডাবাহিনীয়ে অতি দেশপ্ৰেমৰ নতুন চানেকি দাঙি ধৰে!

ফলত দেশজুৰি এই বৰ্বৰতাৰ আৰু পুলিচৰ ধৃতৰাষ্ট্ৰ ভূমিকাৰ সৱল প্ৰতিবাদ কৰে শিক্ষাবিদৰ একাংশৰ লগতে পথলৈ ওলাই আহে দিল্লী বিশ্ববিদ্যালয়ৰ একাধিক কলেজৰ ছাত্ৰ-ছাত্ৰী। কিন্তু তাৰ মাজতে লেডি শ্ৰীৰাম কলেজৰ ছাত্ৰী গুৰমেহৰ কৌৰে চচিয়েল এখন ছবি প’ষ্ট কৰাকলৈ বিতৰ্কৰ সূত্ৰপাত হয়। তেওঁ ছবিখনত এখন প্লেকাৰ্ড ধৰি ৰাখিছে আৰু তাত লিখা আছিল- ‘মই দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। মই এবিভিপিক ভয় নকৰো। মই অকলে নাই। দেশৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী মোৰ লগত আছে।’ কাৰ্গিল শ্বহীদ দুহিতা গুৰমেহৰৰ বক্তব্য হ’ল – ‘ৰাষ্ট্ৰীয়তাবাদৰ সংজ্ঞা মই এবিভিপিৰ পৰা শিকিব নাযাওঁ।’

‘ষ্টুদেন্ট এগেইনষ্ট এবিভিবি’ৰ অধীনৰ পেজবোৰত তেওঁ প’ষ্টবোৰ কৰাৰ লগে লগে দেশজুৰি চ'ছিয়েল মেডিয়াত অভূতপূৰ্ব সমৰ্থন লাভ কৰিব সক্ষম হয়। তাকে দেখি কোনো এটা চক্ৰই গুৰমেহৰ কৌৰে এবছৰ আগেয়ে প’ষ্ট কৰা এটা ভিডিঅ’ৰ একাংশ চ'ছিয়েল মিডিয়াত প’ষ্ট কৰি তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ প্ৰচাৰ চলাই। স্মৰ্তব্য যে যোৱা বছৰ ভাৰত-পাকিস্তানৰ মাজত শান্তি স্থাপনৰ লক্ষ্যৰে শ্বহীদ কন্যা কৌৰে ‘পিচ ভিডিঅ’ শীৰ্ষক এক শব্দবিহীন ভিডিঅ প্ৰকাশ কৰিছিল। কেইবাখনো প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰস্তুত কৰা ভিডিঅটোৰ এখন প্লেকাৰ্ডত কৌৰে লিখিছিল – ‘মোৰ পিতৃক পাকিস্তানে হত্যা কৰা নাছিল, বৰং যুদ্ধইহে তেওঁৰ প্ৰাণ কাঢ়ি নিছিল।’ প্ৰসঙ্গ সঙ্গতি নোহোৱাকৈ এই প্লেকাৰ্ডখন টানি আনি কৌৰৰ বিৰুদ্ধে চৰিত্ৰহননৰ প্ৰচাৰ চলোৱা হ’ল। তেওঁক দেশদ্ৰোহী সজোৱাৰ চেষ্টা চলোৱা হ’ল। আনকি শ্বহীদ পিতৃকো অপমান কৰা পৰিলক্ষিত হ’ল। উৰহী গছৰ ওৰ নোলোৱাকৈ অতি দেশপ্ৰেমী বনাম দেশদ্ৰোহীৰ প্ৰচাৰৰ তাড়ণাতে বিজেপি দলৰ সাংসদ, মন্ত্ৰী, চেলিব্ৰিটি, ক্ৰিকেটাৰৰ বহুতেই তেওঁক ককৰ্থনা কৰিলে। যাৰ কাৰণে পাছত তেওঁলোকে লজ্জিত হোৱাৰ লগতে ৰাজহুৱা মাধ্যমত ক্ষমা প্ৰাৰ্থনা কৰিব লগাও হয়।
প্ৰশ্ন হয় শ্বহীদ কন্যাই দুই দেশৰ মাজত যুদ্ধ নিবিচাৰি কি দেশদ্ৰোহী কাৰ্য কৰিলে? শান্তি স্থাপনৰ প্ৰচেষ্টা অপৰাধ বা দেশদ্ৰোহ নেকি? ই অনস্বীকাৰ্য্য যে প্ৰতিজন ভাৰতীয় ধমনিয়ে ধমনিয়ে প্ৰবাহিত হৈ পাকিস্তানৰ বিৰুদ্ধে ঘৃণা-বিদ্বেষ। পাকিস্তানৰ দৰে ব্যৰ্থ ৰাষ্ট্ৰ, আমাৰ চিৰবৈৰী আৰু সন্ত্ৰাসবাদৰ ঘাটিত পৰিণত হোৱা দেশ এখনৰ প্ৰতি সহমৰ্মিতা কোনো কাৰণতে উচিত নহয়। কাৰ্গীলৰ যুদ্ধও পাকিস্তানৰ পৃষ্ঠপোষকতাত হে সংঘটিত হৈছিল। সকলো কথা জানি শুনিও পিতৃহাৰা কৌৰে নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছে আৰু দুয়োখন দেশৰ মাজত যুদ্ধৰ পৰিবৰ্তে শান্তি বিচাৰিছে। এই সৎসাহসৰ প্ৰতি আমি সন্মান জনোৱা উচিত নহয় জানো? গুৰমেহৰৰ বন্ধুবৰ্গৰ মতে, তেওঁ এনেও মানসিকভাৱে চাপত আছিল৷ পুলিচ অথবা কেন্দ্র চৰকাৰ তৎস্বত্বেও গুৰমেহৰৰ পক্ষত থিয় দিবলৈ উদ্যোগী নহ’ল৷ চৰকাৰৰ সাংসদ, মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী বা বিজেপি দলৰ নেতাই হওক নতুবা ক্ৰিকেটাৰে হওক ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ অথবা এইদৰে কটাক্ষ কৰাৰ কোনো অধিকাৰ নাই৷ উদ্দেশ্যপ্রণোদিতভাৱে ৰামযশ কলেজৰ গাত ‘দেশদ্রোহী’ৰ কালিমা সানি দিয়াৰ চেষ্টা কৰা হৈছিল বুলি অভিযোগ উঠিছে। ৰামযশ কলেজত যি আলোচনা চক্ৰৰ আয়োজন কৰাৰ কথা আছিল তাত জেএনইউ-ৰ ওমৰ খালিদসহ মুঠ ১৩ জন বক্তা আছিল৷ অন্য কাকোৱে লৈ সমস্যা নাছিল কিন্তু ওমৰকলৈ এবিভিপি সদস্যসকলে  নিকৃষ্ট  ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উঠে। অথচ সেই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে কাকো জোৰ কৰা হোৱা নাছিল৷ পাছত বাধ্য হৈ সেই অনুষ্ঠান বাতিল কৰিবলগা পৰিস্থিতিৰ উদ্ভৱ কৰা হৈছিল। এয়া ছাত্র-ছাত্রী তথা সাধাৰণ মানুহৰ গণতান্ত্রিক অধিকাৰৰ ওপৰত হস্তক্ষেপ৷ কিন্তু এনেভাৱে ছাত্ৰ আন্দোলনসমূহ দমন কৰা সম্ভৱপৰ নহ’ব।
চৰকাৰৰ বিৰুদ্ধে মাত মতা সকলো লোককে ‘দেশদ্ৰোহী’ সজোৱা ৰাজনীতি ভাৰতীয় গণতন্ত্ৰত এক নৱতম পৰম্পৰা। ছাত্ৰ নেতাৰ কথা বাদেই দিলো, লেখক-লেখিকা, বোলছবি অভিনেতা-পৰিচালক, চিত্ৰকাৰ, বিজ্ঞানী, সমাজ সচেতক সমন্বিতে যিয়েই চৰকাৰ তথা হিন্দুত্ববাদৰ বিৰোধিতা কৰিছে, তেওঁলোক সম্মূখীন হৈছে চৰকাৰৰ পৃষ্ঠপোষকতাত অপৰিসীম ৰোষৰ। ৪২ গৰাকী তেনে ব্যক্তিৰ বিৰোধীতা ইতিমধ্যে হৈ গৈছে। তেওঁলোকৰ চৰিত্ৰহনন, দেশদ্ৰোহী, ৰাজনৈতিক এজেন্ট, পাকিস্তান সমৰ্থক আখ্যাৰে তেওঁলোকৰ বাক স্বাধীনতা খৰ্ব কৰাৰ চেষ্টা কৰা হ’ল। কানহায়া কুমাৰৰ বিৰুদ্ধাচৰণত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই একে পৰিস্থিতি গুৰমেহৰৰ ক্ষেত্ৰতো। এফালে কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজু, বিজেপি সাংসদ সাক্ষী মহাৰাজৰ পাছত গুৰমেহৰক আক্রমণ কৰে হাৰিয়ানাৰ মন্ত্রী অনিল ভিজ৷ বিতর্কিত মন্তব্য কৰাত পটু ভিজে কয় যে যিয়ে গুৰমেহৰৰ প্রচাৰক সমর্থন কৰে তেওঁলোক দৰাচলতে পাকিস্তান সমর্থক৷ এইসকল লোকক দেশৰ পৰা বিতাড়িত কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে। দেশখনত যিয়েই বিৰুদ্ধাচৰণ কৰে তেওঁলোকৰ ওপৰত দেশদ্ৰোহীতাৰ কাৰ্ড খেলা নীতিয়ে দেশখনৰ গণতান্ত্ৰিক পৰিকাঠামোৰ ওপৰত মোক্ষম আঘাত হানিব ধৰিছে। দেশৰ জনসাধাৰণে ৰাষ্ট্ৰযন্ত্ৰৰ শোসন, বঞ্চনা বা চৰকাৰী নীতিৰ বিৰুদ্ধে মাত মাতিবই। এয়া দেশৰ বিৰুদ্ধে নহয় শাসনত অধিস্থিত শাসকৰ বিৰুদ্ধে ক্ষোভ।

দেশৰ বিশ্ববিদ্যালয় সমূহত ৰাজনৈতিক কুচকাৱাজ নতুন কথা নহয়। কিন্তু ছাত্ৰসকলৰ ৰাজনৈতিক বিভাজনে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ দূষিত কৰি তুলিছে। ছাত্ৰসকল বিভিন্ন মতাদৰ্শত বিশ্বাসী হোৱাত বা নিজৰ মতামত ব্যক্ত কৰাত কোনো আপত্তিৰ কাৰণ থাকিব নোৱাৰে। একাংশ ছাত্ৰই ৰাষ্ট্ৰৰ শাসকবিৰোধী মতবাদ পোষণ কৰাটোও নতুন কথা নহয়। কেম্পাচ ভিন্ন, ছাত্ৰ-ছাত্ৰীও, কিন্তু মিল আছে প্রতিবাদ আৰু আন্দোলনত৷ প্রতিবাদৰ বিৰোধীতা, ৰাজনীতিৰ দবা খেলাত ভুক্তভোগী হাইদৰাবাদৰ দলিত ছাত্র ৰোহিত ভেমুলা, জেএনইউ-ৰ স্টুডেন্ট ইউনিয়নৰ প্রেচিডেন্ট কানহাইয়া কুমাৰ আৰু লেডী শ্ৰীৰাম কলেজৰ গুৰমহৰ কৌৰ৷ তিনিও বেলেগ বেলেগ লোক, বেলেগ পৰিস্থিতিৰ যদিও প্ৰতিবাদ তিনিওজনে কৰিছে। ৰোহিতে কৰিলে আত্মহত্যা, কানহাইয়া গ’ল তিহাৰ জেলত ১৪ দিন আৰু গুৰমেহৰ হ’ল অপদস্থ। এয়াই নেকি অভিব্যক্তি প্ৰকাশৰ পৰিণতি, এয়াই বাক স্বাধীনতা! দেশৰ নাগৰিকসকলৰ দেশপ্ৰেম কোনে নিৰ্ণয় কৰিব? প্ৰশ্ন হয়, আমাৰ দেশৰ নাগৰিকৰ দেশপ্ৰেম নিৰ্ণয় কৰিবলৈ, প্ৰতীয়মান কৰিবলৈ কাৰোবাক ঠিকা দিয়া হৈছে নেকি? নে অতি দেশভক্তিও চোৰৰহে লক্ষণ মাথো!
লেখকৰ ফোনঃ ৭০৮৬০ ২২৭৫৪

No comments:

Post a Comment