বিতৰ্ক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সংস্কৃত ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত
১.
মূল্যবোধৰ শিক্ষাহে বাধ্যতামূলক হওক
মনোৰম গগৈ
কোনো কোনোৱে যুক্তি দিছে যে সংস্কৃত যিহেতু 'দেৱভাষা' , গতিকে ইয়াক বাধ্যতামূলক কৰাৰ বাবে ভাল হৈছে! অসমৰ ল'ৰা-ছোৱালী সকলোৱে এতিয়া দেৱতাৰ ভাষা শিকি 'দেৱ-দেৱী' হৈ যাব!

আমাৰ বোধেৰে আমি প্ৰথমতে দেৱতা হোৱাতকৈ 'মানুহ' হোৱাৰ অনুশীলন কৰাৰহে অধিক প্ৰয়োজন আছে! আৰু সেইবাবেই সংস্কৃততকৈ নীতি-শিক্ষা, মূল্যবোধৰ শিক্ষা বা চৰিত্ৰ গঢ়াৰ অব্যৰ্থ শিক্ষাহে বাধ্যতামূলক কৰাটো বেছি জৰুৰী।
২.
কোনোৱে আৰৱী ভাষা বাধ্যতামূলক কৰিব খুজিলে পিছে কি প্ৰতিক্ৰিয়া হব?
দেৱব্ৰত গগৈ
“ইম, ইবা, ইব” ইছেলা, ইছিলো ,ইছিলি নাইবা “is, was, will…. Have, has, had” এইখিনিয়ে কণ কণ ল’ৰা-ছোৱালীবোৰক হেঁচা মাৰি আছিলেই এতিয়া সিহঁতি গাব লাগিব
“নৰঃ , নৰৌঃ , নাৰাঃ” ,
নৰেনৌঃ , নৰভ্যাসঃ , নৰেনঃ.” ।
কি যে কু-ক্ষণত সেই ভাষাপ্ৰেম , জাতীয় আবেগ , জাতীয় দায়িত্ব ইত্যাদিবোৰ এই খাৰখোৱা মগজুটোত সোমাইছিলহি নাজানো, নাৰেংগীৰ আৰ্মী স্কুলত কণমাণিটোৱে পোৱা আসনৰ সুযোগটো একাষৰীয়া কৰি থৈ তাক ভাষা আৰু জাতিপ্ৰেমৰ দোহাই দি অসমীয়া মাধ্যমৰ স্কুলত ভৰ্তি কৰাইছিলো। এতিয়া যেন সেইয়া এক ভুল সিদ্ধান্তহে আছিল তেনে ভাব হবলৈ আৰম্ভ কৰিছে । পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল , উত্তৰ বহী জ্বলোৱা , উত্তৰ বহী গৰুৱে খোৱা এইবোৰ আছিলেই , এতিয়া ভুতৰ ওপৰত দানহ পৰাদি মৃত-ভাষা এটাক পুনৰুদ্ধাৰৰ নামত কণ কণ শিশুবোৰৰ ওপৰত অপ্ৰয়োজনীয় বোজা এটা জাপি দিব বিচৰা হৈছে।

এগৰাকী ভক্তই কৈছে যে, শব্দই হেনো ব্ৰহ্ , সেইবাবে হেনো স্কুলত সংস্কৃত ভাষাটো বাধ্যতামূলক কৰা কামটো ভাল হৈছে । তাৰমানে আমাৰ অসমীয়া , বড়ো, কাৰ্বি বা ইংৰাজী ভাষাৰ শব্দবোৰ ব্ৰহ্ম নহয় নেকি ? কাইলৈ যদি আজমলৰ দলে অসমত ক্ষমতা পায় আৰু কয় যে শব্দই আল্লা আৰু সেইবাবে সকলো স্কুলতে আৰবী ভাষা বাধ্যতামূলক কৰিব লাগে, তেতিয়া আপোনালোকে মনে মনে থাকিবনে ?

যিকোনো ভাষা কাৰোবাৰ ওপৰত জাপি দিয়াটো খুবেই ভয়ংকৰ। ইতিহাস তাৰ প্ৰমাণ। এসময়ত অসমীয়া ভাষিক জাতীয়তাবাদী সকলে খাচিয়াসকলৰ ওপৰত অসমীয়া ভাষা জাপি দিয়াৰ পৰিণতি কি আমি দেখি আছো। তেওঁলোক আমাৰ পৰা আঁতৰি গ’ল । আমি শ্বিলংৰ দৰে ধুনীয়া ঠাই এখন হেৰুৱালো।

ভাষা জোৰকৈ জাপি দিয়াৰ দৰে কাম নকৰিব। অনুৰোধ কৰিছো। যিয়ে হেঁপাহ কৰে , তেওঁলোকে এনেও স্ব-ইচ্ছাৰে সংস্কৃত শিকিবই। ইমান খৰধৰ নকৰিব। খৰধৰকৈ কৰা কামত ভুল-ত্ৰুতি থাকি যায় যিবোৰ পাছত শুধৰাবলৈ খুবেই কষ্ট হব।
৩.
বুমেৰাঙ হোৱাৰ সম্ভাৱনা আছে
আশ্বিক জামান
জাপি দিয়া বা বাধ্যতামূলক কৰা কামটো ঠিক নহয়| শিক্ষাৰ ক্ষেত্ৰত বাধ্যতামূলক বস্তুটো সততে বুমেৰাং হয় আৰু ভাষাৰ ক্ষেত্ৰত জাপি দিয়া কাৰবাৰ টো বিপদজনক| সংস্কৃত এক প্ৰাচীন ভাষা আৰু সৰহ ভাগ আধুনিক ভাৰতীয় ভাষাৰ ওপৰত ইয়াৰ প্ৰভাৱ অনস্বীকাৰ্য। সংস্কৃতৰ দৰে ইউৰোপৰ ল্যাটিন ও এটি মৃত ভাষা, কিন্তু সৰহভাগ ইউৰোপীয় ভাষা যেনে ইটালীয়ান, ফ্ৰেঞ্চ, স্পেনিছ, পৰ্তুগীজ, ৰোমানীয়ান আদিৰ মূল হ’ল ল্যাটিন ভাষা| ইউৰোপীয়ান স্কুল সমূহত ল্যাটিন ভাষা শিকাৰ ব্যৱস্থা আছে, অৱশ্যে নিশ্চিতভাবে বাধ্যতামূলক নহয়|

সংস্কৃত ভাষা শিকাৰো ব্যৱস্থা থাকিব লাগে, কিন্তু বাধ্যতামূলক বিষয় হিচাপে নহয় | অসমৰ স্কুলৰ পাঠ্যক্ৰমৰ আটাইতকৈ গম্ভীৰ সমস্যাটো হ’ল ভূগোল আৰু ইতিহাস বিষয়ৰ অনুপস্থিতি| সংস্কৃত বাধ্যতামূলক কৰাৰ সলনি ভূগোল আৰু ইতিহাস বিষয় দুটাক পুনৰ প্ৰচলন কৰিব লাগিছিল| আনহাতে, ভাষা এটাক যদি জাপিয়ে দিয়া হৈছে, তেন্তে প্ৰতিজন অসমীয়া আৰু বাংলা ভাষী ছাত্ৰ-ছাত্ৰীৰ বাবে বড়ো বা আন কোনো ট্ৰাইবেল ভাষা বাধ্যতামূলক কৰিব লাগিছিল, আৰু জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়া। নিঃসন্দেহে এই পদক্ষেপে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত অধিক এৰা-ধৰাৰ বাট মুকলি কৰিলেহেতেন।
৪.
সংস্কৃত হওক ৰাষ্ট্ৰভাষা
জমশ্বেৰ আলি
ইমান গুণ, গৰিমা, ঐতিহ্য, ঐশ্বৰ্য! মই শ্ৰদ্ধাও কৰো। পৃথিৱীৰ প্ৰাচীন ভাষাবোৰৰ অন্যতম এই সংস্কৃত ভাষা। ইয়াক মৰিব দিব নোৱাৰি। সেয়ে পাঠ্যক্ৰমত বাধ্যতামূলক নহয়, ইয়াক কৰা হ ওক ৰাষ্ট্ৰভাষা। তেতিয়া সকলোৱে পঢ়িবও আৰু সঞ্জীৱিতও হব। হিন্দীৰ দৰে বিজতৰীয়া ভাষা এটাৰ চাপৰ পৰাও মুক্ত হব ছাত্র সমাজ। অসমৰ পৰাই আৰম্ভ হওক এই যাত্ৰা। অসমীয়াৰ পৰিবৰ্তে সংস্কৃতক ৰাজ্যভাষা ঘোষণা কৰা প্ৰথম ৰাজ্য হওক অসম। কেন্দ্ৰ-ৰাজ্যৰ সৎসাহস হবনে? যদি পাৰে, মই থাকিম চৰকাৰৰ লগত। কিয়নো অতিৰিক্ত ভাষাৰ হেচাৰ পৰা কণমানিবোৰক বচাবলৈ আন কোনো বিকল্প নাই।
৫. 
টাই ভাষা প্ৰৱৰ্তনলৈ মনত পেলাওকটুনুজ্যোতি গগৈ
হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত কংগ্ৰেছ চৰকাৰে টাই ভাষা শিক্ষকৰ ছশটা [হিচাপটো ভুলো হ'ব পাৰে] পদ সৃষ্টি কৰি টাই-আহোম অধ্যুষিত অঞ্চলবোৰত টাই ভাষা শিকোৱাৰ ব্যৱস্থা কৰিছিল৷ শইকীয়া চৰকাৰৰ সেই সিদ্ধান্তৰ বিৰোধিতা কৰি ‘অসম বাণী' কাকতৰ তদানীন্তন সম্পাদক হোমেন বৰগোহাঞি নিচাদেৱে সম্পাদকীয় লেখিছিল– ‘টাই ভাষা কিয় শিকিব লাগে?' নিচাদেৱে কৈছিল যে তেখেত এজন আহোম ব্যক্তি হৈয়ো চৰকাৰৰ সেই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে৷ তেখেতে আৰু কৈছিল, ব্যক্তিগত উদ্যোগত বা বিদ্যায়তনিক প্ৰয়োজনত মানুহে যিমান ভাষা শিকে শিকি থাকক, কিন্তু ব্যৱহাৰিক জীৱনত অপ্ৰয়োজনীয় ভাষা এটা বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত জাপি দিয়া অনুচিত৷ নিচাদেউৰ কথাবোৰত যুক্তি আছিল৷ আশা কৰিছো, তেনে যুক্তিপূৰ্ণ লেখা এটা তেখেতে আকৌ লিখিব৷

No comments:

Post a Comment