সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. সংস্কৃত নহয়, অসমীয়া ভাষাহে অসমত বাধ্যতামূলক কৰা হব বুলি আজি স্পষ্ট কৰিলে অসমৰ শিক্ষামন্ত্ৰীয়ে। টেট পাছ কৰা পঞ্চাশ হাজাৰ সংস্কৃত শিক্ষক নোহোৱাৰ বাবে কেবিনেটৰ সংস্কৃত বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ বাস্তৱ সন্মত নহয় বুলিও শিক্ষমন্ত্ৰীয়ে স্পষ্টীকৰণ দাঙি ধৰে।


২. ১৯৫৬ চনতেই স্থাপিত শিৱসাগৰ দ্বীনি মাদ্ৰাছাত অহা ২২-২৩ এপ্ৰিলত প্ৰথম বাৰ্ষিক বুখাৰী খতম আৰু জলসা আয়োজিত হৈছে। এই উপলক্ষত 'পয়গাম' শীৰ্ষক এখন স্মৃতিগ্ৰন্থও প্ৰকাশ পাব।

৩. মোদী চৰকাৰে দেশৰ স্বাস্থ্যখণ্ডক নতুন জাগৰণ আনিবলৈ প্ৰায় চাৰি হাজাৰ নতুন স্নাতকোত্তৰ বিশেষজ্ঞৰ চীট দেশৰ মেডিকেল কলেজ সমূহত নকৈ সৃষ্টি কৰা বুলিও জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ এখন সভাত ভাষণ প্ৰসংগত এই কথা সদৰী কৰে।

৪. অসমত আয়োজিত হৈছে 'যোগ অলিম্পিয়াড-২০১৭'। এই অলিম্পিয়াডলৈ জিলাক প্ৰতিনিধিত্ব কৰিবলৈ শিৱসাগৰ জিলাই ১৬গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰিছে।

৫. তিনিচুকীয়া জিলাৰ গুইজানৰ গতং খেলপথাৰত অহা ১৫-১৭ মাৰ্চত আদিবাসী আদিবিম্ব শীৰ্ষক নৃত্য, গীত আৰু নাট্য মহোতসৱ অনুষ্ঠিত হব। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ  ৰতন থিয়ামৰ লগতে কেইবাগৰাকীও সাংস্কৃতিক গৱেষকেও এই মহোতসৱত অংশ লব।

৬.  জিঅ' প্ৰাইম অফাৰৰ সৈতে ফেৰ মাৰিবলৈ প্ৰতিযোগিতাত নামিছে এয়াৰটেল, ভোডাফোন আু আইডিয়া।  তেওঁলোকেও জিঅ' ৯৯ টকীয়া অফাৰৰ বিপৰীতে নিজৰ ডাটা পেকৰ সৈতে শুল্কবিহীন ফোনকলৰ সুবিধা আগবঢ়াবলৈ  আগবাঢ়ি আহিছে।

৭. অসমৰ মাইনু শইকীয়াই গোৱাৰ পানাজীত অনুষ্ঠিত কাই ৰাষ্ট্ৰীয় চিনিয়ৰ কাৰাটেত ৪৫কিলগ্ৰমাৰ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

৮. ৩৭সংখ্যক ছাব জুনিবয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাৰ বাবে সাজু হৈছে অসমৰ দল। ভুৱেনশ্বৰত ১৭-২২ মাৰ্চলৈ অনুষ্ঠিত হব লগা প্ৰতিযোগিতাত অসমৰ ১৮জনীয়া দলে অংশ লোৱাৰ কথা।


৯. মহাৰাষ্ট্ৰত লিংগ পৰীক্ষাৰে গৰ্ভপাত কৰোৱা এটা চক্ৰক ধৰা পেলোৱাৰ খবৰো প্ৰকাশ পাইছে। টকাৰ বিনিময়ত এই দুস্কাৰ্য কৰা চক্ৰটোৰ উতখাত কৰাৰ খবৰে সজাগতাৰ সৃষ্টি কৰিব বুলিও আশা কৰা হৈছে।


১০. গুৱাহাটীত আৰম্ভ হৈছে দ্বিতীয়টো জিএছটি মাইগ্ৰেছন সেৱা কেন্দ্ৰ। জিএছটি লাগু হোৱাৰ লগে লগেই ব্যৱসায়িক প্ৰতিষ্ঠান সমূহক সহায় কৰিবলৈকে এই সেৱা কেন্দ্ৰ মুকলি কৰা হৈছে।

No comments:

Post a Comment