চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


চিনেমা হল পুনৰোজ্জীৱিকৰণৰ আৰ্হি
অজয় লাল দত্ত
অসমত বন্ধ হৈ থকা চিনেমা হল সমূহ পুনৰ খুলিবলৈ অসম চৰকাৰে পঞ্চাশ লাখকৈ টকা দিয়াৰ তথা মেৰামতি কৰিবলৈ পঁশিচ লাখকৈ টকা দিয়াৰ ঘোষণা কৰিছে। প্ৰথম দৃষ্টিত এই ঘোষণা অতি সুন্দৰ আৰু প্ৰশংসনীয়। অসমৰ চুকে-কোণে চিনেমা হলবোৰ পুনৰ প্ৰাণ পাই উঠিব, খলকনি লাগিব এই ধৰণৰ আৱেগৰ বোকোচাত উঠি অহা আন কিছু প্ৰশ্নৰ বিষয়েও আমি সজাগ হব লাগিব।

১. এই ধন ৰাজকোষৰ ধন মানে ৰাইজৰ ধন। এই ধনৰ হিতাধিকাৰীসকলৰ প্ৰকৃততে কোন হব?
২. ধন পোৱাৰ বিনিময়ত, অসম চৰকাৰ বা ৰাইজৰ সৈতে কিবা লিখিত চুক্তিত উপনীত হব লাগিব নেকি এই চিনেমা হলৰ মালিক সকল?
৩. বাস্তৱিকতে এই ধন পোৱা চিনেমা হলে অসমীয়া আৰু অসমৰ জনগোষ্ঠীয় চিনেমা কেইদিনৰ বাবে কেইটা শ্ব চলোৱাটো বাধ্যতামূলক হব? শিশু, স্বাস্থ্য, ক্ৰীড়া আদিৰ ক্ষেত্ৰত জনজাগৰণ আনিব পৰাকৈ সজাগতাধৰ্মী চিনেমা স্কুলীয়া ছাত্ৰ-ছাত্ৰী, মাতৃ সমাজক মাতি আনি দেখুৱাব খুজিলে, তেতিয়া ৰেহাই মূল্য বা বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা কৰাৰ চুক্তি কৰাৰ কথা ভবা হৈছে নেকি?
৪. চিনেমা হলবোৰ বেছিভাগেই ফাৰ্ম বা প্ৰতিষ্ঠান অথবা কোম্পানীৰ মালিকীস্বত্বৰে পৰিচালিত হয়। পঁশিচ বা পঞ্চাশ লাখ টকা নিশ্চয়কৈ কম টকা নহয়, সেয়ে কেৱল অনুদান সাহাৰ্য বিতৰণ কৰি চিনেমাহলৰ প্ৰমোটাৰ সাধাৰণতে চহকী সকলক 'তেলীৰ মূৰতে তেল' দিয়াৰ ব্যৱস্থা হব নেকি? এই ধন চিনেমা হল একোটাত চৰকাৰী বিনিয়োগ হিচাবে শ্বেয়াৰ পোৱাটো নিশ্চিত কৰিব নোৱাৰি নেকি? চাবচিডি বা অনুদান লোৱাটো অভ্য়াসত পৰিণত হোৱা বাণিজ্যিক ক্ষেত্ৰখনত এক বিকল্প চৰকাৰী ধনেৰে অংশীদাৰী কিনাৰ ধাৰণাক আৰ্হি বা মডেল হিচাবে বাস্তৱায়িত কৰিব নিশ্চয়কৈ পাৰি আৰু এয়া কৰা উচিত।
৫. নতুনকৈ ক্ষুদ্ৰ চিনেমা হল খুলিবলৈ নিজা পইচা লগোৱা নতুন উদ্যমী সকলৰ বাবে কিবা অনুদান বা অৰিহণা এই আঁচনিয়ে যোগাবনে?


বাস্তৱিকতে এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিলে অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ এক স্পষ্ট আৰু শক্তিশালী ভূমিকা এই সময়ে দাবী কৰিছে। এই পঞ্চাশ লাখ অথবা পঁশিচ লাখকৈ ধন মোকোলাই নিবলৈ বা পাবলৈ হিতাধিকাৰীৰ যোগ্য হব লগা ব্যক্তি বা প্ৰতিষ্ঠান সমূহৰ বিগত দহ বছৰৰ কাম আৰু হিচাব আৰু কি কাৰণত বন্ধ হৈ গৈছিল চিনেমা হল আৰু চলি থকা চিনেমা হলৰ ক্ষেত্ৰত ব্যৱসায়িক খতিয়ানৰ হিচাব লোৱাৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে। টকাৰ অভাৱত, নে ভাল চিনেমাৰ অভাৱত নে দৰ্শকৰ অভাৱত হল বন্ধ হৈছিল তাৰো বিচাৰ কৰাৰ প্ৰয়োজন। অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্তীয় নিগমৰ বেনাৰত এই প্ৰতিবেদনৰ ভিত্তিত প্ৰকল্প সমূহত দিব লগা ধন সমূহ দান নকৰি 'অংশীদাৰিত্বৰ বিনিয়োগ' কৰাৰ প্ৰভূত প্ৰয়োজন আছে। ইয়াৰ দ্বাৰা, নিগমৰ ব্যৱসায়িক ভিত্তি বৃদ্ধি হব, চৰকাৰী ধন লৈ পুনৰোজ্জিৱিত কৰা বা পুনৰ কাৰ্যক্ষম কৰা হল সমূহৰ ওপৰত অংশীদাৰীত্বৰে এক চৰকাৰী নিয়ন্ত্ৰণো থাকিব আৰু ওপৰত উল্লেখিত উদ্দেশ্য সমূহত ৰাজহুৱা স্বাৰ্থত চিনেমা হলবোৰক ব্যৱহাৰো কৰিব পৰা যাব। প্ৰতিটো ৰাজহুৱা স্বাৰ্থজড়িত শ্বৰ বাবে চৰকাৰে বহন কৰিব লগা নুন্যতম খৰছো তেতিয়া চিনেমা হল প্ৰকল্পটোলৈ আহিব, যিটোৱে আৰ্থিক ভাৱেও প্ৰকল্পটোক সকাহ দিব পাৰিব আৰু চৰকাৰী পৃষ্ঠপোষকতা পৰোক্ষ ভাৱে ভৱিষ্যতেও ধাৰাবাহিক হৈ থকাৰ নিশ্চয়তা দিব পাৰিব। চলচ্চিত্ৰ নিগমেও নিজা চিনেমা হলৰ চেইন লাভ কৰি নিজা প্ৰডাকচনৰ চিনেমাবোৰ নিজে চলাই অসম আৰু অসমীয়া চিনেমাৰ জগতকৈ প্ৰকৃততে জোৱাৰ আনিব পাৰিব।


এইখিনিতে প্ৰশ্ন হয় যে, পঞ্চাশ লাখ বা পঁশিচ লাখ টকাতো কম টকা নহয়! এতিয়া ক্ষুদ্ৰ চিনেমা হলৰ ধাৰণাৰে নতুনকৈ গল্ড অথবা আন চিনেমা হলৰ চেইনৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ অহা অসমৰে নতুন উদ্যমী সকলৰ বিনিয়োগ কিমান হৈছে প্ৰকৃততে সেই কথাও বিবেচনা কৰি চাব লাগিব। আমাৰ এগৰাকী বন্ধুৱে পিতৃৰ ভূমিত গঢ়ি তোলা নতুন ১০০চীটৰ এনে আধুনিক ক্ষুদ্ৰ চিনেমা হলটোত নিজা বিনিয়োগ পঞ্চাশ লাখতকৈ কমেই হৈছে, বাকী কাৰিকৰী আৰু সঁজুলিসহ বিনিয়োগ ব্ৰেণ্ড থকা চেইন চিনেমা কোম্পানীৰো থাকে। আৰু অসমত যিহেতু এতিয়া বিশাল চিনেমাঘৰতকৈ ক্ষুদ্ৰ অথচ উন্নত চিনেমা হলৰহে প্ৰয়োজন। গতিকে আওপুৰণি চিনেমা হল বা বন্ধ হোৱা চিনেমা হল পুনৰ খোলাৰ বাবে পঞ্চাশ লাখকৈ টকা দিয়াতকৈ চলচ্চিত্ৰ বিত্তীয় নিগমৰ বেনাৰত এনে চিনেমাঘৰ শৃংখলৰ সৈতে জইণ্ট ভেন্সাৰ নকৰেই বা কিয়? বা এনেকুৱা ক্ষুদ্ৰ চিনেমা হল স্থাপন কৰা স্থানীয় নতুন উদ্যমী সকলৰ সৈতে অংশীদাৰিত্বৰে ধনৰ বিনিয়োগ নকৰে? ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব বিচাৰিম, এতিয়াও প্ৰায়বোৰ জিলা আৰু মহকুমা সদৰত অসম ৰাজ্যিক পৰিবহন নিগমৰ ভূমি এনে ক্ষুদ্ৰ চিনেমা হল গঢ়িব পৰাকৈ উপলদ্ধ। বাচ ষ্টেণ্ডবোৰ যিহেতু মানুহ আহযাহ কৰাৰ কেন্দ্ৰীয় স্থল, তেন্তে এনে ভূ-সম্পত্তিক ব্যৱহাৰ কৰি দুয়োটা নিগমে যুটীয়া ভাৱে আৰু ব্যৱসায়িক শৃংখলৰ সৈতে কাৰিকৰী বুজাবুজি কৰি উন্নত-ক্ষুদ্ৰ আৰু ৰাজহুৱা, চৰকাৰী সকলোৰে স্বাৰ্থ পূৰাব পৰাকৈ বিকল্প চিনেমা হল গঢ়াৰ এক কংক্ৰিট আৰ্হি তৈয়াৰ কৰিলেহে বেছি ভাল হব। অন্যথা, চিনেমা হল পুনৰোজ্জিৱীতকৰণৰ নামত ৰাজহুৱা ধনৰ এক বুজন পৰিমান ক'ত নিঃচিহ্ন হব, তাৰ হিচাব লোৱাটো হয়তো সমাজৰ বাবেও সম্ভৱ নহব, সেই কথাও কিন্তু নিশ্চিত।

অভিনেতা যতীন বৰা অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষৰ পদৰ বাবে নকৈ মনোনীত হৈছে। তেখেতে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াও হব লক্ষণীয়।

No comments:

Post a Comment