বিতৰ্ক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিলাপথাৰত আছুৰ কাৰ্যালয় আক্ৰমণঃজনমত কোন দিশে?
(১)
গৃহ বিভাগৰ নিষ্ক্ৰিয়তাই দুঃস্কৃতিকাৰীহঁতক উদ্গনি দিলে
ভোগেশ্বৰ দত্ত
“নিখিল ভাৰত বাঙালী উদ্ধাস্তু সমন্বয় সমিতি” নামৰ বেনাৰত ধেমাজি জিলাৰ চিলাপথাৰত ৬ মাৰ্চ, ২০১৭ তাৰিখে একাংশ আমদানিকৃত লোকৰ প্ৰৰোচনামূলক দুঃস্কৃতিয়ে ৰাজ্য জুৰি জন-সমাজক কঁপাই তুলিছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ নিষ্ক্ৰিয়তাই দুঃস্কৃতিকাৰীহঁতক উদ্গনি দিলে, বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিক পদদলিত কৰিছে।

এনে কু-কাণ্ডৰ সংগঠক, ধনে-জনে সমৰ্থন-সহায়কাৰীহঁতক দল-সংগঠন, পদ মৰ্য্যদা নিৰ্বিশেষে ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তি সকলক কঠোৰতম শাস্তি দিয়াৰ দাবী কৰিছো।

আইনৰ শাসন আৰু সামাজিক শান্তি-সম্প্ৰীতিৰ প্ৰতি দায়বদ্ধ জাতি-জনজাতি, জনগোষ্ঠী, ভাষা-ধৰ্ম-সংস্কৃতিৰ ধাৰক-বাহক শক্তি মাৰ বান্ধি সমাজ জীৱনক অস্থিৰ কৰিবলৈ চলোৱা অভিসন্ধিৰ বিৰুদ্ধে শুভ শক্তি সমূহ সক্ৰিয় হ'বলৈ আন্তৰিক আহ্বান জনাইছো।
(২)

ধৰ্মৰ নামত নাগিৰকত্বৰ প্ৰস্তাৱটো শুদ্ধ নহয়
মস্তাক চৌধুৰী
চিলাপথাৰ কাণ্ডক লৈ আজি অজিত ভূঞাই এষাৰি গুৰুত্বপুৰ্ণ কথা কৈছে৷ তেওঁৰ মতে, বঙালীৰ অখ্যাত সংঘঠন এটাই এনে এখন সভা আহ্বান কৰাৰ সাহস পাইছিল কাৰণ তেওঁলোকে জানে যে দিল্লী-দিছপুৰৰ দুয়োখন চৰকাৰ বঙালী হিন্দুক নাগৰিকত্ব দিয়াৰ পক্ষপাতী৷ চৰকাৰ পক্ষপাতী হোৱা বাবে পুলিছেও ব্যৱস্থা লোৱাৰ সাহ নকৰিলে৷

ভূঞা ডাঙৰীয়াই সঠিক বিশ্লেষন কৰিছে৷ আমাৰ ক'ব লগা কথাটো হ'ল, অসমত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত সঠিক নহয়, ই কোনো প্ৰকাৰে অসমবাসীৰ লাভ নকৰে৷ ক্ষতিহে কৰিব৷
কিন্তু সেইবুলি, চিলাপথাৰক লৈ বঙালী বিদ্বেষী পৰিৱেশ গঢ়ি তুলিব নালাগে৷ অসমত থকা বাংলাভাষীসকলৰ অসমপ্ৰেমক লঘু হিচাপে চোৱা উচিত নহয়৷ অসমত পূৰ্বৰে পৰা থকা বঙালীসকলে ইয়াৰ থলুৱা মানুহৰ লগত মিলি বিদেশৰ পৰা ধৰ্মৰ নামত বঙালী লোকক নতুনকৈ অনাৰ বিৰোধিতা কৰাটো উচিত৷ তেহে ভুল বুজাবুজি আপোনা আপুনি দুৰ হৈ যাব৷
(৩)
কোন কাৰ গোলাম, পৰিচয় ওলাব
টুনুজ্যোতি গগৈ
চিলাপথাৰৰ আছুৰ কাৰ্যালয়ত এক বিশেষ ভাষিক সম্প্ৰদায়ৰ সংগঠন এটাই চলোৱা আক্ৰমণ গৰিহণাৰ যোগ্য৷ এসময়ত যি সংগঠনৰ নাম শুনিলেই চৰকাৰ বা বহিৰাগতৰ বুকু কঁপি উঠিছিল, যি সংগঠনৰ প্ৰাক্তন কৰ্মীসকলেই বৰ্তমান ক্ষমতাধিষ্ঠিত চৰকাৰখনৰ হৰ্তা-কৰ্তা-বিধাতা; সেই সংগঠনটোৰ কাৰ্যালয়ত দিন দুপৰতে আক্ৰমণে কি ইংগিত দিলে? হয়তো তেওঁলোকে আছু তেনেই দুৰ্বল হৈ পৰিল বুলি ভাবিছে, হয়তো আছু জনবিচ্ছিন্ন হৈ পৰিছে বুলি ভাবিছে৷

আছুৰ কাৰ্যালয়ত চলা এই আক্ৰমণক কোনো জাতীয় চেতনাসম্পন্ন ব্যক্তিয়েই ( লাগিলে আছুৰ সৈতে তেওঁৰ মত বিৰোধেই থাকক) সহজভাৱে ল'ব পৰা নাই৷ বহুতেই ভাবিছে আৰু কৈছে, এই আক্ৰমণ আছুৰ কাৰ্যালয়ত নহয়, অসমীয়াৰ স্বাভিমানৰ ওপৰত চলা আক্ৰমণ৷ আশা কৰিছো, এই আক্ৰমণে অসমত লক্ষাধিক হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰা ৰাজনৈতিক দলটোৰ নেতা-কৰ্মীসকলৰ চকু মেল খোৱাব৷

লগতে, সকলো পক্ষলৈ আহ্বান– এই স্পৰ্শকাতৰ সময়ছোৱাত প্ৰৰোচনা আৰু উত্তেজনা পৰিহাৰ কৰি যুক্তিসংগত পদক্ষেপ গ্ৰহণ কৰে যেন৷ প্ৰশাসনে অতি সোনকালই দুৰ্বৃত্তক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহা উচিত৷ অসমীয়া-বঙালীৰ মাজত পূৰ্বৰে পৰা বৰ্তি থকা সম্প্ৰীতি যাতে এচাম দুৰ্বৃত্তৰ বাবেই বিনষ্ট নহয়, তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত৷

ডঃ হীৰেন গোহাঁয়ে নহয়, হিন্দু বাংলাদেশীয়েহে অসমীয়া জাতি ৰক্ষা কৰিব বুলি কোৱা ৰাজনীতিকজন আৰু তেওঁৰ অন্ধ অনুগামীসকল আজি নিমাত৷ চিলাপথাৰ কাণ্ডই ‘জাতি-মাটি-ভেটি'ক বিক্ৰী কৰি ৰাজপাট খাব খোজাসকলৰ গালত এটা প্ৰকাণ্ড কাণতলীয়া চৰ শোধালে৷ এই চৰ খোৱাৰ পাছতো তেওঁলোকে সংঘ পৰিয়ালৰ শ্ৰুতলিপি মতে কাম কৰিবলৈ গ'লে বুজিম যে তেওঁলোকৰ নিজস্বতা বুলিবলৈ একো নাই; তেওঁলোক একো একোজন গোলাম৷
(৪)

অশনি সংকেত, বদন বৰফুকন ইত্যাদি

তুলাৰাম গগৈ
আছুৰ কাৰ্য্যালয়ত নিখিল অসম বঙালী উদ্বাস্তু নামৰ সংগঠনৰ আক্ৰমন জাতিটোৰ বাবে অশনি সংকেত৷ কেইজনমান ৰজাঘৰীয়াই দুস্কৃতিকৰী সকলক ন্যায্যতা দিয়াৰ ধৃস্টতা কৰিছেই ৷ কথাবিলাক ৰাইজে গমিচোৱা ভাল, কাৰ উচটনিত এনে কান্দ হ’বলৈ পাইছে ৷ কোন এই সুবোধ বিশ্বাস ? এওঁ আহিছে মহাৰাস্ট্ৰৰ নাগপুৰৰ পৰা ৷ এডভোকেট সহদেব দাস, এওঁ আক্ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হেনু ৷ চৰকাৰে বোলে দোষীক গেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে ৷ কৰিবনে এই দুজনক গ্ৰেপ্তা? নকৰে ৷ সাহস নাই সোনোৱাল চৰকাৰৰ ৷ কাৰন ইয়াৰ আগতে এজনে খোদ গুৱাহাটীতে জাতিৰ পিতা মহাত্মা গান্ধীৰ সম্পৰ্কত বিৰূপ মন্তব্য কৰি তিনিদিন গুৱাহাটীত টিঘিলঘিলাই থাকিল ৷ দল সংগঠন, বৌধিক সমাজে তেখেতক গেপ্তাৰৰ দাবী তুলিছিল ৷ চৰকাৰে চকুমুদা কুলিৰ ভাও ধৰিলে ৷ মাননীয় মুখ্যমন্ত্ৰী এসময়ৰ আছুৰ সভাপতি আছিল ৷ চিলাপথাৰ কাণ্ডৰ আমি তেখেতৰ পৰা উচিত ন্যায় বিছাৰিছো ৷

বদন বৰ ফুকনক কোনোৱে স্মৰণ/শ্ৰদ্ধা নকৰে ৷কেতিয়াও পতা নাই বদন বৰ ফুকন দিৱস ৷ কিন্তু লাচিত/বীৰ চিলাৰাই আদিক স্মৰণ কৰা হয় ৷ উৎযাপিত হয় তেখেতলোকৰ দিৱস ৷ চৰকাৰখন বদন বৰ ফুকন হ’বলৈ গৈ আছে ৷ সময় থাকোতেই ঘুৰি অহা মঙ্গল ৷ প্ৰতিবাদী সভালৈ আহি সকলোকে লাচিত-চিলাৰাইক স্মৰন কৰিবলৈ অনুৰুধ জনালো ৷ কাৰন আমাৰ ওপৰত বঙালৰ আক্ৰমণ চলিব ধৰিছে ৷

চিলাপথাৰ কাণ্ডৰ মূল নায়ক সুবোধ বিশ্বাসক ধেমাজি আৰক্ষীয়ে পলাতক ঘোষণা কৰিছে৷ কোনো লোকে বিশ্বাসৰ সম্ভেদ পালে আৰক্ষীক জনাবলৈ বিজ্ঞাপন দিছে ৷ কথা হ’ল BJP ৰ অন্দৰ মহলত টিঘিলঘিলাই থাকি ৰাস্ট্ৰীয় নেতাৰ পৰা ৰাজ্যিক নেতৃত্বলৈকে গৰিষ্ঠ সংখ্যক মুধা ফুটাৰ লগত ফটো উঠা সুবোধৰ সম্ভেদ বাৰু কোনে দিব পৰিব? তেখেতৰ লগত ফটো উঠা সকলেই দেখোন সুবোধৰ সম্ভেদ দিব পাৰে ৷

(৫)


অসমক দ্বিতীয় ত্ৰিপুৰালৈ পৰিণত নকৰিব

আশ্বিক জামান
কবলৈ কুন্ঠা নকৰো যে এক দীৰ্ঘ সময় ’আছু’ৰ সৈতে জড়িত আছিলো | ছাত্ৰ ৰাজনীতিৰ প্ৰথম পাঠ শ্বহীদ ভৱনতে | সুদীৰ্ঘ তিনি বছৰ কাল কটন কলেজ 'আছু’ গোটৰ নেতৃত্বৰো গুৰু দায়িত্বত আছিলো | গতিকে স্বাভাৱিকতে 'শ্বহীদ ভৱন’ বোলা শব্দ-যুগলৰ সৈতে এক আবেগ জড়িত হৈ আছে | সেয়ে চিলাপথাৰৰ দুৰ্ভাগ্যজনক ঘটনাটোৰ বিষয়ে জানি মনত দুখ পাইছো | কিন্তু আছুৰ সমূহ নেতৃত্বলৈ মোৰ প্ৰাৰ্থনা এয়াই যে আজিৰ দুৰ্ভাগ্যজনক ঘটনাটোৰ আলমত আপোনালোকে আত্ম-সমালোচনা কৰক, প্ৰতিক্ৰিয়া নহয় | সামাজিক দায়বদ্ধতা আছুৰ পৰম্পৰা | গতিকে, বৰ্তমানৰ নেতৃত্বয়ে সংযম আৰু দায়িত্বসহকাৰে এই পৰিস্থিতিৰ সমিধান সূত্ৰ বিচাৰি লওক | কোনো পধ্যে যাতে আবেগ সৰ্বস্ব প্ৰতিক্ৰিয়া বা পদক্ষেপ কোনোয়ে গ্ৰহন নকৰে | আবেগৰ সুযোগ লৈ কোনো অসামাজিক শক্তিয়ে যাতে ইয়াক 'অসমীয়া বনাম বঙালী' ৰ ৰূপ দিব নোৱাৰে, কোনোয়ে যাতে হিংসা বিয়পাব নোৱাৰে তাৰ প্ৰতি অনুগ্ৰহ কৰি তীক্ষ্ন দৃষ্টি দিয়ক|

ৰত্নাকৰ অৱশেষত বাল্মীকি হ'ল। সততে সামাজিক মাধ্যমত 'মিঞা'ক মাৰিকাটি বাংলাদেশলৈ পঠাই দিবলৈ হুংকাৰ দিয়া সকল, ১২-১৩% সংখ্যালঘু মানুহে ভাৰতত অতি শীঘ্ৰে ৮২% সংখ্যাগুৰু মানুহক আতিক্ৰম কৰাৰ ভয়ত ত্ৰাহি মধুসূদন দেখা সকল, চৰুৰ ভাত নিসিজিলেও ধৰ্মীয় সংখ্যালঘুৰ ষড়যন্ত্ৰ আৱিস্কাৰ কৰা সকল আজি হঠাৎ শান্তি-সম্প্ৰিতীৰ বাণীৰে ফেচবুক উপচাই পেলোৱা দেখি মনত সন্তোষ পাইছো। বিদেশত থাকি ঘৃণাৰ বিষবাষ্প বিলোৱা সকলেও ৰাতি উজাগৰে থাকি হলেও অবিৰাম ভাবে শান্তি সম্প্ৰীতিৰ বাৰ্তা টাইপ কৰি থকা দেখি সঁ‌চাকৈয়ে আনন্দিত হৈছো, হিংসাৰ ওপৰত এয়া শান্তিৰ জয় বুলিয়ে ধৰি লৈছো। ভাষিক হওক বা ধৰ্মীয় সংখ্যালঘুয়ে হওক, দুই এজন সমগোষ্ঠিয় মানুহৰ অপকৰ্মৰ কাৰণে যে সমগ্ৰ জাতিটো জগৰীয়া নহয়, এই কথা যে ৰত্নাকৰ সকলে অৱশেষত উপলদ্ধি কৰিলে এয়াই চিলাপথাৰৰ দুৰ্ভাগ্যজনক ঘটনাটোৰ একমাত্ৰ ভাল দিশ। এগৰাকী দাদাই কোৱাৰ দৰে এই উপলদ্ধি "ৰামৰ মুখত ভূত নাম" যেন লাগিলেও আশা কৰো যে ভগৱানে অৱশেষত সকলোকে সুমতি দিলে।

ঘটনাটো যিমান সহজ বুলি ভাবিছিলো সিমানো সহজ নহয়। সুবোধ বিশ্বাস বোলা 'অসমৰ ৮০ লাখ বাংলাদেশী হিন্দুৰ নেতা' বুলি নিজকে দাবী কৰা মানুহজনে যে পৰিকল্পিত ভাবে আছু ৰ কাৰ্যলয়ক টাৰ্গেট কৰি লৈছিল সেই বিষয়ে প্ৰশাসনেও পতিয়ন গৈছে। এই বহিৰাগত, আমদানীকৃত দালাল এজনৰ সাহস কেনেকৈ হ'ল শ্বহীদ বেদী ভাঙিবলৈ ? চিলাপথাৰে আজি এটি প্ৰশ্ন অসমৰ জাতীয় জীৱনত প্ৰক্ষেপ কৰিছে - অসমীয়া জাতীয়তাবাদ ধৰ্মীয় পৰিচয়ৰ ভিত্তিত আগলৈ বাট বিচাৰিব নে অসমৰ থলগিৰি জাতি-জনগোষ্ঠিৰ স্বকীয় পৰিচয়ৰ ভিত্তিত আগুৱাই যাব ? নীলা শিয়ালৰ দৰে ধৰ্ম-ধৰ্ম কৰি হোৱা-হোৱা দি থাকোতে অসম দ্বিতীয় ত্ৰিপুৰালৈ পৰিণত নহলে হ'ল।

1 comment:

  1. Anekua Ghotona Hobo buli kunue Akha kora nasil. Amar Ghor'r usorot eghor Bangali manuhor ghor ase. Bohu dinor kotha, moi jonmo hua nasilu, Ejon Dukhia bangali manuh ahisil amar ghorole. Thakibole ghor nasil, pindhibole bostro nasil. Deutai bule tak 50 toka dile aru thakibole thik kori dile . Pisot homoy atibahito hol aru manuhjonor aarthik obostau bhal hol. aji teu ejon bhal sohoki manuh hol. kintu deutak teu atiya ghrina kore aru amar ghoroleu ahibo nibisare.Aan ki maat diboleu Issa nokore. Anekua hoi Bangali Manuh.

    ReplyDelete