পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিষয়ঃ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল
মোডী মেজিক আৰু মুছলীম ফেক্টৰ
ইঞ্জিনীয়াৰ জাকিৰ হুছেইন
দেশখনত দেশখনত এতিয়া 'গান্ধী'ৰ প্ৰতি থকা স্বতস্ফুৰ্ত আকৰ্ষণ সম্পূৰ্ণৰূপে নাইকীয়া হ'ল। গান্ধী মানে আমি জাতিৰ পিতা মহাত্মা গান্ধীৰ কথা কোৱা নাই। বিগত কেবাদশক জুৰি দেশখনত এককভাৱে শাসন কৰা নেহৰু-গান্ধী পৰিয়ালৰ কথাহে আমি বুজাইছো। যোৱা সাত দশকৰ প্ৰায় ৪৮টা বছৰ এটা পৰিয়ালে দেশখনত চুম্বকত্ব, ৰক্তাত্ব ইতিহাসৰে মিশ্ৰিত, আংশিক সমৰ্থনৰে ৰাজত্ব চলালে যদিও আজি ক্ষমতাৰ তুলাচনী যেন বিপৰীত দিশে ঢাল খাইছে। আজি দেশবাসীৰ গৰিষ্ঠসংখ্যকেই পৰিয়ালটোৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছে যদিও দলটোৰ নেতাসকল অন্ধ আনুগত্যৰ পৰা কোনোদিন ওলাই অহাৰ আশা নাই। সেইবাবেই দলটোৰ পুনৰুত্থানৰ কোনো আশা নাই ভৱিষ্যতে। বিজেপিৰ 'কংগ্ৰেছ মুক্ত ভাৰতবৰ্ষ' সঁচাকেই বাস্তৱায়িত হ'ব যেন লাগিছে। অতি সম্প্ৰতি ভাৰতীয় ৰাজনীতিত অপ্রতিহত, অপ্রতিদ্বন্দী, অবিসম্বাদী নেতা হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰভাই মোদী। পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলফলে সেইকথা পুণৰবাৰ প্ৰতীয়মান কৰিলে। নিৰ্বাচনত কংগ্রেছে তিনিখন ৰাজ্য ক্ৰমে পঞ্জাব, গোৱা আৰু মনিপুৰত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে জয়লাভ কৰে দুই ৰাজ্য ক্ৰমে উত্তৰপ্রদেশ আৰু উত্তৰাখণ্ড। পৰিসংখ্যাৰ ফালৰ পৰা কংগ্রেছ আগুৱাই থাকিলেও ৰাজ্যৰ গুৰুত্ব তথা আসন সংখ্যাৰ ফালৰ পৰা বিজেপি বহুদুৰ আগবাঢ়ি গ’ল। অইন কথাত কবলৈ গ'লে কংগ্ৰেছ প্ৰায় নিশ্চিহ্ন হৈ গৈছে। দুই ৰাজ্য ক্ৰমে গোৱা আৰু মনিপুৰত কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠ দল হৈও চৰকাৰ গঠনত ব্যৰ্থ হ’ল। বিজেপি যে ভাৰতীয় ৰাজনীতিত জোটবন্ধনৰ কৌশলো পুৰাদমে আয়ত্ব কৰিছে সেইকথাও স্পষ্ট হৈছে। কংগ্ৰেছে অনৈতিকতাৰ দোহাই দিলেও অতীতত কৰা ভুলৰে এয়া প্ৰায়শ্চিত্ত, বিজেপিয়ে তেওঁলোকে দেখুওৱা পথ অনুকৰণহে কৰিছে। দেশত এনেকুৱা পৰিস্থিতিও আহিছিল যে লোকসভা নিৰ্বাচনত বিজেপি একক সংখ্যাগৰিষ্ঠ দল হৈও বিৰোধীৰ আসনত বহিবলগা হৈছিল।

নৰেন্দ্ৰ মোদীৰ সৈতে ৰাহুল গান্ধীৰ তুলনাই যে বাহুল্য সেই কথাও স্পষ্টভাৱে ওলাই পৰিছে। এই কথা ন দি ক’ব পাৰি যে ৰাহুল গান্ধী সকলো দিশত সম্পূৰ্ণ ব্যৰ্থ হৈছে। পঞ্জাবত অভূতপুৰ্ব জয়লাভৰ গুৰিতে আছে অমৰিন্দৰ সিঙ, নৱজিত সিং সিদ্ধুৰ দৰে কংগ্ৰেছ নেতাৰ জনপ্ৰিয়তা আৰু এই ফলাফলত ৰাহুল গান্ধীৰ কোনো কৃৰ্তিত্ব প্ৰতিপন্ন নহয়। এটা কথা ঠিক যে ৰাহুল ব্যর্থ ন'হলেও তেওঁৰ নেতৃত্বকলৈ আজি প্রশ্ন উত্থাপন নিশ্চয়কৈ কৰিব পৰা যায়। নৰেন্দ্র মোদী তথা অমিত শ্বাহ যুটীয়ে উত্তৰপ্রদেশত যিধৰণে শক্তিশালী ৰূপত অৱতৰণ কৰিলে, অখিলেশৰ হাত ধৰিও ৰাহুল গান্ধীয়ে তাক ৰুদ্ধ কৰিব নোৱাৰিলে। বৰং উত্তৰ প্রদেশৰ বিধান সভা নির্বাচনত কংগ্রেছৰ ভোটৰ হাৰ আৰু অধিক নিম্নগামী হ’ল। পাঁচ বছৰ আগেয়ে উত্তৰ প্রদেশৰ বিধানসভা নিৰ্বাচনত কংগ্রেছৰ ভোটৰ হাৰ আছিল ১১.৬৩%। যোৱা লোকসভা নির্বাচনত সেই হাৰ কমি ৭.৫০% হৈছিল। যোৱা বিধানসভাত ২৮খন আসন পাইছিল যদিও এইবাৰ মাত্ৰ সাতখন আসনতে স্তিমিত হৈ থকাৰ লগতে ভোটৰ হাৰ হ’লগৈ ৬.২ শতাংশ। পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাছতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ দলৰ সম্পূৰ্ণ কৰ্তৃত্ব ৰাহুল গান্ধীৰ ওপৰত অৰ্পন কৰাৰ সংকল্প লৈছিল। সেয়ে বিধানসভাৰ এই নিৰ্বাচন কংগ্ৰেছৰ বাবে ৰাহুল গান্ধীৰ বাবে আছিল লিটমাছ টেষ্ট। কিন্তু এই পৰীক্ষাত ৰাহুলে দলৰ অৱনমিত মৰ্যাদা ঘূৰাই অনাত যে সেই কথাই প্ৰতীয়মান হ’ল। পি চিদাম্বৰমৰ দৰে নেতাই মুখ খুলি স্বীকাৰ কৰিছে যে এই ফলাফলে প্ৰমাণ কৰিলে যে মোদী সমগ্ৰ দেশতে আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছে।

ভাৰতৰ বৃহত্তম ৰাজ্য উত্তৰ প্রদেশ হিন্দী বলয়ৰ অভিকেন্দ্র৷ ৰাষ্ট্ৰীয় ৰাজনীতিৰ স্তম্ভস্বৰূপ উত্তৰ প্ৰদেশ। এষাৰ কথা আছে বোলে ‘উত্তৰ যাৰ দিল্লী তাৰ’। ৰাজ্যখনৰ অতি জটিল ৰাজনৈতিক সমীকৰণত ভোট বিভাজিত হয় কার্যত জাতপাত তথা ধর্মীয় মেৰুকৰণৰ ভিত্তিত৷ কিন্তু এইবাৰৰ নিৰ্বাচনত সেই ফর্মূলাটো একেবাৰেই অপ্ৰাসঙ্গিক হৈ পৰিল৷ সকলো বেৰ ভাঙি উচ্চবর্ণ, নিম্নবর্ণ আৰু সততে বিজেপি বিৰোধী মুছলীম সম্প্রদায়ে একেলগে ভোট দিলে গেৰুৱা বাহিনীক৷ বিশেষকৈ মুছলীমপ্রধান পশ্চিম উত্তৰ প্রদেশৰ মজফ্ফৰনগৰ, চামলি, বেৰিলি, খলিলাবাদ, মিৰাট, মোৰাদাবাদ ইত্যাদি এলাকাৰ ২৪খন আসনত সংখ্যালঘু সম্প্রদায়ৰ বেছিভাগ প্রার্থী পৰাভূত হৈছে৷ অৰিয়াঅৰিত ভোট বিভাজিত হৈছে৷ বহুতে বিস্মিত হৈছে যদিও স্বীকাৰ কৰিব বাধ্য হৈছে যে প্রধানমন্ত্রী মোদীৰ সর্বভাৰতীয় গ্রহণযোগ্যতা বাঢ়ি গৈছে অনেক গুণে৷ সাধাৰণ মানুহৰ আশা আকাঙ্খাৰ মৰ্ম বুজি তেওঁ অর্থনৈতিক বিকাশ আৰু ৰাষ্ট্ৰীয়তাতাবাদী শক্তিক নির্বাচনী প্রচাৰৰ কামত খটুৱাইছে আৰু সফলো হৈছে৷ সকলো সম্প্রদায়ৰে ধাৰণা হৈছে, ৰাজ্যৰ মূল দলকেইটা ক্ৰমে মুলায়েম সিঙ যাদৱৰ পৰবর্তিকালৰ অখিলেশ যাদৱৰ সমাজবাদী পার্টি, মায়াবতীৰ দলিত বান্ধব বহুজন সমাজ পার্টিৰ শাসন বহুবাৰ চোৱা হ’ল, এইবাৰ বিজেপিক ভোট দি চোৱা যাওক, ৰাজ্যখনৰ বিকাশ কিমানদূৰ আগুৱাই দেখা যাওক৷ কাৰণ কেন্দ্রত আছে মোদী নেতৃত্বাধীন চৰকাৰ৷ সেয়ে ৰাজ্যৰ উন্নয়নত ই এক ইতিবাচক সংযোজন হ’ব৷ সময় সমাগত যে জাতপাত তথা ধর্মভিত্তিক ৰাজনৈতিক পৰিচয় ধুলিস্যাৎ কৰি কেৱল বিকাশৰ প্ৰয়োজনত ভোটাধিকাৰ সাব্যস্ত কৰা।

কেন্দ্ৰত চৰকাৰ থকাৰ সুবাদতে বিজেপিয়ে বহুকেইটা লোভনীয় তথা জনহিতৈশী আঁচনি ৰূপায়ণ কৰে। তাৰ অন্যতমটো হ’ল প্ৰধানমন্ত্ৰী উজ্জল যোজনা। এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালৰ বিশেষকৈ গ্ৰামাঞ্চলৰ অস্বাস্থকৰ ৰন্ধন শৈলী সলনি কৰা আৰু বিনামূল্যে গেছ চিলিণ্ডাৰ বিতৰণ। যোৱা বছৰ মে মাহত উত্তৰ প্ৰদেশৰে বলিয়াৰ পৰাই এই আঁচনিৰ শুভাৰম্ভ কৰা হয়। সমগ্ৰ দেশতে এতিয়ালৈ বিতৰণ হোৱা ১ কোটি ৮০ লাখৰ ৫৫ লাখেই কেৱল উত্তৰ প্ৰদেশতে বিতৰণ কৰা হৈছে। এই আঁচনিখনে বিজেপিক আশাতীতভাৱে ভিতৰুৱাকৈ নিৰ্বাচনত সহায় কৰিছে, যিটো কথা জনপ্ৰিয় মাধ্যমে তুলি ধৰা নাই। ইয়াৰোপৰি কৃষকৰ ঋণ মাফ, যুৱতী তথা নাৰী সুৰক্ষাৰ বাবে এণ্টি ৰোমিঅ স্কোৱাদ গঠনৰ প্ৰতিশ্ৰুতিয়ে বিজেপি দলক সহায় কৰিছে। ইফালে ৰাজ্যৰ শোচনীয়, জৰ্জৰিত আইন শৃংখলা পৰিস্থিতিও পৰিবৰ্তনৰ এক অন্যতম কাৰন।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি বিজেপিয়ে যে উত্তৰ প্ৰদেশৰ দৰে গুৰুত্বপুৰ্ণ ৰাজ্যত হাত উজাৰি বিকাশ সাধন কৰিব আৰু প্ৰতিশ্ৰুতি পুৰণ যে কৰিব সেই বিষয়ে জনসাধাৰণ অৱগত। তাৰেই প্রতিধ্বনী তুলি বিকাশৰ উদাত্ত বার্তা প্ৰেৰণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ বিজেপিৰ অভুতপুৰ্ব সাফল্যৰ পাছত নতুন দিল্লীৰ দলীয় সদৰ কাৰ্যালয়ত বক্তব্য ৰাখি ২০১৪ চনৰ অচ্ছে দিনৰ শ্লোগান পৰিহাৰ কৰি ২০২২ চনৰ ভিতৰত নৱভাৰত গড়াৰ স্বপ্ন ৰচিছে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে খইৰাত বা চৰকাৰী বিনামূলীয়া আঁচনিৰ পৰিবর্তে দুখিয়া-দৰিদ্ৰক দিব লাগিব স্ব-নিয়োজনৰ সুযোগ-সুবিধা৷ মধ্যবিত্তসকলৰ দায়-দায়িত্বৰ বোজা কিছু হলেও লাঘব কৰিব লাগিব৷ মহিলাসকলৰ সৱলীকৰণৰ সুব্যৱস্থাও কৰিব লাগিব৷ এয়াই হ’ব প্ৰধানমন্ত্ৰীৰ নৱ-ভাৰতৰ স্বপ্ন বাস্তবায়িত কৰাৰ মুলমন্ত্র৷ ই ২০১৯ চনৰ লোকসভা নির্বাচনী শ্লোগান নহয়, এয়া আগন্তুক পাঁচ বছৰৰ দলৰ ভৱিষ্যত লক্ষ্যমাত্রা৷ ধর্মীয় মৌলবাদ বা সাম্প্ৰদায়িকতাবাদে এই নিৰ্বাচনত বিশেষ গুৰুত্বলাভ কৰা নাই বুলি ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰিছে৷ গুজৰাট সংঘৰ্ষৰ কলঙ্কৰে কলুসিত হৈও সংসদীয় নির্বাচনে মোদীয়ে যিধৰণে জয়লাভ কৰিলে, তাৰ দ্বাৰাই প্ৰমানিত হয় যে জনমানসত সেই পৰিঘটনাই তেনে কোনো চাপ সৃষ্টি কৰিব পৰা নাই৷ এতিয়া দেশখনে বিচাৰিছে ২০১৪ চনৰ সংসদীয় নিৰ্বাচনৰ সময়ৰ বিকাশ মডেল৷ উত্তৰ প্রদেশ নির্বাচনত সেয়াই আছিল সাধাৰণ মানুহৰ প্রত্যাশা৷ তেওঁলোকৰ ধাৰণা এই যে মোদীৰ শাসনকালতে স্থিতিশীল উন্নয়নৰ সুফল আনিব পাৰিব৷ সেয়া কিমানদুৰ সম্ভৱপৰ হ’ব সেয়া সময়ে কব৷ নোট বাতিল ইছ্যুৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ ধাৰণা এই যে ই বিকাশৰ এক পন্থা৷

মোদীজীৰ কৰিশ্মাই উত্তৰ প্রদেশত বিজেপিৰ আশাতীত জয়লাভৰ মূল কাৰণ৷ মোদীজীয়ে যিধৰণে প্রচাৰ অভিযান চলাই তাৰ ফলত মোদী লহৰ সৃষ্টি হয়৷ এই লহৰে বা-মাৰলিৰ সৃষ্টি কৰে আৰু ধূলিস্যাৎ হয় পৰম্পৰাগত ভোটবেংক ৰাজনীতিত বিস্বাসী বিৰোধীশক্তি৷ এই লহৰত উত্তৰ প্ৰদেশৰ মুছলমানেও হাত উজান দিয়ে বিজেপিৰ পক্ষে। সমগ্ৰ বিশ্বৰ অন্যতম ইচলামীয় জ্ঞানচর্চাৰ কেন্দ্র হিচাবে সুপৰিচিত দেওবণ্ড সমষ্টিটো বিজেপিয়ে দখল কৰাত আশ্চৰ্যসচকিত হৈছে ৰাজনৈতিক বিশ্লেষকসকল। দেওবণ্ড সাহাৰানপুৰ জিলাৰ মুছলীম অধ্যুষিত ৫টা বিধানসভা সমষ্টিৰ অন্যতম। এইবাৰৰ উত্তৰ প্রদেশৰ বিধানসভা নির্বাচনত মায়াবতী আৰু অখিলেশ যাদব-ৰাহুল গান্ধী যুটি নি:সন্দেহে বিপর্যস্ত হৈছে আৰু বিপর্যস্ত হোৱাৰ কাৰন আছে। এই দলকেইটাই কেৱল যে ক্ষমতা ঘূৰাই পোৱাত ব্যর্থ হৈছে তেনে নহয়, মুছলীম সংখ্যাগৰিষ্ঠ সমষ্টিসমুহটো বিজেপি বিপুল ভোটত জয় লাভ কৰিছে- অতীতত সদায় যিবোৰত সমাজবাদী পার্টি বা বহুজন সমাজবাদী পার্টিয়ে জয়লাভ কৰিছিল। অবিশ্বাস্য হলেও সত্য যে চাহাৰাণপুৰৰ মুছলীম অধ্যুসিত মুজাফফাৰনগৰকে ধৰি দেওবণ্ড, বেৰিলি, বিজনৌৰ, মোৰাদাবাদটো বিজেপিয়ে জয়লাভ কৰিব সক্ষম হৈছে। এক তৃতীয়াংশ বা ততোধিক মুছলমান ভোটাৰ থকা ৪২খন আসনৰ বিজেপি জয়ী হৈছে ৩১খন আসনত। মুঠ ৪০৩খন আসনৰ ৩২৫ খনতে বিজেপিয়ে জয়লাভ কৰাৰ পাছত মায়াবতীয়ে বিজেপিৰ বিৰুদ্ধে ‘ইভিএম’ বা ‘ইলেকট্রনিং ভোটিং মেশিন’ অসৎ ভাবে ব্যবহাৰৰ অভিযোগ কৰে। তেওঁৰ অভিযোগ হ’ল এইকথা মানি লব নোৱাৰি যে মুছলীম ভোটো এইবাৰ গেৰুৱা শিবিৰে পাইছে। মায়াবতীৰ এই অভিযোগ কিমান সত্য বা যুক্তিসংগত সেয়া নির্বাচন আয়োগে অনুসন্ধান। কিন্তু মুছলমানসকলেও যদি সঁচাকৈয়ে বিজেপিৰ পক্ষত ভোটদান কৰিছে তেন্তে সেয়া নৰেন্দ্র মোডী আৰু অমিত শ্বাহৰ বাবে এক বিশেষ সাফল্য যাৰ বিৰুদ্ধে সংখ্যালঘু বিদ্বেষী হোৱাৰ অভিযোগ আছে। মুছলীম বহুল এলাকাত বিজেপিৰ বিজয় ভাৰতৰ ‘প্রগতিশীল’ দলবোৰৰ বিৰুদ্ধে ‘সংখ্যালঘু ভোটবেংক আৰু তোষণ’ ৰাজনীতিৰ ওপৰত কুঠাৰাঘাট। ৰাজনৈতিক বিশ্লেষকৰ একাংশৰ মতে মুছলমানসকলে একগোট হৈ যে এটা পক্ষত অতিকৈ ভাৱি-চিন্তি ভোট প্ৰদান কৰা ধাৰণা হ’ল অবান্তৰ। অন্যান্য জাতি-জনগোষ্ঠীৰ দৰে মুছলমানৰ ভোটো বিভিন্ন ৰাজনৈতিক দলৰ পক্ষত বিভাজিত হৈ পৰে। কিছু ৰাজনৈতিক দলে এই ৰটনা ৰছে যে মুছলমানসকলে যাকে ভোটদান কৰে তেওঁলোকেই চৰকাৰ গঠন কৰে। এই ধাৰণাৰ তথ্যভিত্তিক যুক্তিযুক্ততা নাই। এনে অপপ্ৰচাৰৰ বাবেই সংখ্যাগৰিষ্ঠসকলৰ ভোট বিপৰীত দিশত মেৰুকৰণ হয়। ২০১৪ চনত চেন্টাৰ ফৰ স্টাডি অফ ডেভলপিং চোচাইটিচ বা চিএচডিএচে নিৰ্বাচনজনিত বিশ্লেষণাত্মক এক সমীক্ষা চলাইছিল। সমীক্ষাৰ মতে সেইবাৰ অন্তত ১০% মুছলমানে বিজেপিক আৰু সমসংখ্যকে কংগ্রেছক ভোট দিছিল। চিৰাচৰিতভাৱে কংগ্রেছ আৰু তাৰ পাছৰ পৰ্যায়ত সমাজবাদী পার্টিয়ে মুছলমানৰ ভোট লাভ কৰিব সক্ষম হৈছিল যদিও বিগত লোকসভা নির্বাচনৰ সময়ৰ পৰাই ট্রেণ্ড পৰিবর্তন হোৱা পৰিলক্ষিত হৈছিল।

স্মৰ্তব্য যে সাধাৰণ মুছলমানৰ এটা অংশই কেৱল যে বিজেপিক ভোটদান কৰি ক্ষান্ত আছিল তেনেও নহয়, ফলাফল ঘোষণাৰ দিনটোত বেছ কিছু মুছলমান পুৰুষ-নাৰী স্বতস্ফুৰ্তভাৱে লক্ষ্নৌত বিজেপিৰ দপ্তৰৰ আনন্দোল্লাসত হিয়া উজাৰি যোগদান কৰে। অদ্ভুত বিষয়টো হ’ল এই যে ‘ইন্ডিয়ান এক্সপ্রেছ’ৰ এক প্রতিবেদন মতে ভাৰতত হিন্দু-মুছলীম নির্বিশেষে শ্ৰমিক বা কৃষকে মোডীজীৰ ‘ডিমনিটাইশ্বন’ কাৰ্যসূচীত সুখী; কাৰণ ই তেওঁলোকক প্ৰত্যক্ষভাৱে বেঙ্কিং ব্যবস্থাৰ সৈতে জড়িত হোৱাত সহায় কৰিছে। ২০১৩ চনৰ মুজাফফৰনগৰত হোৱা সাম্প্রদায়িক সংঘৰ্ষত ৬০জন ব্যক্তিৰ মৃত্যুৰ পাছত হিন্দু আৰু মুছলীম এই দুই সম্প্রদায়ৰ মাজত প্রবল ধাৰ্মিক মেৰুকৰণ হৈছিল। ফলত ২০১৪ চনৰ লোকসভা নির্বাচনত হিন্দুসকলে বিজেপিৰ পক্ষত ভোটদান কৰে। কিন্তু যি অখিলেশ যাদব চৰকাৰৰ পক্ষত মুছলমানসকল সুদৃঢ় হৈ আছিল, সেই চৰকাৰে সংঘৰ্ষৰ সময়ত তেওঁলোকক ৰক্ষনাবেক্ষন দিয়াত কার্যত: নিষ্ক্রিয় হৈ আছিল। তৰুণ মুখ্যমন্ত্রী অখিলেশ সেই সময়ত মুছলমানৰ যন্ত্রণাৰ প্রতি নির্বিকাৰ, উদাসীনতাৰ বাবে অত্যন্ত নিন্দিতও হৈছিল। মুজাফফৰনগৰ যিসময়ত দাওদাওকৈ জ্বলিছিল ঠিক সেইসময়ত বলিউড তাৰকাৰে চফাই মহোৎসৱ পাতি আন্দোতসৱত নাচ-গানেৰে মতলীয়া হৈছিল। তেতিয়াই অখিলেশৰ ছবি বা চেলফি সমাজবাদী পার্টিৰ অপূৰণীয় ক্ষতিসাধন হৈছিল। ২০০৭ চনত মায়াবতীৰ বহুজন সমাজবাদী পার্টিয়ে ‘নির্বাচন কৌশল’ বা ‘ইলেকচন ইঞ্জিনিয়াৰিঙ’ৰ মাধ্যমেৰে একেখন মঞ্চত ব্রাক্ষ্মণ তথা দলিত ভোটাৰক অনাৰ লগতে মুছলমানকো একত্ৰিত কৰি নির্বাচনত সফলতা লাভ কৰিব সক্ষম হৈছিল। তাৰ পৰবৰ্তি সময়ত দলিত-যাদবৰ লগতে মুছলীম ভোটাৰক নিজৰ ফলীয়া কৰি ক্রমাগতভাৱে অখিলেশ হৈ উঠে ইউপি বা উত্তৰ প্রদেশৰ ‘উন্নয়ন’ৰ নবীন মুখচ্ছবি। তেনে ক্ষেত্ৰত ‘বেহেনজি’ মায়াবতীৰ প্রতি ভোটাৰসকল বহু আগৰেপৰা হৈ পৰে তেওঁৰ প্ৰতি আস্থাহীন।

প্ৰশ্ন হয় ৪০৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত বিজেপিয়ে এজনো মুছলমান প্ৰাৰ্থীক প্ৰাৰ্থীত্ব নিদিয়াৰ পাছতো মুছলমানসকলৰ এক বৃহৎ অংশই বিজেপিক ভোট প্ৰদান কৰিছে জানো? তাৰ বিপৰীতে মায়াবতীয়ে এশজনকৈ মুছলমান প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। এইকথা অনস্বীকাৰ্য যে জয়লাভৰ আশা নাথাকিলে প্ৰাৰ্থীত্ব প্ৰদান কৰি কোনো সুফল পোৱা নাযায়। এইকথাও ন দি কব পাৰি যে কেৱল নিজ নিজ জাতি-জনগোষ্ঠীৰ নেতা-পালিনেতাইহে যে সেই বিশেষ সম্প্ৰদায়ৰ উন্নয়ন সাধন কৰিব পাৰে সেই ধাৰণা সম্পূৰ্ণ ভুল। যদি সেয়ে হ’ল হয় তেন্তে অতদিনে জাতি-জনগোষ্ঠীবোৰৰ কোনো সমস্যাই নাথাকিল হয়। ৰাম মন্দিৰৰ দৰে ইছ্যুয়েও যে মুছলমান ভোটাৰক তলাব নোৱাৰিলে। সমাজবাদী পাৰ্টিৰ যাদব-মুছলীম ভোট বা বহুজন সমাজ পাৰ্টিৰ দলিত-মুছলীম ভোটৰ অংকত মাধমাৰ সোধালে বিজেপিয়ে। তেওঁলোকে যে মুছলমানক কেৱল ভোটবেংক হিচাবেই ব্যৱহাৰ কৰি আহিছে সেইকথা ইতিমধ্যে ভোটাৰ ৰাইজে বুজি উঠিছে। মুছলীম তুষ্টিকৰণৰ দ্বাৰা মুছলমানৰ সামগ্ৰিকভাৱে কোনো উন্নয়ন সাধনো যে হোৱা নাই সেইকথাও স্পষ্ট। মুছলমানৰ বাবে বাবৰি মছজিদ আজি আৰু কোনো ইছ্যু হৈ থকা নাই। আৰাধনা কৰিবৰ বাবে বিশ্বৰ প্ৰতিটো চুক কোনেই তেওঁলোকৰ আৰাধনা কেন্দ্ৰ বা মছজিদ। প্ৰচলিত তিনি তালাক বিষয়টোয়েও বিজেপি দলক সহায় কৰিছে। মুছলমান নাৰীসমাজে এইক্ষেত্ৰত আগভাগলৈ বিজেপিৰ পক্ষত ভোটদান কৰিছে। কাৰণ প্ৰচলিত এই প্ৰথা মুছলমান নাৰী বিৰোধী আৰু অনা ইছলামীয় এক আহুকলীয়া প্ৰথা। ইউনিফৰ্ম চিভিল ক’ডৰ পোষকতা কৰা বিজেপিয়ে যদি সকলো নাগৰিকৰ বাবে এক সমান আইন প্ৰণয়ন কৰে তাত মুছলমান বিতুষ্ট হোৱাৰ কাৰণ নাই। বৈচিত্ৰময় ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ যি স্বকীয় নীতি-নিয়ম আছে তাক যদি সকলোৱে পৰিহাৰ কৰিব পাৰে তেন্তে মুছলমানেও পাৰিব লাগে। গো-মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাকলৈও মুছলমান সংকিত হোৱাৰ কাৰণ নাই। কাৰণ ইছলামীয় পন্থাত গো-মাংস ভক্ষন অনিবাৰ্য নহয় বা ফৰ্জ নহয়। স্মৰ্তব্য যে ভাৰত বিশ্বৰ অন্যতম গো-মাংস ৰপ্তানীকৰ্তা। এইসকলো বোৰ বিতৰ্কিত বিষয়ত হয়তো বিবেকবান মুছলমানে ইউ-টাৰ্ণ ললে। কাৰণ এইবোৰ অলাগতিয়াল বিষয় আৰু সামগ্ৰিক বিকাশৰ অন্তৰায়।

No comments:

Post a Comment