চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ডিজিটেল ইণ্ডিয়াত ডিজিটেল দপ্তৰ
মানসী গোস্বামী

ভাৰতৰ দৰে এক উন্নয়নশীল ৰাষ্ট্ৰত “ডিজিটেল ইণ্ডিয়া”ৰ দৰে লক্ষ্য এটাৰ প্ৰয়োজনীয়তা সম্পৰ্কে দ্বিমত থাকিব নোৱাৰে। প্ৰশাসন ব্যৱস্থাক সম্পূৰ্ণ সহজলভ্য আৰু সক্ৰিয় কৰাৰ বাবে কম্পিউটাৰ, মোবাইল তথা ইণ্টাৰনেট নিৰ্ভৰ, সক্ষম ব্যৱস্থাপনাৰ নিশ্চয়কৈ প্ৰাসংগিকতা আছে – এই কথা আমি অন্তঃকৰণেৰে বিশ্বাস কৰোঁ। পিছে, একে সময়তে, ব্যক্তিগত অভিজ্ঞতাই এখন সম্পূৰ্ণ বিপৰীত ছৱিহে উদঙাই দিয়ে আৰু তাৰেই আলমতে এই লেখাৰ সূত্ৰপাত। 

পেশাগত কাৰণতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সতে যোগাযোগ কৰিব লগা হয়, কেতিয়াবা কোনো তথ্যৰ বাবে, কেতিয়াবা কামৰ পৰিকল্পনা তথা ৰূপায়নৰ বাবে। অথবা প্ৰায়েই, অসম সম্পৰ্কীয় পাৰিসাংখ্যিক তথ্য কিছুমানৰ প্ৰয়োজনীয়তা সৃষ্টি হয় – ব্যক্তিগত কামতো, বৃত্তিগত তাগিদাতো। পিছে, এইক্ষেত্ৰত হোৱা অভিজ্ঞতাবোৰহে বৰ সুখকৰ হৈছে বুলি একেষাৰে ক’ব পৰা নাযায়। ইন্টাৰনেটৰ জগতখন তথ্যসংগ্ৰহৰ বাবে অতিকে সূচল উপায়। দুঃখজনকভাৱে অসমৰ প্ৰায়বোৰ দপ্তৰৰ বিভাগীয় ৱেবচাইটবোৰৰ অৱস্থা তথৈবচ। নতুন চৰকাৰখন অহাৰ প্ৰায় এবছৰেই হ’ল, অধিকাংশ তথ্যই “আপডেট”হে হোৱা নাই। প্ৰতিটো বিভাগৰ শেহতীয়া পাৰিসাংখ্যিক তথ্যবোৰ বিছাৰি বিভাগীয় ৱেবচাইট খোচৰা আৰু পৰ্বতত কাছকণী বিছৰা একে কথা। যিখিনি তথ্য কিবাকে আছে, সেইখিনিও ২০১৩ চন বা তাৰ আগৰ, ২০১৬টো বাদেই দিলো, ২০১৪ আৰু ২০১৫ৰ তথ্যও প্ৰায় দুস্প্ৰাপ্য। একো একোটা বিভাগৰ দায়িত্বত থকা মূল বিষয়া-কৰ্মচাৰী, বিভাগীয় কাৰ্য্যালয়বোৰৰ যোগাযোগৰ শেহতীয়া তথ্যবোৰো পাবলৈ নাই, দুই-এটা বিভাগৰ ৱেবচাইটত সদায় এটাই বাক্য ওলাই থাকে – “পৃষ্ঠাটো আপডেট কৰি থকা হৈছে।” বিভাগীয় আঁচনি বা প্ৰকল্পবোৰৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদনেই কওক বা বিভাগীয় বাজেটেই কওক, কোনো তথ্য অসম চৰকাৰৰ অধিকাংশ ৱেবচাইটত পোৱা নাযায়। ডিজি-ধন, কেছলেছ আদান-প্ৰদান, মবাইল ৱালেট আদিবোৰক ব্যাপক আৰু ব্যাপকতৰ কৰি তোলক ভাল কথা, কিন্তু, একেসময়তে বিভাগবোৰৰ সতে যোগাযোগ কৰিব পৰাকৈ একোটা সক্ৰিয় ইমেইল আইডি, দুটামান অফিচিয়েল মবাইল নাম্বাৰ (যিহেতু লেণ্ডলাইন নাম্বাৰবোৰ প্ৰায়েই অকামিলা), বিভাগটোৰ সকলো কাম-কাজ সম্পৰ্কীয় তথ্য ৰাজহুৱাকৈ, ৱেবচাইটযোগে পাব পৰাৰ ব্যৱস্থা কৰি তোলাটো সুশাসন নিশ্চিত কৰাৰ প্ৰথম পদক্ষেপ হোৱা উচিত। 

অন্যহাতে, কিছুসংখ্যক বিভাগক বাদ দি, কাৰ্য্যালয়বোৰত কম্পিউটাৰ ব্যৱহাৰৰ মাত্ৰা আৰু দক্ষতা বৰ আশাপ্ৰদ নহয়। যিকোনো জৰুৰী তথ্য, ফাইলৰ বিৱৰণ আদিবোৰ পদ্ধতিগতভাৱে কম্পিউটাৰত সাঁচি থোৱাৰ ব্যৱস্থা ছাগে তেনেই লেখিব পৰা জোখৰ কাৰ্য্যালয়ত হে আছে। উদাহৰণস্বৰূপে, এটা বিভাগৰ অধীনত লোৱা কোনো আচঁনিৰ বিশদ প্ৰকল্প প্ৰতিবেদনৰ কথাই ক’ব পাৰি। ফাইলৰ ভিতৰত থকা এনে প্ৰতিবেদনবোৰৰ লগত কাৰ্য্যালয়ৰ প্ৰক্ৰিয়াসমূহৰ বাবে অনেক আনুসংগিক কাগজ জমা হয়। গতিকে, প্ৰয়োজনসাপেক্ষে সংশ্লিষ্ট প্ৰকল্পৰ কোনো তথ্য কাৰোবাক দিব লগা হ’লে ফটোষ্টেট কৰা বা নকৈ লিখাৰ বিকল্প নাথাকে; দুয়োটাই যথেষ্ট সময় খৰচ হোৱা কাম। তাৰ বিপৰীতে, উক্ত প্ৰতিবেদনখন, যিখন হয়তো কম্পিউটাৰতে প্ৰস্তুত কৰা হৈছিল, সেইখন উপযুক্তভাৱে সংৰক্ষণ কৰি ৰাখিলে সংশ্লিষ্ট তথ্যবোৰ লাভ কৰাটো সহজ হৈ পৰে। 

শেহতীয়াকৈ, ৰাজ্য চৰকাৰৰ প্ৰায়বোৰ বিভাগীয় কাৰ্য্যালয়, বিষয়া-কৰ্মচাৰীৰ মাজত নিজা নিজা কামৰ খতিয়ান বিভিন্ন এপ বা ছছিয়েল মিডিয়াযোগে প্ৰচাৰ কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভাল কথা। কিন্তু একে সময়তে, হোৱাটছএপ, ফেচবুক বা টুইটাৰৰ লগতে, অধিক স্থায়ীভাৱে, বিভাগীয় তথ্যবোৰ বিভাগসমূহে নিজৰ নিজৰ ৱেবচাইটত সন্নিবিষ্ট কৰিলে প্ৰশাসন প্ৰক্ৰিয়াটো অধিক জনমুখী হোৱাৰ বাট মুকলি হ’ব বুলি আমাৰ ধাৰণা। অন্যহাতে, হোৱাটছএপ-ফেচবুক লিটাৰেচীৰ সমান্তৰালকৈ কম্পিউটাৰ আৰু ইণ্টাৰনেট (ই-মেইল) লিটাৰেচীও ব্যাপক হোৱাৰ প্ৰতি চকু দিয়াৰ দৰকাৰ, তেতিয়াহে প্ৰকৃততে বিভাগসমূহ “ডিজিটেল” হৈ উঠিব। কেৱল নাগৰিকৰ ডিজিটেল আইডেণ্টিটি, মবাইল বেংকিং ব্যৱস্থা, কেছলেছ অৰ্থনীতি আদিৰ দৰে “মনোমোহা” কাৰ্য্যসূচীৰ কথাৰেই ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন সাকাৰ কেতিয়াও নহয়, যেতিয়ালৈ চৰকাৰখনৰ প্ৰত্যেকটো অংগ, প্ৰতিটো দপ্তৰ প্ৰকৃতাৰ্থত “ডিজিটেল দপ্তৰ” হৈ নুঠে। আৰু সেয়া নোহোৱালৈ, যিমানেই দ্ৰুতবেগী ইণ্টাৰনেটৰ ব্যৱস্থাই কৰা নহওক কিয়, তাৰ কাৰিকৰী সুফল ৰাইজে কেতিয়াও উপভোগ কৰিবলৈ সক্ষম নহ’ব। 
লেখিকাৰ ইমেইল – goswami.manoshi@gmail.com

No comments:

Post a Comment