গ্ৰন্থ আলোচনাঃ প্ৰাক-উপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস- এক সমীক্ষা :: পঙ্কজ প্ৰতিম বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনাঃ প্ৰাক-উপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস- এক সমীক্ষা :: পঙ্কজ প্ৰতিম বৰদলৈ

গ্ৰন্থ আলোচনাঃ প্ৰাক-উপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস- এক সমীক্ষা :: পঙ্কজ প্ৰতিম বৰদলৈ

Share This
প্ৰাক-উপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস- এক সমীক্ষা
পঙ্কজ প্ৰতিম বৰদলৈ
প্ৰাক-উপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস- এক সমীক্ষা পঙ্কজ প্ৰতিম বৰদলৈ, ৰক্তিম ৰঞ্জন শইকীয়া, Assam Publishing Company
পৰম্পৰাগত ইতিহাস চৰ্চা বা অধ্যয়নত আলোচিত সময়ৰ তথ্য সম্বলিত বিভিন্ন ৰজাঘৰীয়া দস্তাবেজ বা পুৰাতাত্বিক সমলবোৰৰ আধাৰত সেই নিৰ্দিষ্ট সময়ৰ ৰাজনৈতিক গতিবিধি আৰু বহু সময়ত এজন মহান ব্যক্তি (গ্ৰেট মেন’)ৰ কৰ্মৰাজিক কেন্দ্ৰীয়ভাৱে মূল্যায়নৰ জৰিয়তে ইতিহাস চৰ্চা কৰা দেখা যায়৷ এনে কৰিবলৈ যাওঁতে এটা বাকধাৰাৰ সৃষ্টি হয়, যিটো বহুসময়ত পক্ষপাতপূৰ্ণ, একমাত্ৰিক আৰু তোষামোদযুক্তহ’ব পাৰে তথা তথ্য বিসংগতিৰ চিকাৰ হ’ব পাৰে৷
প্ৰাক-উপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস- এক সমীক্ষা পঙ্কজ প্ৰতিম বৰদলৈ, ৰক্তিম ৰঞ্জন শইকীয়া, Assam Publishing Company
নব্য ইতিহাস চৰ্চাত এক বস্তুনিষ্ঠ আৰু পদ্ধতিগত প্ৰক্ৰিয়াৰ মাজেৰে মূল দস্তাবেজ আদিৰ লগতে সাংস্কৃতিক, অৰ্থনৈতিক, পৰিবেশ আদি দিশসমূহৰো বিশ্লেষণ বিশদভাৱে কৰি ইতিহাস চৰ্চাৰ এক সম্যক কাৰ্য্যপ্ৰণালী প্ৰতিষ্ঠাৰ প্ৰয়াস কৰে৷ এই প্ৰক্ৰিয়াক মাক্সবাদীসকলে সততেই কিছু সন্দেহৰ চকুৰে যায়, যিহেতুকে এই প্ৰক্ৰিয়াত ইতিহাসক কেৱল শ্ৰেণী সংগ্ৰামৰ ধাৰা হিচাপে বিশ্লেষণ কৰা নহয়, যিটো মাক্সবাদীসকলৰ ইতিহাস চৰ্চাৰ মূল সোপান৷

ইতিহাস চৰ্চাৰ জৰিয়তে এটা সৰ্বাত্মক সত্যত উপনীত হ’ব পৰা যায় নে নাযায়, সি এক নিৰন্তৰ বিতৰ্কৰ বিষয়৷ লিঅ’পল্ড ভন্ ৰাংক (Leopold Von Ranke) আদি ইতিহাসবিদসকলে, নিজৰ ব্যক্তিগত অনুভৱ আৰু চিন্তাৰ দ্বাৰা ইতিহাস বিকৃত নকৰিলে, সত্য বস্তুনিষ্ঠ আৰু আদৰ্শ ইতিহাস প্ৰণয়ন কৰা সম্ভৱ বুলি মন্তব্য কৰিছিল৷ ঊনৈশ শতিকাৰ আৰম্ভণিতে এই ধাৰণাৰ বিপক্ষে এক দৃঢ় আৰু শক্তিশালী মতবাদ গা কৰি উঠিল আৰু ইতিহাসবিদসকলে, ইতিহাসত সংঘটিত কোনো ঘটনাৰ সুস্থ, অবিকৃত আৰু সত্য উপস্থাপন কৰিব পাৰিবনে নোৱাৰে সেই বিষয়ে প্ৰশ্ন উপস্থাপন কৰিলে৷ আমেৰিকাৰ বিখ্যাত ইতিহাসবিদ কাৰ্ল বেকাৰ, চাৰ্লছ বীৰ্য়েড আদিয়ে যুক্তি দিলে যে, ইতিহাসত পৰম সত্যৰ উপস্থিতি এক আপেক্ষিক অৱধাৰণাহে৷ প্ৰকৃততে ইতিহাসবিদসকলে ইতিহাসৰ প্ৰকৃত ঘটনাৰ এক নিজস্ব ব্যাখ্যা সমকালীন সমাজৰ প্ৰয়োজনীয়তা আৰু বিচাৰ বুদ্ধিৰ সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি আগবঢ়ায়৷
E.H. Carn এ তেখেতৰ What is History গ্ৰন্থখনত কৈছে যে, “History is a continous process of intereaction between the historians and his facts, an unending dialogue between the past and the present' (ইতিহাস হ’ল ইতিহাসবিদ আৰু তেওঁৰ তথ্যৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ এক অবিৰত প্ৰক্ৰিয়া, অতীত আৰু বৰ্তমানৰ মাজত এক অন্তহীন সংলাপ)।

গতিকে অতীতৰ এক নিৰপেক্ষ, প্ৰমাণসিদ্ধ আৰু নিৰ্মোহ বিশ্লেষণে বৰ্তমানৰ বহু ধাৰণাৰ ভেঁটি তৈয়াৰ কৰাৰ লগতে ভৱিষ্যতৰ বহুবোৰ ভুলক নস্যাৎ কৰিব পাৰে৷ প্ৰকৃত ইতিহাস চৰ্চা নিঃসন্দেহে এক বিজ্ঞানসন্মত প্ৰক্ৰিয়া আৰু বৰ্তমান সময়ত ইতিহাসৰ চৰ্চা বিভিন্ন কাৰিকৰী প্ৰযুক্তি আৰু আন্তঃবিষয় চৰ্চাৰ জৰিয়তে কৰাৰ চেষ্টা কৰা হৈছে৷ যাৰ দ্বাৰা ইতিহাসৰ গ্ৰহণযোগ্যতা আৰু তথ্যৰ প্ৰামানিক অবিকৃত ৰূপৰ উপস্থাপন সম্ভৱ হৈ উঠিছে৷
ভাৰতবৰ্ষ নামৰ আজিৰ ভূ-খণ্ডৰ লগত প্ৰাচীন কালত কোনো ভৌগলিক, সামাজিক আৰু সাংস্কৃতিক সমন্বয় নথকা প্ৰান্তীয় আৰু বৰ্তমান অসম নামে জনাজাত ঠাইখনৰ ইতিহাস লেখন বৰ্তমান সময়তো অত্যন্ত চালুকীয়া ধৰণৰ হোৱাৰ লগতে ইয়াৰ প্ৰাচীন ইতিহাস বহুপৰিমানে লোকবিশ্বাস, জনশ্ৰুতিকেন্দ্ৰিক আৰু বিক্ষিপ্ত৷ প্ৰকৃত ইতিহাস লিখনৰ বাবে এইয়া এক নামমাত্ৰ উৎস৷ তেনে সময়তে ড° ৰক্তিম ৰঞ্জন শইকীয়াৰ “প্ৰাক উপনিবেশিক অসমৰ অৰ্থনৈতিক ইতিহাস’’ গ্ৰন্থখন পঢ়াৰ সৌভাগ্য হ’ল৷ আন্তঃবৈষয়িক দৃষ্টিভঙ্গীৰে অসমৰ অৰ্থনৈতিক ইতিহাসক বিশ্লেষণ কৰাৰ এক প্ৰয়াস ড° শইকীয়াই কৰিছে৷ অসমৰ অৰ্থনৈতিক ইতিহাসকলৈ বহুকেইখন গ্ৰন্থ আৰু কেইবাটাও প্ৰবন্ধ ইতিমধ্যে প্ৰকাশ হৈছে৷ তৎসত্বেও এক বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ লগতে আন্তঃবৈষয়িক দৃষ্টিকোণৰে ইয়াক অধ্যয়ণ কৰাৰ সীমাবদ্ধতা পূৰ্ব প্ৰকাশনবোৰত অনুভূত হৈছে আৰু তেনে এক প্ৰেক্ষাপটতে ড° শইকীয়াৰ গ্ৰন্থখনে এক পদ্ধতিগত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আন্তঃবৈষয়িক, বিভিন্ন সময় নিৰূপক পদ্ধতিৰ ব্যৱহাৰ, ফাইট’লিক বিশ্লেষণ, ৰাসায়নিক বিশ্লেষণ আদি বিভিন্ন নতুন কাৰিকৰী প্ৰযুক্তিৰ ব্যৱহাৰেৰে প্ৰাক উপনিবেশিক অসমৰ অৰ্থনৈতিক ইতিহাসক নতুন বিশ্লেষণেৰে প্ৰতিষ্ঠাৰ প্ৰয়াস কৰিছে৷

ৰক্তিম ৰঞ্জন শইকীয়াৰ গ্ৰন্থখনত বিষয়বস্তুসমূহকে মূলতঃ দুটা ভাগত ভাগ কৰা হৈছে আৰু মূল অৰ্থনৈতিক দ়ৃষ্টিভংগীৰে বিষয়সমূহ পৰ্যালোচনা কৰিছে৷ “প্ৰাক উপনিৱেশিক অসমৰ ভৌত সংস্কৃতি’’ ভাগটোৱে অসমৰ অৰ্থনৈতিক সামগ্ৰীসমূহ যেনে লোণ, সোণ, ৰূপ আদিকে ধৰি ’কৰাল’, খাৰ, ইটাৰ প্ৰযুক্তিগত সম্পৰীক্ষা আদি বহুমুখী আলোচনা আগবঢ়াইছে৷ এই সামগ্ৰীসমূহৰ অৰ্থনৈতিক গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ লগতে উপযুক্তভাৱেই গ্ৰন্থখনত তদানীন্তন সময়ৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ঘটনাকো বিশ্লেষণ কৰিছে৷ ৰাজনীতি আৰু অৰ্থনীতিৰ এক অংগাগী সম্পৰ্ক আছে আৰু ই বহু বিশ্লেষণত প্ৰমাণিত হৈছে।দ্বিতীয় ভাগটোৰ “প্ৰাক্ উপনিৱেশিক অসমৰ বিভিন্ন স্তৰীভূত ৰাজ্যৰ অৰ্থনীতি’’ৰ বিষয়ে আলোচনা কৰি সাম্ৰাজ্যবাদী শক্তিৰ আক্ৰমণৰ পূৰ্বৰ অসমৰ মূল ৰাজনৈতিক শক্তিসমূহৰ অধীনত হোৱা অৰ্থনৈতিক বিকাশ আৰু বিস্তাৰকে চৰ্চা কৰিছে৷
কিতাপখনৰ এক মূল আৰু উল্লেখযোগ্য দিশ হ’ল যে, প্ৰচলিত ঐতিহাসিক তথ্যৰ পুনৰ গৱেষণা, ইয়াৰ পদ্ধতিগত বিশ্লেষণ আৰু নতুন তথ্য আৰু প্ৰমাণৰ আধাৰত পুনৰ অৱলোকন৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত লেখকে তথ্য সহকাৰে প্ৰচলিত বহু ঐতিহাসিক সত্যক পুনৰ প্ৰতিষ্ঠা কৰিছে৷ “প্ৰাক্ উপনিৱেশিক অসমৰ স্বৰ্ণ উৎপাদন ’’ লেখাত ড° প্ৰতাপ চন্দ্ৰ চৌধুৰী আৰু ড° দীনেশ বৈশ্য আদিৰ তথ্য প্ৰমাণক যুক্তিৰে খণ্ডন কৰি ড° শইকীয়াই ইতিহাস চৰ্চাৰ গতিশীলতাকে বৰ্তাই ৰাখিছে৷ এয়া এক উদাহৰণহে৷ এনে উদাহৰণ গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই পোৱা যাব৷

গ্ৰন্থখনৰ যোগেদি প্ৰকাশ পোৱা অন্য এক উল্লেখযোগ্য দিশ হ’ল ইয়াৰ তথ্য সূত্ৰসমূহৰ উৎসৰ বিশ্বাসযোগ্যতা আৰু ফলস্বৰূপে ইয়াৰ আধাৰত প্ৰতিষ্ঠাপিত কৰিব খোজা ধাৰণাটোৰ গ্ৰহণযোগ্যতা৷ গ্ৰন্থখনত তথ্যসূত্ৰ হিচাপে প্ৰায় সকলো উপাদান লেখকে ব্যৱহাৰ কৰিছে৷ জঁতুৱা ঠাঁচ, লোকগীত, সাঁথৰ, প্ৰবচন, সাধু, পৌৰাণিক গ্ৰন্থ, ইতিহাসৰ গ্ৰন্থৰপৰা ধৰি বৈজ্ঞানিক বিশ্লেষণ, আপুৰুগীয়া গ্ৰন্থৰ উদ্ধৃতি, আন্তঃৰাষ্ট্ৰীয় লেখকৰ লেখাৰ উদ্ধৃতি ইত্যাদি৷ লেখকে কেৱল তথ্যৰ উদ্ধৃতিতে ক্ষান্ত থকা নাই, বৰঞ্চ যুক্তিসিদ্ধভাৱে নিৰ্দ্দিষ্ট ঠাইত প্ৰয়োজনবোধ অনুসাৰে ব্যৱহাৰ কৰিছে৷ ইয়াৰ ফলত লেখকে উপস্থাপন কৰিব খোজা তথ্যৰ বিশ্বাসযোগ্যতা আৰু গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে৷


অসমৰ ৰূপৰ ধাতুৰ উৎস সন্ধান নামৰ প্ৰবন্ধটো ইয়াত উদাৰণস্বৰূপে ল’ব পাৰোঁ৷ ইয়াত লেখকে অসমৰ ৰূপৰ উৎস আৰু অন্যান্য ঠাইৰপৰা ইয়াৰ ইয়াৰ আমদানিৰ বিষয়ে যি এক বিশ্লেষণ আগবঢ়াইছে, সি লেখকৰ অতিপাত কষ্টৰ কঠোৰ পৰিশ্ৰম কৰি তথ্য সংগ্ৰহ তথা ইয়াৰ এক সংযুতি নিৰ্মাণ আৰু তাৰ ওপৰত ভিত্তি কৰি কৰা ধাৰণাৰ নিৰ্মোহ উপস্থাপন দৰ্শাইছে৷ একেসময়তে ই লেখকৰ দায়বদ্ধতাকো সূচাইছে৷ এই প্ৰবন্ধটোৱে অসমৰ আহোম ৰাজ্যকালীন সময়ত “ৰূপোৱাল’’ খেলটোৰ বিষয়ে নতুন গৱেষণাৰ থল প্ৰকাশ কৰিছে৷ ড০ শইকীয়াৰ গ্ৰন্থখনৰো ইও এক অন্যতম আকৰ্ষণীয় দিশ যে, ই একে সময়তে অন্য গৱেষণাৰ ভিত্তি বা দ্বাৰ তথা চিন্তা-চৰ্চাৰ বাট মুকলি কৰি দিছে। উদাহৰণস্বৰূপে “অসমৰ লোণৰ' বিষয়ে আলোচনা কৰোঁতে তেওঁ সেই Interdisciplinary দিশটো মানি চলি "লোক সাহিত্যত মহঙৰলোণ’’ নামেৰে এটা ভাগ সন্নিবিষ্ট কৰিছে আৰু একেসময়তে “মহঙৰ লোণৰ সম্পৰ্কিত লোক সংস্কৃতি এটা স্বয়ং সম্পূৰ্ণ গৱেষণাৰ বিষয়ে’’ বুলি নতুন প্ৰজন্মৰ গৱেষকলৈ এক চিন্তাৰ দুৱাৰ মুকলি কৰি দিছে৷

যিহেতুকে গ্ৰন্থখনে প্ৰথম ভাগত ভৌত সংস্কৃতিৰ লগত জড়িত মূল সামগ্ৰীসমূহৰ আলোচনা কৰিছে আৰু সামাজিক সাংস্কৃতিক আৰু লৌকিক দিশটোকো সামৰি লৈছে, কিন্তু একে সময়তে সেই নিৰ্দ্দিষ্ট ভৌত সামগ্ৰীবিধকলৈ থকা উৎপাদন প্ৰক্ৰিয়াৰ কাৰিকৰী কৌশল, আৰু নিৰ্মাণ প্ৰক্ৰিয়াৰ অন্তৰালৰ কাৰণ, তথা এই প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰচলিত ভুল ধাৰণাক বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে নস্যাৎ কৰাৰ সফল প্ৰচেষ্টা কৰিছে৷ ই অসমীয়া ইতিহাস চৰ্চাত প্ৰথম আৰু অনুকৰণীয় আদৰ্শ হৈ ৰ’ব৷ কাৰিকৰী দিশসমূহৰ এনে বিস্তৰ অৱলোকন অসমৰ অৰ্থনৈতিক ইতিহাসত বিৰল বুলিয়েই ক’ব লাগিব৷

গ্ৰন্থখনিত লেখক এক সুশৃংখলিত কালক্ৰম (Choronolgy) ব্যৱহাৰ কৰিছে৷ ই লেখক আৰু পাঠক উভয়কে বিষয়বস্তুৰ বিস্তাৰক সঠিকভাৱে অনুধাৱন কৰোৱাত সফল হৈছে৷ গৱেষণাৰ প্ৰয়োজনৰ বাবেই দুই এক লেখাত এই কালক্ৰম পাৰ হৈছে যদিও ই বিষয়বস্তুৰ খাতিৰত যে প্ৰয়োজনীয় সেই অনুমেয়।

গ্ৰন্থখনে অৰ্থনীতিৰ ওপৰত ভেঁজা দি সমাজ আৰু সংস্কৃতিৰ বিষয়ে বহু দিশ প্ৰতিফলিত কৰিছে৷ একেসময়তে সমাজ নিৰ্মাণ আৰু শ্ৰেণীগঠন প্ৰক্ৰিয়াৰ দৰে জটিল আৰু প্ৰয়োজনীয় দিশসমূহৰ বহু ঐতিহাসিক সূত্ৰতো গ্ৰহণযোগ্য বিশ্লেষণ আগবঢ়াইছে৷

অসমৰ মূল ৰাজনৈতিক শক্তিসমূহ আহোম, কোঁচ, চুতীয়া, কছাৰী আদি ৰাজ্যৰে স্তৰীভূত অৰ্থনৈতিক বিকাশৰ বিষয়ে আলোচনা কৰাটো এক জটিল কষ্টসাধ্য কাম আৰু অলেখ সীমাবদ্ধতাৰে পৰিপূৰ্ণ৷ লেখকে, এনে সীমাবদ্ধতাৰ মাজতো এক কঠিন কাম সফল কৰিছে আৰু ভৱিষ্যত গৱেষণাৰ বাবে এক গাঁঠনিৰ ভেঁটি নিৰ্মাণ কৰি দিছে৷ ই এক অতি প্ৰয়োজনীয় কাম বুলি বিবেচনা কৰিব পাৰি৷ মটক ৰাজ্যৰ অৰ্থনৈতিক দিশটোৰ আলোচনাৰ বাবে লেখকে ইয়াৰ ৰাজনৈতিক গুৰুত্বৰ কথা উল্লেখ কৰি যুক্তি দিছে যদিও , প্ৰকৃততে এই আলোচনা আন কোনো সুকীয়া প্ৰেক্ষাপটতহে অধিক প্ৰাসংগিক হ'লহেঁতেন বুলি বোধ হয়।

গ্ৰন্থখনৰ শেষৰটো আৰু অন্যতম গুৰুত্বপূৰ্ণ লেখাটো হৈছে অসমৰ প্ৰাক্ উপনিৱেশিক কালৰ মুদ্ৰাকেন্দ্ৰিক অৰ্থনীতি৷ এই লেখাটোৱে সেইকালৰ অসমৰ গতিশীল অৰ্থনৈতিক ধাৰাটোৰ গতি -প্ৰকৃতি, বিকাশ-বিস্তাৰ তথা বিভিন্ন প্ৰত্যাহ্বানৰ এক সম্যক ধাৰণা আগবঢ়াইছে৷ ইয়াত প্ৰতিফলিত হৈছে অৰ্থনৈতিক অৱস্থাৰ ক্ৰমাগত পৰিৱৰ্তনৰ স্বৰূপ আৰু তাৰ বজাৰ তথা উৎপাদন আৰু নিৰ্মাণ অৰ্থনীতিৰ ওপৰত ইয়াৰ প্ৰভাৱ৷

ৰক্তিম ৰঞ্জন শইকীয়াৰ এই গ্ৰন্থখনৰ জৰিয়তে পঢ়ুৱৈয়ে বিনাকষ্টে লাভ কৰা আন এক সম্পদ হ’ল প্ৰসংগসূত্ৰৰ গ্ৰন্থসূচী, যিকোনো ভৱিষ্যতৰ গৱেষণাৰ বাবে ই এক পৰম সম্পদ হিচাপে কাম কৰিব৷ এই প্ৰসংগসূচীয়েই লেখকৰ নেৰানেপেৰা কষ্ট, অধ্যয়ন আৰু পৰিশ্ৰমকে দৰ্শায়৷ কম যদিও গ্ৰন্থখনত সন্নিবিষ্ট আলোকচিত্ৰকেইখনো গুৰুত্বপূৰ্ণ৷


অসমৰ ইতিহাস চৰ্চাত ইতিহাসৰ তথ্যৰ চৰ্বিতচৰ্বন তথা পুনৰুক্তি বহুত বেছি৷ ইয়াৰ পৰিৱৰ্তে কাৰিকৰী আৰু প্ৰযুক্তিগত সমলেৰে ইতিহাসক বস্তুনিষ্ঠভাৱে আলোচনা কৰাৰ প্ৰক্ৰিয়া কম৷ ক্ষেত্ৰ অধ্যয়ন, তথ্যৰ উদ্ধাৰ, তথ্যৰ বিশ্লেষণ, প্ৰতিপাদ্য প্ৰমাণৰ সত্যতা, তথ্যৰ সন্তুলিত ব্যৱহাৰ আদি এক জটিল প্ৰক্ৰিয়াৰ মাজেৰে যাবলৈ বহু গৱেষক আগ্ৰহী নহয়৷ ৰক্তিম ৰঞ্জন শইকীয়াই এক ব্যতিক্ৰম এই গ্ৰন্থখন আগবঢ়াইছে আৰু মই দ্বৰ্থহীনভাৱে ক’ব পাৰোঁ যে শ্ৰীশইকীয়া এই প্ৰচেষ্টাৰ এজন সফল বাটকটীয়া ৷

অসমৰ চিন্তাপ্ৰাজ্ঞ ড° হীৰেন গোঁহাইদেৱে কৈছিল যে, “কোনো গৱেষণাই শেষ সত্য বুলি দাবী কৰিব নোৱাৰে৷ পৰৱৰ্ত্তী গৱেষকক নতুন প্ৰশ্ন, নতুন পথৰ সন্ধান দিব পৰাতেই গৱেষণাৰ সাৰ্থকতা৷’’ ড° ৰক্তিম ৰঞ্জন শইকীয়াৰ গ্ৰন্থখন এই দিশত এশ শতাংশ সফল বুলি দাবী কৰিব পাৰে৷
লেখক উপ সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন কলা আৰু সংগ্ৰহালয় বিভাগ, ৰাষ্ট্ৰপতি সচিবালয়। ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী-১১০০০৪ ; 
লেখকৰ সুখ-দুখত প্ৰকাশিত সকলো লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/PANKAJ-PRATIM-BORDOLI

No comments:

Post a Comment