গ্ৰন্থ আলোচনাঃ মানৱৰ চিন্তাৰ "তৃতীয় তৰংগ" :: কুমাৰ নৱজ্যোতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনাঃ মানৱৰ চিন্তাৰ "তৃতীয় তৰংগ" :: কুমাৰ নৱজ্যোতি

গ্ৰন্থ আলোচনাঃ মানৱৰ চিন্তাৰ "তৃতীয় তৰংগ" :: কুমাৰ নৱজ্যোতি

Share This
মানৱৰ চিন্তাৰ "তৃতীয় তৰংগ"
কুমাৰ নৱজ্যোতি
মানৱৰ চিন্তাৰ "তৃতীয় তৰংগ" কুমাৰ নৱজ্যোতি, অসমীয়া, কিতাপ, গ্ৰন্থ, book, assamese, xukhdukh, এলভিন টফলাৰ
ভৱিষ্যতকেন্দ্ৰিক চিন্তাৰে নিজৰ ‘বৰ্তমান’ৰ জীৱন-অভিজ্ঞতা আৰু অনুভৱৰ নিৰ্যাসেৰে সুৱাসিত কৰি যোৱা শতিকাৰ আশীৰ দশকৰ প্ৰথমটো বছৰতে এলভিন্‌ ট’ফলাৰে তেওঁৰ ‘ফিউচাৰ ষ্টক’ শীৰ্ষক ধাৰাবাহিক গ্ৰন্থলানিৰ অংশ হিচাপে ‘দ্য থাৰ্ড ৱেভ্‌’ গ্ৰন্থখন লিখিছিল। সম্প্ৰতি একবিংশ শতিকাৰ তৃতীয় দশকৰ তৃতীয় বছৰটোতো ইতিহাসত মানৱৰ চিন্তন প্ৰসংগৰ এই গ্ৰন্থখন বহুচৰ্চিত আৰু উচ্চ সমাদৃত হৈ ৰ’ব পৰাটো নিতান্তই গৌৰৱৰ কথা। 
মানৱৰ চিন্তাৰ "তৃতীয় তৰংগ" কুমাৰ নৱজ্যোতি, অসমীয়া, কিতাপ, গ্ৰন্থ, book, assamese, xukhdukh, এলভিন টফলাৰ

উজ্জীৱিত বৌদ্ধিক চিন্তাৰ কৰ্ষণেৰে চাৰি দশক পূৰ্বেই বৰ্তমান সময়ত নতুনকৈ উদ্‌ঘাটিত হ’বলগীয়া বিভাজিত সমাজ, অৰ্থনীতি আৰু সংস্কৃতিৰ ভাৱনা অৰ্ন্তদৃষ্টিৰে চিত্ৰিত কৰা, বহু পাঠকৰে অন্তৰ্চক্ষু মুকলি কৰিব পৰা গ্ৰন্থখনে বিভিন্ন ধাৰণাৰ সংঘাতো মুকলি কৰি দেখুৱাইছে। বিশেষকৈ অৰ্থনীতিকেন্দ্ৰিক সামাজিক বিৱৰ্তনৰ স্তৰসমূহৰ প্ৰায়োগিক চিন্তাৰে অৱলোকনৰ প্ৰয়াস কৰা কাহিনীবিযুক্ত গদ্যৰ এই মননশীল গ্ৰন্থখন এই পৰ্যন্ত বহু পাঠকৰ দৃষ্টিতে বহুপঠনযোগ্য বুলি বিবেচিত হৈছে। গ্ৰন্থখনত লেখক ট’ফলাৰে মানৱৰ সামাজিক চিন্তনৰ প্ৰথমটো তৰংগক কৃষি যুগ, দ্বিতীয় তৰংগক ঔদ্যোগিক যুগ আৰু তৃতীয় তৰংগক অতি-ঔদ্যোগিক যুগত ভাগ কৰি দেখুৱাইছে।
যোৱা শতিকাৰ সত্তৰৰ দশকৰ পৰা সমগ্ৰ বিশ্বত প্ৰযুক্তিয়ে অনা পৰিৱৰ্তনৰ ফলশ্ৰুতিত কিদৰে তথ্য-সৰবৰাহৰ ঢৌ উঠিছে, কিদৰে আজিৰ সময় অতি-ঔদ্যোগিক যুগলৈ পৰ্যৱসিত হৈছে, সেই কথাই গ্ৰন্থখনৰ মুখ্য বক্তব্য হিচাপে প্ৰকাশ হৈছে। কৃষিভিত্তিক বিপ্লৱৰ পাছত আমাৰ সভ্যতা কিদৰে ঔদ্যোগিক সভ্যতাৰ উত্থানলৈ পৰ্যৱসিত হ’ল আৰু পৰৱৰ্তী সময়ত কিদৰে জ্ঞানভিত্তিক সমাজ-সভ্যতালৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনাৰ বীজ সেই সমাজৰ বুকুতে অংকুৰিত হ’ল; তাৰ ব্যাখ্যা গ্ৰন্থখনত আছে। মূলতঃ তথ্যৰ বিস্ফোৰণ আৰু ব্যৱহাৰভিত্তিক ডিজিটেল যুগৰ প্ৰসংগকে মানৱ সমাজৰ চিন্তাৰ এই তৃতীয় তৰংগ হিচাপে গ্ৰন্থখনত তুলি ধৰা হৈছে। সেই কথা গ্ৰন্থখনৰ ভৱিষ্যমূলক বক্তব্যৰ সৈতে একমত হোৱা বা নোহোৱা সকলো পাঠকেই নিশ্চিতভাৱেই উপলব্ধি কৰিব। বিভিন্ন প্ৰযুক্তিগত প্ৰগতি, একাধিক সামাজিক সমস্যাৰ ব্যখ্যা, শক্তিৰ সংকট, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীৰ উত্থান .. আদি বিভিন্ন কথাৰ সামূহিক আৰ্বিভাৱৰ সম্ভাৱনাৰ প্ৰসংগকে গ্ৰন্থকাৰ ট’ফলাৰে সামিগ্ৰকভাৱে মানৱ-সভ্যতাৰ চিন্তাৰ তৃতীয় তৰংগ বুলি বৰ্ণনা কৰিছে।
tsangpo river cruise, nimatighat, jorhat
গ্ৰন্থখনত লেখকে কেৱল প্ৰযুক্তিভিত্তিক অতি-ঔদ্যোগিক সমাজৰ প্ৰয়োজনীয়তাৰ সমান্তৰালভাৱে পৰিয়াল-পদ্ধতিৰো বিভিন্ন পৰিৱৰ্তনৰ কল্পনা কৰিছে। সহস্ৰ বছৰজোৰা কৃষিভিত্তিক সভ্যতাৰ অন্তত কেৱল মাথোঁ তিনি শতিকাজোৰা ঔদ্যোগিক সভ্যতাৰ সমাজখন কিদৰে প্ৰযুক্তিৰ আলমত মানৱৰ চিন্তাৰ বিকাশেৰে প্ৰযুক্তিনিৰ্ভৰ-অতি-ঔদ্যোগিক সমাজলৈ হ’ব। সেই কথাকে গ্ৰন্থকাৰে ‘দ্য থাৰ্ড ৱেভ্‌’ত উল্লেখ কৰিছে। অৰ্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তনৰ লগতে এই সভ্যতাই সমাজৰ বহু দিশেই নতুনকৈ উন্মোচন কৰিব। উৎপাদক আৰু গ্ৰাহকৰ সম্পৰ্কৰো পৰিৱৰ্তন ঘটাই নিৰ্দিষ্ট ক’ম্পেনীক বাঞ্ছিত সামগ্ৰীৰ আৰ্হি নিৰ্মাণ তথা উৎপাদনত পোনপটীয়াকৈ সহায় কৰা উপভোক্তাৰো সৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথাও ট’ফলাৰে এই গ্ৰন্থখনত চাৰি দশক আগেয়েই ব্যক্ত কৰি গৈছে। ইয়াৰে কিছুমান পৰিৱৰ্তন আমি এতিয়ালৈ প্ৰত্যক্ষ কৰিছোঁৱেই! স্বাভাৱিকতেই, কিছু ব্যাখ্যা একাংশ পাঠকৰ বাবে সন্তোষজনক নহ’লেও অথবা আন একাংশই আকৌ গ্ৰন্থখনৰ ভৱিষ্যতমুখী বক্তব্যক বিশেষ গুৰুত্ব দিব নুখুজিবও পাৰে। কিন্তু, প্ৰকাশৰ পাঁচ দশকত পদাৰ্পণ কৰাৰ পাছতো গ্ৰন্থখন এই পৰ্যন্ত বিশ্বৰ চিন্তাশীল পাঠকক আকৃষ্ট কৰাৰ ক্ষেত্ৰত সক্ষম হৈয়েই আছে। সেই কথাটোৱেই জানো ‘দ্য থাৰ্ড ৱেভ্‌’ কিয় পঢ়িব লাগে, তাৰ এটা কাৰক বুলি চিহ্নিত কৰিব নোৱাৰোঁ!! গ্ৰন্থখনৰ ভাষাই পাঠকক ভৱিষ্যতমুখী চিন্তাৰে উদ্বুদ্ধ কৰি তোলাৰ সম্ভাৱনাও ইয়াৰ অন্য এক উল্লেখনীয় দিশ।

অসমৰ কাকত-আলোচনীত এই বহুচৰ্চিত গ্ৰন্থখনৰ সন্দৰ্ভত বিশেষ আলোচনা চকুত নপৰাৰ সময়তে স্তম্ভলেখক সঞ্জীত কুমাৰ বৰদলৈৰ কলমেৰে এখন অসমীয়া দৈনিকত এটি চমু লেখা অলপতে প্ৰকাশ পাইছিল। তাৰো আগতে তেখেতৰ সৈতে গ্ৰন্থখনৰ সন্দৰ্ভত হোৱা আলাপে এই সন্দৰ্ভত আমাৰ পাঠককো এটি আভাস প্ৰদানৰ হেঁপাহ এই লেখকৰ মনতো জগাই তুলিলে। বিশেষকৈ, অনবৰতে কুসংস্কাৰ, অন্ধবিশ্বাস আদিতে বুৰ গৈ থকা আমাৰ সমাজখনত এনে গ্ৰন্থৰ পঠন-পাঠনে যুক্তিনিৰ্ভৰ চিন্তাৰ এটি নতুন বাট মুকলি কৰি দিব বুলি মই বিশ্বাস কৰোঁ। গ্ৰন্থখনৰ সকলো কথা আমি মানি লওঁ বা নলওঁ বা কিমানখিনি আত্মস্থ কৰোঁ বা কিমানখিনি কৰিব পাৰোঁ বা নোৱাৰোঁ, সেয়া বেলেগ প্ৰসংগ। তাতোকৈও ডাঙৰ কথা হ’ল আমাৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগীৰ মানসিকতাৰ সৃষ্টি কৰাটোহে! সেইবাবেই এই গ্ৰন্থখনকো তেনে চিন্তাৰে আমাৰ পাঠকক উজ্জীৱিত কৰিব পৰা এখন গ্ৰন্থ বুলি মই বিবেচনা কৰিছোঁ। মূলতঃ বিজ্ঞানভিত্তিক প্ৰযুক্তিৰ প্ৰসংগৰে মূল বক্তব্য প্ৰদান কৰিলেও কাৰ্জতঃ বিষয়বৈবিধ্যৰ উল্লিখনেৰে পৰিপূৰ্ণ গ্ৰন্থখন অৰ্থনীতি, সমাজতত্ত্ব, নৃতত্ত্ব, ইতিহাস, নৃতত্ত্বকে ধৰি বিভিন্ন বিষয়ৰ পাঠকৰ বাবে সমানে উপাদেয় হ’ব বুলিও মই ভাবোঁ।

প্ৰাসংগিক যে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম্‌ ডে জঙে এই গ্ৰন্থখন পঢ়িয়েই দেশখনক তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ এক মহাশক্তি কৰি তোলাৰ প্ৰতি আকৃষ্ট হোৱাৰ কথা নেতাগৰাকীয়ে আত্মজীৱনীত উল্লেখ কৰিছে। সম্প্ৰতি দেশখনৰ চাইবাৰ আন্তঃগাঁথনিৰ শক্তিশালী স্বৰূপৰ কথা অনস্বীকাৰ্য। কৃষিভিত্তিক আৰু উদ্যোগভিত্তিক সমাজৰ পাছত গ্ৰন্থখনত উল্লেখ কৰা মানৱৰ সামূহিক চিন্তাৰ তৃতীয় তৰংগৰ প্ৰসংগটো স্বৰূপাৰ্থত উত্তৰ-ঔদ্যোগিক সমাজৰ প্ৰেক্ষাপটত অৱলোকন কৰা হৈছে। যোৱা শতিকাৰ পঞ্চাশৰ দশকৰ শেষভাগৰ পৰা বিশ্বৰ বিভিন্ন দেশত হোৱা এই পৰিৱৰ্তন আমাৰ দৰে দেশত অৱশ্যে যোৱা শতিকাৰ আশীৰ দশকৰ শেষৰফালেহে সূচনা হৈছে।


এলভিন্‌ ট’ফলাৰে তেওঁৰ এই আলোচ্য ‘দ্য থাৰ্ড ৱেভ্‌’ শীৰ্ষক গ্ৰন্থখনত উল্লেখ কৰা চিন্তাৰ তৃতীয় তৰংগৰ সমাজখনৰ মূল কথাকেইটানো কি কি!! বিশেষকৈ ইণ্টাৰনে’ট বিপ্লৱ তথা বিভিন্ন ৰাজনৈতিক পৰিৱৰ্তনৰ লগতে আনুষংগিকভাৱে শিক্ষা-ব্যৱস্থা, উদ্যোগ-নীতি, গণমাধ্যমৰ স্বৰূপ আৰু বিভিন্ন ধৰণৰ উৎপাদন তথা বিতৰণ আদিৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনকো এই তৃতীয় তৰংগই সূচিত কৰিছে। একবিংশ শতিকাৰ আমেৰিকা, চীন, ইজৰাইল, যুগোশ্লেভিয়া আদি বিভিন্ন দেশত হোৱা ভিন্নধৰ্মী ৰাজনৈতিক পৰিৱৰ্তনৰ লগতে বিভিন্ন প্ৰাথমিক অৰ্থনৈতিক কাৰ্যকলাপতো জ্ঞান তথা তথ্যৰ প্ৰয়োগৰ কথাও গ্ৰন্থখনত আছে। ক্ল’নিং, নেন’প্ৰযুক্তি আদি উন্নত প্ৰযুক্তিৰ প্ৰয়োগ, ইণ্টাৰনে’টৰ বহুল প্ৰয়োগৰ সুবাদত গণতন্ত্ৰৰ পূৰ্বৰ চৰিত্ৰৰো পৰিৱৰ্তিত ৰূপপ্ৰাপ্তিৰ দৰে বিষয়ো ইয়াত আলোচিত হৈছে। প্ৰাসংগিক যে লেখকগৰাকীৰ সুবিখ্যাত ধাৰাবাহিক গ্ৰন্থত্ৰয়ৰ মাজৰ এইখন গ্ৰন্থৰ পূৰ্বসুৰী ‘ফিউচাৰষ্টক্’ আৰু পৰৱৰ্তী ‘পাৱাৰশ্বিফ্‌ট’ শীৰ্ষক গ্ৰন্থতো তেওঁ মানৱ-সভ্যতাৰ বহু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছে।


ভৱিষ্যবাদী আমেৰিকান লেখক তথা সাংবাদিক, শিক্ষাবিদগৰাকীয়ে আমাৰ বাবে তেওঁৰ জীৱনকালত ‘দ্য থাৰ্ড ৱেভ্’কে ধৰি বিভিন্ন গ্ৰন্থৰ মাধ্যমত আমাৰ বাবে আগবঢ়াই থৈ যোৱা নতুন চিন্তাৰ পৃথিৱীখনত এবাৰ ভুমূকি মাৰিলে আমাৰ সকলোৰে মনৰ চিন্তাৰ দিগন্ত অলপ হ’লেও প্ৰসাৰিত হ’ব বুলি মই ভাবোঁ।
**********
লেখকৰ প্ৰকাশিত আনবোৰ লেখাৰ একত্ৰ লিংকঃ 

No comments:

Post a Comment