বানমুক্ত অসমৰ প্ৰতিশ্ৰুতিৰ 'বন্যা' বনাম বিজেপি চৰকাৰৰ 'প্ৰকৃত' পদক্ষেপ
অনন্ত কলিতা
গুৱাহাটীৰ খানাপাৰাত যোৱা অক্টোবৰত [২০২২] অনুষ্ঠিত বিজেপিৰ কৰ্মকৰ্তাসকলৰ সমাৱেশত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰি প্ৰতিশ্ৰুতি দিলে যে অহা পাঁচ বছৰৰ ভিতৰত অসমক বানমুক্ত কৰিব৷ বিজেপিয়ে অসমৰ জনসাধাৰণক বানমুক্ত কৰাৰ প্ৰথম প্ৰতিশ্ৰুতি দিছিল ২০১৬ চনৰ মাৰ্চত অসম দৃষ্টিপত্ৰ-২০১৬-২০২৫ প্ৰকাশৰ দ্বাৰা৷ দ্বিতীয়বাৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীত অসমৰ বান-গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে এখন বিশেষজ্ঞ কমিটি গঠন কৰাৰ খৰচ ১০০ কোটি টকা আবণ্টনৰ ঘোষণাৰ দ্বাৰা৷ তৃতীয়বাৰ প্ৰতিশ্ৰুতি দিছিল ২০২১ চনৰ ২৪ মাৰ্চত ১০ সংকল্প প্ৰকাশ কৰি৷ ১০ সংকল্পৰ এক নম্বৰ সংকল্পটোৱে আছিল ‘বানমুক্ত অসম গঢ়া’ৰ৷ আগন্তুক লোকসভাৰ নিৰ্বাচনৰ আগে আগে আকৌ অসমৰ জনসাধাৰণক কৈছে পাঁচ বছৰ দিয়ক অসমক বানমুক্ত কৰিব৷
২০১৬ চনত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ পাছত অসম বান-গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে বিজ্ঞানভিত্তিত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে, আনকি বিজ্ঞানভিত্তিত ব্যৱস্থা গ্ৰহণৰ বাবে বিশেষজ্ঞ কমিটি এখনো গঠন নকৰিলে৷ ৰাজ্য চৰকাৰে মথাউৰি মেৰামত কৰা গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ গতানুগতিক কামবোৰহে কৰি থাকিল৷ ফলস্বৰূপে বান-গৰখহনীয়াৰ প্ৰকোপ নিয়ন্ত্ৰণ বা অলপ হ্ৰাস পোৱাটো দূৰৰ কথা প্ৰকোপ বছৰে বছৰে বৃদ্ধিহে হৈ আছে৷
এই বছৰৰ [২০২২] বান আৰু গৰাখহনীয়াৰ প্ৰকোপ অভিলেখপূৰ্ণ৷ বৰ্তমান অক্টোবৰৰ মাহটোতো বান-গৰাখহনীয়াই প্ৰলয়ৰ সৃষ্টি কৰিছে৷ ডিব্ৰুগড় চহৰখনো গৰাখহনীয়াই খহাই নিয়াৰ উপক্ৰম কৰিছে৷ বান-গৰাখহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব দূৰৰ কথা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে এই বছৰৰ বানপানীৰ সময়ত অসমৰ জনসাধাৰণক মাত এষাৰ লগাবলৈও অসমলৈ আহিবলৈ নিবিচাৰিলে৷ প্ৰত্যেকবাৰ নিৰ্বাচনৰ আগতে বান নিয়ন্ত্ৰণকে ধৰি অৰ্থনৈতিক উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে৷ এই বছৰৰ বানৰ ধবংসলীলাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে অসমৰ বান-গৰাখহনীয়া নিয়ন্ত্ৰণ অবিহনে অসমৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়৷ বান-গৰাখহনীয়াই অসমৰ অৰ্থনৈতিক উন্নয়নৰ মুখ্য অন্তৰায়৷
গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি বিশ্বাসত ল’ব পৰা যাবনে নাই সেইটো এটা ডাঙৰ প্ৰশ্ন৷ ২০১৬ চনৰ পৰা বিজেপিয়ে প্ৰতিশ্ৰুতিৰ উপৰি প্ৰতিশ্ৰুতি দি আছে বানমুক্ত অসম গঢ়াৰ বাবে নিৰ্বাচনবোৰৰ আগে আগে৷ এই বানমুক্ত অসমৰ ফলাফল হ’ল আগৰ বছৰবোৰৰ অভিলেখ ভংগ কৰি এই বছৰত [২০২২] ভয়ংকৰভাৱে বানপানীয়ে বিধবস্ত কৰিলে অসমক, জনসাধাৰণলৈ লৈ আহিল চৰম দুখ-দুৰ্দশা৷ লোকসভাৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীয়ে কৈছিল অসমৰ বান কেন্দ্ৰীয় বিষয় নহয়, ৰাজ্য চৰকাৰেহে যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰিব৷ এতিয়া প্ৰশ্ন হ’ল মথাউৰি মেৰামত তথা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে দাইক আদি অস্থায়ী ব্যৱস্থা গ্ৰহণেৰে বানমুক্ত অসম গঢ়িব খুজিছে নে বিভিন্ন বিশেষজ্ঞৰ দ্বাৰা অধ্যয়ন কৰি বিজ্ঞানভিত্তিক বহুমুখী মেগা প্ৰকল্প নিৰ্মাণৰ দ্বাৰা বানমুক্ত অসম গঢ়িব খুজিছে৷
মথাউৰি মেৰামতি বা নতুন মথাউৰি বান্ধি যে অসমৰ বানমুক্ত কৰা নাযায় বিতৰ্কহীনভাৱে প্ৰমাণিত হৈছে প্ৰায় যোৱা ৬৫ বছৰৰ অভিজ্ঞতাই৷ কাৰণ মথাউৰি নিৰ্মাণ কৰিছিল অসমত ১৯৫৮ চনত প্ৰায় ৬৫ বছৰ হ’ল৷ এই ৬৫ বছৰত মথাউৰিয়ে বান নিয়ন্ত্ৰণটো কৰিবই পৰা নাই, মথাউৰি নথকা দিনতকৈ মথাউৰি বন্ধাৰ ফলত বান-গৰাখহনীয়াৰ ধবংসলীলাহে অধিক হৈছে তথা মাৰাত্মক হৈছে৷
ব্ৰহ্মপুত্ৰৰ নিচিনা বান সৃষ্টি কৰা তথা ধবংসলীলা সৃষ্টি কৰা হোৱাংহো, আমাজান আদি বিশ্বৰ বিভিন্ন নদী নিয়ন্ত্ৰণত আনিবলৈ যেনে ধৰণৰ মেগা প্ৰকল্পৰ সৃষ্টি কৰিছে, তেনে ধৰণৰ মেগা বহুমুখী প্ৰকল্প সৃষ্টি কৰিলে অসমৰ ব্ৰহ্মপুত্ৰ আৰু আন আন নদ-নদীবোৰক নিয়ন্ত্ৰণত আনি বানমুক্ত অসম গঢ়িব পৰা যাব নিশ্চয়৷ দুৰ্ভাগ্যজনক কথা যে অসমৰ কোনো এখন চৰকাৰে অসমৰ বান-গৰাখহনীয়া সমস্যাটো বিজ্ঞানসন্মতভাৱে আৰু গভীৰভাৱে পৰ্য্যালোচনা কৰি নাচালে আজিলৈ৷ মথাউৰি মেৰামতি কৰা, গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে গতানুগতিক ব্যৱস্থা গ্ৰহণ কৰি কেজুৱেল ব্যৱস্থাবোৰত ধনবোৰ খৰচ কৰি আছে৷ মন্ত্ৰীসকলে কয় সময়মতে মথাউৰি মেৰামত কৰিলে বানপানী নহ’ব৷ কিন্তু তেওঁলোকে আজিলৈকে অসমৰ নদীৰ গতি-প্ৰকৃতি অধ্যয়ন কৰি বুজিবলৈ চেষ্টা নকৰিলে কিয় মথাউৰি অসমৰ বান নিয়ন্ত্ৰণত সাফল্যমণ্ডিত হোৱা নাই যোৱা ৬৫ বছৰে, বৰং বানৰ ভয়াৱহতা বৃদ্ধি হৈছে৷
২০০২ চনত তদানীন্তন যোজনা আয়োগে অধ্যয়ন কৰি কৈছিল, “ৰাজনীতিবিদ আৰু আমোলাসকলৰ সহযোগত নদী জলাশয়-বিজ্ঞান (Hydrology) বুজি নোপোৱা চিন্তাশক্তিহীন অভিযন্তাসকলে আৰু অধিক মথাউৰি নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ বন্ধ কৰিব লাগিব৷ সমস্যাটো সমাধানৰ বাবে পৰিকল্পনা গ্ৰহণৰ কাৰণে সমাজ বিজ্ঞানী, পৰিৱেশ বিজ্ঞানী আৰু ভূগোল বিশাৰদসকলক অন্তৰ্ভুক্ত কৰিব লাগিব, অন্যথা বান সাহায্যৰ ধন আৰু মথাউৰি নিৰ্মাণৰ ধন দুয়োটাই দুন¹তিপৰায়ণ আৰু এই প্ৰকল্পৰ লগত জড়িত দুষ্টচক্ৰই আত্মসাৎ কৰিব, অসম উপত্যকাত বানপানীৰ বাবে মৃত্যু আৰু প্ৰলয় চলি থাকিব৷” এনেকুৱা পটভূমিত এইখন চৰকাৰৰো কোনো সদিচ্ছা নাই বান-গৰাখহনীয়া সমস্যা গভীৰভাৱে পৰ্য্যালোচনা কৰি সমাধান কৰাৰ৷ নহ’লেনো মুখ্যমন্ত্ৰী নিজেই ঘোষণা কৰেনে যে মথাউৰিৰ ওপৰেৰে ৰাষ্ট্ৰীয় পথো নিৰ্মাণ কৰিব৷ মথাউৰিৰ ওপৰত ৰাস্তা নিৰ্মাণৰ লগত বান-গৰাখহনীয়া নিয়ন্ত্ৰণৰ কি সম্বন্ধ আছে৷
মনৰ কথাঃ শংকৰ সংঘই 'সংবিধান'ৰ যুগসাপেক্ষ সংশোধন কৰক :: লক্ষ্যজ্যোতি নাথ
অসমৰ নদীৰ বাবে মথাউৰিবোৰ বিজ্ঞানসন্মত নহয়৷ কিন্তু যোজনা আয়োগে কোৱাধৰণে অসম চৰকাৰে চিন্তাশক্তিহীন অভিযন্তাসকলৰ সহযোগত মথাউৰি নিৰ্মাণ কৰি আছে আৰু মেৰামত কৰি আছে আৰু বান সাহায্যৰ ধন আৰু মথাউৰি নিৰ্মাণৰ ধন দুয়োটা দুন¹তিপৰায়ণ আৰু এই প্ৰকল্পৰ লগত জড়িত দুষ্টচক্ৰই আত্মসাৎ কৰাৰ সুযোগ কৰি দিছে৷ বৰ্তমান মথাউৰি নিৰ্মাণ বা মেৰামতৰ ধনবোৰৰ অৱস্থা যোজনা আয়োগে কোৱাৰ নিচিনা আত্মসাৎ আৰু অপব্যয় হৈ আছে আৰু বানপানী নিয়ন্ত্ৰণো হোৱা নাই৷ অসমত মথাউৰিৰ দ্বাৰা বান নিয়ন্ত্ৰণত সাফল্যতা লাভ নকৰাৰ কাৰণ হ’ল অসমৰ নদীবোৰৰ পানীয়ে গেদীয় সামগ্ৰী অৰ্থাৎ শিল, বালি, বোকা আদি কঢ়িয়াই আনে৷ যোজনা আয়োগে সেয়ে অধ্যয়ন কৰি কৈছিল অসমৰ চিন্তাশক্তিহীন অভিযন্তাবোৰে অসমৰ নদীৰ পানীৰ গতি-প্ৰকৃতি অধ্যয়ন নকৰাকৈ মথাউৰি নিৰ্মাণ কৰি বিভিন্ন গোষ্ঠীৰ ধন আত্মাসাৎ কৰাৰহে উৎসৰ সৃষ্টি কৰিছে আৰু বানপানী নিয়ন্ত্ৰণটো হোৱাই নাই বানপানীৰ তাণ্ডৱ বৃদ্ধিহে হৈছে৷ এই পটভূমিতে যোজনা আয়োগে জোৰ দি কৈছিল অসমৰ চিন্তাশক্তিহীন অভিযন্তাসকলৰ উপদেশমতে মথাউৰি নিৰ্মাণ বন্ধ কৰক৷ অভিযোগ উঠিছে যে নদী গৱেষণা কেন্দ্ৰৰ মাটি বিজেপিয়ে দখল কৰি দলৰ কাৰ্য্যালয় নিৰ্মাণ কৰিলে৷
‘সুখ-দুখ LIVE’ : নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ SMART উপায়?
অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ নদীৰ এনেধৰণৰ গতি-প্ৰকৃতি-চৰিত্ৰৰ বাবে মথাউৰিৰ দ্বাৰা বানপানী নিয়ন্ত্ৰণ কৰা নাযায়৷ ইতিমধ্যে দুই মথাউৰিৰ মাজৰ ঠাইবোৰ মথাউৰি বাহিৰৰ সমতলতকৈ ১০১ পৰা ১৫ ফুট ওখ হৈ পৰিছে৷ অনেক নদীৰ তলিও সমতলতকৈ ওপৰ পৰ্য্যায়ত আছে৷ সেইবাবেই পৰিকল্পনা আয়োগে ২০০২ চনৰ প্ৰতিবেদনখনত পৰামৰ্শ দিয়া ধৰণে সমস্যাটো সমাধানৰ বাবে পৰিকল্পনা গ্ৰহণৰ কাৰণে সমাজ বিজ্ঞানী, পৰিৱেশ বিজ্ঞানী আৰু ভূগোল বিশাৰদসকলক অন্তৰ্ভুক্ত কৰি এখন বিশেষজ্ঞ কমিটি গঠন কৰি হোৱাংহো বা আমাজান প্ৰকল্পবোৰৰ দৰে বহুমুখী মেগা প্ৰকল্পৰ পৰিকল্পনা কৰাৰ প্ৰয়োজন৷ এনেধৰণৰ প্ৰকল্প ৰূপায়ণ কৰিবলৈ লাখ কোটি টকাৰ প্ৰয়োজন হ’ব৷ এই প্ৰচুৰ পৰিমাণৰ ধন খৰচ কৰিবলৈ ৰাজ্য চৰকাৰৰ পক্ষে সম্ভৱ নহ’ব৷ অসমত বান-গৰাখহনীয়া ৰাষ্ট˜ীয় সমস্যা হিচাপে ঘোষণা কৰক বা নকৰকেই, কিন্তু প্ৰকল্পৰ খৰচবোৰ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে কৰিব লাগিব৷ গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিলে অসমক বানমুক্ত কৰিব৷ কিন্তু নিৰ্বাচনৰ আগতে বান নিয়ন্ত্ৰণৰ প্ৰকল্প আৰম্ভ কৰক ধন আবণ্টন দিয়ক, যেনেকৈ গুজৰাটৰ বিধানসভাৰ নিৰ্বাচনৰ আগতে বিভিন্ন প্ৰকল্পত হাজাৰ হাজাৰ কোটি টকা কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে৷ আন এটা ধাৰণা কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণক দিব পাৰে, সেইটো হ’ল বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যক পানীৰ প্ৰয়োজন, গতিকে অসমৰ অতিৰিক্ত পানী নদী খান্দি বোৱাই লৈ গ’লে অসম বানপানীৰ পৰা ৰক্ষা পাব৷ এতিয়াও অসমৰ পানী বাংলাদেশলৈ বৈ যায়, তাৰ বাবে অসমৰ বানপানী হ্ৰাস পোৱা নাই৷ বাংলাদেশৰ সলনি বিহাৰ উত্তৰ প্ৰদেশলৈ পানী বোৱাই লৈ গ’লেও অসমৰ মানুহক আভুৱা ভাৰিব পাৰে বান নিয়ন্ত্ৰণ হ’ব বুলি৷ কিন্তু সেই পদক্ষেপেৰে অসমৰ বান-গৰাখহনীয়া নিয়ন্ত্ৰণ নহয়৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ বানমুক্ত অসম গঢ়াৰ অশ্বাস ভুৱা নে সঠিক সময়হে প্ৰমাণ কৰিব৷ এতিয়ালৈ বিজেপি চৰকাৰৰ অসমৰ ক্ষেত্ৰত দিয়া আশ্বাসবোৰ প্ৰায়ে ভুৱাত পৰিণত হৈছে৷ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীয়ে সমাৱেশবোৰত ঘোষণা কৰি থাকে বিজেপি চৰকাৰ কেন্দ্ৰত শাসনৰ গাদীত অহাৰ পিছত অসমত হেনো উন্নয়নে গতি লৈছে৷ কিন্তু কোন কোন দিশত উন্নয়ন হ’ল তালিকা প্ৰকাশ নকৰে৷
মহীৰূহৰ লেখাঃ গেৰুৱা বৌদ্ধিক জালিয়াতিঃ শেহতীয়া স্বৰূপ :: ড° হীৰেন গোহাঁই
২০১৪ চনৰ মে’ মাহত মোডী চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ গাদীত বহাৰ পাছত অসমত কিমান পৰিমাণৰ চৰকাৰী পুঁজি বা ব্যক্তিগত পুঁজি বিনিয়োগ হৈছে হিচাপ নিদিয়ে কিয়? আন্তঃগাঁথনি উন্নয়নত কিমান ধন খৰচ কৰিলে, ৰাজহুৱা খণ্ডত বা ব্যক্তি খণ্ডত কিমান উদ্যোগ প্ৰতিষ্ঠা হ’ল অসমত যোৱা আঠ বছৰত৷ সেৱা খণ্ডত আন ৰাজ্যৰ তুলনাত কিমানখিনি উন্নতি ঘটালে অসমক৷ শিক্ষা, স্বাস্থ্যকে ধৰি সামাজিক খণ্ডত কিমানখিনি উন্নতি কৰিলে৷ এইবোৰ শিতানৰ তালিকা এখন প্ৰকাশ কৰিলে প্ৰতিফলিত হ’ব যোৱা আঠ বছৰত অসমত অৰ্থনৈতিক উন্নয়নৰ বাবে কিমানখিনি কৰিলে বিজেপি চৰকাৰে৷ অৱশ্যে এটা ক্ষেত্ৰত উন্নতি হৈছে সেইটো হ’ল হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিত অৰ্থাৎ দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধিত৷ নিবনুৱাৰ সংখ্যা হ্ৰাসৰ ৰেকৰ্ড নাই কিন্তু৷ সি যি নহওক অসমক বানমুক্ত কৰাৰ প্ৰস্তাবক স্বাগতম জনাইছোঁ যদিহে প্ৰতিশ্ৰুতিটো ভুৱা প্ৰতিশ্ৰুতি নহয়৷ বান-গৰাখহনীয়া মুক্ত অসম হ’লে অসমৰ জনসাধাৰণৰ স্বনিয়োজনেৰে গৰিষ্ঠসংখ্যক লোকে জীৱন নিৰ্বাহৰ পথ উলিয়াই ল’ব পাৰিব৷
ফোনঃ ৯৪৩৫০৪১২০৩; লেখকৰ সকলো প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/ANANTA-KALITA
No comments:
Post a Comment