মনৰ কথাঃ গুৰুজনাক এক পৰিধিৰ ভিতৰত আৱদ্ধ কৰাৰ অপবাদ নলব :: শচীন গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ গুৰুজনাক এক পৰিধিৰ ভিতৰত আৱদ্ধ কৰাৰ অপবাদ নলব ::  শচীন গগৈ

মনৰ কথাঃ গুৰুজনাক এক পৰিধিৰ ভিতৰত আৱদ্ধ কৰাৰ অপবাদ নলব :: শচীন গগৈ

Share This

গুৰুজনাক এক পৰিধিৰ ভিতৰত আৱদ্ধ কৰাৰ অপবাদ নলব

শচীন গগৈ

গুৰুজনাক এক পৰিধিৰ ভিতৰত আৱদ্ধ কৰাৰ অপবাদ নলব,  শচীন গগৈ, শ্ৰীমন্ত শংকৰদেৱ, অসম অসমীয়া, Srimanta Sankardev, Sangha, Asomiya, assamese

যোৱা মাৰ্চ মাহত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দুলিয়াজান অধিৱেশনত অংশ লোৱাৰ সৌভাগ্য হৈছিল। হাজাৰ-হাজাৰ আই-বাপ সকলৰ উপস্থিতিত মোৰ দৰে চকলং পদ্ধতিৰে বিবাহ সম্পন্ন কৰা ব্যক্তি এজনক সুশোভিত মঞ্চত সম্বৰ্ধনা জনোৱা সংঘক একেষাৰে আহোম বিৰোধী বা জনজাতি বিৰোধী বুলি অভিহিত কৰিবলৈ মই সাজু নহয়। কিন্তু সংঘৰ শেষতীয়া কৰ্ম-কাণ্ডই মোৰ দৰে ধনাত্মক চিন্তা-চৰ্চাৰ মানুহকো বহুপৰিমাণে আশাহত কৰিছে।

গুৰুজনাক এক পৰিধিৰ ভিতৰত আৱদ্ধ কৰাৰ অপবাদ নলব,  শচীন গগৈ, শ্ৰীমন্ত শংকৰদেৱ, অসম অসমীয়া, Srimanta Sankardev, Sangha, Asomiya, assamese

সংঘৰ মঞ্চৰ পৰাই মই আহ্বান জনাইছিলোঁ যে অসমৰ জাতীয় গুৰুজনাৰ আদৰ্শক আমি ৰাজ্যখনৰ সীমাৰ ভিতৰত আৱদ্ধ কৰি নাৰাখি সমগ্ৰ বিশ্বতে বিয়পাই দিব লাগিব। অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে যি ভাগৱত যাত্ৰা হয়, সেই যাত্ৰা আমি পেৰিছ, নিউয়ৰ্কৰ ৰাজপথলৈও এদিন লৈ যাব পাৰিব লাগিব। আৰু এনে এটা সপোন বাস্তৱৰ দিশে লৈ যোৱাৰ ক্ষমতা কেৱল শঙ্কৰদেৱ সংঘৰেই আছে।


কিন্তু বাস্তৱিকতে, আমাৰ গুৰুজনাৰ সৃষ্টি আৰু আদৰ্শৰ বিষয়ে আমাৰ নিজ দেশৰ জনতাই আজিকোপতি অজ্ঞাত হৈ ৰ'ল আৰু ইফালে শঙ্কৰদেৱতকৈ বিছ বছৰ পিছত জন্ম লোৱা গুৰু নানকৰ শিখ ধৰ্মীয় আন্দোলনে সমগ্ৰ বিশ্বতে শিপা মেলিবলৈ সক্ষম হ'ল। এই ক্ষেত্ৰত শিক্ষা, অৰ্থনীতি, প্ৰব্ৰজন আদিবোৰ নিশ্চয় গুৰুত্ত্বপূৰ্ণ কাৰক, কিন্তু সকলোতকৈ ক্ষতিকাৰক উপাদান হৈছে আমাৰ গুৰুজনাৰ আদৰ্শৰ সংকীৰ্ণ বাখ্যা (interpretation)। এনে সংকীৰ্ণ বাখ্যাৰ আধাৰতেই শঙ্কৰদেৱ সংঘৰ কৰ্ণধাৰ সকলে আৰু স্থানীয় নেতৃস্থানীয় ব্যক্তিবিশেষে মাজে-সময়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুভূতিত আঘাট হনা পদক্ষেপ লৈ আহিছে।

মনফ্ৰেচ:: জাতীয় সাজপাৰ সৃষ্টিৰ হস্ততাঁতৰ উদ্যম
এই ক্ষেত্ৰত শেহতীয়া উদাহৰণ হ'ল আহোমসকলৰ চকলং বিবাহত অংশ লোৱাৰ বাবেই সংঘৰ কেইগৰাকীমান ব্যক্তিৰ বিৰুদ্ধে লোৱা অনুশাসনমূলক ব্যৱস্থা আৰু সংঘৰ বিষয়ববীয়া সকলৰ এই সন্দৰ্ভত স্ববিৰোধী মতামত।


সংঘৰ নেতৃবৃন্দ আৰু আহোমৰ নেতৃস্থানীয় ব্যক্তিসকলৰ লগত থকা সুসম্পৰ্কৰ সুবাদত যোৱা শনিবাৰৰ দিনা এই অনাহক বিতৰ্কটো অন্ত পেলোৱাৰ বাবে নিজা উদ্যোগ লৈ দুইয়ো পক্ষৰ লগত কেইবাবাৰো ফোনযোগে কথা-বাৰ্তা কৰিছিলো। গুৰুত্বপূৰ্ণ আহোম সংগঠন টাই আহোম যুৱ পৰিষদে স্পষ্টভাৱে জনাই যে সংঘৰ প্ৰতি তেখেতসকলৰ সদিচ্ছাৰ অভাৱ নাই, কিন্তু চকলংৰ দৰে জনগোষ্ঠীটোৰ এক পৱিত্ৰ অনুষ্ঠানক হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্য তেখেতসকলে সহ্য কৰিব নোৱাৰে। সংগঠনটোৰ নেতা বিজয় চন্দন ৰাজকোঁৱৰদেৱে এইয়াও জনায় যে সংঘই চকলংত উপস্থিত থকাৰ বাবে কাকো শাস্তি দিয়াৰ নিয়ম নাই বুলি স্পষ্ট কৰি দুখ প্ৰকাশ কৰিলেই সমস্ত বিতৰ্কৰ অন্ত পৰিব।


পৃথকভাৱে সংঘৰ সন্মানীয় বিষয়ববীয়া এজনৰ লগত হোৱা বাৰ্তালাপত তেখেতে এই বিষয়টোত খেদ প্ৰকাশ কৰি আহোম সংগঠনসমূহৰ লগত আলোচনাত মিলিত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰে। তাৰোপৰি, তেখেতসকল কেতিয়াও চকলং বিৰোধী নহয় বুলিও মন্তব্য কৰে।


কিন্তু কিছু ক্ষণ পিছতে তেখেতেসকলে সংবাদ মেলত আগবঢ়োৱা মন্তব্যই সমগ্ৰ পৰিস্থিতি অধিক অস্পষ্টহে কৰিলে। তেখেতসকলে সকলো জনগোষ্ঠীকে ঐক্যবদ্ধ কৰাৰ অঙ্গীকাৰ কৰিলে ঠিকেই, কিন্তু লগতে আন পদ্ধতিৰে আয়োজিত বিবাহত অংশ লোৱা সংঘৰ লোকসকলক শুচি কৰাৰ কথাও কলে। ইংৰাজীত ইয়াক কোৱা হয় - Eat your cake and have it too। মানে আহোমসকলৰ নীতি-নিয়মবিলাকৰ প্ৰতি সংঘৰ সন্মান নাথাকিব পাৰে, কিন্তু আহোমসকল সংঘৰ লগত থাকিব লাগিব।


তেখেতসকলে বাৰু সঁচাকৈ বুজিয়ে পোৱা নাই নে যে কোনোবা এটা জনগোষ্ঠীৰ এক যুগমীয়া পৰম্পৰাত কেৱল উপস্থিত থকাৰ বাবেই সংঘৰ লোক যদি শুচি হবলগীয়া হয়, সেইয়া পৰম্পৰাৰ প্ৰতি চূড়ান্ত অপমান? হিন্দু, মুচলিম, শিখ, খ্ৰীষ্টান - কোনো ধৰ্মতে আন ধৰ্মৰ লোকৰ বিবাহ অনুষ্ঠানত অংশ লোৱাৰ বাবে মানুহক বহিষ্কাৰ কৰাৰ বা শুচি কৰাৰ নিয়ম নাই। তেতিয়াহলে মহান গুৰুজনাই দেখুৱাই যোৱা একতাৰ পথত এনেধৰণৰ বিভেদ সৃষ্টিকাৰী নিয়ম আহিল ক'ৰ পৰা আৰু আনিলে কোনে?

একশৰণ ধৰ্মৰ প্ৰতি থকা তেখেতসকলৰ আনুগত্যৰ প্ৰতি কোনো সন্দেহ বা বিদ্বেষ নাই, কিন্তু আন পন্থা গ্ৰহণ কৰাসকলক অশুচি হিচাপে গণ্য কৰিবলৈ গুৰুজনাই নিশ্চয় কেতিয়াও কৈ যোৱা নাই। 


যদি গুৰুজনাৰ আদৰ্শক এক সাৰ্বজনীন ৰূপ দিয়াৰ বাবে সংঘ সঁচাই বদ্ধপৰিকৰ, তেখেতসকলে আত্মানুসন্ধান কৰাৰ অৱকাশ আছে। আৰু ৪৬ বছৰ পিছত গুৰুজনাৰ ৫০০ বছৰীয়া তিৰোভাৱ তিথি আহি আছে। এই সময়খিনিত তেখেতৰ কৰ্মৰাজি-আদৰ্শ আৰু অধিক প্ৰসাৰিত হোৱাটো আমি কামনা কৰিম। তাৰ বাবে উদাৰতা আৰু সময়সাপেক্ষ নীতি-নিয়ম গ্ৰহণ কৰাৰ বাদে গত্যন্তৰ নাই।


শঙ্কৰদেৱ সংঘৰ বৰমূৰীয়া সকল জনা-বুজা মানুহ। গুৰুজনাক এক পৰিধিৰ ভিতৰত আৱদ্ধ কৰাৰ অপবাদ ভৱিষ্যতে তেখেতসকলে নিশ্চয় নিবিচাৰিব।

লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ সুখ-দুখত প্ৰকাশিত আনবোৰ লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/SACHIN-GOGOI

No comments:

Post a Comment