প্ৰৱন্ধঃ গৱেষক হিচাবে ড° ভূপেন হাজৰিকাঃ এক মূল্যায়ন :: ড° সুশান্ত কুমাৰ কাশ্যপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ গৱেষক হিচাবে ড° ভূপেন হাজৰিকাঃ এক মূল্যায়ন :: ড° সুশান্ত কুমাৰ কাশ্যপ

প্ৰৱন্ধঃ গৱেষক হিচাবে ড° ভূপেন হাজৰিকাঃ এক মূল্যায়ন :: ড° সুশান্ত কুমাৰ কাশ্যপ

Share This
গৱেষক হিচাবে ড° ভূপেন হাজৰিকাঃ এক মূল্যায়ন
ড° সুশান্ত কুমাৰ কাশ্যপ
গৱেষক হিচাবে ড° ভূপেন হাজৰিকাঃ এক মূল্যায়ন ড° সুশান্ত কুমাৰ কাশ্যপ, অসমীয়া প্ৰৱন্ধ, asomiya, article, bhupen hazarkia, research work
যি গৰাকী ব্যক্তিক চিনাকি কৰাই দিবলৈ কোনো বিভূষণ বা উপাধিৰ প্ৰয়োজন নহয় সেইজনেই বিশ্ব বৰেণ্য শিল্পী, সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা। এগৰাকী অন্যতম শ্ৰেষ্ঠ অসমীয়া। কি নাছিল হাজৰিকাদেৱ! একাধাৰে গীতিকাৰ, কন্ঠশিল্পী, সংগীত পৰিচালক, চলচ্চিত্র প্ৰযোজক, পৰিচালক, সাহিত্যিক, ৰাজনীতিক, অধ্যাপক, গৱেষক -মুঠতে শিক্ষা, সাহিত্য, সংস্কৃতি আৰু ৰাজনীতি - প্ৰতিখন ক্ষেত্রতেই বিচৰণ কৰিছিল এইজনা ক্ষণজন্মা শিল্পীয়ে। এয়া অনস্বীকার্য যে প্ৰায় প্ৰতিখন ক্ষেত্ৰতেই ঈৰ্ষণীয় সাফল্য লাভ কৰিছিল হাজৰিকাদেৱে। 
গৱেষক হিচাবে ড° ভূপেন হাজৰিকাঃ এক মূল্যায়ন ড° সুশান্ত কুমাৰ কাশ্যপ, অসমীয়া প্ৰৱন্ধ, asomiya, article, bhupen hazarkia, research work
ইতিমধ্যে ডঃ ভূপেন হাজৰিকাদেৱৰ জীৱনৰ প্ৰতিটো দিশতেই আলোচনা হৈছে, গীত আৰু শিল্প কৰ্মৰ ওপৰত বিভিন্নজনে গৱেষণা কৰিছে, কিন্তু তেখেতৰ যি বিদ্যায়তনিক প্ৰতিভা, গৱেষণা কৰ্ম , সেই সম্পৰ্কে যথেষ্ট আলোচনা হোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। এই প্ৰৱন্ধৰ জড়িয়তে ডঃ হাজৰিকাদেৱৰ গৱেষণা গ্ৰন্থৰ সম্যক ধাৰণা দিবলৈ যত্ন কৰা হৈছে। অৱশ্যে ডঃ ভূপেন হাজৰিকাদেৱৰ গ্ৰন্থৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাটো দূৰুহ আৰু কঠিন কাম। তথাপিও নিজৰ জ্ঞানৰ সীমাবদ্ধতাকো নেওচি কেবল মাত্ৰ পাঠকক তেখেতৰ মহান কৰ্মৰ বিষয়ে অৱগত কৰোৱাটোৱেই হৈছে এই লেখনিৰ উদ্দেশ্যে।
ডঃ ভূপেন হাজৰিকাদেৱৰ মহাপ্ৰয়াণৰ পিছত ২০১৩ চনৰ ৮ ছেপ্তেম্বৰত , অৰ্থাৎ শিল্পী গৰাকীৰ ৮৭ সংখ্যক জন্মদিনটোত তেখেতৰ পুত্ৰ তেজ হাজৰিকাই DEMYSTIFYING DR. BHUPEN HAZARIKA: Envisioning Education for India শীর্ষক ডঃ ভূপেন হাজৰিকাদেৱৰ বিদ্যায়তনিক লেখা সমৃদ্ধ এখন বিশেষ গ্ৰন্থ সম্পাদনা কৰি প্ৰকাশ কৰি উলিয়াইছিল। এই গ্ৰন্থখনত সন্নিবিষ্ট হৈছে ১৯৫২ চনতেই ডঃ হাজৰিকাদেৱে যিখন গৱেষণা গ্ৰন্থৰ বাবে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল সেইখনৰ পুণৰ নিৰ্মিতি অৰ্থাৎ Reproduction। ডঃ হাজৰিকাদেৱৰ গৱেষণাৰ বিষয় আছিল Proposal for Preparing India’s Basic Educators to use Audio-Visual Techniques in Adult Education. অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষকসকলক দৃশ্য-শ্ৰব্য মাধ্যম ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলাৰ প্ৰস্তাৱ। কাৰণ প্ৰাপ্তবয়স্ক সকলক শিক্ষা দানৰ অতি উত্তম আহিলা বা মাধ্যম হৈছে দৃশ্য আৰু শ্ৰব্য মাধ্যম। এই খিনিতে উল্লেখ কৰা সমীচীন হব যে হাজৰিকাদেৱে কটন কলেজৰ পৰা ১৯৪৪ চনত স্নাতক পৰীক্ষাত উত্তীর্ণ হৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল ১৯৪৬ চনত। পৰৱৰ্তী পৰ্যায়ত , ১৯৪৯ চনত জলপানী লাভ কৰি গৱেষণাৰ বাবে আমেৰিকালৈ যাত্ৰা কৰে। নিউইয়র্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ১৯৫২ চনত তেখেতে পিএইচডি ডিগ্ৰী লাভ কৰে। 


ডঃ হাজৰিকাদেৱৰ গৱেষণাৰ বিষয় প্ৰত্যক্ষ ভাৱে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰা বিষয় ৰাজনীতি বিজ্ঞানৰ লগত সম্পৰ্কিত নাছিল। তেখেতৰ বিভাগ আছিল যোগাযোগ আৰু সাংবাদিকতা। তেখেতৰ গৱেষণা আছিল শিক্ষা আৰু সংস্কৃতিৰ লগত সম্পৰ্কিত। যিহেতু হাজৰিকাদেৱ নিজেই এগৰাকী সংস্কৃতিৰ সাধক আছিল , তেখেতে শিক্ষাৰ জড়িয়তে সংস্কৃতিৰ সম্প্ৰচাৰ হোৱাটো বিচাৰিছিল। যিহেতু দৃশ্য আৰু শ্ৰব্য জনসংযোগৰ আটাইতকৈ শক্তিশালী মাধ্যম, গতিকে শিক্ষা আৰু সংস্কৃতিৰ সম্প্ৰচাৰৰ বাবে এই মাধ্যমৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিছিল। তেখেতে শিক্ষাদানৰ ক্ষেত্রত পৰম্পৰাগত বক্তৃতাৰ উপৰিও দৃশ্য আৰু শ্ৰব্য মাধ্যমে যে এক অন্যতম ভূমিকা পালন কৰিব পাৰে, বিশেষকৈ প্ৰাপ্তবয়স্ক সকলৰ শিক্ষাৰ ক্ষেত্রত যে ই অতিশয় গুৰুত্বপূৰ্ণ সেয়া অনুধাবন কৰিয়েই এনে ধৰণৰ বিষয় এটা নিৰ্বাচন কৰি লৈছিল । অকল প্ৰাপ্তবয়স্ক বুলিয়েই নহয়, যি কোনো স্তৰৰ ব্যক্তি বা শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্রত এই মাধ্যমে এক বিশেষ ভূমিকা পালন কৰিব পাৰে। দৃশ্য বা শ্ৰব্যই যিমান সোনকালে এগৰাকী শিক্ষাৰ্থীৰ মনত ক্ৰিয়া কৰিব পাৰে, শিক্ষাৰ্থী গৰাকীক শিকাৰ প্ৰতি আগ্রহ জন্মাব পাৰে বা আকৰ্ষণ কৰিব পাৰে, বিষয়টি বোধগম্য কৰি তুলিব পাৰে, শিক্ষণ সহজ সাধ্য কৰিব তুলিব পাৰে, আন কোনো মাধ্যমেই নোৱাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই মাধ্যমৰ জড়িয়তে শিক্ষাৰ্থী সকলে বিষয়টি সম্পর্কে জানি,বুজি, শিকি সেই নিৰ্দিষ্ট বিষয়টিৰ বিষয়ে আন দহজনকো সম্যক ধাৰণা দিব পাৰে।
ডঃ ভূপেন হাজৰিকাদেৱে তেখেতৰ গৱেষণাৰ বাবে কিয় এই বিষয়টো নিৰ্বাচন কৰি ল'লে? তেখেতৰ গৱেষণাৰ কালছোৱা আছিল ভাৰতবৰ্ষৰ বাবে এক সন্ধিক্ষণৰ সময়। ভাৰতে বৃটিছ শাসনৰ পৰা পৰিত্ৰাণ পাইছিলহে মাত্র। বৃটিছ শাসনত শিক্ষাগ্রহণ সাধাৰণ মানুহৰ বাবে সহজসাধ্য নাছিল। বেছি সংখ্যক লোকেই আছিল নিৰক্ষৰ। শিক্ষাৰ পোহৰ নাপালে মানুহ অজ্ঞ হয়, মানুহৰ মনত অন্ধবিশ্বাস আৰু কু-সংস্কাৰে গা কৰি উঠে। গতিকে ভাৰতবৰ্ষৰ জণগনৰ মানসিক উৎকৰ্ষ সাধন আৰু বৌদ্ধিক উত্তৰণ আছিল গনতান্ত্রিক সংবিধানৰ প্ৰধান উদ্দেশ্য। এই উদ্দেশ্য সাধনৰ বাবে যিমান সম্ভৱ, সকলো ধৰণৰ জনসংযোগৰ মাধ্যমৰ উপযুক্ত ব্যৱহাৰ হোৱাটো হাজৰিকাদেৱে বিচাৰিছিল। 


স্বাধীনতা লাভৰ পূৰ্বৰ ভাৰতবৰ্ষৰ শিক্ষাৰ যি অনগ্রসৰতা বা নিৰক্ষৰতাৰ যি সমস্যা, স্বাধীনোত্তৰ কালত শিক্ষাৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণ বিশেষকৈ প্ৰাপ্তবয়স্ক সকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাতো প্ৰয়োজন হৈ পৰিছিল। যিহেতু দৃশ্য বা শ্ৰব্যৰ জড়িয়তে অতি সহজেই জনগণৰ ওচৰ চাপিব পাৰি, গতিকে এই মাধ্যমৰ সকলোবোৰ দিশ পৰ্যালোচনা কৰি শিক্ষক সকলক এই মাধ্যম ব্যবহাৰৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ প্ৰয়াস কৰাও তেখেতৰ গৱেষণাৰ মূখ্য উদ্দেশ্য বুলি অনুমান কৰিব পাৰি। এই বিষয়ে ডঃ ভূপেন হাজৰিকাদেৱে তেখেতৰ গৱেষণা গ্ৰন্থত লিখিছে "Since one of the fundamental purposes of education is to transmit culture, educators have a solemn duty to explore all the channels for transmitting it. As raising the intellectual level of the masses is one of the primary obligations of the democratic constitution, the time has come to utilize all the possible media of communicating significant ideas to India's teeming millions who are devoid of letters."

এই কথাৰ পৰা এয়া প্ৰতীয়মান হয় যে মুঠতে শিক্ষা বা সংস্কৃতি জনগণৰ মাজত সম্প্ৰচাৰৰ বাবে যিমানবোৰ আহিলা বা মাধ্যম আছে সকলোবোৰৰে ব্যৱহাৰ হোৱাটো নিত্যান্তই গুৰুত্বপূৰ্ণ।

ডঃ হাজৰিকাদেৱৰ গৱেষণা গ্ৰন্থখনত মুঠ পাচটা অধ্যায় সন্নিবিষ্ট হৈছে। অধ্যায় কেইটা হ'ল-

I. প্ৰস্তাৱনা (INTRODUCTION)

II. দৃশ্য-শ্ৰব্য নিৰ্দেশনাৰ মূল্য (VALUE OF AUDIO-VISUAL INSTRUCTION)

III. ভাৰতবৰ্ষত দৃশ্য-শ্ৰব্য পদ্ধতিৰ আৰম্ভণি (BEGINNING OF AUDIO-VISUAL METHODS IN INDIA)

IV. দৃশ্য-শ্ৰব্য নিৰ্দেশনাৱলীৰ সম্ভাৱনাসূচক ভূমিকা (POTENTIAL ROLE OF AUDIO-VISUAL INSTRUCTION)

V. প্ৰাথমিক শিক্ষকৰ প্ৰস্তুতিৰ সম্পর্কে পৰামৰ্শাৱলী (RECOMMENDATIONS FOR PREPARING BASIC TEACHERS)

ইতিমধ্যে উল্লেখ কৰা হৈছে যে ডঃ ভূপেন হাজৰিকাদেৱ আছিল এজন বহুমূখী প্ৰতিভাৰ শিল্পী, A versatile artist, তেখেতৰ গৱেষণা গ্ৰন্থখনটো ইয়াৰ উমান পোৱা যায়। তেখেত আছিল এজন সৃষ্টিশীল মনৰ অধিকাৰী। তেখেতৰ মৌলিক চেতনাৰ উন্মেষ অৰ্থাৎ বিভিন্ন ক্ষেত্রত অভিজ্ঞতালব্ধ জ্ঞান আৰু সৃষ্টিশীল কৰ্মৰ আভাষ প্ৰতিটো অধ্যায়তে বিৰাজমান। আন গৱেষণা গ্ৰন্থতকৈ এনেবোৰ কাৰণতেই তেখেতৰ গৱেষণা গ্ৰন্থখন পৃথক বুলি ভাবিবৰ অৱকাশ আছে। যদিও আজিৰ পৰা প্ৰায় সত্তৰ বছৰ পূৰ্বেই গৱেষণা গ্ৰন্থ খন ৰচিত হৈছিল, আজিও ভাৰত বৰ্ষৰ শিক্ষা ব্যবস্থাত ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।
ভ্ৰাম্যভাষঃ ৭০০২১১০৬৮৩, লেখকৰ আনবোৰ লেখাৰ লিংকঃ

No comments:

Post a Comment