চেলিব্ৰিটী সাংবাদিক বনাম প্ৰান্তীয়ঃ 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'ৰ অনুভৱ
অজন্ত কুমাৰ বৰা
সাম্প্ৰতিক সময়ত এটা অসুৰক্ষিত- অনিশ্চিত বৃত্তি হৈছে সাংবাদিকতা। এই বৃত্তিৰ কোনো অৰ্থনৈতিক নিৰাপত্তা নাই , নাই জীৱনৰো নিৰাপত্তা। অৱশ্যে এমুঠিমান সাংবাদিকে চেলিব্ৰিটীৰ ৰূপ পাইছে, ৰাজকীয় আৰু বিলাসী জীৱন যাপন কৰি আহিছে। তাৰে বহুত আকৌ সাংবাদিক নহয়, টিভি পৰ্দাৰ এংকৰহে! অথচ এই সকল সাংবাদিকে কোনোদিনেই অৰ্থনৈতিক নিৰাপত্তা নথকা সাংবাদিকসকলৰ হৈ এদিনো এষাৰ মাত মতা পৰিলক্ষিত হোৱা নাই, বোধহয় নহ'বও!
(ব্যক্তিগতভাবে জীৱনৰ ১৫ সেউজ বসন্ত সাংবাদিকতাৰ নামত অৰ্পণ কৰিলো । জীৱনত আৰু কেতিয়াও এইকেইটা বছৰ ঘূৰাই নাপাওঁ । ১৫ বছৰীয়া সাংবাদিক জীৱনত বহু ভাল-বেয়া, তিতা-মিঠা অভিজ্ঞতা হ'ল । এই সন্ধিক্ষণ মূল সোঁতৰ সংবাদ মাধ্যমেৰে প্ৰত্যক্ষ সম্পৰ্ক ছেদ কৰাৰ সময় । ২০২৩ চনৰ শেষৰ ফালে প্ৰকাশৰ পৰিকল্পনা কৰা আমাৰ 'সংবাদ আতংক' শীৰ্ষক গ্ৰন্থখনত এনে বহু অভিজ্ঞতা তথা চিনাকি- অচিনাকি চৰিত্ৰৰ সমাৱেশ ঘটিব । এই কথা অপ্ৰিয় সত্য যে সাংবাদিক জীৱনত সফল হোৱাৰ এটা অন্যতম চৰ্ত হ'ল উপযুক্ত সময়ত উপযুক্তজনক তৈল-লোণ দিব পাৰিব লাগিব । পিছে সৌভাগ্য নে দুৰ্ভাগ্য নাজানো তৈল-লোণ দিব পৰা ব্যক্তিৰ শাৰীত উত্তীৰ্ণ ন'হলো । )
অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক-ঔপন্যাসিক জিতুমণি বৰাই সাংবাদিক তথা সংবাদ কৰ্মীসকলৰ দুৰ্দশা দেখি-শুনি ক্ষোভ আৰু সাহসেৰে এটি প্ৰৱন্ধত উল্লেখ কৰিছে এইদৰে— ‘চাহ বাগিচাৰ একাংশ মালিকে শ্ৰমিকক যি দৰে শোষণ কৰি আহিছে, তাতোকৈও ভয়ংকৰ শোষণৰ বলি হৈছে অসমৰ গৰিষ্ঠসংখ্যক সাংবাদিক আৰু সংবাদ কৰ্মী৷ বেছিভাগ বাতৰি কাকত আৰু বৈদু্যতিক মাধ্যমৰ মুখ্য সম্পাদক, সম্পাদক আৰু দুই চাৰিজন জ্যেষ্ঠ সাংবাদিকক লাখৰ ঘৰত পাৰিশ্ৰমিক দিয়াৰ বিপৰীতে প্ৰতিষ্ঠানটোত কৰ্মৰত অন্যান্য সাংবাদিক, সংবাদ কৰ্মী তথা আৰ্হি কাকত চাওতা, ডি টি পি অপাৰেটৰ আদিক চাৰি- ছহেজাৰকৈ দৰমহা দিয়াৰ কৰুণ পৰিৱেশ আজিও বিদ্যমান ৷ এয়াই এতিয়া অসমৰ সংবাদ জগতৰ অকথিত কাহিনী ৷ স্বত্বাধিকাৰীয়ে সংবাদ কৰ্মীৰ ওপৰত চলোৱা এই শোষণৰ বাবেই দুখ লগা ধৰণে বহু সাংবাদিক, সংবাদকৰ্মীয়ে পৰিয়াল চলাবলৈ দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতা আৰু চৰকাৰী বিষয়া-কৰ্মচাৰী, ঠিকাদাৰ তথা ব্যৱসায়ীৰ ওচৰত হাত পাতিবলৈ বাধ্য হয় । জ্যেষ্ঠ সাংবাদিকগৰাকীৰ কথাৰ আঁত ধৰি আমিও কওঁ—কোনো সাংবাদিকেই পেটত গামোচা বান্ধি জীয়াই থাকিব নোৱাৰে ৷ আন মানুহৰ দৰেই সাংবাদিককো দুবেলা দুসাঁজ আহাৰৰ প্ৰয়োজন হয় ৷ প্ৰায় সংখ্যক সাংবাদিকৰ আৰ্থিক অৱস্থা সুস্থিৰ নহয়, নিজৰ অসুখীয়া মাকক নিৰ্দিষ্ট সময়ত লাগতীয়াল ঔষধকেইপদ যোগান ধৰিবও নোৱাৰে একাংশই৷
প্ৰায় সংখ্যক সাংবাদিকে নিজৰ অনিশ্চিত ভৱিষ্যতৰ কথা জানিও সততাৰে, নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই আহিছে৷ অতি দুখৰ আৰু পৰিতাপৰ কথা যে ৰাজ্যখনত বহুকেইটা সাংবাদিক সংগঠন আছে যদিও এইসকল সাংবাদিকৰ সমস্যা সন্দৰ্ভত সংগঠনসমূহৰ মজিয়াত আজিও একত্ৰিত হৈ উপযুক্তভাবে আলোচনা হোৱা পৰিলক্ষিত হোৱা নাই৷ উল্লেখ্য যে সাংবাদিকসকলৰ সুৰক্ষাৰ বাবে ১৯৫৫ চনৰ পৰা ২০০৭ চনলৈকে একাধিক আয়োগ গঠন হ'ল৷ বিশেষকৈ ১৯৭৯ চনৰ ৯ ফেব্ৰুৱাৰীৰ এজনীয়া পালেকাৰ আয়োগ, ১৯৮৫ চনৰ ৱাচাৱাট আয়োগ, ১৯৯৪ - ২০০০ চনৰ মণিসেনা আয়োগ আৰু শেহতীয়াকৈ মাঝিথিয়া দৰমহা ব'ৰ্ডৰ পৰামৰ্শ ৰূপায়ণৰ বাবে উচ্চতম ন্যায়ালয়ে নীতি-নিৰ্দেশনা জাৰি কৰিছিল৷ এই নিৰ্দেশাৱলী কাৰ্যকৰী কৰিবৰ বাবে একাংশ সাংবাদিক আৰু সাংবাদিক সংগঠনে কাকত গোষ্ঠীৰ স্বত্বাধিকাৰী, আৰু ৰাজ্যৰ শ্ৰম বিভাগৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সু-ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ এই ক্ষেত্ৰত অধিকাংশ কাকত গোষ্ঠীৰ স্বত্বাধিকাৰৰ সঁহাৰি আশাপ্ৰদ নহয় ৷ এয়া অতিশয় পৰিতাপৰ কথা ৷ বোধহয় আসাম টিব্ৰিউন গোষ্ঠীৰ বাদে অসমত আন কাকত গোষ্ঠীয়ে আয়োগৰ মতে দা-দৰমহা, সা-সুবিধা আদায় দিয়া নাই ৷ এনে পৰিস্থিতিত ৭/৮ মাহে দৰমহা নাপালে সাংবাদিকে আত্মহত্যা কৰিবলৈকে বাধ্য হ'ব । আজৱ কথা এয়ে যে আনৰ অন্যায় দেখিলে সততে মুখৰ সাংবাদিক বন্ধু সকল নিজৰ অন্যায়ৰ ক্ষেত্ৰত দুখলগাকৈ মৌন ।
বিগত লকডাউনৰ সময়ত সাংবাদিকসকলক লৈ লিখা এটা কবিতা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল৷ কবিতাটোৰ সাৰাংশ হ'ল— চৰকাৰে ঘোষণা কৰা লকডাউনৰ বাবে এজন সাংবাদিকৰ ঘৰত চাউল নাইকীয়া হ'ল ৷ কিন্তু তেওঁ কাকো খুজিব পৰা নাই৷ সাংবাদিক হোৱাৰ বাবে কোনেও তেওঁক সহায় কৰিবলৈও আগবাঢ়ি অহা নাই, সাংবাদিকজনৰ পৰিয়ালে ভোকত কান্দিছে, কিন্তু সেই কান্দোন কোনেও শুনা নাই, সাংবাদিকজনে নিতৌ চকুলো টুকিছে , কিন্তু চকুপানী কোনেও দেখা নাই৷ সাংবাদিক হিচাপে তেওঁ ৰাইজৰ সমস্যাসমূহ চৰকাৰৰ দৃষ্টি গোচৰ কৰিছে, কিন্তু কোনেও সাংবাদিকজনৰ সমস্যাসমূহ বুজ লোৱাৰ প্ৰয়োজনবোধ কৰা নাই, চৰকাৰৰ কোনো আঁচনিয়েই তেওঁক ঢুকি পোৱা নাই, হেজাৰ ধুমুহা আহিলেও কাৰো ওচৰত সহায় বিচৰা নাই, কাৰণ তেওঁ এজন সাংবাদিক৷ দুখতে তেওঁৰ কান্দিবলৈ মন গৈছে, কিন্তু কান্দিব পৰা নাই কাৰণ তেওঁ এজন সাংবাদিক৷''
মোৰ এজন বন্ধু এখন জনপ্ৰিয় দৈনিক কাকতৰ সাংবাদিক৷ মাত্ৰ আঠ হাজাৰ টকাৰ দৰমহাৰে ভাড়াঘৰত থাকি বন্ধুজনে দৈনিক কৰ্তব্য সম্পাদন কৰি আহিছে, পৰিয়ালো পোহপাল দিছে । দুখৰ কথা সাংবাদিক হোৱাৰ বাবেই তেওঁক স্থানীয় পঞ্চায়তখনে চৰকাৰী আঁচনি তথা সুবিধাৰ পৰাও বঞ্চিত কৰি আহিছে৷ তদুপৰি বন্ধুৱে দুই-তিনিমাহৰ মূৰতহে এমাহৰ দৰমহা লাভ কৰে৷ আত্মসন্মানবোধ থকা বন্ধুৰ ৰেচন কাৰ্ডখনো নাই, কাৰ্ডখন লাভ কৰিবৰ বাবে কাকো খাটিৰো কৰা নাই৷ অতি কষ্টসাধ্য জীৱন-নিৰ্বাহ কৰা বন্ধুতকৈ আৰ্থিকভাৱে বহুগুণে স্বচ্ছল-সবল বহুকেইজনে লাভ কৰিছে চৰকাৰী সাহায্য ৷ সেইদিনা বন্ধুৱে চকুলো টুকি টুকি নিজৰ দুৰৱস্থাৰ কথা কওঁতে মোৰো দুচকু সেমেকি উঠিছিল ।
কিছু মাহৰ আগতে অসমৰ এগৰাকী সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিতভাবে হত্যা কৰাৰ অভিযোগ উঠিছিল । এই ঘটনা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বাবে অশুভ সংকেত ৷ আমাৰ মনত প্ৰশ্ন উদয় হৈছে যে সাংবাদিক পৰাগ ভূঞাৰ পৰিয়ালে ন্যায় পাবনে ? পৰাগ ভূঞাই শাসক পক্ষৰ অনিয়ম উদঙাই দিয়াৰ বাবে সদায় সচেতন আছিল বুলি কাকপথাৰবাসীয়ে মন্তব্য কৰিছে৷ অপ্ৰিয় হ'লেও সত্য যে কোনো এখন চৰকাৰেই সাংবাদিকৰ হত্যাকাৰীক উচিত ন্যায় প্ৰদান কৰিব পৰা নাই, পৰাগ ভূঞাই ন্যায় পাবনে এই মুহূৰ্তত এইটো লাখটকীয়া প্ৰশ্ন৷ এনেবোৰ ঘটনাই প্ৰমাণ কৰে যে অসমত সাংবাদিকৰ জীৱন অনিশ্চিত , নিৰাপত্তাহীন ৷ পেঞ্চন এটা দিলেই সাংবাদিকক শ্ৰদ্ধা কৰা নুবুজাই ৷ আমি আশাকৰোঁ সকলো পক্ষই প্ৰকৃত অৰ্থত সাংবাদিকৰ বাক স্বাধীনতাক সন্মান কৰক । সাংবাদিকৰ মনোকষ্ট, মনোবেদনা উপলব্ধি কৰক । সাংবাদিকৰ সুৰক্ষা দিয়াৰ পৰিৱেশ এটা গঢ় লৈ উঠক । তেতিয়াহে সাংবাদিকে নিৰপেক্ষ বাতৰি পৰিৱেশন কৰিব পাৰিব ।
সৎ সাংবাদিকসকললৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ হিয়াভৰা শুভেচ্ছা জনালো
মনৰ কথাঃ সংঘৰ পদাধিকাৰীয়েই চকলং পাতিছিল! আজি শংকৰ সংঘৰ উত্তৰণ নে অধঃপতন ?? :: ৰিপুঞ্জয় গগৈ
২০১৯ বৰ্ষতে উত্থাপন কৰা কেইটামান প্ৰাসংগিক প্ৰশ্নৰ আজিও পোৱা নগ'ল-
১/ প্ৰায় সংখ্যক সাংবাদিকৰে ভৱিষ্যৎ অনিশ্চিত। এই সাংবাদিকসকলে সন্মানজনক আৰ্থিক অৱস্থা এটা লাভ কৰাৰ ক্ষেত্ৰত সাংবাদিক সংগঠনসমূহে কি ভূমিকা গ্ৰহণ কৰিছে ।
২/ কৰ্মৰত অৱস্থাত (বা অন্য সময়ত)সাংবাদিকসকলৰ কিবা হানি বিঘিনি হ'লে ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কাকত কৰ্তৃপক্ষই কি দৰে ইতিবাচক ভূমিকা গ্ৰহণ কৰে?
৩/কাকত কৰ্তৃপক্ষই বহু সাংবাদিকক নিযুক্তি পত্ৰ নিদিয়ে, এই ক্ষেত্ৰত সংগঠনসমূহৰ ভূমিকা
কি ?
৪/ নিয়মীয়া একাংশ সাংবাদিকৰ দৰমহা বহু সময়ত অনিয়মীয়া । ফলত তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হয়, এই ক্ষেত্ৰত সংগঠনসমূহৰ একো কৰণীয় নাই নেকি ?
৫/ মাঝিথিয়া আয়োগৰ পৰামৰ্শ এই মুহূৰ্ততো সম্পূৰ্ণ কাৰ্যকৰী হোৱা নাই, ইয়াৰ কাৰণ কি?
৬/ নিতুমণি শইকীয়াই একাংশ সাংবাদিকক দালালী কৰাৰ যোগ্যতাও নাই বুলি কোৱাৰ পাছতো কোনো এটা সাংবাদিক সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ ৰহস্য কি?
৭/ পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ড সম্পৰ্কত চৰকাৰৰ স্থিতি কি?
৮/মফচলীয় সাংবাদিকসকলে উপযুক্ত মাননি এতিয়াও নাপায় ইয়াৰ কাৰণ কি?
৯/সাংবাদিক সকলে কি দৰে জীৱন নিৰ্বাহ কৰিছে, সেইবিষয়ে কাকত কৰ্তৃপক্ষই জানিবলৈ ইচ্ছুক নহয়নেকি বা নাজানিলেও চলি যায় নেকি?
১০/ কাকত কৰ্তৃপক্ষ বা সম্পাদকৰে প্ৰান্তীয় অঞ্চলৰ সাংবাদিকজনৰ বিশেষ সম্পৰ্ক থাকিবই লাগিব নেকি?
প্ৰশ্নবোৰ প্ৰয়োজনীয় বুলি আপুনিও ভাবেনে ??
লেখক এগৰাকী যোৰহাট নিবাসী কবি, সাংবাদিক তথা নিৰলস সাহিত্য কৰ্মী। তেখেতৰ প্ৰকাশিত আনবোৰ লেখাৰ একত্ৰ লিংকঃ
No comments:
Post a Comment