মনৰ কথাঃ অসম আৰু অসমীয়াৰ বাবে নতুন বছৰঃ প্ৰত্যাহ্বান বনাম সম্ভাৱনা :: শ্যামকানু মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অসম আৰু অসমীয়াৰ বাবে নতুন বছৰঃ প্ৰত্যাহ্বান বনাম সম্ভাৱনা :: শ্যামকানু মহন্ত

মনৰ কথাঃ অসম আৰু অসমীয়াৰ বাবে নতুন বছৰঃ প্ৰত্যাহ্বান বনাম সম্ভাৱনা :: শ্যামকানু মহন্ত

Share This

অসম আৰু অসমীয়াৰ বাবে নতুন বছৰঃ প্ৰত্যাহ্বান বনাম সম্ভাৱনা

শ্যামকানু মহন্ত

অসম আৰু অসমীয়াৰ বাবে নতুন বছৰঃ প্ৰত্যাহ্বান বনাম সম্ভাৱনা  শ্যামকানু মহন্ত

নতুন বছৰটোৱে সকলোলৈ বহুখিনি সম্ভাৱনা কঢ়িয়াই আনিছে। অসমত বিগত বছৰটোত বিশেষকৈ আইন-শৃংখলা জনিত সমস্যাবোৰ শাম কাটিছে। যোৱাটো বছৰত ৰাজ্যখনৰ অৰ্থনীতি প্ৰায় ৯ শতাংশ বৃদ্ধি পাইছে। ক'ভিডৰ ফলত সমগ্ৰ বিশ্বতে  অৰ্থনৈতিক মন্দাৱস্থাই গ্ৰাস কৰাৰ সময়ত ভাৰতবৰ্ষত অৰ্থনীতিৰ হাৰ প্ৰায় ৬ শতাংশ বৃদ্ধি পোৱাতো সুখবৰ।অনাগত সময়ত ক'ভিডে বাধা-পথালি নিদিলে অসমৰ অৰ্থনীতিত এক যোগাত্মক পৰিৱৰ্তন আহিব বুলি মই বিশ্বাসী। যদিও যোৱা কিছুদিন ধৰি চীনত প্ৰসাৰ হোৱা ব্যাপক ক'ভিড আক্ৰমণে সমগ্ৰ বিশ্বকে চিন্তিত কৰি তুলিছে। ক'ভিডৰ নতুন ভেৰিয়েণ্ট এক্স বি বি ১৫য়ে ব্যাপক প্ৰসাৰ পাইছে আৰু অনাগত দিনত ক'ভিডৰ এই নতুন ভেৰিয়েণ্টৰ ভাৰতলৈ কেনে ধৰণৰ প্ৰসাৰ হয় সেইটোৱে সকলোকে চিন্তাত ৰাখিব। সৌভাগ্যৰ কথা যে ভাৰতত হাৰ্ড ইমিউনিটি বা টীকাকৰণ ভাল হোৱাৰ কাৰনে হয়তো ক'ভিডৰ ব্যাপক প্ৰসাৰ নহ'ব।

অসম আৰু অসমীয়াৰ বাবে নতুন বছৰঃ প্ৰত্যাহ্বান বনাম সম্ভাৱনা  শ্যামকানু মহন্ত

মই ভাৱো যে এই বছৰ অসমত ব্যাপক অৰ্থনৈতিক কাম-কাজ হ'ব। যোৱা কিছু বছৰ ধৰি আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যাপক কাম-কাজ হৈছে তাৰ ভাল সুফল অসমে পাব ।ৰাস্তাৰ উন্নয়ন হ'লে কৃষি, ব্যৱসায়, পৰ্যটনৰ প্ৰসাৰ হ'ব। অহা বছৰত স্বনিয়োজনৰ বহুখিনি সুবিধা ওলাব আৰু এক উন্নতিৰ পৰিৱেশ সৃষ্টি হ'ব। আজিকালি মানুহৰ মাজত আন্দোলনৰ প্ৰতি অনীহা জাগিছে। ফলস্বৰূপে কাম কৰাৰ পৰিৱেশ বা ব্যৱসায়-বাণিজ্যৰ চিন্তা অসমলৈ আহিছে। মোৰ দৃষ্টিত সেই চিন্তাই ব্যাপক সফলতা দিব।


গুৱাহাটীৰ বিমান বন্দৰ দেশৰ ভিতৰতে দশম ব্যস্ত বিমান বন্দৰ। গুৱাহাটীৰ পৰা দিল্লীলৈ প্ৰায় ২৫ খন বিমানৰ যাতায়ত চলে। সমগ্ৰ উত্তৰ-পূবত দিল্লী-শ্বিলং ১২ খন, দিল্লী-শিলচৰ ১২ খন, দিল্লী-ডিব্ৰুগড় ১৮ খন, দিল্লী-যোৰহাট ৬ খন, দিল্লী-ইম্ফল ২৪ খন, দিল্লী-ডিমাপুৰ ১৪ খন, দিল্লী-আইজল ১৩ খন আৰু দিল্লী-আগৰতলা ১৬ খন বিমানৰ ব্যৱস্থা আছে। ইটানগৰলৈ মুম্বাইৰ পৰা বিমান আহে। আৰু সৰু বিমানৰ জৰিয়তে তেজু, লীলাবাৰী বা পাঁছীঘাট ইত্যাদি সংলগ্ন কৰি যি ব্যৱস্থা হৈছে তাৰ জৰিয়তে ব্যাপক পৰ্যটন আৰু ব্যৱসায় হ'ব। যোগাযোগ ব্যৱস্থাৰ আটাইতকৈ বৃহৎ দিশটো হৈছে চাৰিলেন সংযোগ। ইতিমধ্যে অসমত বহুখিনি কাম হ'ল যদিও উজনিত চাৰিলেনযুক্ত পথ নিৰ্মাণত বহু লেহেম আৰু বেমেজালি হৈছে, প্ৰচণ্ড গাঁতৰ বাবে মানুহে জীয়াতু ভুগিছে। এইখিনি কথা মই বহুবাৰ লিখিছো। এই সন্দৰ্ভত ফেচবুক ভিডিঅ'ও কৰিছো। সকলোৱে হুলস্থূল কৰিলে কিছু কাম কৰে আৰু পুনৰ বিষয়টো তল পৰে। বাৰিষাৰ পূৰ্বে যেনেতেনে এইখিনি কাম সম্পূৰ্ণ হওক। এই ক্ষেত্ৰত পথ নিৰ্মাণ সংস্থা এন এইছ আই ডি এচ এলক বাধ্য কৰাৰ বাবে অসম চৰকাৰৰ যথেষ্ঠ দায়িত্ব আছে। 


নতুন বছৰটোত ব্যৱসায়-বাণিজ্যত বিশেষকৈ ট্ৰেডিঙৰ যথেষ্ঠ সুযোগ থাকিব বুলি মোৰ ধাৰণা হৈছে। উত্তৰ পূব, চুবুৰীয়া ম্যানমাৰলৈকে বহু সামগ্ৰী ট্ৰেডিং কৰিব পৰা যাব। মাৰোৱাৰীসকলে ট্ৰেডিং কৰি দেখুৱালে। এতিয়া অসমীয়াসকল ট্ৰেডিঙৰ সৈতে ভালদৰে জড়িত হোৱাৰ সময়। পূৰ্বতে ট্ৰেডিঙত যোগাযোগ সমস্যা বা আইন শৃংখলা জনিত সমস্যা আজিকালি নাই। খেতিৰ, কৃষিজাত সামগ্ৰীৰ সম্ভাৱনাময় ব্যৱসায় কৰিব পৰা যাব। মিলেটৰ খেতি কৰিব পাৰি। ভাৰত চৰকাৰে এক মিলেট মিছন আৰম্ভ কৰিছে। আজিকালি মানুহবোৰ খুবেই স্বাস্থ্য সচেতন। মিলেট স্বাস্থ্যৱান বস্তু। নতুন কিছুমান সামগ্ৰীৰ চিন্তা কৰিব লাগে, যিবোৰৰ দ্বাৰা ব্যৱসায়ত সুবিধা হ'ব। পৰ্যটনৰ কথা আমি বহুদিন ধৰি কৈ আহিছো। অনাগত দিনত অসমলৈ যথেষ্ঠ পৰ্যটকৰ আগমণ ঘটিব। মই চৰকাৰক এটা অনুৰোধ কৰিব বিচাৰো যে এসোপা কম খৰচ কৰি ঠাই লেতেৰে কৰা পৰ্যটকতকৈ, খৰচ কৰা মানুহ লাগে, হাই এণ্ড পৰ্যটনৰ ব্যৱস্থা কৰিব লাগে। আজিকালি হায়দৰাবাদ, পুনে, বাংগালোৰ, মুম্বাই, দিল্লীকে ধৰি বিভিন্ন ঠাইত থকা প্ৰফেচনেল সকল খৰচ কৰা পৰ্যটক। তেওঁলোকক কংক্ৰিটক জংঘলৰ পৰা আতৰি অলপ বন্য পৰিৱেশ লাগে, মুকলি বা শান্তিৰ কিছু পৰিৱেশ লাগে। বাবে তেওঁলোকে খৰচ কৰিব বিচাৰে। আমাৰ ইয়াত এতিয়াও বন্য জীৱনধাৰা আছে, নদীখন আছে, বাৰে ৰহনীয়া সংস্কৃতি, খাদ্য আছে। চৰকাৰে কিছু ভাল পৰ্যটন প্ৰকল্প সম্পত্তি সৃষ্টিত গুৰুত্ব দিব লাগে। যি সকল পৰ্যটক আহে তেওঁলোকে টকা খৰচ কৰিলে অঞ্চলটো লাভৱান হ'ব। কিছুমান 'মডেল ভিলেজ' হওক। সংস্কৃতিৰ কিছুমান আৰ্হি হওক। ৰিজৰ্ট বা ঘৰতে থকাৰ ব্যৱস্থা লাগে আৰু বিপণনত গুৰুত্ব দিব লাগে। আন্তঃগাঁথনি পূৰ্বতকৈ বহু ভাল হ'ল। আজিৰ অসমীয়া ল'ৰা-ছোৱালী পৰ্যটকক আদৰিবলৈ সাজু। পৰ্যটনে অসমৰ অৰ্থনীতিৰ বাবে ব্যাপক ৰাজহ সৃষ্টি কৰিব পাৰিব। অসমৰ থলুৱা সমলবোৰ, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজৰ সংস্কৃতি বৰ্তাই ৰাখিছে। আৰু এই সংৰক্ষণ, বাৰৰেহনীয়া সংস্কৃতি, খাদ্য, প্ৰকৃতি এক বৃহৎ অৰ্থনীতিৰ সমল হবগৈ।খাদ্য সংস্কৃতি জাতিৰ বাবে বৃহৎ সমল। আমি অলপতে দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিলো, অসম তথা উত্তৰ পূবৰ সাংস্কৃতিক সমল, কৃষিজাত সামগ্ৰী, হস্তশিল্প, পৰ্যটন ইত্যাদিৰ বৃহৎ প্ৰদৰ্শন হৈছিল। অনুষ্ঠানটোত বৃহৎ সংখ্যক দিল্লীস্থ লোকৰ আগমন হৈছিল আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাপক চৰ্চা হৈছিল । তাত দিল্লীস্থ অসমীয়া সাংবাদিকসকলে 'পৰ্কহ'লিক' নামৰ এখন খাদ্য বিপণী দিছিল। অভিজ্ঞ নোহোৱা স্বত্বেও তেওঁলোকে লাখ টকাৰ খাদ্য সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হ'ল। অসমীয়া খাদ্যৰ প্ৰতি মানুহৰ ইমান আগ্ৰহ অথচ সেই অনুপাতে ব্যৱসায়টো গঢ়ি উঠা নাই। ৰাইজে বুজাটো দৰকাৰ যে  অসমীয়া খাদ্যৰ ভাল ৰেষ্টোৰা খুলিলে থলুৱা লোকৰ লগতে আৰু পৰ্যটকসকল আহিবই। পৰিয়ালে, মাতৃয়ে শিকোৱা ব্যঞ্জন ভালদৰে দিব পাৰিলেই একোটা সুন্দৰ মেন্যু হব। দিল্লী-মুম্বাইত লগতে অসমৰ চুকে-কোণেও ৰেষ্টোৰা গঢ়ি উঠক। অনাগত বছৰবোৰত অসমীয়া খাদ্যৰ বিশ্বযাত্ৰাৰ বৃহৎ সম্ভাৱনা মোৰ চকুত ধৰা দিছে। কৃষিজাত সামগ্ৰীৰ ব্যাপক চাহিদা থাকিব আৰু অসমৰ কৃষকে এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্ত মধ্য প্ৰাচ্য বা ইংলেণ্ডলৈ সামগ্ৰী পথিয়াইছে। আজিকালি সামগ্ৰী পৰিৱহনৰ বাবে ৰেলৰ চাবচিডি লাভ কৰা যায়। দেশ বা বিদেশলৈ নিয়াৰ বাবে চৰকাৰৰ দ্বাৰা বিমানৰ চাবচিডিৰ ব্যৱস্থা হ'লে আৰু ভাল। আজিৰ বিশ্বত জৈৱিক কৃষিজাত সামগ্ৰীৰ ধাৰণাটো অতিকে জনপ্ৰিয়। অসম তথা উত্তৰ-পূবৰ জৈৱিক কৃষিজাত সামগ্ৰীয়ে এই বছৰ দেশৰ বজাৰ দখল কৰিব বুলি মই বিশ্বাসী। তাৰ কাৰনে চৰকাৰৰ ফালৰ পৰা আটাইতকৈ দৰকাৰী কথাটো হৈছে শীতলীকৰণ শৃংখলা আৰু বিতৰণ ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন অনা। চৰকাৰৰ দায়িত্ব সৰ্বাধিক আৰু এই ক্ষেত্ৰত বিষয়াসকল আৰু বেছি সক্ৰিয় হ'ব লাগিব। কৃষি অৰ্থনীতিৰ ৰাজ্যখনৰ বাবে অতি দৰকাৰী, বিভাগৰ কৰ্মচাৰী সকলৰ সক্ৰিয়তাৰ ওপৰত অসমৰ অৰ্থনীতি বৃদ্ধিৰ হাৰ নিৰ্ণয় কৰিব। 


অসমৰ বাবে আটাইতকৈ ভাল খবৰ যোৱা কিছুদিনত থলুৱা উদ্যমীতাৰ ওপৰত যথেষ্ঠ গুৰুত্ব দিয়া হৈছে ।বহু নতুন নতুন ল'ৰা-ছোৱালী ওলাই আহিছে। পেলনীয়া সামগ্ৰীৰ পৰা ইটা প্ৰস্তুত কৰি ডেভিদ গগৈৰ নেতৃত্বত এটা দলে মিলিয়ন ডলাৰত লাভ কৰিবলৈ সক্ষম হৈছে।  যোৰহাটৰ পাৰভেজ উবেদৰ নেতৃত্বত ই আৰ চি আইকেয়াৰে এতিয়ালৈকে  অসম, বেংগল, বিহাৰ ইত্যাদিত ৫ লাখ  মানুহক চকু চিকিৎসা দিছে। ঠিক তেনেকৈ কিছু সংখ্যকে চাহৰ বিভিন্ন ভেল্যু এডিশ্বন কৰি ভাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। নতুন চামৰ মাজত উদ্যমিতা চিন্তাধাৰাৰ বাবে ব্যাপক উৎসাহ দেখিছো। এইটোৱে অনাগত বছৰত অসমৰ উন্নয়নৰ ধাৰণা সলনি কৰিবলৈ সক্ষম হ'ব বুলি মই বিশ্বাসী। দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল কৰোতে প্ৰায় ১৫০ জন ক্ষুদ্ৰ উদ্যমী তালৈ গৈছিল। তাৰে প্ৰায় ৮০-৯০ জন অসমৰ আছিল। তেওঁলোকৰ বেছিভাগৰেই সামগ্ৰীৰ গুণগত মানদণ্ড ভাল আৰু ভাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। মই ভাবো যে অনাগত দিনত ক্ষুদ্ৰ উদ্যমীসকলে খুব ভাল কাম কৰিব। এখন বজাৰ সৃষ্টিৰ ক্ষেত্ৰত আৰু উদ্যমীসকলক সহযোগিতা কৰিবলৈ অসমৰ উদ্যোগ বিভাগৰ গধুৰ দায়িত্ব আছে। মই অৰ্থনৈতিক কথা-বতৰাত এইবাবেই গুৰুত্ব দিছো যে মোৰ দৃষ্টিত অসমৰ আটাইতকৈ বৃহৎ সমস্যাটো অৰ্থনৈতিক সমস্যা। অসমক দেশৰ শ্ৰেষ্ঠ ৫ খন ৰাজ্যৰ এখন কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ যি সপোন তাৰ বাবে ক্ষুদ্ৰ উদ্যোগ, কৃষি, পৰ্যটন বা এই ধৰণৰ কথাবোৰত গুৰুত্ব দিব লাগিব। চৰকাৰৰ লগতে সংবাদ মাধ্যম, বুদ্ধিজীৱি সমাজ আৰু ৰাইজেও কথাবোৰ বিবেচনা কৰি গুৰুত্ব দিব লাগিব।


অসমত এটা অৰ্থনৈতিক তথা উন্নয়নৰ নেৰেটিভৰ দৰকাৰ। এতিয়া কাম-কাজ, ব্যৱসায়-বাণিজ্যৰ কথাই অগ্ৰাধিকাৰ পাব লাগে। মোৰ ভাল লাগিছে যে তাৰ বাবে এটা পৰিৱেশ সৃষ্টি হবলৈ আৰম্ভ হৈছে। বহু লোকে চেষ্টা কৰিছে। চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। এই পৰিৱেশেই আমাক আগুৱাই লৈ যাব। আটাইতকৈ ভাল লগা কথাটো হৈছে বাহিৰত অসমৰ প্ৰতি ইতিবাচক ধাৰণাৰ উদ্ভৱ হৈছে। আগৰ আন্দোলন, হিংসাৰ নেতিবাচক ধাৰণাৰ ঠাইত অসমৰ প্ৰতি ইতিবাচক ধাৰণা আহিছে। আইন-শৃংখলা, যোগাযোগ ব্যৱস্থা ভাল হৈছে এই কথাষাৰ প্ৰচাৰ হৈছে। 


অসমৰ মুখ্যমন্ত্ৰীৰ কৰ্মোদ্যমী ভাৱমূৰ্তিয়ে অসমলৈ বিনিয়োগ অনাত সহায় কৰিব। এইখিনিৰ পাছত আমাৰ পৰৱৰ্তী কাম হৈছে কোৱামতে কাম কৰাটো, চৰকাৰী, ব্যুৰুক্ৰেটিক ৰেড টেপিজিম আতঁৰাই সক্ৰিয় শাসন ব্যৱস্থাৰ সৃষ্টি কৰাটো। 


চৰকাৰী শাসন ব্যৱস্থাত বহু পৰিৱৰ্তনৰ দৰকাৰ। সেৱাৰ মানসিকতাৰ অভাৱৰ বাবে আমাৰ চৰকাৰী ব্যৱস্থাৰ বহু বদনাম আছে, ফাইলৰ চকৰি ঘুৰি থকাৰ বদনাম।সেইটো সলনি হব লাগিব, কাম কৰিব পৰা দক্ষ মানুহ লাগে। মুখ্যমন্ত্ৰীয়ে বহুখিনি নতুন প্ৰচেষ্টা, স্কিম আনিছে। কিন্তু চাৰ্ভিছ ডেলিভাৰী ভাল নহলে মানুহৰ ক্ষোভ সদায়েই থাকিব। বৰ্ধিত মূল্যবৃদ্ধিক  লৈ মানুহৰ বহু ক্ষোভ আছে। নতুন বছৰত এই ক্ষেত্ৰত চৰকাৰে দীৰ্ঘম্যাদী পৰিকল্পনাৰ দৰকাৰ, যোগান, পৰিৱহনৰ ভাল সমন্বয় ৰাখি, বয়বস্তুৰ দাম হ্ৰাস কৰিব লাগিব। 


ৰাজনৈতিক প্ৰেক্ষাপটত বহু ঘটনা অসমত হৈছে। নিৰ্বাচনৰ যোৱা বছৰটোৰ শেষৰ দিনা চাৰিখন জিলা বজালী, বিশ্বনাথ, হোজাই আৰু তামুলপুৰ বিলুপ্তিকৰণৰ সিদ্ধান্ত লোৱা হৈছে। ১ জানুৱাৰীৰ পৰা অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত অসমৰ ৰাজনৈতিক সমষ্টিসমূহৰ বহুখিনি সা-সলনি হ'ব বুলি কোৱা হৈছে।


যোৱা বহু বছৰ ধৰি হোৱা পূৰ্ববংগীয় সকলৰ ব্যাপক প্ৰব্ৰজনে অসমৰ বাকী ৰাইজৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে ভয়ানক সংকট আনিলে। জনসংখ্যাৰ ফালৰ পৰা যদি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হয় তেতিয়া প্ৰব্ৰজিত লোকৰ আধিপত্য থকা সমষ্টি বহু বেছি হ'ব আৰু অসমৰ ৰাজনৈতিক শাসনভাৰ প্ৰব্ৰজিত লোকৰ হাতলৈ যাব। আমি কোনেও এইটো হোৱাতো নিবিচাৰো। ক'বলৈ বেয়া লগা যদিও এইটো ৰূঢ় বাস্তৱ। এয়া ৰোধ কৰা অতি কঠিন। যি হাৰত নগাঁৱৰ ৰূপহী, ধিং, বাঘবৰৰ দৰে সমষ্টিত জনসংখ্যা বৃদ্ধি হ'ল সেয়াই অসমৰ ৰাজনৈতিক সংকট। জনসংখ্যা বিষ্ফোৰণ কৰি ৰাজনৈতিক ক্ষমতা হস্তগত কৰাৰ উদাহৰণ বিশ্বৰ বহু উদাহৰণ আছে, ইয়াত ধৰ্মনিৰেপক্ষতাৰ আচঁলেৰে ঢাকি ৰাখিব নোৱাৰি। সমষ্টি নিৰ্ধাৰণত প্ৰেক্ষাপটত ৰাজনৈতিক সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীয়ে জিলা বিলুপ্তিকৰণৰ দৰে কিছু ব্যৱস্থা লৈছে। সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত জিলাভিত্তিক কিছু তথ্য নিৰ্ভৰ কৰি সমষ্টি নিৰ্ধাৰণ হ'ব। কিন্তু এই নতুন জিলাবোৰত যথেষ্ঠ উন্নয়নমূলক কাম হৈছিল। তাৰ থলুৱা ৰাইজে চিন্তা কৰিছে যে জিলাখনৰ এই কামবোৰ কি হ'ব? আমি চৰকাৰক অনুৰোধ জনাও যে জিলা হিচাপে তেওঁলোকে যি সুবিধা লাভ কৰিছিল সেই সমূহ বৰ্তাই ৰাখিব লাগে, জিলাৰ বাবে লোৱা প্ৰকল্পসমূহ স্থগিত হল নেলাগে। ভৱিষ্যতে হয়তো পুনৰ বিবেচনা হব আৰু এই জিলাকেইখনে মৰ্যাদা ঘূৰাই পাব। চৰকাৰখনে অসমীয়া ৰাইজৰ দক্ষতা বৃদ্ধিৰ বাবে বহু কৰিবলগীয়া আছে। প্ৰব্ৰজিতসকল অতি কৰ্ম্যোদ্যমী, বিভিন্ন কামত তেওঁলোক আগবাঢ়ি গৈছে। বাকী অসমীয়া ৰাইজৰ এই ক্ষেত্ৰত বহু কৰিবলগীয়া আছে। ৰাইজে বুজিব লাগিব যে এই ভয়ংকৰ প্ৰব্ৰজনৰ সৈতে বৰ্তি থাকিবলৈ হ'লে নিজৰ দক্ষতা বঢ়াব লাগিব। অহা ৫০ বছৰত অসমীয়া হিচাপে জীয়াই থাকিবলৈ হ'লে অসমীয়া জাতি দক্ষ হ'ব লাগিব আৰু নিজা কৰ্মৰ বলেৰে জীয়াই থাকিব পাৰিব লাগিব।


অসমৰ অস্তিত্ব সমাধানৰ মই কোনো সমাধান সূত্ৰ দেখা নাই। এন আৰ চি বেমেজালি ঠিক কৰাৰ কোনো চৰকাৰী প্ৰয়াস দেখা নাই । এইখিনিতে আলফা শান্তিচুক্তিৰ ক্ষেত্ৰত এই বছৰত কিবা এটা সমাধান হোৱাটো বিছাৰো। পৰেশ বৰুৱাক অনুৰোধ, আলোচনালৈ আহক। সাৰ্বভৌমত্তৰ ওপৰত ভাৰত চৰকাৰে আলোচনা নকৰে। খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ আলোচনাৰ মুল বিষয় বস্তু হওঁক। আলফা আন্দোলনে এতিয়ালৈকে ৰাজ্যখনক একো ভাল ফল নিদিলে, আলোচনাৰ দ্বাৰা অসমীয়াৰ ৰাজনৈতিক সুৰক্ষা দিব পাৰিলে এটা ভাল ফল আহিব। পৰেশ বৰুৱাৰ জীৱন কালত, আমাৰ জীৱন কালত এই সমস্যা সমাধান হোৱাটো সকলোৱে বিচাৰে। 


শেষত মোৰ দৃষ্টিত অসমৰ সৰ্ববৃহৎ সমস্যা হৈছে সংস্থাপনহীনতা। এই ক্ষেত্ৰত চৰকাৰে ১ লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াটোত ভালদৰে আগবাঢ়িছে। কিন্তু সমস্যাটো হ'ল বাকী ২৫ লাখৰ কি হ'ব? এইসকল আৰু প্ৰতি বছৰে যোগ হোৱা ২-৩ লাখ নিবনুৱাক আমি কি দৰে আগুৱাই নিম? এইসকলক সংস্থাপিত কৰা, কামত লগোৱাৰ বাবে চৰকাৰৰ এটা বিশাল প্ৰচেষ্টা লাগিব। আমাৰ জাতীয় সংগঠন, ৰাইজ, বৌদ্ধিক সমাজৰ সহযোগত। সকলোকে কৰ্মৰ জৰিয়তে সংস্থাপন কৰাৰ চিন্তাধাৰা আনিব পাৰিলেই অসমখন বিভিন্ন সূচাংকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিচৰা ধৰণে অনাগত সময়ত দেশৰ ৫ খন শীৰ্ষ ৰাজ্যৰ ভিতৰত আহিব বুলি মই বিশ্বাসী। এই বছৰটো ইয়াৰ আৰম্ভণি হওক। সকলোলৈ পুনৰ নৱবৰ্ষৰ শুভেচ্ছা। আপোনালোকৰ ভাল হওক। ৰাজ্যখনৰ ভাল হওক।

লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ বাবে একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/SHYAMKANU-MAHANTA

No comments:

Post a Comment