মনৰ কথাঃ আপোনালোক আগবাঢ়ক, মোৰ খৰধৰ নাই :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ আপোনালোক আগবাঢ়ক, মোৰ খৰধৰ নাই :: সঞ্জীত কুমাৰ বৰদলৈ

মনৰ কথাঃ আপোনালোক আগবাঢ়ক, মোৰ খৰধৰ নাই :: সঞ্জীত কুমাৰ বৰদলৈ

Share This
আপোনালোক আগবাঢ়ক, মোৰ খৰধৰ নাই
সঞ্জীত কুমাৰ বৰদলৈ
আপোনালোক আগবাঢ়ক, মোৰ খৰধৰ নাই সঞ্জীত কুমাৰ বৰদলৈ
বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত পৃথিৱীখন এটি ধূলিকণাৰ দৰে ক্ষুদ্ৰ৷মানুহবোৰ যে কিমান সৰু!তথাপিও আমি নিজকে কিমান ডাঙৰ বুলি ভাবোঁ!ক’ত অহংকাৰ,খোৱাকামোৰা!নিজৰ ক্ষুদ্ৰতাক উপলব্ধি কৰিবলৈ মানুহে বিজ্ঞান কাহিনী পঢ়িব লাগে৷একো নহলেও নিশা তাৰকা খচিত আকাশ খনকে যদি অপলক নয়নেৰে চাই থাকো তেতিয়াও আমাৰ ক্ষুদ্ৰতাৰ কথা কিছুপৰিমাণে হ’লেও উপলব্ধি কৰিব পাৰি৷এইযে আকাশত তিৰবিৰাই থকা কৌটি কৌটি তৰাবোৰ সিহঁত পৃথিৱী নামৰ গ্ৰহটোতকৈ বহুগুণে বেছি ডাঙৰ৷ সিহঁতৰ বিশালতাৰ স’তে পৃথিৱীৰ তুলনাই নহয়৷ আচৰিত! এই ক্ষুদ্ৰ পৃথিৱীখনত বাস কৰা আমি মানুহবোৰে নিজকে ইমান ডাঙৰ বুলি ভাবোঁ!
আপোনালোক আগবাঢ়ক, মোৰ খৰধৰ নাই সঞ্জীত কুমাৰ বৰদলৈ
সৰুতে আমি মুকলি বিশাল পথাৰত খেলি থাকোতে কেতিয়াবা ভাগৰত পথাৰতে শুইছিলোঁ আৰু আকাশৰ বিশালতা দেখি অপৈণত মনত নানা ভাবৰ লহৰে থৌকিবাথৌ কৰিছিল৷ক’ত যে উত্তৰবিহীন প্ৰশ্নই আমাক আমনি কৰিছিল!ৰেডিঅত শুনিছিলো-জ্যোতিষ ভট্টাচাৰ্যৰ সেই অমৰ গান-“হে আকাশ ইমান উদাৰ বক্ষ তোমাৰ,ক’ত পালা কোৱা৷”পৈনত হৈ সাগৰৰ পাৰত বহি দূৰ দিগন্তলৈ বিয়পি থকা সাগৰৰ উৰ্মিমালা দেখিও প্ৰায় একেই অনুভৱ হৈছিল৷ইমান বিশাল!ইমান ৰহস্যময়!বিশেষকৈ সন্ধিয়া সাগৰৰ পাৰত বহিবলৈ ভয় লাগি যায়৷কিজানি পলকতে গিলি পেলায়!আকাশক নিৰিবিলিকৈ চালে,সাগৰৰ দূৰদিগন্ততলৈ দৃষ্টি নিক্ষেপ কৰিলে নিজৰ ক্ষুদ্ৰতাক উপলব্ধি কৰিব পাৰি৷আকাশক দেখিলে ভয় নালাগে যিহেতু আকাশ আমাৰ পৰা বহু দূৰত কিন্ত সাগৰক দেখিলে নিজৰ ক্ষুদ্ৰতাৰ কথা উপলব্ধি কৰি ভয় লাগে৷আমি ইমান ক্ষুদ্ৰ আৰু নগণ্য!

সৌ সিদিনালৈ মানুহে এখন পৃথিৱীত বাস কৰিছিল৷এতিয়া আমি বাস্তৱ পৃথিৱীখনৰ লগতে আন এখন পৃথিৱীত বিচৰণ কৰোঁ৷মানুহৰ এই দ্বিতীয় পৃথিৱীখন হৈছে-ভাৰ্চুৱেল পৃথিৱী৷সৰ্বব্যাপি সামাজিক মাধ্যমবোৰে বহুক্ষেত্ৰত আমাৰ স্বৰূপ বোৰ উদঙাই দিছে৷আমি নজনাকৈয়ে আমি এক্সপ’জড হৈ গৈছোঁ৷আমাৰ অৱচেতন মনত লুকাই থকা নানা প্ৰবৃত্তিক ফেচবুক,টুইটাৰ,ইনস্টেনগাম আদিয়ে উদঙাই দিছে৷কেবল সেয়ে নহয় আমাৰ চিন্তা চেতনাকো বহুপৰিমাণে সামাজিক মাধ্যমবোৰে হাইজেক কৰিব ধৰিছে৷আমাৰ দম্ভ,অহংকাৰ,প্ৰদৰ্শনকামীতা,ষড়যন্ত্ৰ,ঈৰ্ষা,ব্যক্তিগত চৰিত্ৰ হনন আদিৰ দৰে নেতিবাচক প্ৰবৃত্তিবোৰ আমি উদঙাই দিছোঁ!সকলোবোৰ সামাজিক মাধ্যমত এক্সপ’জড হ’ব ধৰিছে৷গোপন,একান্ত ব্যক্তিগত বুলি একো নাই৷সকলো যেন চিছেম ফাক!আৰবেৰ একো নাই,ধোবাংবাং!ঘৰত বাথৰুমৰ চাৰিবেৰৰ মাজত গা ধুই সামাজিক মাধ্যমত নাঙঠ হয় চেলিব্ৰিটি!এতিয়া আমি কি খাওঁ,কি পিন্ধো,ক’লৈ যাওঁ সকলো ৰাজহুৱা!আনকি কাৰোবাক মাৰপিট কৰিলেও লাইভ হয়!আত্মহত্যা কৰিলেও আগতিয়াকৈ ভিডিঅ ভাইৰেল কৰাৰ উদাহৰণ আছে৷সমাগত সময়ত মধুচন্দ্ৰিকাৰ ৰাতিও লাইভ হ’ব পাৰে!!ফেচবুক পেজত ভাহি থকা ৰীলছৰ ভিডিঅবোৰ চেমি পৰ্ণ চাইটৰ দৰে হ’বলৈ আৰাম্ভ কৰিছেই৷মুঠতে জুকাৰবাৰ্গে আমাৰ মনস্তত্ত্বক সঠিক ভাবে ধৰিব পাৰিছে৷সেইফালৰ পৰা জুকাৰবাৰ্গক আজিৰ ফ্ৰয়েড বুলি ক’লে নিশ্চয় বঢ়াই কোৱা নহ’ব৷আপুনি মই এই ভাৰ্চুৱেল পৃথিৱীখনৰ স’তে অভ্যস্ত হৈ পৰিছো৷এইখন পৃথিৱী আপোনাৰ মোৰ বাবে নতুন৷সেয়ে তাক নিয়ন্ত্ৰন কৰিবলৈ তথা এই নতুন পৃথিৱীখনৰ স’তে নিজক ৰজিতা খুৱাই চলিবলৈ নিশ্চয় কিছু সময় লাগিব৷
নাচিব নাজানে কয় চোতালখন বেঁকা! সামাজিক মাধ্যমৰ প্ৰতি সততে বহুতে কেবল নেতিবাচক কথা কয়৷বহুতে এতিয়াও সামাজিক মাধ্যমৰ সুদূৰপ্ৰসাৰী প্ৰভাৱক সন্দেহৰ দৃষ্টিৰে চায়৷ইয়াক উপযুক্ত ভাবে ব্যৱহাৰ কৰিলে আমি বিভিন্ন ক্ষেত্ৰত উপকৃত হ’ব পাৰোঁ৷উপযুক্ত ভাবে ব্যৱহাৰ কৰিব পাৰিলে সামাজিক মাধ্যমে সমাজ সলাই দিব পাৰে৷সামাজিক মাধ্যমৰৰ জৰিয়তে আমি ইজনে সিজনৰ মাজত পাৰস্পৰিক সৎভাৱ,সম্প্ৰীতি আৰু আন্তৰিক বুজাবুজিৰ বাতাবৰণ গঢ়ি তুলিব পাৰোঁ৷ হৃদয়ৰ পৰা হৃদয়লৈ গঢ়িব পাৰোঁ ভালপোৱাৰ সাঁকো৷ দেশ-বিদেশৰ ইতিবাচক কথাবোৰ আদান প্ৰদান কৰিব পাৰোঁ৷তাৰোপৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰটো সামাজিক মাধ্যমে প্ৰচুৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে৷

প্ৰসংগক্ৰমে সামাজিক মাধ্যম তথা ভাৰ্চুৱেল পৃথিৱীখনৰ কথা অৱতাৰণা কৰিলোঁ যদিও সি এই লেখাৰ প্ৰধান বিষয় নহয়৷আমি নতুনকৈ বিচৰণ কৰিবলৈ লোৱা ভাৰ্চুৱেল পৃথিৱীখনৰ যি চঞ্চলতা,জাকজমকতা আৰু ভোগবাদী প্ৰৱনতাৰ প্ৰতিফলন আমি দেখিছোঁ সি আমাৰ দৰে দৰিদ্ৰ দেশৰ বাবে এক প্ৰহসন আৰু বিভ্ৰম বুলি ক’ব পাৰি৷এই বিভ্ৰমৰ দ্বাৰা মাত্ৰাধিক বশবৰ্ত্তী হ’লে আমি বায়ু-মাটি-পানীৰ আচল পৃথিৱীখনৰ পৰা ক্ৰমে আতৰি আহিম আৰু সিয়ে আমাক ভয়ংকৰ বিপদলৈ লৈ যাব৷ব্যক্তি জীৱন বা সমাজৰ বাস্তৱ সত্যবোৰক আওকাণ কৰি আমি যদি কেবল ভাৰ্চুৱেল পৃথিৱীখনত উটি-ভাঁহি ফুৰোঁ তেন্তে সি হ’ব চৰম আত্মপ্ৰৱঞ্চনা আৰু আত্মঘাতীৰ নিদৰ্শন৷

যন্ত্ৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰসাৰতাই সংস্থাপনৰ ক্ষেত্ৰ সমুহ সংকুচিত কৰি আনিছে৷শিক্ষাৰ পৰিভাষা সলনি হ’ব ধৰিছে৷সলনি হৈছে বজাৰ৷ পৰিবৰ্তিত হৈছে কৰ্মক্ষেত্ৰ সমুহ৷এনে প্ৰেক্ষাপটত ভাৰত বৰ্ষৰ দৰে বিশাল জনগনৰ দেশত উঠি অহা প্ৰজন্মই কেনেকৈ জীৱন নিৰ্বাহ কৰিব? জাপানৰ দৰে উন্নত দেশত তাৰ যুৱ প্ৰজন্ম বিবাহৰ প্ৰতি অনিহা প্ৰকাশ কৰিছে৷ সন্তান জন্মৰ প্ৰতি আৰু বেছি অনীহা৷ যি এক গভীৰ সামাজিক সমস্যা হিচাপে চিহ্নিত হৈছে৷ ইয়াৰ কাৰন হৈছে দৈনন্দিনৰ ক্ৰমবৰ্ধমান খৰছ, কৰ্মস্থলীত অনিশ্চয়তা৷ সমাজত ধনকুবেৰৰ সংখ্যা বাঢ়িছে৷ এমুঠিমান ধনকুবেৰৰ হাতত দেশৰ গৰিষ্ঠ ভাগ সম্পদ৷ যাৰ বাবে আৰ্থিক অসমতা দিনক দিনে বৃদ্ধি পাব ধৰিছে৷ সমগ্ৰ বিশ্বত উপযুক্ত নেতৃত্বৰ অভাৱ ঘটিছে৷ অস্ত্ৰৰ বজাৰখন তড়িৎ গতিত বৃদ্ধি পাইছে৷ জলবায়ুৰ পৰিবৰ্তনক নিয়ন্ত্ৰিত কৰাৰ ক্ষেত্ৰত আন্তৰিক প্ৰচেষ্টা এতিয়াও দেখা নাই৷ এনে বহু কাৰকে আমাক এক অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিছে৷ যাৰ বাবে মানুহ আজি হতাশা আৰু নৈৰাজ্যৰ মাজত থাকিব লগা হৈছে৷অতি দুৰ্ভাগ্যজনক ভাবে মানুহ হৈ পৰিছে এক ট্ৰেজিক চৰিত্ৰ৷ আমাৰ তৰুণ কবি নীলাভ সৌৰভে সেয়ে লিখিছে-এশৰ ভিতৰত নিৰানব্বৈ বাৰ মৰি মৰি এবাৰ জীয়াই থকাৰ দুৰ্বাৰ হেপাহৰ কথা৷এনে ট্ৰেজিক অভিব্যক্তিৰে মানুহে সভ্যতা গঢ়িব পাৰিবনে?পাৰিলেও সিয়ো নিশ্চয় হ’ব ট্ৰেজিক সভ্যতা!
আৰ্নল্ড টয়নবীয়ে কৈছিল-জনগনে যেতিয়া সমাজৰ এলাইট সকলক অনুসৰণ কৰে সি সভ্যতাৰ উত্তৰণৰ কথা সুচায়৷ঠিক সেইদৰে সমাজৰ এলাইট সকলে যেতিয়া জনগনক অনুসৰণ কৰিবলৈ ধৰে সি সভ্যতাৰ অধোগতিক প্ৰতিফলিত কৰে৷বৰ্তমান আমাৰ সমাজৰ ৰেহৰূপক বিশ্লেষণ কৰিলে টয়নবীৰ কথাৰে অধোগতি হৈছে বুলি সহজেই বুজিব পাৰি৷আজিৰ সমাজত গুৰু গোসাঁই নমনা এক পৰিমণ্ডল গঢ়ি উঠিছে৷কোনেও কাৰো কথা শুনিবলৈ ইচ্ছা নকৰে৷সামুহিক চিন্তা চৰ্চাতকৈ ব্যক্তিগত আৰু সংকীৰ্ণ গোষ্ঠী স্বাৰ্থই আগস্থান পাইছে৷এনে পৰিমণ্ডলে মুক্ত চিন্তা, যুক্তি আৰু বিজ্ঞান মনস্কতাৰ বাটত হেঙাৰ সৃষ্টি কৰে৷এলভিন টোফলাৰে আজিৰ পৰা পঞ্চাছ বছৰৰ আগতেই কৈছিল যে সমাজ বহুধাবিভক্ত হ’ব৷মানুহক সংবদ্ধ কৰি শক্তিশালী জনমত গঢ়ি তোলাটো যিমান কঠিন হ’ব সমাজক মেনিপুলেট কৰাটো সিমানেই সহজ হ’ব৷পাচটা দশকৰ আগতে কোৱা টোফলাৰৰ ভৱিষ্যদ্বানী ইতিমধ্যে সত্য প্ৰমাণিত হৈছে৷এনে পৰিমণ্ডল মানুহক ক্ষোভিত কৰিবলৈ যথেষ্ট৷

ল’ৰালি দিনত সেই পথাৰত শুই আকাশৰ বিশালতাক উপলব্ধি কৰাৰ এতিয়াও প্ৰয়োজন আহি পৰিছে৷কাৰন সিয়ে কেবল আমাৰ ক্ষুদ্ৰ সত্তাকে উপলব্ধি নকৰাই,সিয়ে আমাক বাস্তৱৰ শিক্ষা দিয়ে৷বিনন্দীয়া প্ৰকৃতিৰ মুখামুখি হ’লে আমি আমাৰ স’তে কথা পতাৰ বিৰল সুযোগ পাওঁ৷অৰণ্যৰ গভীৰতা আৰু বাংময় নীৰৱতাই আমাক দৈনন্দিনৰ কৃত্ৰিমতা আৰু কপততাৰ পৰা মুক্ত কৰি দিয়ে৷মনবোৰ ধুই পখালি খন্তেকৰ বাবে হলেও পৰিস্কাৰ কৰি দিয়ে৷অভিনেতা বিষ্ণু খাৰঘৰীয়া দেবে মোক এবাৰ কৈছিল-অৰণ্য চিনেমাৰ শ্বুটিংৰ সময়ত বিজয় শংকৰে হেনো মাজনিশা অৰণ্যৰ শিলত বহি একাত্ম হৈ বহু সময় ভায়লিন বজাই আছিল৷অৰণ্যৰ ৰহস্যময়তা আৰু ভায়লিনৰ মুৰ্চনাৰ মাজত বিজয় শংকৰে নিশ্চয় সেই সময় খিনিত নিজৰ স’তে কথা পাতি আছিল৷জীৱন জগতৰ সীমাহীন প্ৰতিকুলতা,প্ৰত্যাহ্বানৰ মাজত মানুহৰ দৰে জীয়াই থাকিবলৈ হ’লে আমি এইদৰে নিজৰ স’তে সঘনে কথা পতাটো জৰুৰী৷নিজ ভালেই জগত ভাল৷নিজক জানিলেই সকলো জনা৷মই ভাবোঁ আমি নিজক জানিবলৈ বুজিবলৈ চেষ্টা কৰিলে জীৱনটো উপভোগ্য হৈ উঠিব৷সহনীয় হৈ উঠিব৷আমি যিমানেই নিজক বুজিব পাৰিম সিমানেই আনক বুজিবলৈও সহজ হ’ব৷সেয়ে এই ইংৰাজী নতুন বছৰৰ প্ৰাকমুহূৰ্তত মই নিজক বুজিবলৈ চেষ্টা কৰাৰ সংকল্প লৈছোঁ৷সেয়ে কোনো জাগতিক বস্তুবাদী আশা আকাংক্ষাই মোক সহজে স্পৰ্শ কৰিব পৰিব পৰা নাই৷মই এইদৰেই জীৱনটো প্ৰকৃত অৰ্থত পৰিপুৰ্ণ ভাবে উপভোগ কৰিবলৈ ভাল পাম৷মই কোনো প্ৰতিযোগিতাত নাই৷আপোনালোক আগবাঢ়ক,মোৰ কোনো খৰখেদা নাই৷প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপ নিকাচে মোক প্ৰভাৱিত নকৰে৷ সকলোলৈ ইংৰাজী নৱবৰ্ষ তথা ভোগালীৰ শুভেচ্ছা জনালোঁ

No comments:

Post a Comment