সমকালীন চিন্তাশিল্পঃ নতুন প্ৰজন্মৰ প্ৰৱন্ধকাৰ মাণিক পালৰ নব্য সংকলন
হৰ্ষবৰ্ধন বুমন
ব্যক্তিগতভাৱে নন্ ফিকশ্বন পঢ়ি ভাল পোৱাৰ এটা অন্যতম কাৰণ হ'ল নন্ ফিকশ্বনে মোক মানুহৰ চিন্তা চেতনা মানসিক পৰিমণ্ডলক বুজাত সহায় কৰে। কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰনত গঢ়ি উঠা লেখকৰ নিজস্ব মতাদৰ্শ চিন্তাধাৰাৰ বিমূৰ্ত ছবিখন নন্ ফিকশ্বনত অনুপস্থিত। তদুপৰি বক্তব্য বেছ পোনপটীয়া মেদহীন আৰু স্পষ্ট হয়।
এইবাৰৰ নন্ ফিকশ্বনৰ বজাৰ মহঙা। প্ৰকাশো কম আৰু বিক্ৰীও। কিন্তু তাৰ মাজতে যি দুই চাৰিখন নন্ ফিকশ্বন প্ৰকাশ পাইছে সি সঁচাকৈয়ে সংৰক্ষণযোগ্য। তাৰ ভিতৰত যোৱা মাহত পঢ়া নতুন প্ৰজন্মৰ চিন্তাশীল লেখক মাণিক পালৰ "সমকালীন চিন্তাশিল্প" শীৰ্ষক প্ৰৱন্ধ সংকলনটো অন্যতম। লেখক বয়সত তৰুণ হ'লেও চিন্তাৰে যে যথেষ্ট ভৰুণ সেই কথা প্ৰৱন্ধ সংকলনখনত চকু থাপিলেই বুজিব পাৰি। লেখাবোৰত লেখক যে যথেষ্ট অধ্যয়নপুষ্ট তাৰ প্ৰতিফলন দেখা যায়।
শিক্ষক হোৱাৰ সুবাদতে লেখকে সমকালীন সমাজ, মানুহ, পৰিবেশ আদিৰ সৈতে একাত্ম হোৱাৰ এক বাট বিচাৰি পাইছে, সকলোধৰণৰ সামাজিক অৰ্থনৈতিক পৰিবেশত লালিত পালিত মানুহৰ লগত আলাপ কৰাৰ তেওঁলোকৰ জীৱনবোৰ নিৰীক্ষণ কৰাৰ সুবিধা পাইছে। যিয়ে তেওঁক কিছু কথা ভাবিবলৈ বাধ্য কৰাইছে। চিন্তাৰ এই বেগ আৰু উকমুকনি দমাব নোৱাৰি তেওঁ যে সেইবোৰৰ ভাগ পাঠককো দিবলৈ চেষ্টা কৰিছে সেই কথাও সংকলনখন পঢ়িলে স্পষ্ট হয়। কিতাপখনত সন্নিৱিষ্ট " মোবাইল গেম আৰু নৱপ্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ", "গুট্খা আৰু নৱপ্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ" আদি লেখাৰ মাজেৰে যদি সামাজিক অৱক্ষয় আৰু ইয়াক ৰোধ কৰিব নোৱাৰিলে ভবিষ্যতে হ'ব পৰা ভয়াবহ পৰিস্থিতিৰ প্ৰতি যদি ইঙ্গিত কৰিছে ঠিক একেসময়তে কিন্তু "ক্ৰিপ্ত কাৰেঞ্চি আৰু ইয়াৰ প্ৰভাৱ", "ভাৰতৰ ওপৰত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ" আদিৰ যোগেদি যুগ আৰু সময়ৰ পৰিবৰ্তনৰ লগে লগে অহা সামাজিক ৰাজনৈতিক কিম্বা অৰ্থনৈতিক পৰিবৰ্তনৰ ছবিখনো ধৰি ৰখাৰ চেষ্টা কৰিছে। মুঠতে ই হ'ব পাৰে সমসাময়িক সময়ৰ সাময়িক প্ৰসংগৰ এখন দস্তাবেজ।
কিন্তু কেৱল মাত্ৰ সমসাময়িক ঘটনাক ধৰি ৰাখিবলৈ কৰা এক চেষ্টা সৰ্বযুগ বা সৰ্বজন সমাদৃত বা পঠিত নহ'ব পাৰে আৰু সাধাৰণতে নহয়েই। সেই সময় সেই যুগ পৰিবৰ্তনৰ লগে লগে সেই লিখাবোৰৰ চোক কমে বা নিস্তেজ হৈ আহে যদিহে সেই পৰিবৰ্তন সমূহে ভবিষ্যতলৈ কোনো সুদূৰপ্ৰসাৰী প্ৰভাৱ নেপেলায় বা মানুহৰ মন মগজুত দাগ নাকাটে। গতিকে পাঠকৰ প্ৰিয়জন হোৱাৰ স্বাৰ্থত পাঠকৰ মনত চিন্তাৰ খোৰাক যোগোৱাৰ স্বাৰ্থত লেখকে এই দিশটো মন কৰাটো জৰুৰী। তেওঁ এনে কিছুমান সামাজিক সমস্যাৰ, বা পৰিৱেশ সম্পৰ্কে চিন্তাৰ বাট মুকলি কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ যাৰ প্ৰভাৱ সমাজত আগতেও আছিল এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। দ্বিতীয়তে কেৱল সামাজিক সমস্যাবোৰৰ সম্পৰ্কে অৱগত কৰাটোৱেই এজন লেখকৰ মূল কাম নহয়। সমাধানৰ বাট এটা বিচাৰি উলিওৱাটো সাহিত্যৰ প্ৰধান কাম হ'ব লাগিব লেখকৰ দায়িত্ব হ'ব লাগিব। লেখকৰ নিজস্ব বোধ উপলব্ধি আৰু interpretation এইক্ষেত্ৰত খুব প্ৰয়োজনীয় অংগ। প্ৰেম জীৱন আদিৰ বিষয়ে যিকেইখন ৰচনা যোগ দিয়া হৈছে তাত যুক্তি আৰু বৈজ্ঞানিক চিন্তাতকৈ আবেগক অধিক প্ৰাধান্য দিয়া যেন অনুভৱ হ'ল। বাকী এটা নিজস্ব গদ্যশৈলীৰ বিকাশ ঘটিলেই আমি মাণিক পালক এজন তৰুণ চিন্তাশীল আৰু পৰিপূৰ্ণ লেখক হিচাপে দেখিবলৈ পাম বুলি আশা কৰিব পৰা যায়।।
লেখকে নিজে নিজৰ গ্ৰন্থখনৰ বিষয়ে নিজৰ অনুভৱ ব্যক্তি কৰিছে, এইদৰে-"#সমকালীন_চিন্তাশিল্পৰ কিছু কথা আপোনালোকক ক'ব বিচাৰোঁ। কিতাপখন কৰাৰ আগতে বহু প্ৰশ্নই মনটোৰ লগত যুদ্ধ কৰিছিল। কিতাপখনৰ বেছিভাগ প্ৰবন্ধই অসমৰ জনপ্ৰিয় কাকত আলোচনী যেনে- নিয়মীয়া বাৰ্তা, আমাৰ অসম, দৈনিক জনমভূমি , আইনা জীৱনৰ, প্ৰান্তিক,সাতসৰীত প্ৰকাশিত । তথাপিও এটা ভয় মোৰ দৰে নিঃকিনৰ কিতাপ কোনে কিনি পঢ়িব। তাৰ পিছত যেতিয়া মোৰ শ্ৰদ্ধাৰ লেখক #সুমন্ত_চলিহা ছাৰে মোৰ প্ৰবন্ধবোৰ পঢ়ি পাতনি লিখি দিলে তেতিয়া মই উৎসাহ পাওঁ আৰু কিতাপখনৰ বাবে আগবাঢ়ো। তাৰ পাছত কবি #ধন_দাসৰ জৰিয়তে প্ৰকাশক হিচাপে লাভ কৰোঁ কবি #নীলাভ_সৌৰভক । নীলাভ সৌৰভ দাদাৰ উৎসাহ আৰু সাহসৰ বাবে শেষত গৈ কিতাপখনৰ কৰিলোঁ।
তাৰ পাছত যেতিয়া নৱেম্বৰ মাহৰ ৫ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত কিতাপখন উন্মোচন কৰি হাতত ১৫০ কপি লৈ ঘৰত আহি টেবুলত ৰাখোঁ তেতিয়া এটাই চিন্তা ইমান কিতাপ কোনে কিনি পঢ়িব। কিন্তু আচৰিত হওঁ আৰু সুখীও হওঁ যে মাত্ৰ দুমাহৰ ভিতৰতে মই আন কপিবোৰ শেষ হয়। এতিয়া মোৰ হাতত কেৱল ১০ কপি কিতাপ আছে । প্ৰকাশনৰ লগত থকা কিতাপৰ হিচাপ মই এতিয়াও পোৱা নাই। তেওঁলোক অকমান কামত ব্যস্ত হৈ আছে সময়ত জনাব। এইখিনিতে মই মোৰ কিতাপখনক হৃদয়েৰে আঁকোৱালি লোৱা সকলো শিক্ষক বন্ধু আৰু পঢ়ুৱৈক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ শ্ৰদ্ধাৰ শিক্ষক সকলোকো। বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সুমন্ত চলিহা ছাৰক, নীলাভ সৌৰভ , প্ৰদীপ গগৈ দাদা , ছা-হাবা-হাৰ্টি ভাইটিক,হিৰণ্য লয় আৰু পূৰবী বাইদেউক। কাৰোবাৰ নাম ল'বলৈ পাহৰি গ'লে ক্ষমা কৰিব। কিতাপখনৰ জৰিয়তে লাভ কৰা আটাইতকৈ ডাঙৰ পুৰস্কাৰটো হ’ল গোৱালপাৰা টাউনত থকা পিতৃতুল্য ব্যক্তি জুগল চন্দ্ৰ নাথৰ সান্নিধ্য। এই সময়খিনিত আটাইতকৈ বেছি অভাৱ অনুভৱ কৰোঁ আই আৰু হোমেন বৰগোহাঞিদেৱৰ। কেৱল এটাই দুখ থাকি গ'ল যিসকল বন্ধুৰ লগত সৰুৰ পৰা ডাঙৰ হ'লো তেওঁলোকৰ পৰা এটা অভিনন্দনো লাভ নকৰিলোঁ। শেষত মোৰ কিতাপখনক আপোন কৰি লোৱা সকললৈ জনালো আন্তৰিক কৃতজ্ঞতা। জীৱনৰ এগৰাকী আগ্ৰহী ছাত্ৰ হিচাবে এই যাত্ৰাত আপোনালোকৰ সঁহাৰিয়ে মোক সদায়েই প্ৰেৰণা যোগাব...."।
No comments:
Post a Comment