নিৰৱধিঃ সীমাৰ পৰিধি ভাঙিছে আজিৰ নাৰীয়ে! :: ড° অনিমা গুহ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

নিৰৱধিঃ সীমাৰ পৰিধি ভাঙিছে আজিৰ নাৰীয়ে! :: ড° অনিমা গুহ

Share This
পুৰুষৰ একচেতিয়া ৰাজ্যত প্ৰৱেশ ঘটিছে ছয়গৰাকী ভাৰতীয় মহিলাৰ। শ্রমশক্তিত ভাৰতীয় মহিলাৰ অৱদান পুৰুষতকৈ বহু কম। আন্তর্জাতিক শ্রম সংস্থা বা International Labour Organization (ILO)ৰ মতে শ্রমবাহিনীত (work force) ৮২ শতাংশ পুৰুষৰ যােগদানৰ বিপৰীতে মহিলাৰ যােগদানৰ হাৰ ২৮.৫ শতাংশ। কিন্তু সা-সুবিধা বা সুযােগ পালে ভাৰতীয় মহিলা বহু ওপৰলৈ উধাব পাৰিলেহেঁতেন। পৰা নাই। আমাৰ দেশত লিংগবৈষম্যৰ হাৰ তীব্র। নাৰীক অবলা বুলি পুৰুষপ্রধান সমাজে তেওঁলােকৰ পিঠিত এটা ষ্টাম্প মাৰি থৈছে। মহিলায়াে তাকে মানি লৈছে। কিন্তু আজিকালি একাংশ ভাৰতীয় মহিলাই সীমাৰ পাৰ ভাঙি পুৰুষৰ সাম্রাজ্যত পদার্পণ কৰিছে। তেন্তে ছয়গৰাকী মহিলাৰ বিষয়ে আজি আলােচনা কৰা যাওক।

ফাইটাৰ পাইলট 
ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ পাইলটৰ বাবে আকাশেই সীমা হ’ব পাৰে। কিন্তু ২০১৫লৈ মহিলা পাইলটে ফাইটাৰ জেটপ্লেন উৰুৱাবলৈ অনুমতি পােৱা নাছিল। তাৰ পাছত অৱনী চতুর্বেদী, মােহনা সিং আৰু ভাৱনা কঁাথ প্রথম মহিলা ফাইটাৰ পাইলট হিচাপে স্বীকৃতি লাভ কৰিলে। ২৪ বছৰীয়া চতুর্বেদীয়ে ইয়াৰ পাছত প্রথম ভাৰতীয় মহিলা ফাইটাৰ পাইলট হিচাপে অকলশৰীয়া ফাইটাৰ প্লেন চলাই ইতিহাস সৃষ্টি কৰিছে up in the sky alone.

পেছাদাৰী ছাফাৰ 
ছার্ফিং বা সমুদ্রৰ ঢৌৰ ওপৰেদি কাঠৰ এছটা তক্তাজাতীয় সমতল উঠি উত্তাল সমুদ্রত ঘূৰি ফুৰা। ছাফিং খেলটো ভাৰতত হবী হিচাপেও জনপ্রিয় নহয়, পেছা হিচাপে লােৱা দূৰৈৰ কথা। এনে অৱস্থাত ইশ্বিতা মালব্য ভাৰতৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা ছাফাৰ হৈছে।

ছাৰ্ফিং কৰা মই এবাৰ দেখিছিলাে। হবীয়ে কওক বা পেছাই কওক ই এক ভয়ংকৰ কাৰ্য। পূব আমেৰিকাৰ কেপকডত আটলান্টিক মহাসাগৰৰ সমুদ্র সৈকত চাবলৈ গৈ মােৰ এক সাংঘাতিক অভিজ্ঞতা হৈছিল। ঠাণ্ডা বতাহৰ গতি ইমানেই প্রবল আছিল যে মােক যেন উৰুৱাইহে নিব। তদুপৰি হাড় কঁপােৱা ঠাণ্ডা। মই তিষ্ঠিব নােৱাৰি গাড়ীত বহি সমুদ্রলৈ চাই থাকোতে চকুত পৰিল, এছটা কাঠত উঠি মানুহ এজনে ঢৌৰ ওপৰেদি নাচি নাচি গৈ আছে। প্রমাদ
গণিলাে। কি কেনে মানুহ হেই? আত্মহত্যা নানা-কথা কৰিবলৈ ওলাইছে নেকি ? পাছত নাতিহঁতে ক’লে ছার্ফিং কৰি আছে। তাক
এটা ছেলিউট জনাই উভতিলাে। 

এতিয়া শুনাে ভাৰতীয় মহিলা ইশ্বিতা একেবাৰে পেছাদাৰী ছাফাৰ। এই কথা শুনি মােৰ আত্মীয় এজনে কলে— ‘বাপ্পা ঐ, কি বাঘৰ তেল খাইতী আপি এ?’ বাঘৰ তেল খাইতী নহয়নাে কি? ছার্ফিং কৰিলে তেওঁৰ হেনাে নিজকে শিশু যেন লাগে। কর্ণাটকৰ উডিপিৰ ওচৰত তেওঁৰ আনৰ সহযােগত প্রতিষ্ঠা কৰা ছাৰ্ফিং স্কুল এখন আছে। ইয়াৰ নাম দ্য শ্বাকা ছার্ফ ক্লাব। ইশ্বিতাক ছার্ফিং শিকাবলৈ কোনাে প্রশিক্ষক নাছিল। ভি ডি অ’ চাই চাই নিজেই শিকিছে। তেওঁ স্বীকাৰ কৰে সোঁতৰ গতিৰ বিপৰীতে ছার্ফিং কৰা সহজ কাম নহয়। তেওঁৰ মতে অন্তৰে যি কৰিবলৈ বিচাৰে তাকেহে কৰা উচিত। কেতিয়াবা তেওঁক লগ পালে সুধিম এনে এবিধ টান কাম কৰিবলৈ তােমাৰ অন্তৰে কেনেকৈ বিচাৰিলে। ধন্য ছােৱালী। ধন্য জীৱন।

ব্যক্তিগত অনুসন্ধানকাৰী 
সাধাৰণতে অনুসন্ধানকাৰীসকল হয় পুৰুষ। কিন্তু মহাৰাষ্ট্রৰ মহিলা ৰজনী পণ্ডিতক লগ পালে এই ধাৰণাৰ সলনি হ'ব। মহাৰাষ্ট্ৰ আৰু সম্ভৱতঃ সমগ্র দেশৰে এগৰাকী খ্যাতনামা অনুসন্ধানকাৰী তেওঁ। কলেজত পঢ়ি থাকোতেই ৰজনীয়ে প্ৰথমটো কেচ্ছৰ সমাধান কৰিছিল পৰিয়ালৰ সমৰ্থনত। এই পেছাত ৰজনীয়ে প্ৰৱেশ কৰে ১৯৯১ চনত। সম্প্রতি তেওঁ আন ছােৱালীকো এই বিষয়ত প্রশিক্ষণ দিবলৈ আৰম্ভ কৰিছে। 

তেওঁক বাৰু মহিলা শ্বালক হােৰ্মছ বুলি কোৱা যাবনে?

ট্রেফিক পুলিচ 
কলকাতাত ধকধকীয়া বগা পােছাক পিন্ধা মহিলা পুলিচক স্কুটাৰত উঠি টহল দিয়া দৃশ্য এতিয়া পুৰণি। তেওঁলােকে বাট-পথ চোৱাচিতা কৰে বিভিন্ন সময়ত বিভিন্ন কাৰণে। আনকি মাজনিশা বাটৰ গুৰুত্বপূৰ্ণ ক্ৰছিংবােৰৰ চোৱাচিতাও কৰে। কিন্তু তেওঁলােকৰ প্ৰধান কৰ্ল মহিলা বাটৰুৱাক সহায় কৰা আৰু ট্রেফিক আইন ভংগকাৰী মহিলাক আটক কৰা, চাব্বাচ মহিলা স্কুটাৰ আৰােহিণী পুলিচসকল।

স্টান্ট মহিলা
তেইছ বছৰীয়া আনম হাছমি আটাইতকৈ কম বয়সীয়া পেছাদাৰী বাইক স্টান্ট প্রদর্শক আৰু একমাত্র ভাৰতীয় যি স্টান্ট প্রতিযােগিতাত জয়লাভ কৰিছিল। তেওঁ হেনাে স্কুলত পটোতেই ষ্টান্ট প্রদর্শন কৰা কিছু মহিলাক বাটত দেখা পাইছিল। এই দৃশ্যই আনমক প্ৰেৰণা যােগায়। এনে এক অপ্রচলিত পেছাৰ প্ৰতি আকর্ষিত হ’বলৈ লাগে দুৰন্ত মনােবল— তেওঁ কয়। মনােবল নহ'লে দুর্ঘটনাত মৰিবলৈ সাধাৰণ মানুহে এই পেছাত কেতিয়াও যােগদান নকৰে। ধন্য তােমাৰ নাৰী জীৱন।

ট্রাক চালক 
ট্রাক চালকৰ আসনত আমি পুৰুষক দেখাত অভ্যস্ত, মহিলাক নহয়। কিন্তু এই বিষয়ত ৪৮ বছৰীয়া যােগিতা ৰঘুবংশী এগৰাকী ব্যতিক্রমী মহিলা। ২০০৩ চনত এক পথ দুর্ঘটনাত তেওঁৰ স্বামীৰ মৃত্যুৰ পাছত তেওঁ এই পেছাত নামে। সংসাৰখন চলাবলৈ যােগিতাই দহচকীয়া ট্রাকখনেৰে মাহেকত এটা ট্রিপ মাৰে। সেই টকাৰে এমাহ চলায়। তেওঁৰ মতে তেৱেঁই প্রথম ভাৰতীয় মহিলা ট্রাক চালক। পিছে মই নিশ্চিত তেওঁতকৈ বহু আগতে ধুবুৰীৰ সমীপৱৰ্তী চাপৰ গাঁৱৰ (এতিয়া চহৰ) সৰযু দাসে নিজা ব্যৱসায়ৰ বাবে কলকাতাৰ পৰা বেনাৰসলৈ নিজে ট্রাক চলাই অহা-যােৱা কৰিছিল ৮০ বছৰমান আগতে। সৰযু দাস মােৰ সম্পৰ্কীয় পেহী আছিল।

সম্পাদনা কক্ষৰ সংযোজনঃ
সিদিনা অসমৰ নাৰায়ণপুৰত এগৰাকী মহিলাই ই-ৰিক্সা চলাই সংসাৰ পোহপাল দিয়াৰ কথাই চ'চিয়েল মেডিয়াত বহুবাৰ শ্বেয়াৰ হৈছিল। মুম্বাইতো কেৱল মহিলাৰ বাবে মহিলাই চলোৱা প্ৰিয়দৰ্শিনী টেক্সিৰ সফল উদাহৰণ আছে। এইবাৰ নগালেণ্ডত সৈনিক স্কুলতো ছাত্ৰীৰ নামভৰ্তি আৰম্ভ হৈছে। আশাকৰো এইবোৰ সীমাৰ পৰিধি ভঙাৰ আশাৰ বতৰাই আমাৰ সমাজখনক আৰু আগুৱাই নিবলৈ শক্তি দিব।
(লেখাটি অসমীয়া খবৰ কাকততো সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পাইছে আৰু ইউনিকোড সংস্কৰণ সংৰক্ষণৰ বাবে প্ৰকাশ কৰা হৈছে সুখ-দুখৰ পাতত...)

1 comment:

Post Bottom Ad

Responsive Ads Here

Pages