ৰাম মন্দিৰত ‘প্ৰাণ’, দেশ আৰু শ্বেয়াৰ মাৰ্কেটত ‘জাগৰণ’
ড০ অজয় লাল দত্ত
প্ৰাক-স্বাধীনতা কালৰে পৰা চলি অহা প্ৰায় পাঁচশ বছৰীয়া এটি বিবাদ, ১৩৪ বছৰীয়া আইনী প্ৰক্ৰিয়া আৰু ১৯৮০চনৰ পৰা ধৰ্মীয় গণ-আন্দোলন ও ৰাজনৈতিক যুঁজ বাগৰৰ অন্তত, বৰ্তমানে অযোধ্যাৰ ৰাম-জনমভূমিত নিৰ্মীয়মান ৰাম মন্দিৰত মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশৰ ভিন্ন প্ৰান্তত উচাহ আৰু মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে।
ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত বিশিষ্ট নিৱন্ধকাৰ টভলীন সিঙে, ৰাম মন্দিৰৰ সৈতে অন্য এক ভাৰতীয় নৱজাগৰণৰ উন্মেষ ঘটাৰ সম্ভাৱনাৰ দেখাৰ কথা মত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী ডঃ মোহন ভাগৱতেও এক লেখা সংবাদ মাধ্যম যোগে ৰাজহুৱা কৰিছে আৰু ৰাম-মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাক ভাৰতবৰ্ষৰ পুনৰনিৰ্মাণৰ এটি অভিযানৰ শুভাৰম্ভহে বুলি বৰ্ণনা কৰিছে। স্বাধীনতাৰ পাছত যেনেকৈ সোমনাথ মন্দিৰৰ পুণৰোদ্বাৰ আৰু পুণৰনিৰ্মাণ সকলোৰে সহমতত হৈছিল, তেনেকুৱা সৰ্বজনগৃহীত সহমত ৰাম জনমভূমিৰ ক্ষেত্ৰত গঢ় নোলোৱাৰ আঁৰত ‘তুষ্টিকৰণৰ ৰাজনীতি’ আছিল বুলি মত প্ৰকাশ কৰিছে। ২২ জানুৱাৰীত 'ৰাম-লালাৰ মূৰ্তিত প্ৰাণ-প্ৰতিষ্ঠা'ৰ পাছত এই সময়সৃষ্ট তিক্ততা, কন্দল আৰু সংঘাত সমূহৰো পৰিসমাপ্তি ঘটোৱাৰ বাবে আহ্বান জনাইছে। ইতিহাসেগৰকা ১৮৫৭ চনত হিন্দু-মুছলিমে একেলগে বৃটিছৰ বিপক্ষে যুঁজাৰ কথা উল্লেখ কৰি, গো-হত্যা বেআইনী কৰা আৰু ৰাম-জনমভূমিক মুক্ত কৰাৰ জৰিয়তে দেশত সংঘাতমুক্ত হোৱাৰ সম্ভাৱনা তেতিয়া আছিল, আৰু আনকি বাহাদুৰ শ্বাহ জফৰেও গো-হত্যাক বেআইনী কৰাৰ কথা মানি লৈছিল। কিন্তু বিগত সময়ৰেখাত ভাৰতীয় ইতিহাসত সেয়া বাস্তবায়িত নহল। এতিয়া ৰাম মন্দিৰ নিৰ্মাণৰ যোগেদি ৰাষ্ট্ৰীয় গৌৰৱৰ পুনৰ জাগৰণ হৈছে আৰু শ্ৰীৰামৰ চৰিত্ৰত লুকাই থকা জীৱনবোধৰ ধাৰণাক আধুনিক ভাৰতীয় সমাজেও আদৰি লৈছে বুলি তেখেতে অনুভৱ কৰিছে। তেখেতে শ্ৰীৰামৰ আদৰ্শত থকা মূল্যবোধ, ক্ষমা, শক্তি আৰু সাহস, সহানুভূতিশীল, সকলোৰে প্ৰতি সংবেদনশীল হোৱা, নিকা হৃদয়, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আদি গুণ সমূহক সকলো নাগৰিকে ব্যক্তিগত জীৱনক সাৰোগত কৰিবলৈ, এই ক্ষণত আহ্বান জনাইছে।
তাৰ বিপৰীতে সাংসদ আছাউদ্দিন অৱেছিয়ে ৰাম-জনমভূমিৰ বিষয়টো এটা দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰে ৫০০ বছৰ নামাজ পঢ়া বাবৰি মছজিদক ভাৰতীয় মুছলিমৰ পৰা লৈ লোৱাৰ এটা দীঘলীয়া অভিযানৰ অংশ আছিল বুলি অভিহিত কৰিছে। বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা হোৱাৰ আগতে ৰাম মন্দিৰৰ কথা তাত নাছিলেই। আনকি মহাত্মা গান্ধীৰ মুখত কোনো দিন ৰাম মন্দিৰৰ প্ৰসংগ ওলোৱা নাছিল। কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী জি বি পন্তৰ পৃষ্ঠপোষকতাত মূৰ্তি হস্তান্তৰৰ ঘটনা নকৰা হলে এনে বিবাদ নহলহেতেন বুলিও তেওঁ এক সাক্ষাতকাৰত দাবী কৰিছে। আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে এতিয়া প্ৰতি মঙলবাৰে সুন্দৰকাণ্ড পাঠ আৰু হনমুান চালিছা পাঠৰ আয়োজন কৰা কাৰ্যও সংখ্যাগুৰু সম্প্ৰদায়ৰ তুষ্টিকৰণৰ ৰাজনীতিৰে এটা স্বৰূপ বুলিও অভিহিত কৰিছে। কংগ্ৰেছ দলৰ নেতৃত্বই এই প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী এটি আৰ.এছ.এছ আৰু বিজেপিৰ অনুষ্ঠান বুলি অভিহিত কৰি সন্মানসূচক ভাবে অনুষ্ঠানত ভাগ নলয় বুলি প্ৰকাশ কৰিছে। বিৰোধী দল সমূহৰ নেতৃত্বৰ বেছি ভাগ দলেই এই অনুষ্ঠানৰ অংশীদাৰ নহয় বুলিও প্ৰকাশ কৰি কৰিছে। চিপিএম দলৰ জ্যেষ্ঠ নেতাই এই আধুনিক যুগত শিলৰ মূৰ্তিত প্ৰাণ-প্ৰতিষ্ঠাক মানুহক মূঢ় সজাৰ কৌশল বুলিহে মন্তব্য কৰিছে। আৰজেডিৰ নেতাই আকৌ ভোক লাগিলে মন্দিৰলৈ যাব নেকি, মন্দিৰলৈ গলে তাত দানহে দিব লাগিব, ধৰণৰ কথাৰে মন্দিৰ বনোৱাত হাজাৰ কোটিৰ খৰছে কাৰ কল্যাণ সাধিব তাকে লৈও প্ৰশ্ন তুলিছে। জাতি-কুল-বৰ্ণ-ধৰ্ম-স্তৰৰ কথাকলৈ স্পৰ্শকাতৰ সকলে আকৌ জাতি-বৰ্ণ-ধৰ্ম-নিৰ্বিশেষে মন্দিৰৰ নিৰ্মাণ তথা মূৰ্তিৰ নিৰ্মাণত শ্ৰমদান কৰা বনুৱা সকলৰ তেজ ঘাম মিহলি হোৱা এই মন্দিৰত প্ৰাণ-প্ৰতিষ্ঠাৰ পাছত আৰু সেই সকলে জাত-ধৰ্ম-কুলৰ ভিত্তিত বঞ্চনাৰহে বলি হব লাগিব আৰু মন্দিৰৰ সকলো সা-সুবিধা উচ্চ-কুলীন সকলৰ হাতলৈ তুলি দিয়াৰহে এক প্ৰক্ৰিয়া বুলিও অভহিত কৰিছে।
ভিন্ন মুনিৰ ভিন্ন মতৰ মাজতে, দেশত শাসনাধিষ্ঠ দলে ৰাজ্যই ৰাজ্যই এই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানটোক লৈ ব্যাপক জন-সম্পৰ্ক অভিযানলৈ ৰূপান্তৰিত কৰাৰ বাবে চেষ্টা চলাইছে। গণ সংগঠন সমূহৰ জৰিয়তে তৃণমূলীয় কৰ্মীক অংশীদাৰিত্বৰ অনুভৱ কৰাবৰ বাবে বিভিন্ন স্থানত সুন্দৰকাণ্ড পাঠ, ৰামায়ণৰ অখণ্ড পাঠ আদি কৰোৱাৰ লগতে হাতে-বজাৰে জয়শ্ৰী ৰামৰ পতাকা ভিৰ কৰা দেখা গৈছে। সংবাদ পত্ৰ, মেডিয়াত বিজ্ঞাপনৰ জোৱাৰৰ লগতে প্ৰাণপ্ৰতিষ্ঠা অনুষ্ঠানৰ লাইভ গোটেই বিশ্বজুৰি দেখুওৱাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে। সংখ্যাগুৰু ধৰ্মীয় সম্প্ৰদায়ৰ ভিন্ন গোট সমূহক এই অনুষ্ঠানৰ জৰিয়তে আনুভূতিক ভাবে সাঙুৰি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ ফল অনাগত লোকসভা নিৰ্বাচনত একগোট কৰি পোৱাৰ বাবে সকলোধৰণৰ আয়োজন চলোৱা হৈছে। ইয়াত ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী ব্যৱস্থাতন্ত্ৰ, পুঁজি আদিৰো পূৰ্ণ ব্যৱহাৰ কৰাটো পৰ্যবেক্ষণ কৰা হৈছে। এই অভিযানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ অংশীদাৰ প্ৰায়বোৰ ভগ্নী সংগঠন, ছাঁ-সংগঠনেও পূৰ্ণ ৰূপত অংশ লৈছে।
এই অনুষ্ঠানৰ প্ৰতি সংগতি ৰাখি দেশজুৰি অৰ্ধ ছুটিৰ ঘোষণা কৰিছে অসমতো ড্ৰাই দে ঘোষণা কৰা হৈছে। আনকি ৰাজ্য চৰকাৰৰ নেতৃত্বই দিনৰ কেই বজালৈ ৰাইজে নিৰামিষ খাব লাগিব, মাছ-মাংসৰ দোকান বন্ধ ৰাখিব লাগিব ধৰণৰ 'পৰামৰ্শ' জাৰি কৰাত হাস্য-ৰসৰহে সৃষ্টি হৈছে। কথাই প্ৰতি ধৰ্মীয় বিভেদ বিলোৱা, আনকি খোৱা-বোৱাক লৈ বিধি দিয়া ধৰণৰ কথাৰে ব্যক্তিগত অধিকাৰত দখল দিব খোজা কাৰ্যক বহুতেই সমালোচনাও কৰিছে।
অযোধ্যাত ৰাম মন্দিৰত কাম সম্পূৰ্ণ হোৱা অংশত স্থাপিত হোৱা বালক শ্ৰীৰামৰ মূৰ্তিক ‘ৰাম লালা’ বুলি অভিহিত কৰা হৈছে। মূৰ্তিৰ ফটোৰে সমগ্ৰ চ’ছিয়েল মেডিয়া ছানি ধৰাৰ লগে লগে শ্ৰীৰামৰ জীৱনক লৈয়ো নতুন প্ৰজন্মৰ মাজত আগ্ৰহ দেখা গৈছে। আনকি শ্ৰীৰামৰ মৃত্যু কেনেকৈ হৈছিল তাৰো গুগোল চাৰ্ছে ট্ৰেণ্ডিং কৰিছে। ১৩ বছৰ বয়সত বিয়া পতা, ২৫ বছৰ বয়সত বনবাসলৈ যোৱা, ৩৯ বছৰ বয়সত অযোধ্যালৈ ঘূৰি আহি ৰাম-ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পাছত প্ৰায় ১১০০০ বছৰ শাসন কৰি অৱশেষত শ্ৰীৰামে নিজৰ ইচ্ছাত অযোধ্যাৰ সৰযু নদীত স্ব-জলসমাধি লৈছিল বুলি তথ্য ইণ্টাৰনেটত উপলব্ধ হৈছে। বহু নৱ-প্ৰজন্মৰ মতে শ্ৰীৰাম এখন কাল্পনিক মহাকাব্যৰ নায়ক হে আছিল আৰু তাকেই প্ৰাক্-ঐতিহাসিক সঁচা ইতিহাস বুলি প্ৰতিষ্ঠাৰ জোৰদাৰ চেষ্টাহে। মানৱ সভ্যতা আৰু পৃথিৱীত মানুহৰ বসবাসৰ বিজ্ঞানে নিৰূপণ কৰা সময়ৰেখাত শ্ৰীৰামৰ জীৱনৰ সময়ৰেখাক খাপ খোৱাবলৈ গলে কিন্তু কল্পনাৰ শ্ৰীৰাম নে অৱতাৰী শ্ৰীৰামচন্দ নে সঁচা মানৱৰ চৰিত্ৰ তাক লৈ দ্বিধা সদায়েই থাকি যাব। আৰু যিবোৰ কথাক তথ্য প্ৰমাণেৰে প্ৰতীয়মান কৰাটো টান হৈ পৰে তাতেই ধৰ্ম আৰু আস্থাৰ বিষয় বুলি এৰি দিয়াটো আমাৰ সমাজৰ এক ৰীতি হৈ পৰাটো এক লক্ষণীয় কথাই নহয়নে?
মনৰ কথাঃ হোমেন বৰগোহাঞি ছাৰৰ শেষ টেলিফোনটো :: ডাঃ নির্মল চাহেৱালা
ৰাজনীতি কৰা সকলে ৰাজনীতি কৰি ৰাইজক বিভ্ৰান্তিত ৰখাটোৱেই পেশা। ভাৰতীয় উচ্চতম ন্যায়ালয়ত পাঁচ জনীয়া বেঞ্চে ৪০টা শুনানি যোগে যে ৫৩৩টা ভাৰতীয় প্ৰত্নতত্ত্ব বিভাগে দিয়া ধ্বংসাৱশেষ খনন ও পুৰাতাত্বিক অধ্যয়নৰ প্ৰমাণৰ লগতে লিটাৰেচাৰ বা গ্ৰন্থবৰ্ণিত প্ৰমাণৰ ভিত্তিত ৰাম জনমভূমি কেচৰ ৰায় দিছিল সেয়া আমি পাহৰি গলে নহব। পাঁচশ বছৰীয়া এটা বিবদমান বিষয়ক আধুনিক যুগত এটা সমাধালৈ অনাটোৱেই এক 'ভাৰতীয় ন্যায় ব্যৱস্থাৰ এটি মাইলৰ খুঁটি স্বৰূপ' প্ৰাপ্তি বুলি অনুভৱ কৰিব পাৰিব লাগিব। তাৰ মাজতে ধৰ্মীয় বিভেদৰ তিক্ততাৰ সলনি আধুনিক ভাৰতৰ উপযুক্ত নিৰ্মাণহে আজিৰ তাৰিখৰ প্ৰয়োজনীয় কথা, সেই কথাও সোঁৱৰাই থাকিব লাগিব।
মনৰ কথাঃ হিংসাত্মক অপৰাধৰ আঁৰৰ মনৰ জগত আৰু মেডিয়াৰ সংযমশীলতা :: দীপাংকৰ মল্ল বৰুৱা
দেশত ধৰ্মীয় চিন্তাৰ জোৱাৰ, তাৰ উচাহতে ৰাজনীতিৰ পথাৰৰ বোকা খেলৰ মাজতে শ্ৰীৰামৰ মূৰ্তিত প্ৰাণপ্ৰতিষ্ঠাৰ এই ক্ষণত ভাৰতীয় অৰ্থনীতি ও শ্বেয়াৰ বজাৰতো এই ঘটনাৱলীৰ জাগৰণ সৃষ্টি হোৱা দেখা গৈছে। অযোধ্যাৰ নব্য ৰাম মন্দিৰে দেশৰ ধৰ্মীয় পৰ্যটনক ব্যাপক ভাৱে উতসাহিত কৰিব বুলি আশা কৰা হৈছে। প্ৰতিজন দৰ্শনাৰ্থীয়ে নুন্যতম ১০হাজাৰ টকা খৰছ কৰি নতুন ধৰ্মীয় আকৰ্ষণ মন্দিৰলৈ দেশৰ ভিন্ন কোনৰ পৰা আহিলেও নুন্যতম ১০ কোটি লোকৰ সমাগম এটা দশকত হব বুলি ধৰিলেও ই এক লাখ কোটিৰ এক পৰ্যটনৰ যে বজাৰ গঢ়িব সেয়াও এক লক্ষণীয় কথা। এই পৰ্যটনৰ ব্যাপক বজাৰখনলৈ লক্ষ্য কৰিয়ে অযোধ্যাত এয়াৰপোৰ্ট, ৰেলৱে, বাছ, হোটেল, হোমষ্টে আদিৰ বাবে ব্যাপক ব্যৱস্থা গঢ় লোৱাৰ কাম চলি আছে। এতিয়ালৈ তাজ, ৰেডিচনকে ধৰ বহু পঞ্চতাৰকীয় হোটেল চেইনেও তাত নতুন হোটেল খোলাৰ বাবে আগ্ৰহ ঘোষণা কৰি কামত আগবাঢ়িছে। প্ৰায় বিশ হাজাৰ যুৱক-যুৱতীয়ে পৰ্যটন সেৱাত নিযুক্তি লাভ কৰিব বুলিও আশাপ্ৰদ খবৰ প্ৰকাশ পাইছে। অযোধ্যা স্মাৰ্ট চিটি প্ৰকল্পৰ জৰিয়তে আন্তঃগাঁঠনি উন্নয়নৰ কামো ব্যাপক ভাৱে চলিছে। পূৰ্বতে ৯০০ কোটি টকাৰ বাজেটেৰে ভব্য ৰাম মন্দিৰ বনোৱাৰ পৰিকল্পনা লোৱা মন্দিৰ ন্যাসলৈ দেশ/বিদেশৰ আগ্ৰহী ধাৰ্মিক লোকেই দিয়া দানৰ ধন ৩৬০০ কোটি টকাতকৈ অধিক জমা হোৱাৰ খবৰে ৰাইজৰ আগ্ৰহকে প্ৰতীয়মান কৰা নাইনে। এই ধন ন্যাসে ষ্টেট বেংক অৱ ইণ্ডিয়াকে ধৰি তিনিটা ৰাষ্ট্ৰীয়কৃত বেংকত বিনিয়োগ কৰি, তাৰ সুত উপাৰ্জনৰ ধনেৰেই মন্দিৰৰ নিৰ্মাণৰ কাম আগবঢ়াই নিয়া বুলিও প্ৰকাশ পাইছে।
মনৰ কথাঃ কুৰবানী, তেজ-মাংস আৰু গৰু :: আশ্বিক জামান
ৰাম মন্দিৰ নিৰ্মাণ আৰু প্ৰাণ-প্ৰতিষ্ঠাৰ সৈতেই সমান্তৰালকৈ অৰ্থনীতিৰ মূল চালিকা ষ্টক-মাৰ্কেটটো খলকনি উঠা দেখা গৈছে। অযোধ্যা স্মাৰ্ট চিটি আৰু ৰাম মন্দিৰৰ প্ৰকল্পত জড়িত কোম্পানী সমূহৰ শ্বেয়াৰ মূল্যই কেইবাগুণো শ্ৰীবৃদ্ধি কৰিবলৈ সক্ষম হোৱাৰ কথা ইকনমিক টাইমচ কাকতৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। তাৰে ভিতৰত পাক্কা লিমিটেড নামৰ অযোধ্যাৰ কোম্পানীটোৱে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ খোৱাৰ পাত, প্লেট, বাতি, চামুচ আদিৰ চাপ্লাইৰ দ্বায়িত্ব পোৱাৰ লগে লগেই শ্বেয়াৰৰ মূল্য ১৪৮শতাংশ বৃদ্ধি হোৱাৰ খবৰ প্ৰকাশ পাইছে। বিখ্যাত কামাট হোটেলে ৫০টা কোঠাৰ নতুন হোটেল অযোধ্যাত মুকলি কৰাৰ খবৰ আৰু দুখন নতুন হোটেলো অযোধ্যাত নিৰ্মাণৰ সিদ্ধান্ত সদৰী কৰাৰ লগে লগেই ৯০০কোটিৰ মাৰ্কেট শ্বেয়াৰ থকা কোম্পানীটোৰ শ্বেয়াৰে ৭১শতাংশ উৰ্ধমুখী হোৱাৰ খবৰো প্ৰকাশ পাইছে। ৰাম মন্দিৰ ট্ৰাষ্টৰ সুৰক্ষাৰ বাবে এচ.আই.এচ লিমিটেড নামৰ সুৰক্ষাকৰ্মী প্ৰদান কৰা কোম্পানীটোৱে চুক্তি স্বাক্ষৰ কৰাৰ লগে লগে কোম্পানীটোৰ শ্বেয়াৰ মূল্য ১৮শতাংশ উৰ্ধগামী হৈছে। প্ৰাভেজ নামৰ বিলাসী টেণ্ট ৰিৰ্জটে ৩০টা টেণ্টেৰে নতুন ৰিৰ্জট আৰু ৰেষ্টুৰেণ্ট অযোধ্যাত মুকলি কৰাৰ লগে লগে ৩৫শতাংশ শ্বেয়াৰ মূল্য বৃদ্ধি পাইছে। এপোলো চিন্দুৰী হোটেল নামৰ চেন্নাইৰ কোম্পানীটোৱে মাল্টিষ্টৰী কাৰ পাৰ্কিংৰ কাম লভাৰ লগে লগে শ্বেয়াৰ মূল্যত ৫৪শতাংশৰ উন্নীত দৰ লভিবলৈ সক্ষম হৈছে। অযোধ্যা, বাৰানসী আৰু প্ৰয়াগৰাজৰ বাবে বিশেষ ভ্ৰমণ পেকেজ মুকলি কৰি টুৰিজিম কোম্পানী থমাছ কুকে নিজৰ শ্বেয়াৰ মূল্য ১৮শতাংশ উৰ্ধগামী কৰিবলৈ সক্ষম হৈছে। আনকি ৰেলৱে টিকেটিং সংস্থা আইআৰচিটিয়ে বৰ্ধিত ৰেলৰ টিকেটৰ চাহিদালৈ চাই শ্বেয়াৰমূল্য ১৭শতাংশ এই মাহতে উন্নীত কৰিবলৈ সক্ষম হৈছে। অযোধ্যা স্মাৰ্ট চিটিৰ ডিজিটেল মেপ নিৰ্মা কৰি মেপিং টেকনলজিৰ চলিউচন প্ৰভাইডাৰ জেনেচিছ নামৰ কোম্পানীটোৱে শ্বেয়াৰ মূল্য ১৬শতাংশ উন্নীত কৰিবলৈ সক্ষম হৈছে। গোটেই অযোধ্যাৰ চিচিটিভি চিষ্টেম তথা সুৰক্ষা কণ্ট্ৰল ৰোম সমূহৰ সমন্বিত ব্যৱস্থা গঢ়াৰ দ্বায়িত্ব পোৱা এলাইড ডিজিটেলৰ শ্বেয়াৰ মূল্য একেমাহতে ৪১শতাংশ উৰ্ধগতি হৈছে। অযোধযা ৰাম মন্দিৰৰ বিশেষ টুৰ পেকেজ আগবঢ়াই ইজ-মাই-ট্ৰিপ নামৰ পৰ্যটন সেৱা সংস্থায়ো ১৫শতাংশৰ অধিক শ্বেয়াৰ মূল্যৰ উন্নতি কৰিছে। সম্পূৰ্ণ ভাৱে টুৰিজিমৰ সৈতে জড়িত প্ৰায়বোৰ সংস্থাই শ্বেয়াৰ বজাৰত সেৱাৰ চাহিদা বৃদ্ধিৰ সম্ভাৱনাৰ ভিত্তিতে উচিত সহাঁৰি লভিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত অপ্ৰত্যক্ষ ভাবে এয়াৰ লাইন কোম্পানী ইণ্ডিগো, স্পাইচ জেট আদিৰ শ্বেয়াৰতো খলকনি উঠাৰ খবৰ প্ৰকাশ পাইছে।
সকলো দিশলৈ লক্ষ্য কৰিলে দেখা পোৱা গৈছে যে ভাৰতৰ উত্তৰ প্ৰদেশৰ অযোধ্যা নগৰীত পুনৰ স্থাপিত ৰাম মন্দিৰক লৈ দেশতে এক গণ উচাহৰ উমান পোৱা গৈছে। সেয়া ৰাজনৈতিক দলে নিজৰ নিজৰ ফাললৈ ঢাল খোৱাবৰ বাবে কৰা প্ৰচেষ্টা, বজাৰ কেন্দ্ৰিক অৰ্থনীতিৰ পথাৰতো তাৰ প্ৰতিফলন উজ্জ্বল ৰূপত দেখিবলৈ পোৱা গৈছে, ধাৰ্মিক পৰ্যটনৰ ক্ষেত্ৰতো সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হৈছে। কিন্তু এই ক্ষণত ভাৰতবৰ্ষৰ ধৰ্ম-নিৰপেক্ষ চৰিত্ৰক যাতে ধৰ্মীয় ৰাজনীতিয়ে গ্ৰাস কৰাৰ অশুভ শক্তিবোৰৰ প্ৰতি ৰাইজ সচেতন হব লাগিব। পূৰ্বৰ তিক্ততা, সংঘাত সামৰি, ভাৰতৰ ভৱিষ্যত যুক্তি, তথ্যৰ বিচাৰত এক বিজ্ঞানসন্মত আৰু আধুনিক ভাৰতৰ বাবে আগুৱাই যোৱাৰ বাবেই নাগৰিকসকলে মত পোষণ কৰিব লাগিব। মানৱীয়তা, ন্যায় প্ৰতিষ্ঠা হওক, সকলোৰে প্ৰতি সমান আদৰ আৰু অধিকাৰৰ সন্মান হোৱাৰ পৰিবেশ বিৰাজ হওক, তাৰ কামনাৰ বাহিৰে যে বিকল্প নাই, সেই কথাও কিন্তু নিশ্চিত।
HOW RAM MANDIR EFFECTING SHARE MARKET?
No comments:
Post a Comment