পৰ্যবেক্ষণঃ ইউক্ৰেইনৰ পৰা হামাছলৈঃ আমেৰিকাৰ ভূমিকা সৰ্বত্ৰ :: কানাই গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণঃ ইউক্ৰেইনৰ পৰা হামাছলৈঃ আমেৰিকাৰ ভূমিকা সৰ্বত্ৰ :: কানাই গগৈ

পৰ্যবেক্ষণঃ ইউক্ৰেইনৰ পৰা হামাছলৈঃ আমেৰিকাৰ ভূমিকা সৰ্বত্ৰ :: কানাই গগৈ

Share This

ইউক্ৰেইনৰ পৰা হামাছলৈঃ আমেৰিকাৰ ভূমিকা সৰ্বত্ৰ

কানাই গগৈ

সম্প্ৰতি ঘটি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ সেনাবাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ ইউক্ৰেইনলৈ আটাইতকৈ বেছি অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰিছে আমেৰিকাই। আমোদজনক কথা এয়ে যে আমেৰিকাই পঠিওৱা অস্ত্ৰ-শস্ত্ৰৰ আটাইবোৰ ইউক্ৰেইন পোৱাগৈ নাই, ইয়াৰে কিছুমান আদবাটতে হৰলুকি হৈছে। আন কিছুমান অস্ত্ৰ উধাও হৈছে স্বয়ং ইউক্ৰেইনৰ পৰাই, অৰ্থাৎ কিছুমান অস্ত্ৰ-শস্ত্ৰ চোৰাং বজাৰত (অফ-লাইন) বিক্ৰী হৈছে, আৰু আন কিছুমান বিক্ৰী হৈছে অন-লাইনত (ডাৰ্কনেট)। দুয়োটা ক্ষেত্ৰতে অস্ত্ৰ-শস্ত্ৰবোৰ বিক্ৰী হৈছে প্ৰকৃত দামতকৈ অনেক কম দামত, যেনে – যুদ্ধটেংক ধ্বংসকাৰী জেৱেলিন মিছাইল ছিষ্টেমটোৰ প্ৰকৃত দাম প্ৰায় ১.৮০ লাখ ডলাৰ, কিন্তু ডাৰ্কনেটত ই বিক্ৰি হৈছে কেৱল ৩০ হেজাৰ ডলাৰত ! এইদৰে আমেৰিকাৰ লগতে আনবোৰ দেশে পঠিওৱা অস্ত্ৰ-শস্ত্ৰবোৰৰ আধাতকৈও কমহে ইউক্ৰেইনৰ যুদ্ধস্থলীত উপনীত হৈছেগৈ। 

প্ৰহসনমূলক কথা এয়ে যে ইউক্ৰেইনলৈ পঠিউৱা নিজৰ অস্ত্ৰ-শস্ত্ৰবোৰৰ একাংশ আদবাটতে হৰলুকি তথা আন এটা অংশ ইউক্ৰেইনৰ পৰা বিক্ৰী হৈ থকাৰ কথা আমেৰিকায়ো জানে। বৰঞ্চ ক'ব পাৰি যে আমেৰিকাৰ সন্মতিতে এই কাণ্ডবোৰ ঘটি আছে। অন্য কথাত, আমেৰিকাৰ সেউজ সংকেত অবিহনে ইউক্ৰেইনে অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰাৰ সাহস নকৰিলেহেঁতেন। আৰু আমেৰিকাই এইদৰে অস্ত্ৰবোৰ হৰলুকি তথা বিক্ৰী হ'বলৈ দি থকাৰ কাৰণ হৈছে এইঃ পৃথিৱীৰ বিভিন্ন কোণত অস্ত্ৰৰ মজুদকৰণ আৰু ব্যৱহাৰ হৈ থাকিলে আমেৰিকাৰ লাভ হয়, কিয়নো সেই অস্ত্ৰৰ বিৰুদ্ধে যুঁজিবৰ বাবে পুনৰ আমেৰিকাৰ পৰাই অস্ত্ৰ ক্ৰয় কৰা হয় ! যিহেতু আমেৰিকাত বিক্ৰী কৰিবলৈ অস্ত্ৰৰ বাহিৰে আন সামগ্ৰী প্ৰায় নাই, সেয়ে নিজৰ অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে দেশখনে সদায় অস্ত্ৰৰ বিক্ৰীৰ ওপৰতে জোৰ দিয়ে। আমেৰিকাই এই অভিজ্ঞতা লাভ কৰিলে দ্বিতীয় বিশ্বযুদ্ধৰ কালতেইঃ ছৱিয়েত সংঘ, ব্ৰিটেইন আদিক অস্ত্ৰ বিক্ৰী কৰিহে দেশখন সেই কালত ভুগি থকা অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা মুক্ত হৈ বিশ্বৰ এক নম্বৰ ধনী দেশলৈ ৰূপান্তৰিত হৈছিল। আৰু সেয়ে পৃথিৱীত ৫ কোটি মানুহৰ প্ৰাণ লোৱা দ্বিতীয় বিশ্বযুদ্ধ আমেৰিকাৰ বাবে হৈ পৰিছিল ‘শুভ যুদ্ধ' !


অস্ত্ৰৰ আহৰণৰ যোগেদি পেলেস্তাইনৰ হামাছ গোটটো এইদৰেই হঠাতে সক্ৰিয় হৈ পৰিছিল।  আদবাটতে হৰলুকি হোৱা তথা ইউক্ৰেইনৰ পৰা বিক্ৰি হোৱা আমেৰিকা আৰু আন আন দেশৰ অস্ত্ৰ-শস্ত্ৰবোৰ মূলতঃ গৈছে এছিয়া আৰু আফ্ৰিকাৰ উগ্ৰপন্থী সংগঠনবোৰলৈ, কিছুমান আনকি অস্ত্ৰ প্ৰেৰণ কৰা দেশবোৰলৈকে পুনৰ ঘূৰি গৈছে। হামাছেও এইদৰেই ইউক্ৰেইনৰ পৰা অস্ত্ৰ-শস্ত্ৰ আহৰণ কৰিছিল (৭ অক্টোবৰত ইজৰাইলত আক্ৰমণ সংঘটিত কৰাৰ পিছত সংগঠনটোৱে এই কথা ৰাজহুৱাকৈ ঘোষণা কৰিছিল)। প্ৰহসনমূলক কথা এয়ে যে হামাছে ইউক্ৰেইনৰ পৰা ইজৰাইলী অস্ত্ৰও ক্ৰয় কৰিছিল ! কথাষাৰ বহলাই ক'লে হয় এনেকুৱাঃ ৰাছিয়াৰ সেনাবাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ ইজৰাইলে ইউক্ৰেইনলৈ কেবামিলিয়ন ডলাৰ মূল্যৰ অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰিছিল, আৰু ইউক্ৰেইনৰ অতি-দুৰ্নীতিগ্ৰস্ত শাসক গোষ্ঠীয়ে সেই অস্ত্ৰ-শস্ত্ৰৰো একাংশ চোৰাং বজাৰত বা ডাৰ্কনেটত হামাছক বিক্ৰি কৰিছিল। অৰ্থাৎ হামাছে ইজৰাইলৰ আক্ৰমণত ইজৰাইলী অস্ত্ৰও ব্যৱহাৰ কৰিছিল, বা এতিয়াও ব্যৱহাৰ কৰি আছে। আনহাতেদি ইউক্ৰেইনৰ পৰা হামাছে আমেৰিকাৰ লগতে নিজৰ অস্ত্ৰ-শস্ত্ৰ আহৰণ কৰাৰ কথা ইজৰাইলে নজনাৰ কাৰণ নাই, কিয়নো দেশখনৰ চোৰাংচোৱা ব্যৱস্থাটো অতি দক্ষ তথা আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ সৈতে তাৰ গভীৰ সম্পৰ্ক আছে। 


বস্তুতঃ হামাছৰ হতুৱাই ইজৰাইলত আক্ৰমণ সংঘটিত কৰোৱাটোৱেই আছিল আমেৰিকাৰ উদ্দেশ্য। আৰু হামাছক ধ্বংস কৰিবৰ বাবেই আমেৰিকাই সেই পৰিকল্পনা কৰিছিল, কিয়নো দেশখনে জানে যে আক্ৰমণ সংঘটিত কৰা হামাছক নিঃশেষ নকৰালৈকে ইজৰাইল ক্ষান্ত নহয়। ইফালে হামাছৰ ধ্বংস আমেৰিকাৰো কাম্য, আৰু তাৰ কাৰণ হৈছে এইঃ

যোৱা শতিকাৰ ৭০ৰ দশকতে আমেৰিকাই ইজৰাইল আৰু পেলেস্তাইনৰ মাজেৰে ভূমধ্য আৰু লোহিত সাগৰ সংযোগী বাণিজ্যিক খাল (সামগ্ৰী পৰিবাহী জাহাজ আদি পাৰ কৰিবৰ বাবে) এটা খন্দাৰ পৰিকল্পনা কৰিছিল। এই খালটোৰ পৰিকল্পনা কৰা হৈছিল ছুয়েজ খালৰ বিকল্প হিচাবে, আৰু তাৰ নামো ঠিক কৰা হৈছিল – ‘বে'ন গুৰিয়ন' (ইজৰাইলৰ প্ৰথমজন প্ৰধান মন্ত্ৰীৰ নামেৰে)। অথচ বিভিন্ন কাৰণত সেই পৰিকল্পনা বাস্তৱত ৰূপায়িত হোৱা নাছিল। কিন্তু সাম্প্ৰতিক কালত মধ্যপ্ৰাচ্যত আমেৰিকাই নিজৰ খোপনি হেৰুৱাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত দেশখনে অঞ্চলটোত পুনৰ প্ৰভাৱ বিস্তাৰৰ উদ্দেশ্যেৰে সেই খালটোৰ আশু নিৰ্মাণৰ বাবে আঁচনি ল'লে। যিহেতু খালটো পাৰ হ'ব পেলেস্তাইনৰ মাজেৰে (গাযা ষ্ট্ৰীপৰ কাষেদি), সেয়ে গাযাৰ বাসিন্দাসকলক খালটোৰ পৰা ৪০ কিলোমিটাৰ পৰ্যন্ত দূৰলৈ স্থানান্তৰ কৰিব লাগিব। আনহাতেদি হামাছৰ দৰে উগ্ৰপন্থী সংগঠনে খালটোত তথা খালটোৰে যাতায়ত কৰা জাহাজ আদিত কূটাঘাত সংঘতিত কৰাৰ সম্ভাৱনা আছে। সেয়ে আমেৰিকাৰ বাবে হামাছৰ নিৰ্মূল অনিবাৰ্য হৈ পৰিল। ইয়াৰ বাবেই হামাছে ইউক্ৰেইনৰ পৰা মাৰ্কিন অস্ত্ৰ আহৰণ কৰা দেখিও আমেৰিকাই ‘চকু মুদি থাকিল' (প্ৰকৃততে সেই অস্ত্ৰৰ অধিক বিক্ৰীত উৎসাহহে যোগালে !)।


 কোৱা বাহুল্য যে আমেৰিকাৰ অনুগত ইজৰাইলৰ এই খালৰ নিৰ্মাণত সন্মতি আছে, আৰু সেইবাবেই হামাছে অস্ত্ৰ আহৰণ কৰি থকাৰ তথ্য পায়ো দেশখন ‘চকু মুদি আছিল'। বহুতে সেয়ে সন্দেহ কৰিছে যে হামাছে ইজৰাইল আক্ৰমণ কৰিব বুলি দেশখনে সঠিককৈ জানিছিল, বৰঞ্চ কোনো পদক্ষেপ নলৈ হামাছক আক্ৰমণ কৰিবলৈহে সুযোগ দিছিল, যাতে পিছত প্ৰত্যাক্ৰমণ কৰি সংগঠনটোক নিঃশেষ কৰিব পাৰে। হামাছ নিঃশেষ হোৱাত ইজৰাইলৰো স্বাৰ্থ আছে – পেলেস্তাইনৰ সমস্যা চিৰদিনলৈ সমাধা হৈ যাব !


 ‘বে'ন গুৰিয়ন' খালটোৰ নিৰ্মাণত ইজৰাইলৰো স্বাৰ্থপূৰণ হ'ব যদিও দেশখনে সেই আঁচনি বাস্তৱত ৰূপায়িত কৰিব নোৱাৰে। খালটোৰ নিৰ্মাণত ব্যয় হ'ব প্ৰায় ৫৫ বিলিয়ন ডলাৰ ধন, কিন্তু সিমানখিনি ধন ইজৰাইলৰ হাতত নাই। অৰ্থাৎ খালটোৰ নিৰ্মাণ কৰিব আমেৰিকাই আৰু তাৰ পৰা মুখ্যতঃ লাভৱান হ'ব মাৰ্কিন অৰ্থনীতি (খালটোৰ পৰা বছৰি ৬ বিলিয়ন ডলাৰ ধন উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে)। আনহাতেদি বহুত বছৰলৈকে এই খালটো আমেৰিকাৰ তত্ত্বাৱধানতে থাকিব। 


 আমেৰিকাই এই খালটোৰ নিৰ্মাণৰ বাবে হঠাতে উঠিপৰি লগাৰ আন এটা কাৰণো আছে। আৰু সি হৈছে ৰাছিয়াই নিৰ্মাণ কৰিব বিচৰা ৰাছিয়া, ইৰান আৰু ভাৰতৰ উপৰি আন ৮খন দেশ সংযোগী ‘উত্তৰ-দক্ষিণ' নামৰ আন্তৰ্জাতিক বাণিজ্যিক পথটো। অৰ্থাৎ ৰাছিয়া তথা নিজৰ প্ৰতিযোগী হ'ব পৰাৰ সম্ভাৱনা থকা আন দেশ জড়িত থকা প্ৰকল্প গুৰুত্বহীন, আনকি বন্ধ কৰিবৰ বাবে ‘বে'ন গুৰিয়নৰ' নিৰ্মাণ আমেৰিকাৰ বাবে অপৰিহাৰ্য, আৰু তাৰ নিৰ্মাণ খৰতকীয়া কৰিবলৈ হ'লে গাযা ষ্ট্ৰীপ খালী কৰাৰ লগতে হামাছক নিৰ্মূল কৰিব লাগিব। সেয়ে আমেৰিকাই হামাছৰ হতুৱাই ইজৰাইলত আক্ৰমণ সংঘটিত কৰোৱালে। প্ৰত্যুত্তৰত ইজৰাইলেও গাযা ষ্ট্ৰীপত প্ৰত্যাক্ৰমণ কৰিলে। সেই আক্ৰমণ-প্ৰত্যাক্ৰমণবোৰত এতিয়ালৈকে অসংখ্য নিৰীহ লোক হতাহত হৈছে, কিন্তু তাৰ বাবে আমেৰিকাই কেতিয়াও আক্ষেপ নকৰে, কিয়নো মুনাফা অৰ্জন, স্বাৰ্থপূৰণ আদিৰ বাবে দেশখনে পৃথিৱীৰ বিভিন্ন অঞ্চলত যুদ্ধ, কূটাঘাত আদি সংঘটিত কৰি আহিছে আৰু সেই অঞ্চলবোৰৰ নিৰীহ লোকৰ তেজেৰে নিজৰ হাত ৰাঙলী কৰি কৰিয়েই দেশখন এক নম্বৰ ধনী দেশলৈ ৰূপান্তৰিত হৈছে !

No comments:

Post a Comment